বৰ্তমান যুগত এনেকুৱা বহু মানুহ আছে যাৰ হাড়ৰ বিষ আছে।হাড়ৰ বিষৰ ফলত বহুতো শাৰীৰিক আৰু মানসিক ভাৰসাম্য সেৰাই যায় আৰু নিজকে অসুস্থ অনুভৱ কৰে।( Assamese Health Tips )
আজি আমি জানিবলৈ চেষ্টা কৰিম,এনে কেইটামান কামৰ বিষয়ে,যিকেইটা ব্যৱহাৰ কৰিলে হাড়ৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি।তেন্তে সেইকেইটা কাম হৈছে-
১)ভিটামিন ডি যুক্ত খাদ্য গ্ৰহণ কৰক। যদি আপোনাৰ হাড়ৰ বিষৰ সমস্যা আছে,তেন্তে ভিটামিন ডি যুক্ত খাদ্য গ্ৰহণ কৰক।কাৰণ শৰীৰত ভিটামিন ডি কমিলে হাড়ৰ বৃদ্ধিত বাধা আহি পৰে।যাৰ ফলত হাড়ত বিষ আৰম্ভ হয় আৰু ব্যক্তিজনে অসুস্থ অনুভৱ কৰিবলৈ লয়।ভিটামিন ডি'ৰ বাবে আপুনি কণী,গাখীৰ,আদি খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে।এইবোৰত ভিটামিন ডি'ৰ পৰিমাণ অধিক থাকে।
২/কেলছিয়াম যুক্ত খাদ্য গ্ৰহণ কৰক। যদি আপোনাৰ হাড়ৰ বিষৰ সমস্যাই দেখা দিছে-তেন্তে আপুনি কেলছিয়াম যুক্ত আহাৰ গ্ৰহণ কৰক।কাৰণ আমাৰ শৰীৰত কেলছিয়ামৰ অভাৱে হাড়ৰ বিষৰ উৎপন্ন কৰে আৰু ব্যক্তিজনক ভাগৰুৱা আৰু অসুস্থ অনুভৱ কৰায়।কেলছিয়ামৰ বাবে আপুনি-গাখীৰ,বাদাম,আদি খাব পাৰে।এইবোৰত কেলছিয়ামৰ পৰিমাণ অধিক পোৱা যায়।( Assamese Health Tips )
৩)নিয়মীয়াকৈ ব্যায়াম কৰক।
হাড়ৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মীয়াকৈ ব্যায়াম কৰক।কাৰণ-ব্যায়াম কৰিলে আমাৰ শৰীৰৰ মাংসপেশীবোৰত হেঁচা প্ৰয়োগ হয়।যাৰ ফলত শৰীৰত তেজৰ প্ৰভাৱ সঠিক ভাৱে হয়।যাৰ বাবে মানুহে হাড়ৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।সেইবাবে যদি কোনো ব্যক্তিৰ হাড়ৰ বিষৰ সমস্যা আছে-তেন্তে তেওঁ এই কাম কৰাটো নিতান্তই প্ৰয়োজন। আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ সহায় লব লাগে।
(সংগ্ৰহিত)।
এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Health Tips )
Very good
ReplyDelete