কিয় উলিওৱা হয়-প্ৰভূ জগন্নাথৰ ৰথ যাত্ৰা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 5, 2022

কিয় উলিওৱা হয়-প্ৰভূ জগন্নাথৰ ৰথ যাত্ৰা : Religious Studies

Religious Studies


কোৱা হয় যে-ৰথযাত্ৰাত ভগৱান জগন্নাথ-নিজৰ ককায়েক বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ লগত নিজৰ মাহীয়েকৰ ঘৰলৈ যায়।সেইবাবে উৰিষ্যাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ পৰা ৩খন ৰথ উলাই।( Religious Studies )


সৰ্বপ্ৰথম বলোৰামৰ ৰথ,মাজত ভগ্নী সুভদ্ৰাৰ ৰথ আৰু একেবাৰে শেষত জগন্নাথৰ ৰথ থাকে।মান্যতা অনুসাৰে এবাৰ ভগৱান জগন্নাথৰ ভগ্নী সুভদ্ৰাই-নগৰ চোৱাৰ ইচ্ছা প্ৰভূ জগন্নাথক কোৱাত-প্ৰভূ জগন্নাথে ককায়েক বলোভদ্ৰৰ লগত ভগ্নী সুভদ্ৰাক ৰথত বহুৱাই নগৰ ভ্ৰমণলৈ আনিছিল।কোৱা হয় যে-এনেদৰে তেওঁলোকে-নিজৰ মাহীয়েকৰ ঘৰ গুঁডিচা লৈ গৈছিল।আৰু মাহীয়েকৰ ঘৰত তেওঁলোকে সাত দিন থাকিছিল।আৰু এই পৌৰাণিক কথা অনুসাৰে ৰথ যাত্ৰা উলিওৱা হয়।


ভগৱান জগন্নাথৰ ৰথ যাত্ৰাত-ৰথৰ শুভা অভূতপূৰ্ব।ভগৱান জগন্নাথৰ ৰথ যাত্ৰাত-উপস্থিত থকা তিনিখন ৰথৰ নাম আৰু ৰং বেলেগ বেলেগ হয়। বলোভদ্ৰৰ ৰথক-ৰঙা ধ্বজ কোৱা হয়।যি ৰঙা আৰু সেউজীয়া ৰংৰ হয়।বলোভদ্ৰৰ ৰথ সদায়ে আগত যায়।( Religious Studies )


ভগ্নী সুভদ্ৰাৰ ৰথক-পদ্ম ৰথ কোৱা হয়।যি ক'লা আৰু ৰঙা ৰংৰ হয়।সুভদ্ৰাৰ ৰথখনি মাজত যায়।ভগৱান জগন্নাথৰ ৰথখনক-গৰুড়ধ্বজ নামেৰে জনা যায়।যি ৰঙা আৰু হালধীয়া ৰংৰ হয়।সকলো ৰথ-নীম গছৰ পৰা তৈয়াৰ কৰা হয়। ৰথৰ বাবে-নীম গছৰ বিচাৰ বসন্ত পঞ্চমী পৰা আৰম্ভ কৰা হয় আৰু ৰথ নিৰ্মাণৰ কাৰ্য-অক্ষয় তৃতীয়াত আৰম্ভ কৰা হয়।ৰথ যাত্ৰা আৰম্ভ কৰাৰ আগতে-ভগৱান জগন্নাথ,বলোৰাম,আৰু সুভদ্ৰা দেৱীক স্নান কৰাই-১৫দিনৰ বাবে-মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages