হিন্দু ধৰ্মত গুৰুৰ বিশেষ মহত্ব আছে।গুৰুক ভগৱানৰ সমান মনা হয়।গুৰুৰ মহত্বক বুজিবলৈ প্ৰতিবছৰে-আহাৰ মাহৰ পূৰ্ণিমাত-গুৰু পূৰ্ণিমা পৰ্ব পালন কৰা হয়।( Religious Studies )
গুৰুৰ সন্মুখত এই কথা মন দিব লাগে।
১)ধৰ্ম-গ্ৰন্থ অনুসাৰে শিষ্যই গুৰুৰ সমান আসনত বহিব নালাগে।অৰ্থাৎ গুৰু যদি চকীত বহে-তেতিয়া আমি চকীত বহিব নালাগে।যদি গুৰু মাটিত বহিছে-তেতিয়া শিষ্যই মাটিত বহিব পাৰে।
২/এই কথাত মন দিব লাগে যে-গুৰুৰ সন্মুখত বেৰ বা অন্য বস্তুৰ ওপৰত সেচা দি বহিব নালাগে।গুৰুৰ সন্মুখত ভৰি মেলি বহিব নালাগে।এনে কৰাটো গুৰুৰ অপমান কৰা হয়।
৩/কিছু লোকৰ কথাৰ মাজে মাজে অপশব্দ কোৱাৰ অভ্যাস আছে।কিন্তু গুৰুৰ সন্মুখত কেতিয়াও অশ্লীল শব্দ প্ৰয়োগ কৰিব নালাগে।ইয়াৰদ্বাৰা গুৰুৱে মনশত আঘাট পায়।
৪/যেতিয়াই গুৰুক লগ কৰিবলৈ যায়,তেতিয়া খালী হাতেৰে যাব নালাগে।কিবা নহয় কিবা এটা লৈ যাব লাগে।যদি অন্য একো নিব নোঁৱাৰিলে-ফুল এপাহকে লৈ যাব লাগে।( Religious Studies )
৫/গুৰু সন্মুখত কেতিয়াও ধনৰ প্ৰৰ্দশন কৰিব নালাগে।যেতিয়া গুৰুৱে কিবা গুৰুত্বপূৰ্ণ কথা কয়-তেতিয়া সেয়া ধ্যান দি শুনিব লাগে।আৰু সেই কথা নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ প্ৰয়াস কৰিব লাগে।এনে কৰিলে জীৱন সাৰ্থক হয়।
৬/ভুলটো গুৰুৰ বিষয়ে বেয়া কব নালাগে।এনে কৰাটো মহাপাপ বুলি কোৱা হয়।যদি আন ব্যক্তিয়ে গুৰুৰ বিষয়ে কৈছে-তেতিয়া সেই ঠাই ত্যাগ কৰিব লাগে।এয়াই নিয়ম।
৭/যেতিয়াই গুৰুৰ নাম লোৱা হয়-তেতিয়া গুৰুৰ নামৰ আগত পৰম,আদৰণীয়, পৰম শ্ৰদ্ধেয় বা পৰমপুয্য দৰে শব্দৰ উপয়োগ কৰিব লাগে।ইয়াৰদ্ধাৰা গুৰুৰ লগতে আপোনাৰো মান বাঢ়ে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
No comments:
Post a Comment