বেনাৰখনত লিখা আছিল---“INDIAN ARMY RAPE US” : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 15, 2022

বেনাৰখনত লিখা আছিল---“INDIAN ARMY RAPE US” : Assamese Viral Post

Assamese Viral Post


বেনাৰখনত লিখা আছিল---“INDIAN ARMY RAPE US”

“We are all Manorama's mothers. Come and rape us.”---এগৰাকীয়ে চিঞৰি চিঞৰি কৈছিল৷  ( Assamese Viral Post )


তাৰিখঃ ১৫ জুলাই, ২০০৪

স্থানঃ আছাম ৰাইফলচৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰ(কংগ্লা দুৰ্গ)

১২ জনী মনিপুৰী মাকৰ উলংগ প্ৰতিবাদে সেইদিনা আমাৰ মহান ৰাষ্ট্ৰ ব্যৱস্থাৰ  প্ৰকৃত স্বৰূপটোক উলংগ কৰি দিছিল৷ 


১০ জুলাই, ২০০৪ৰ শেষ ৰাতি 17th Assam Riflesএ মনোৰমাক নিজৰ ঘৰৰ ভিতৰৰ পৰা চোতাললৈ উলিয়াই নিছিল৷ সোধপোছৰ সমান্তৰালকৈ তাইৰ ফেনেকখন কঁকালৰ তললৈ খহাই দিছিল৷ পিন্ধি থকা ব্লাউজটো ওপৰলৈ দাঙি ব্লাউজৰ বুটামবোৰ খুলিছিল৷ এইবোৰ ঘৰৰ মানুহৰ সমুখতে হৈছিল৷ আৰু পুৱতি নিশা ঘৰৰ মানুহক এৰেষ্টে মেম’খন দি আৰু No Claims Certificateত চহী কৰোৱাই মনোৰমাক লৈ গৈছিল৷ ১১ তাৰিখে মনোৰমাৰ মৃতদেহটো পোৱা গ’ল৷ Assam Riflesৰ মতে মনোৰমাই তেওঁলোকৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ বাবে তেওঁলোকে গুলিয়াবলৈ বাধ্য হয়৷ আৰু মনোৰমাৰ মৃত্যু হয়৷ মনোৰমাৰ যৌনাংগ আৰু যৌনাংগৰ আশেপাশে সৰ্বমুঠ ১৬টা গুলি মৰা হৈছিল৷ তাইৰ শৰীৰত semen traces পোৱা গৈছিল৷ 


মনোৰমাৰ মৃত শৰীৰটোৰ বীভৎস ৰূপটোৱে ১২ গৰাকী মাকৰ ধৈৰ্যৰ বান্ধ কাটি দিলে৷ তেওঁলোকে Assam Riflesৰ গেটৰ সমুখত উলংগ হৈ দেখুৱাই দিলে যে এই ৰাষ্ট্ৰৰ প্ৰকৃত স্বৰূপ কি!


মণিপুৰ চৰকাৰে গঠন কৰা তদন্ত আয়োগৰ বৈধতাক Assam Riflesএ AFSPAৰ clause 6 invoke কৰি ন্যায়ালয়ত প্ৰত্যাহ্বান জনালে৷ ন্যায়ালয়ে ক’লে যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে আৰু বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ তাৎক্ষণিক বিবেচনাৰ বাবে পঠিয়াই দিলে৷ ( Assamese Viral Post )


মনোৰমাৰ পৰিয়ালে দহ লাখ টকা ক্ষতিপূৰণ পালে৷ মনমোহন সিঙে দিল্লীৰ আহি কংগ্লা দুৰ্গ Assam Riflesৰ হাতৰ পৰা মণিপুৰ চৰকাৰক গতাই দিলে৷ Assam Riflesৰ এজন মেজৰে আশোক চক্ৰ পালে৷ এইটোৱেই আমাৰ ৰাষ্ট্ৰ ব্যৱস্থা!


মনোৰমাক মাৰি পেলোৱাৰ বাবে উলংগ প্ৰতিবাদ কৰা মানুহ কেইগৰাকীকো এই ব্যৱস্থাই জেইলত ভৰাইছিল৷ কাৰণ দেখুৱাইছিল---Trying to wage war against the State. 


মণিপুৰত আমাৰ এই সোণৰ অসমত দেখা পোৱাৰ দৰে মক্কেলামি, চেলেকামি দেখা পোৱা নগৈছিল৷ কোনেও কোৱা নাছিল যে সেই ১২ গৰাকী মানুহক জেইলত নাৰাখি ক’ত ৰাখিব৷ কিন্তু আমাৰ ইয়াত চেলেকাৰ পৰ্যায় ইমানলৈকে উধাইছে যে ৰাষ্ট্ৰদ্ৰোহ আৰু  দেশদ্ৰোহক একাকাৰ কৰি দুটামান বঁটা পিপাসুৱে নিৰন্তৰ বলিয়া কোবাই আন বহুতকো বলিয়া কৰি পেলাইছে৷ 


(“Whats the use of clothes? You can strip me, but how can you clothe me again? Are you a man?”--- মহেশ্বতা দেৱীৰ গল্প 'দ্ৰৌপদী'ৰ উদ্ধৃতিৰে আৰম্ভ কৰি অনুভা ভোঁচলেই “Indian Army, Rape Us!” শীৰ্ষক এটা তথ্যসমৃদ্ধ প্ৰবন্ধ লিখিছিল৷ প্ৰবন্ধটো তেখেতৰ গ্ৰন্থ “Mother Where Is My Country"ত সন্নিৱিষ্ট কৰা হৈছে৷ মন কৰিবলগীয়া কথাটো হ’ল, শেহতীয়াভাৱে দিল্লী বিশ্ববিদ্যালয়ে 'দ্ৰৌপদী ' শীৰ্ষক গল্পটো পাঠ্যক্ৰমৰ পৰা আঁতৰাই পেলাইছে৷)

( Assamese Viral Post )


পাৰ্থ প্ৰতিম বৰকটকী 


উৎস : ফেচবুক




No comments:

Post a Comment

Advertisement

Pages