শ্ৰী কৃষ্ণৰ ভনী সুভদ্ৰা মা যোগমায়াৰ অৰ্থাৎ মা দূৰ্গাৰ অৱতাৰ। বীৰ ষোড়শী, বীৰ পত্নী আৰু বীৰ মাতৃ নামে ক্ষাত সুভদ্ৰাৰ স্থান সদায় শ্ৰী কৃষ্ণ আৰু ভ্ৰাতা বলৰামৰ মাজত। সেয়ে পুৰীৰ জগন্নাথ মন্দিৰত শ্ৰী কৃষ্ণ আৰু ভগৱান বলভদ্ৰৰ মাজত মা সুভদ্ৰাক পূজা কৰা হয়। ( Religious Studies )
শ্ৰীমদ্ভাগৱতত আছে আদি শক্তি য়ে মা যোগমায়াক মথুৰাত জন্ম লৈ শ্ৰী কৃষ্ণক মহামায়াৰ মায়াৰে কংসৰ পৰা যদু বংশক উদ্ধাৰ কৰোতে সহায় কৰিবলৈ আৰু শ্ৰী কৃষ্ণৰ লীলাৰ এক ধাৰ হৈ থাকিবলৈ কলে।
সুভদ্ৰাৰ পিতৃ সম্বন্ধে বহুতৰ মতামত বেলেগ হলেও মাতৃয়ে বাসুদেৱ অৰ্থাৎ শ্ৰী কৃষ্ণৰ পিতৃৰ প্ৰথম পত্নী ৰোহিণীৰ কন্যা সেই কথা প্ৰাচীন শাস্ত্ৰত আছে।
ত্ৰেতা যুগত মা যোগমায়াই ৰাৱণৰ অশোক বাটিকাত সীতাৰ পহৰাত থকা ৰাক্ষসী ত্ৰিজাতা হৈ জন্ম লৈছিল। জ্ঞানী ত্ৰিজাতা ৰাৱণৰ ভায়েক বিভীষণৰ জীয়েক আছিল। মা যোগমায়াই ত্ৰিজাতা হৈ সীতাক সেই অসহায় অৱস্থাত সাহস আৰু শক্তি যোগোৱাৰ লগতে সীতাক পলে পলে ৰাম লক্ষ্মণ আৰু ৰাবণৰ বাতৰি দি আহিছিল।
সীতা অযোধ্যালৈ যাবৰ সময়ত ত্ৰিজাতা ও যাবলৈ বিচাৰিছিল কিন্তু অযোধ্যাৰ প্ৰজাই ভাল নাপাব বুলি ভাবি তেওঁক কাশীলৈ যাবলৈ ক'লে। সীতাই ৰামক ত্ৰিজাতাৰ বিষয়ে জনোৱাত ভগৱান ৰামে ত্ৰিজাতাক বৰ দিব খুজিলে। ত্ৰিজাতাই ৰামৰ লগত থাকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। ৰামে তেওঁক কলে যে দ্বাপৰ যুগত ত্ৰিজাতাই ৰামৰ লগত ভনী হৈ থকিব। সেয়ে সুভদ্ৰা শ্ৰী কৃষ্ণৰ ভনী হল। ( Religious Studies )
সীতাই ত্ৰিজাতাক কাশীলৈ গৈ মোক্ষ্য লাভ কৰিবলৈ কলে আৰু যিদৰে তেওঁ সীতাক দেৱীৰ দৰে মানিছিল সেইদৰে ত্ৰিজাতাকো মানুহে পূজিব।
বাৰানসীত আজিও বিশ্বনাথ মন্দিৰৰ ওচৰত ত্ৰিজাতাৰ মন্দিৰ আছে, যিটো স্থানীয় লোকে যথেষ্ট মানে। স্থানীয় লোকৰ বিশ্বাস যদি কোনো মহিলাই সাতটা বুধবাৰ একেলেথাৰিয়ে সেই দেৱী মন্দিৰত ফুল আৰু সেউজীয়া পাচলি প্ৰসাদ হিচাপে দি পূজা দিয়ে তেন্তে সেই মহিলাক দেৱীয়ে সকলো দিশত সহায় কৰিব আৰু ৰক্ষা কৰিব। কাৰ্ত্তিক পূৰ্ণিমাৰ দিনা বা পিছদিনা ব্ৰতে থাকি সেই মন্দিৰত যিলোকেই পূজা দিব তেওঁ অসাধ্যও সাধন কৰিব পাৰিব।
ত্ৰিজাতা দেৱীৰ মন্দিৰ উজ্জয়ীনৰ বীৰ হনুমান মন্দিৰৰ লগতো আছে আৰু তাতো কাৰ্ত্তিক পূৰ্ণিমাৰ পূজাৰ মান্যতা আছে।
মান্যতা অনুসৰি সুভদ্ৰাৰ দেৱী অতি শক্তিশালী আৰু যোগমায়াৰ ৰূপ বাবে মায়াবী দেৱী। শাস্ত্ৰত উল্লেখ আছে মা যোগমায়া আদিশক্তিৰ অন্তৰ্নিহিত শক্তি আৰু মা দূৰ্গা আদিশক্তিৰ বাহ্যিক শক্তি।
বৰ্তমানৰ সময়ত মা যোগমায়াৰ পূজা অৰ্চনাৰ যথেষ্ট মহত্ব আছে। কিয়নো মানুহৰ বিভিন্ন ধৰণৰ চল,বল আৰু কৌশল যিদৰে বাঢ়ি গৈছে তাৰ মাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ'লে মা যোগমায়াক সুভদ্ৰাৰ ৰূপতেই হওঁক বা যোগমায়াৰ ৰূপতেই হওঁক পূজিবই লাগিব।
#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্
জুলা শৰ্মা
নতুন
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Religious Studies )
No comments:
Post a Comment