টিলিঙা মন্দিৰৰ বিশ্বাস আৰু ইয়াৰ ইতিহাস : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 5, 2022

টিলিঙা মন্দিৰৰ বিশ্বাস আৰু ইয়াৰ ইতিহাস : Religious Studies

Religious Studies


তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত টিলিঙা মন্দিৰ।দুলীয়াজানৰপৰা টিলিঙা মন্দিৰলৈ দহ কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰ পৰা পচিশ কিলোমিটাৰ দূৰত্ব।টিলিঙা মন্দিৰ শিৱ পূজাৰ পীঠস্থান।( Religious Studies )


হাজাৰ হাজাৰ কাঁহ,পিতল,তাম আৰু ব্ৰঞ্জৰ টিলিঙা বা ঘন্টা ওলমাই ৰখা গছ এডালক কেন্দ্ৰ কৰি এই মন্দিৰটো সাজি উলিওৱা হৈছে।অৱশ্যে টিলিঙা মন্দিৰৰ চৌহদটো অলেখ ঘন্টাৰ স্তপ দেখা যায়।


*টিলিঙা মন্দিৰৰ বিশ্বাস-

টিলিঙা মন্দিৰৰ সতে এক বিশ্বাস জড়িত হৈ আছে।শিৱভক্তসকলে বিশ্বাস কৰে যে-এই মন্দিৰত এটা টিলিঙা বা ঘন্টা দান কৰি ভগৱান শিৱৰ ওপৰত আস্থা ৰাখি যি কামনা কৰে-তাৰ নিশ্চিত ফল প্ৰাপ্তি ঘটে।টিলিঙা মন্দিৰৰ বৰ গছজোপাত ভক্তসকলে টিলিঙা একে উশাহতে বান্ধিলে-ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি লোক বিশ্বাস আছে।সেয়ে এই মন্দিৰৰ নাম টিলিঙা মন্দিৰ নামেৰে জনাজাত।বৰগছজোপাৰ ডালত ভক্তই টিলিঙা বান্ধে আৰু গজজোপাৰ গুড়িত ৰঙা সূতা একে উশাহতে বান্ধে।প্ৰবাদ আছে যে-যি মনোবাঞ্ছা লৈ ভক্তই টিলিঙা বান্ধি থৈ আহে-সেই মনোবাঞ্ছা সিদ্ধি হোৱাৰ পাছত পুনৰ টিলিঙা মন্দিৰলৈ গৈ সূতা আৰু টিলিঙা সোলোকাই থৈ আহিব লাগে।গা-গছ ডাল সূতাৰে আৰু ডালবোৰ টিলিঙাৰে নধৰা হৈ পৰিছে।( Religious Studies )


*ইতিহাস-

টিলিঙা মন্দিৰৰ ইতিহাস বৰ বেছি পুৰণি নহয়।অৰ্থাৎ টিলিঙা মন্দিৰক প্ৰাচীন কালৰ বুলি কব নোঁৱাৰি।১৯৬৫চনতহে টিলিঙা মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল।যিজোপা বট গছক কেন্দ্ৰ কৰি টিলিঙা মন্দিৰ আছে-সেইজোপা গছৰ তলত উল্লেখিত চনৰ কোনো এটা দিনত এজন চাহ শ্ৰমিকে মাটিৰ পৰা ওলাই থকা শিৱ লিংগ এটা প্ৰত্যেক্ষ কৰে।বনুৱাজনে শিৱলিংগ দেখা পোৱাৰ লগে লগে-এই বিষয়ে চাহ বাগিছা কৃৰ্তপক্ষক অৱগত কৰে।বাগিচা কৃৰ্তপক্ষই উক্ত স্থানত এটা মন্দিৰ সাঁজিবৰ বাবে সিদ্ধান্ত লয় আৰু হাতে কামে আগবাঢ়ে।এনেকৈয়ে টিলিঙা মন্দিৰ নিৰ্মাণ কৰা হৈছিল।


*দিন বাগৰাৰ লগে লগে মন্দিৰভাগিলৈ শিৱভক্তৰ আগমন ঘটিবলৈ ধৰে।সাধাৰণতে এই মন্দিৰলৈ অহা ভক্তসকলে প্ৰাৰ্থনা কৰে মনোবাঞ্ছা পূৰণৰ বাবে।

মনোবাঞ্ছা পূৰ্ণ হলে পুনৰ এই মন্দিৰলৈ আহি ভগৱান শিৱৰ নামত টিলিঙা থান কৰেহি।অৱশ্যে কিছু কিছু ভক্তই একেবাৰেই টিলিঙা দান দি যায়।ভক্তসকলে দান কৰা টিলিঙাৰ সংখ্যা ইমান বেছি যে-সেইসমূহ স্তূপীকৃত কৰি ৰাখিবলগীয়া হৈছে।পঞ্চাশ গ্ৰাম ওজনৰ পৰা পঞ্চাশ কিলোগ্ৰাম ওজনৰ টিলিঙালৈকে ভক্তসকলে দান কৰি আহিছে।কিছুলোকে পাৰ চৰাই উৰোৱাই দিয়ো মনোবাঞ্ছা পূৰণৰ বাবে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়।


*যাতায়তৰ সুচলতাৰ বাবে আৰু মহাদেৱৰ প্ৰতি থকা বিশ্বাসৰ বাবে দৈনিক যথেষ্ঠসংখ্যক ভক্ত আহি টিলিঙা মন্দিৰ দৰ্শন কৰি যায়।টিলিঙা মন্দিৰত বিবাহ সম্পন্ন কৰাৰ ব্যৱস্থাও আছে। গীতে-মাতেও টিলিঙা মন্দিৰৰ বিষয়ে উল্লেখ পোৱা যায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages