এইয়া সেই সময়ৰ কথা যেতিয়া চ'চিয়েল মিডিয়া নাছিল : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 17, 2022

এইয়া সেই সময়ৰ কথা যেতিয়া চ'চিয়েল মিডিয়া নাছিল : Assamese Viral Post

Assamese Viral Post


বিজ্ঞানে আমাক কৰ পৰা কলৈ লৈ আনিলে ! কুৱাঁ‌ৰ লেতেৰা পানী খায় ,১০০ বছৰ জীয়াই আছিল, এতিয়া RO. পানী খায় ৪০ বছৰতে বুঢ়া হৈ যায়। ( Assamese Viral Post )


শালত পেৰা তেল খাইয়ে বুঢ়া কালতো কষ্ট কৰিব পাৰিছিল এতিয়া ডাৱল ,ট্ৰিপল ফিল্টাৰ কৰা তেল খাইও ডেকাতে ফোঁ‌পনিয়ে ধৰে ।


ডাঙৰ আকাৰৰ নিমখ খাইও বেমাৰ নহৈছিল এতিয়া আয়ডিন যুক্ত নিমখ খায় ৰক্তৰ চাপ উচ্চ নিম্ন হৈয়ে থাকে ।


এঙাৰ ,নিমখ ,নিম গছৰ ঠাৰিৰে দাঁ‌ত ঘঁ‌হি ৮০ বছৰ বয়সতো চব বস্তু চোবাই খাব পাৰিছিল এতিয়া নিমখ থকা Colgate .ব্যৱহাৰ কৰিও সদায় দাঁ‌তৰ ডাক্তৰৰ ওচৰত যাব লাগে !! 


নাড়ী চুইয়ে কৈ দিব পাৰিছিল কি বেমাৰ হৈছিল এতিয়া দহ বাৰ মান পৰীক্ষা কৰাৰ পিছতো গম নাপায় আচল বেমাৰ কি !!


৭-৮ টা লৰা ছোৱালী জন্ম দিও ৬০ বছৰ লৈকে খেতিত কাম কৰিছিল এতিয়া সন্তান গৰ্ভত স্থিতি লোৱা এমাহৰ পৰাই সাৱধানে থকাৰ পিছতো পেট ফালিহে সন্তান জন্ম দিব লগা হয় । ( Assamese Viral Post )


ক'লা গুৰৰ পৰা বনোৱা মিঠাই পেট ভৰি খাইছিল একো হোৱা নাছিল আৰু এতিয়া মিঠা নৌ খাওঁ‌তেই চুগাৰে (মধুমেহ) বেঢ়ি ধৰে ।


বুঢ়া হৈ যোৱাৰ পিছতো আঁ‌ঠু বিষ নহৈছিল এতিয়া ডেকাই আঁ‌ঠু আৰু কান্ধৰ বিষত চিয়ঁ‌ৰি থাকে ।


বুজি নাপাঁ‌ও এইয়া বিজ্ঞানৰ যুগ নে অজ্ঞানৰ যুগ ।


ঘৰত প্ৰথ্মে গায় ,চৰাই চিৰিকটি ,কুকুৰ, ঘৰৰ মানুহ আৰু  আলহীলৈ বহুত ,বহুত খাদ্য বনাইছিল তথাপিও ঘৰৰ বাজেট সন্তোলন আছিল  নাজানো  কিয়    !!!! 


নাৰী বা পুৰুষৰ বাবে না জিম আছিল না ব্যয়ামৰ কেন্দ্ৰ আছিল তথাপিও সকলোৱে স্বাস্থ্য অটুট আছিল  নাজানো কিয়  !!!!


ঘৰ কেঁ‌চা আছিল ,কোঠা কম আছিল কিন্তু কাৰো বাপেক মাক বৃদ্ধাশ্ৰমত নাছিল নাজানো কিয় !!!


যিমান খেলা বস্তু এতিয়াৰ ল'ৰা ছোৱালীৰ লগত থাকে তেতিয়া এইবোৰ নাছিল কিন্তু আনন্দ ভৰপুৰ আছিল  নাজানো কিয় !!! 


এইয়া সেই সময়ৰ কথা যেতিয়া চ'চিয়েল মিডিয়া নাছিল ।


****✍️Momi Sorma****



উৎস : ফেচবুক 


বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।


 ( Assamese Viral Post )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

1 comment:

  1. পঢ়ি বৰ ভাল লাগিল । সচাঁ কথা ।

    ReplyDelete

Advertisement

Pages