বিশ্বৰ আদি গ্ৰন্থ চাৰি বেদৰ শেষৰ খন গ্ৰন্থ অথৰ্ৱবেদ। ঋগ্বেদ, যজুৰ্বেদ আৰু সামবেদৰ দৰে অথৰ্ৱবেদত দেৱতাক মহিমামণ্ডিত কৰা নাই , এই বেদত আয়ুৰ্বেদ, ঔষধ প্ৰয়োগ, ৰোগৰ নিৰাময়ৰ উপায়, বীজাণু বিষয় আৰু চিকিৎসা পদ্ধতিৰ বিষয়ত জ্ঞান দিয়া আছে । ( Religious Studies )
অথৰ্ববেদত ৰোগৰ নিৰাময়ৰ মন্ত্ৰ সমূহৰ উপৰিও সুন্দৰ জীৱনৰ বাবে দৈনন্দিন নিজৰ লাগতীয়াল কিছুমাণ উপায় বৰ্ণনা কৰা আছে যিবিলাকে মেজিকৰ দৰে কাম কৰে।
অথৰ্ববেদত দীৰ্ঘ জীৱনৰ বাবে মন্ত্ৰ, সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা, ৰজা হোৱাৰ মন্ত্ৰ, পাপৰ প্ৰায়শ্চিত্ত কৰাৰ মন্ত্ৰ, প্ৰেম মন্ত্ৰ, অন্ত্যেষ্টিক্ৰিয়ামন্ত্ৰ আৰু বহুতো ৰীতি-নীতিমন্ত্ৰ আছে।
প্ৰাচীন কালত ঋষি মুনি সকলে ভগৱানক পাবৰ বাবে, পৰম জ্ঞান লাভ কৰিবৰ বাবে মন্ত্ৰ জপ কৰিছিল। সেই সকল ঋষি মুনিৰ অশেষ কষ্ট আৰু ত্যাগৰ বলত পিচৰ কালৰ সাধু সৈন্ন্যাসী সকলে জ্ঞানৰ অমৃত পান কৰিব পাৰিছে।
দেৱী দেৱতাৰ বাসস্থান এই ভাৰত বৰ্ষ জ্ঞানৰ ভাণ্ডাৰ । অতীতৰ ঋষি মুনি সকলে প্ৰতিজন দেৱী দেৱতাৰ নামেৰে মন্ত্ৰ এই ভাৰত বৰ্ষৰ আকাশ বতাহৰ পৰাই বিচাৰি উলিয়াইছিল।
কিন্তু মন্ত্ৰ মানে কি:---
মন্ত্ৰ হৈছে কিছুমান শব্দ আৰু শব্দাংশৰ সংযোজন। মন্ত্ৰৰ শব্দ বা শব্দাংশ বিলাক শক্তি যুক্ত হয় । এই শক্তি যুক্ত মন্ত্ৰ বিলাক একোবাৰ উচ্চাৰণ কৰিলে কম্পন হৈ তৰঙ্গৰ সৃষ্টি কৰে ।এই তৰঙ্গই ঐশ্বৰিক শক্তিক চুই আকৌ আমাৰ গালৈ আহে ( Religious Studies )
একো একোজন দেৱতাৰ নাম বাৰে বাৰে গাই থাকিলে শব্দৰ শক্তি তৰঙ্গই সেই দেৱতা জন আৰু সাধক জনৰ মাজত যোগসূত্ৰ আনি দিয়ে ।
শুদ্ধ উচ্চাৰণৰ মন্ত্ৰৰ যি শক্তিশালী কম্পন আছে সেই কম্পনত বিশেষ কিছুমান আধ্যাত্মিক শক্তি আহে যি মানুহৰ শৰীৰত এক অদ্ভুত পোহৰ আনে আৰু মানুহৰ শিৰা-উপশিৰাত প্ৰভাৱ পেলায়, যাৰ ফলত মানসিক আৰু শাৰীৰিক দিশত এক অবুজ আনন্দ আনি দিয়ে। মানুহৰ মন আৰু অন্তৰৰ ভিতৰত থকা ষ্ফটিক উজ্জ্বলাই শৰীৰৰ প্ৰতিটো অঙ্গ প্ৰত্যঙ্গকে পোহৰাই সুস্থ কৰি মনৰ মাজত এক শান্তি আনি দিয়ে ।
অথৰ্ববেদত, সন্তান সম্ভাৱা স্ত্ৰীয়ে সূৰ্য্য উপাসনাৰ লগতে সূৰ্য্য পানী দিয়া আৰু ৰাতিপুৱা সৰ্বাধিক সূৰ্যৰ তাপমাত্ৰা গ্ৰহণ কৰাটো সৰ্বশ্ৰেষ্ঠ উপায় বুলি কৈছে।
প্ৰসূতিৰ সুস্বাস্থ্যৰ বাবে , বেদনা কম হবৰ বাবে আৰু উজ্জ্বল সন্তান জন্ম দিবৰ বাবে --
ৱি তে ভিনঃ মেহনং ৱি য়োনিম্ ৱি গৱীনিকে।
ৱি মাতৰং চ পুত্ৰং চ ৱিকুমাৰংজৰায়ুণাৱ জৰায়ু পদ্যতাম্ ।।
এই মন্ত্ৰ দেওবাৰ এটাৰ পৰা দিনে ৫১ বাৰ পাঠ কৰিলে ভাল বুলি উল্লেখ কৰিছে।
সৰু সুৰা ৰোগ নিবাৰণৰ বাবেও সূৰ্য্য দেৱতাক দেওবাৰ এটাৰ পৰা অৰ্ঘ দিয়া আৰম্ভ কৰাৰ লগতে সূৰ্য্যৰ তাপ লোৱাৰ কথা অথৰ্ববেদত লিখিছে।
ওঁম ৱিশ্বানি দেৱ সৱিতুৰ্দুৰিতানিপৰাসৱঃ য়ৎ ভদ্ৰং তন্নঃ আসুৱঃ ।।
( যজুৰ্বেদ ৩০.৩)
উক্ত মন্ত্ৰটো দেওবাৰ এটাৰ পৰা আৰম্ভ কৰি দিনে ৫১ বাৰ পাঠ কৰিলে সাধাৰণ ৰোগৰ পৰা নিৰাময় পাব পাৰি । এই মন্ত্ৰ আনকি চিকিৎসক সকলে ৰোগীক চোৱাৰ সময়ত গাই থাকিলে কামত আহে বুলি অভিজ্ঞ জনৰ পৰা জানিবলৈ পাইছিলো। ( Religious Studies )
জুলা শৰ্মা
নতুন দিল্লী
No comments:
Post a Comment