আহাৰ মাহৰ পূৰ্ণিমাৰ সময়সূচী আৰু মহত্ব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 13, 2022

আহাৰ মাহৰ পূৰ্ণিমাৰ সময়সূচী আৰু মহত্ব : Religious Studies

 

Religious Studies

২০২২বৰ্ষৰ আহাৰ মাহৰ পূৰ্ণিমা-১৩জুলাই বুধবাৰে।এই দিনা গুৰু পূৰ্ণিমা আৰু ব্যাস জয়ন্তী পালন কৰা হয়।পূৰ্ণিমাৰ দিনা পৱিত্ৰ নদীত স্নান কৰা আৰু দান কৰাৰ বিধান আছে।( Religious Studies )


আহাৰ মাহৰ পূৰ্ণিমাৰ মহত্ব-

এই বৰ্ষৰ আহাৰ মাহৰ পূৰ্ণিমা-১৩জুলাই বুধবাৰে আছে।এই দিনা ব্ৰত ৰখা হয় আৰু ভগৱান বিষ্ণুৰ পূজা কৰা হয়।আহাৰৰ পূৰ্ণিমা দিনা বেদ ব্যাসৰ জন্ম হৈছিল।সেইবাবে এইদিনা ব্যাস জয়ন্তী পালন কৰা হয় আৰু ব্যাস পূজা কৰা হয়।ব্যাস মুনিয়ে বেদৰ বিভাজন কৰিলে।পুৰাণৰ ৰচনা কৰিলে।সেইবাবে আহাৰ মাহৰ পূৰ্ণিমাৰ তিথিক গুৰু পূৰ্ণমা কোৱা হয়।এইদিনা গুৰুজনৰ পূজা কৰাৰ বিধান আছে।আহাৰৰ পূৰ্ণিমা দিনা পৱিত্ৰ নদীত স্নান কৰিলে পাপ খণ্ডন হয় আৰু দান কৰিলে পূণ্যৰ প্ৰাপ্ত হয়।


আহাৰ মাহৰ পূৰ্ণিমা তিথি আৰম্ভ-১২জুলাই,মংগলবাৰৰ আবেলি,৬-৩০ পৰা,১৩জুলাই বুধবাৰে দুপৰীয়া ২-৩৬'ত সমাপ্ত হব।


ইন্দ্ৰ যোগ-

১৩জুলাই দুপৰীয়া-১২-৪৫ লেকে।

চন্দ্ৰযোগৰ সময়-

১৩জুলাই আবেলি-৭-২০লৈকে।


২০২২বৰ্ষৰ আহাৰ মাহৰ পূৰ্ণিমাৰ স্নান-দানৰ মূহুত্ব।


আহাৰৰ পূৰ্ণিমা দিনা পৱিত্ৰ নদীত স্নান ইন্দ্ৰ যোগত কৰিব লাগে।ইন্দ্ৰ যোগত দানও কৰা যায়।ইন্দ্ৰ যোগৰ ধাৰ্মিক কায্যৰ দৃষ্টি শুভ মনা হয়।এই দিনা ভদ্ৰা পুৱা ৫বাজি ৩২মিনিটৰ পৰা দুপৰীয়া ২বাজি ৪মিনিটলৈ আছে।এই দিনাৰ ৰাহুকাল দুপৰীয়া ১২বাজি ২৭মিনিটৰ পৰা ২বাজি ১০মিনিটলৈ আছে।( Religious Studies )


আহাৰ পূৰ্ণিমাৰ পূজা পাঠ-


১)আহাৰৰ পূৰ্ণিমাত ভগৱান বিষ্ণুৰ পূজা কৰা হয়।সেই সময়ত ভগৱান বিষ্ণু যোগ নিদ্ৰাত থাকে।ভগৱান বিষ্ণুৰ কৃপাত আপোনাৰ কায্য সফল হব আৰু মনৰ কামনা পূৰ্ণ হব।


২)আহাৰৰ পূৰ্ণিমাত বেদ ব্যাসৰ পূজা কৰিব লাগে।বেদ ব্যাসে সৃষ্টিক জ্ঞান প্ৰদান কৰিবৰ বাবে পুৰাণৰ ৰচনা কৰিছিল।


৩/আহাৰৰ পূৰ্ণিমাক গুৰু পূৰ্ণিমা কোৱা হয়।এই দিনা -নিজৰ গুৰুৰ পূজা কৰিব লাগে।ইয়াৰদ্বাৰা আপোনাৰ উন্নতি হব।যদি কোনো গুৰু নাই-তেতিয়া ভগৱান বিষ্ণুৰ আৰাধনা কৰিব লাগে।


৪/আহাৰৰ পূৰ্ণিমাৰ ৰাতি-দেৱী লক্ষ্মীৰ পূজা কৰিলে-ধন,সুখ,বৈভৱ আদি বৃদ্ধি হয়।


৫/আহাৰৰ পূৰ্ণিমাৰ ৰাতি-চন্দ্ৰ দেৱৰ পূজা কৰিলে চন্দ্ৰ দোষ আঁতৰে।


৬/আহাৰৰ পূৰ্ণিমা দিনা সত্যনাৰায়ণ ভগৱান পূজা আৰু কঠাৰ আয়োজন কৰিলে ঘৰলৈ সুখ আৰু শান্তিৰ আগমন হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages