সন্মানীয় আচাৰ্য্য পংকজ পাঠক ডাঙৰীয়াক বিতৰ্ক কৰা আগত সম্পূৰ্ণ পঢ়ক : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 16, 2022

সন্মানীয় আচাৰ্য্য পংকজ পাঠক ডাঙৰীয়াক বিতৰ্ক কৰা আগত সম্পূৰ্ণ পঢ়ক : Assamese Viral Post

Assamese Viral Post


মানুহ জনক বহুতে বহুত কিবা কিবি কয়...। কোনোবাই কয় "মেথিগুটি পাঠক" কোনোবাই কয় "দালাল" কোনোবাই কয় "আনক দেখি কাম কৰিবলৈ যায়" বহুতে তেওঁৰ ব্যক্তিগত জীৱনতো বহু কথা কৈ অহা দেখি আহিছো। মানুহজনে কিন্তু প্ৰতিটো কথাৰ উত্তৰ এটা হাঁহিৰে দি আকৌ নিজৰ কামত মগ্ন হয়। ( Assamese Viral Post )


চৰম ধন্য আমাৰ "অসমৰ সন্মানীয় সংবাদ মাধ্যমে" তো মাহেকে-পষেকে মানুহ জনক ধুইয়ে থাকে..। কেতিয়াবা তেওঁৰ শিক্ষাক লৈ, কেতিয়াবা তেওঁৰ ব্যক্তিগত জীৱনক লৈ আৰু একো নেপাল তেওঁৰ ফেচবুক পোষ্ট বিলাক লৈ। মুঠতে মানুহজনে কেতিয়া শান্তিৰে উশাহ লয় সেইটো এটা সাঁথৰ হৈ পৰে মাজে মাজে।


এতিয়া আহো আচল কথালৈ। 

২০১৭ চনৰ পৰা মই "কিডনী পাথৰ" ৰোগত ভুগি আছিলোঁ। (প্ৰমাণৰ বাবে প্ৰথম দুখন ফটো চালেই হল পাথৰ গৈ ৬.৫ এম..এম. পাইছিলগৈ) শৈল-চিকিৎসা কৰিবলৈ মন নাছিল বাবে বিভিন্ন দৰব খালোঁ। সপোনত পোৱা দৰব, কবিৰাজি দৰব, বাবাজিৰ দৰব,  হমিঅপেঠীৰ দৰব মুঠতে বাকী নাই....। কিন্তু পাথৰ নোলাই হে নোলাই.... লগতে সহিব নোৱাৰা বিষ-কাতল বিলাক আছেই..। তেনেকৈ ২বছৰ পাৰ কৰিলোঁ। 


২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত হঠাৎ "আচাৰ্য পংকজ পাঠক" ডাঙৰীয়াক লগ পালো। হাতে - ভৰিয়ে ধৰিলোঁ বোলো বিধান দিয়ক....। দাদাই report বিলাক চালে তাৰ পাছত হাতত তুলি দিলে 👉 পূৰ্ণনভা শাকৰ গুড়ি👈ৰ পেকেট এটা। কলে "এইটো ল খাই থাক"। মই বোলো কিমান দিন...? দাদাই কলে  "পাথৰ ওলালে নিজে গম পাবি"। বছ ঘৰলৈ আহি খাই থাকিলোঁ। ১০ দিন মানৰ পাছত বিষ-কাতল বিলাক নাইকিয়া হল দেখোন। বোলো কি কথা...? দাদাক ফোন লগালো....বোলো বিষ নাই যে ..? দাদাই কলে... আৰে খাই থাক চোন ভাল পাবি..."। মইও বোলো যি হয় হব খাই থকাই যাওক। 


আজি মাক লৈ ডিব্ৰুগড় গৈছিলোঁ বিশেষঃ কাম এটাত। মই বোলো আহিছোঁ যেতিয়া এনেই দেখাই যাওঁচোন। দেখাবলৈ গৈ  Ultrasound Roomৰ বিচনাত বাগৰি দিলোঁ। মোবাইলত আগৰ reportতো আছিল.. ডাক্তৰক দেখালোঁ। এতিয়া মোৰ পেটত Ultrasoundৰ মাৰিডাল লগাই ডাক্তৰ অবাক...। মইও ডাক্তৰৰ চিন্তাশীল মুখখন দেখি সুধিলোঁ--- ছাৰ কি হল..? ডাক্তৰে মোৰ ফালে নোচোৱাকৈযে কলে --- পাথৰটো কত গল..? মই বোলো হে...!!! কি কয় হে ছাৰ..? পাথৰ আকৌ কত যাব...। ডাক্তৰ-- "মুঠতে মই সেইবোৰ নেজানো আপোনাৰ পাথৰটো নাই। অটচা আপুনি এটা কাম কৰক অলপ পানী খাওঁক আৰু জোৰকৈ পেচাব লাগিলে আকৌ আহিব"। কথাষাৰ কৈ ডাক্তৰ আঁতৰি গল। 

মইও ঠিকছে পানী খাই একদম ওলাব ওলাব সময়ত আকৌ গলো...। এইবাৰ আকৌ ডাক্তৰে চাই Reportত চহী কৰিলে ---- পাথৰ নাই...

মই বোলো কৃষ্ণ....। ( Assamese Viral Post )

(প্ৰমাণৰ বাবে ডিব্ৰুগড়ৰ Aditya Diagnosistics & Hospitals ৰ report গাঁঠি দিয়া হৈছে। আৰু বিশেষ ঠাই বিলাক Highlight কৰি দিয়া হৈছে। 


Assamese Viral Post


Assamese Viral Post


বিঃদ্ৰঃ --- 

১) এই দৰবতো যদি কোনোবা অনা অসমীয়া এজনে প্ৰস্তুত কৰিলে হয় তেন্তে আমি দৌৰি দৌৰি খালোঁ হেতেন কিন্তু পংকজ পাঠক যে এজন অসমীয়া গতিকে আমি তেওঁক সমালোচনা কৰোঁ। ঠিকে আছে আমাৰ অসমীয়া এজন কিয় উঠিব লাগে..? বেয়া কথা। 

২) মোৰ গল-ব্লাডাৰ আৰু কিডনী দুইটাতে stone আছে। মই কিন্তু এই পোষ্টত গল-ব্লাডাৰ কথা লিখা নাই কাৰণ সেই stoneৰ দৰব মই এতিয়া লৈকে খোৱা নাই। ইয়াত লিখা হৈছে কিডনী stoneৰ কথা যিটো পংকজ পাঠকৰ দৰব খাই ভাল পালো। পৰৱৰ্তী সময়ত গল-ব্লাডাৰ stone ভাল পালে সেয়াও লিখিম।

৩) ৰাইজৰ সুবিধাৰ বাবে মই আৰু এখন Report দিছোঁ যত মোৰ কিডনী stone 10mm পাইছিলগৈ। ডাক্তৰৰ ফালৰ পৰা Operation কৰিব লাগিবলৈ বুলি কোৱাত হে পংকজ পাঠকৰ দৰব খাবলৈ বাধ্য হলো। কাৰণ operationৰ টকা মোৰ ওচৰত নাছিল।

৪) যাৰ যাৰ বিশ্বাস নাই বা যি সকলে সমালোচনা কৰিব বিচাৰে। তেওঁলোকক নিমন্ত্ৰণ দিছোঁ আহক নিজে চাই যাওক। 

৫) মই ব্যৱহাৰ কৰি উপকৃত হৈ এই পোষ্টতো লিখিছোঁ আৰু উপযুক্ত প্ৰমাণ দিছোঁ। আৰু কিবা প্ৰমাণ লাগিলে দিব পাৰো..।

৬) আপোনালোকে সমালোচনা কৰক, মানুহ জনক বদনাম কৰক আৰু যি মন যায় কৰক। মই পিছে দৰব খাই ভাল পালো আৰু এতিয়া মই সুখী... গতিকে সমালোচনা কৰা সকলৰ মুখত....(এহ নকওঁ আৰু দিয়ক)


জয় আই অসম


✍🏻 উৎপল দত্ত


উৎস : ফেচবুক 


বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।


 ( Assamese Viral Post )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages