শাওণ মাহত ভগৱান শঙ্কৰ আৰাধনা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 15, 2022

শাওণ মাহত ভগৱান শঙ্কৰ আৰাধনা : Religious Studies

Religious Studies


শাওণ মাহটো গোটেই ভাৰততে  সনাতন ধৰ্মৰ লোক সকলৰ বাবে অতি পবিত্ৰ মাহ বুলি ধৰা হয়। এই মাহটো ভগৱান শিৱৰ প্ৰিয় মাহ । ( Religious Studies )


ভগৱান শিৱৰ আৰাধনা প্ৰতি দিনেই কৰিব পৰা যায়। শাস্ত্ৰত আছে---


आरोग्यंसंपद चैव व्याधीनांशांतिरेव च।

पुष्टिरायुस्तथाभोगोमृतेर्हानिर्यथाक्रमम्॥

  

অৰ্থাৎ--

স্বাস্থ্য,  সম্পত্তি,  ৰোগ নাশ, পুষ্টিকৰ, আয়ুস, ভোগ আৰু মৃত্যুৰ ফলত হোৱা হানি দূৰ কৰিবলৈ দেওবাৰৰ পৰা শণিবাৰলৈকে ভগৱান শঙ্কৰৰ আৰাধনা কৰিব পাৰে।  


সকলো বাৰেই যদি শিৱ আৰাধনা কৰিলে ভাল তেন্তে সোমবাৰ কিয় শিৱৰ বাৰ বুলি কয়   ??


পুৰাণত আছে --চন্দ্ৰই ৰজা দক্ষৰ ২৭ গৰাকী তোলনীয়া জী বিয়া কৰাইছিল। এই ২৭ গৰাকীয়েই আকাশৰ নক্ষত্ৰ । এই গোটেই কেইগৰাকীৰ ভিতৰত চন্দ্ৰ  ৰোহিণীৰ প্ৰতি বেছি আকৰ্ষিত আছিল।  এই কথাটোত বাকী কেইগৰাকী অসন্তোষ হৈ পিতৃ দক্ষক অভিযোগ কৰিলে। 


ৰজা দক্ষই বাৰে বাৰে চন্দ্ৰক বুজাই থকাত চন্দ্ৰই নুবুজা দেখি ৰজা দক্ষই চন্দ্ৰৰ উজ্জ্বলতা নাইকিয়া হৈ  আন্ধাৰে ঢাকি ধৰিব বুলি শাপ দিলে। লগে লগে চন্দ্ৰই ভগৱান ব্ৰহ্মাৰ ওচৰ পালোগৈ আৰু সেই শাপৰ পৰা মুক্তি পোৱাৰ উপায় বিচাৰিলে। ভগৱান ব্ৰহ্মাই তেওঁক শিৱ ভগৱানক ধ্যান কৰিবলৈ কলে।


  চন্দ্ৰই ভগৱান শিৱক হাজাৰ বছৰ তপস্যা কৰিলে।  শিৱ প্ৰসন্ন হৈ চন্দ্ৰক সেই সাপৰ পৰা মুক্তি দিয়ালে। চন্দ্ৰক সোম বুলি জনা যায় সেয়ে যিঠাইত চন্দ্ৰ তপস্যা কৰাত ভগৱান শিৱ প্ৰসন্ন হৈছিল সেই ঠাইত বাৰটা জ্যোতিৰলিঙ্গৰ প্ৰথমটো সোমনাথ মন্দিৰ স্থাপিত হল। তেতিয়াৰ পৰা ভগৱান শিৱক সোমবাৰে  উপাসনা কৰাৰ নিয়ম হল। ( Religious Studies )


আকৌ কিছুমান ভক্তই কয় সোমৰ অৰ্থ হৈছে উমাৰ সৈতে শিৱ।  শক্তি বিনা শিৱক উপাসনা কৰা নাযায় ।কিয়নো শক্তি নোহোৱাকৈ শিৱ তত্ব বুজি পোৱা নাযায়।  সেয়ে সোমবাৰ ভগৱান শিৱৰ বাৰ বুলি কিছুমান ভক্তই কয় ।


সোমত ॐ সোমাই আছে। ভগৱান শঙ্কৰ ওমকাৰ স্বৰূপ।  সেয়ে সোমবাৰ ভগৱান শিৱৰ বাৰ বুলি ললে।


 শিৱ পুৰাণ অনুসৰি ভগৱান শিৱৰ আঠটা ৰূপৰ মূৰ্তি পূজা কৰা হয়। এই আঠটা ৰূপৰ মূৰ্তি--

সৰ্ব , ভৱ, ৰুদ্ৰ, উগ্ৰ, ভীম, পশুপতি, মহাদেৱ আৰু ঈশান ।


 সৰ্ব অৰ্থাৎ গোটেই পৃথিবীক ধাৰণ কৰা এই ৰূপত পূজা কৰিলে ভক্তৰ সকলো কষ্ট শেষ হয়।


ভৱ অৰ্থাৎ জল ৰূপ। পানীয়েই প্ৰাণীৰ জীৱন সেই দৰে ভৱ ৰূপৰ মূৰ্তি সংসাৰত জীৱন দিয়া ৰূপ।


ৰুদ্ৰ ৰূপ মানে অগ্নি ৰূপ। শিৱৰ এই তেজশ্বী ৰূপৰ দ্বাৰা সকলো অধৰ্মী বা দুষ্ট প্ৰকৃতিৰ ধ্বংস হয়।


উগ্ৰ অৰ্থাৎ বায়ু। বায়ু সম্পূৰ্ণ জগতৰ গতি আৰু আয়ু। বায়ু ৰূপী শিৱই জগতক গতি দিয়ে আৰু পালন পোষণ কৰে। শিৱৰ তাণ্ডৱ নৃত্যত শিৱৰ উগ্ৰ ৰূপ উজাগৰ হয়।


তামসী গুণ নাশ কৰি জগতক ৰক্ষা কৰ্তা শিৱৰ এই আকাশ ৰূপী মূৰ্তিক ভীম নাম বুলি জনা যায়।  এই ৰূপ বিশালাকায় আৰু ভয়ানক আকৃতিৰ ।


পশুপতিৰ অৰ্থ হৈছে জগতৰ পশু ৰ অধিপতি অৰ্থাৎ যি জগতৰ পশুক পালন আৰু ৰক্ষা কৰে।


ভগৱান শিৱৰ মহান ঐশ্বৰিক শক্তিৰ বাবে দেৱৰো দেৱ মহাদেৱ ৰূপত পোৱা যায়।


ঈশাণ ভগৱান শিৱৰ সূৰ্য্য ৰূপ।  আকাশৰ পৰা চলি থকা জগতক প্ৰকাশিত কৰে । শিৱৰ এই ঈশান ৰূপে জ্ঞানৰ পোহৰ দিয়ে।

( Religious Studies )


#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্  

জুলা শৰ্মা 

নতুন দিল্লী

No comments:

Post a Comment

Advertisement

Pages