গুৰু পূৰ্ণিমাৰ শুভ মুহূৰ্ত আৰু পূজা-বিধি : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 13, 2022

গুৰু পূৰ্ণিমাৰ শুভ মুহূৰ্ত আৰু পূজা-বিধি : Religious Studies

Religious Studies


প্ৰতি বছৰে আহাৰ মাহৰ পূৰ্ণিমাত গুৰু পূৰ্ণিমা পালন কৰা হয়।এই দিনা গুৰুৰ পূজা কৰা হয়।এই বছৰৰ গুৰু পূৰ্ণিমা-১৩জুলাই বুধবাৰে আছে।( Religious Studies )


*গুৰু পূৰ্ণিমা দিনা সূৰ্য দেৱক জল অৰ্পণ কৰিব লাগে।


*উন্নতিৰ বাবে-গুৰু পূৰ্ণিমা দিনা অৱশ্যে কৰিব লাগে দান।


*হিন্দু পঞ্জিকা অনুসৰি-প্ৰতি বছৰে আহাৰ মাহৰ পূৰ্ণিমাত গুৰু পূৰ্ণিমা হয়।এই দিনা গুৰুৰ পূজা কৰা হয়।হিন্দু ধৰ্মৰ ভগৱানৰ ওচৰলৈ যাবলৈ গুৰুৱে বহুত সহায়কাৰি হয়।গুৰু পূৰ্ণিমা গুৰু বেদ ব্যাসৰ জন্মদিন হিচাপে পালন কৰে।সকলোৱে ভালদৰে জানে যে-মহৰ্ষি"বেদ ব্যাসে বেদ পুৰাণৰ ৰচনা কৰিছিল।২০২২বৰ্ষৰ গুৰু পূৰ্ণিমা ১৩জুলাইত পালন কৰা হব।


*গুৰু পূৰ্ণিমাৰ শুভ মুহুত্ব-


*আহাৰৰ পূৰ্ণিমাৰ শুভ মুহুত্ব-১৩জুলাই বুধবাৰে পুৱা ৪বাজি ১মিনিটৰ পৰা আৰম্ভ হব।আৰু শুভ মুহুত্বৰ সমাপন ১৪জুলাই মাজৰাতি-১২বাজি ৭মিনিটত হব।


*পঞ্জিকা অনুসৰি ১৩জুলাইত গুৰু পূৰ্ণিমা পালন কৰা হব।


*গুৰু পূৰ্ণিমাৰ পূজা-বিধি


*গুৰু পূৰ্ণিমাৰ দিনা পুৱা সোনকালে উঠি স্নান কৰি সূৰ্য দেৱক জল অৰ্পণ কৰিব লাগে।


*সূৰ্যদেৱক জল অৰ্পণ কৰাৰ পাছত ভগৱান বিষ্ণুৰ পূজা কৰিব লাগে।


*ভগৱান বিষ্ণুৰ পূজাৰ বাবে আটাৰ ভোগ দিব লাগে।


*ভগৱান বিষ্ণুৰ পূজাৰ সময়ত ঘীউ বন্তি জ্বলাব লাগে।


*বিষ্ণু পূজাৰ সময়ত মন্দিৰৰ সোঁ আৰু বাওঁফালে স্বাস্তিক বনাব লাগে।


*পূজা সদায়ে পৰিষ্কাৰ কাপোৰ পৰিধান কৰি কৰিব লাগে।


*গুৰু পূৰ্ণিমাৰ উপায়-


*গুৰু পূৰ্ণিমাৰ দিনা আহঁত গছৰ গুড়িত মীঠা জল দিব লাগে।ইয়াৰদ্বাৰা ঘৰত মা-লক্ষ্মীৰ কৃপা থাকে।( Religious Studies )


*পঢ়া শুনাত মন নবঢ়িলে-গুৰু পূৰ্ণিমা দিনা গীতা পাঠ কৰিব লাগে।


*কুণ্ডলীত যদি গুৰু দোষ আছে-তেতিয়া বৃহস্পতি মন্ত্ৰ-ঔম বৃ বৃহস্পতিয়ে নমাঃ,মন্ত্ৰতি জপ কৰিব লাগে।গুৰু পূৰ্ণিমাৰ দিনা এই মন্ত্ৰৰ জাপ বিশেষ ভাৱে কৰিব লাগে।


*গুৰু পূৰ্ণিমা দিনা কি কৰিব লাগে দান!


*আজিৰ সময়ত বহুলোকে নিজৰ আহিবলগীয়া দিনটোক লৈ চিন্তিত থাকে।যদি আপুনি জীৱনত উন্নতি কৰিব পৰা নাই-তেতিয়া আপুনি গুৰু পূৰ্ণিমাৰ এই বস্তুৰ দান কৰিব লাগে।


*জ্যোতিষ শাস্ত্ৰ অনুসাৰে জীৱনত সফলতা পাবলৈ হলে-গুৰু পূৰ্ণিমাৰ দিনা-দৰিদ্ৰ লোকসকলক-হালধীয়া বস্তু যেনে-বেচন,দাইল,মিঠাই আৰু হালধীয়া বস্ত্ৰ দান কৰিব লাগে।


*মা লক্ষ্মীৰ মন্দিৰত গোলাকাৰ নাৰিকল দান কৰিব লাগে।ইয়াৰদ্বাৰা জীৱনত নোহোৱা কাম-হৈ পৰে।


*গুৰু পূৰ্ণিমা দিনা-হালধীয়া মিঠাই আৰু হালধীয়া বস্ত্ৰ অৱশ্যে দান কৰিব লাগে।

(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages