প্ৰকৃতিৰ এই নিয়ম আমি যেতিয়াই ভংগ কৰোঁ তেতিয়াই আমাৰ ধ্বংস হয় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 12, 2022

প্ৰকৃতিৰ এই নিয়ম আমি যেতিয়াই ভংগ কৰোঁ তেতিয়াই আমাৰ ধ্বংস হয় : Assamese Health Tips

Assamese Health Tips


প্ৰকৃতিৰ বিৰুদ্ধ ভোজন মানে যি বস্তু আমাক  প্ৰকৃতিয়ে আমাৰ ওচৰে পাজৰে দিয়া নাই ।। ( Assamese Health Tips )


যেনে ধৰি লব পাৰে আমাৰ অসমত প্ৰকৃতিয়ে আপেল-আঙুৰ আদি দিয়া নাই ।  বহুতো মানুহে সময়ে সময়ে ইয়াৰ  খেতি কৰিবও বিচাৰে অসমত । কিন্তু সফল নহয় । কাৰণ ই আমাৰ জলবায়ুত অনুকূল নহয় ।।  


যদি জলবায়ুৰ বাবে অনুকূল নহয় , তেন্তে আমাৰ বাবেও ই অনুকূল নহয়  ।। 


কাশ্মীৰ , হিমাচল  আদিত আপেল দিছে ।  তাৰ জলবায়ু ঠাণ্ডা হোৱা বাবে সেই ঠাইৰ মানুহৰ হজম শক্তি কম  । সেইবাবে  দৈনিক আপেল খালে তেওঁলোকৰ পেট চাফা হৈ থাকে ।। 


কিন্তু অসমৰ জলবায়ু গৰম । গৰম জলবায়ুৰ ঠাইত মানুহৰ হজম শক্তি বেছি । সেইবাবে গৰমত শৌচ ঢিলা হোৱাৰ সমস্যা বেছি থাকে । আমাক প্ৰকৃতিয়ে ভিমকল দিছে ।।  কাৰণ ভিমকল খালে শৌচ টান হয় ।।  


কিন্তু আমি আমাৰ নিজৰ জলবায়ুৰ বস্তু ভিমকল  নাখাই যদি বেছিকৈ আপেল খাওঁ , তেন্তে আমাৰ পেটৰ  ৰোগ হব ।। 


তাৰ পিছত এই সময়ত , অৰ্থাৎ  আহাৰ- শাওঁন মাহত  প্ৰকৃতিয়ে আমাৰ পৰা শাকজাতীয় শস্যবোৰ নোহোৱা কৰি দিছে বা হব নিদিয়ে ।।  ( Assamese Health Tips )


কাৰণ এই সময়ত  পৃথিৱীত খেতি কৰিবৰ বাবে  প্ৰকৃতিয়ে মাটিৰ তলৰ পৰা কিছুমান ৰাসায়নিক বস্তু বাহিৰ কৰি দিয়ে । যি খেতি ভাল হোৱাত সহায় কৰে ।। 


এই ৰাসায়নিক বস্তুবোৰ শাক জাতীয় শষ্যত লাগি ধৰে আৰু সেই বস্তু খালে আমাৰ নিশ্চিত ৰোগ হব । 


সেয়ে এই সময়ত প্ৰকৃতিয়ে অকল মাটিৰ পৰা দূৰৈত হব পৰা পাচলি , যেনে ভোল , জিকা , লাউ , কোমোৰা , পটল , ভেন্দী , কেৰেলা আদি দিছে ।।  এইবোৰ মাটিৰ পৰা বহুত দূৰৈত থাকে ।। 


শাওঁণ মাহত সেইবাবে  ৰাতিপুৱা গৰুৰ গাখীৰ আৰু পানী  শিৱলিংগত ঢালি মানুহে পূজা কৰে ।। 


কাৰণ ঘাঁহ জাতীয় উদ্ভিদ গৰুৱে নিজে বাছি থাকিবলৈ খায় আৰু সেই ঘাঁহৰ পৰা ওলোৱা গাখীৰ বিষাক্ত হয় । 


যিহেতু ভোলেনাথ  পৃথিৱীৰ সকলোবোৰ  বিষাক্ত বস্তু নিজৰ  দমনত ৰাখে , সেইবাবে  এই গাখীৰখিনিও মানুহে শাওন মাহত ৰাতিপুৱা কোনেও খাব নোপোৱাতে  বোল বোম  গাই  মহাদেৱক অৰ্পণ কৰে ।। যেনেকৈ আন আন বিষাক্ত বস্তু , যেনে ভাং , ধতুৰা আদিৰ অৰ্পণ কৰে  , ঠিক সেইদৰে গাখীৰখিনিও ভোলেনাথক অৰ্পণ কৰে    । যাতে বিষাক্ত বস্তু পেটত নাযায়  মানুহৰ । 


ঠিক তেনেকৈ শাওন মাহত  কুঁৱাৰ পানী আৰু পুখুৰীৰ পানী আদিও দূষিত হয় ।। আমি ৰাতিপুৱা উঠি এটা পাতল ৰূপালী ৰং পানীৰ ওপৰত দেখিব পাওঁ । এইটোৱেই  হল বিষাক্ত দ্ৰব্য , যি বাৰিষাৰ বতৰত পানীত মিহলি হয় । সেইবাবে ৰাতিপুৱাৰ প্ৰথম পানী মহাদেৱক অৰ্পণ কৰে ।। 


প্ৰকৃতিৰ এই নিয়ম আমি যেতিয়াই ভংগ কৰোঁ , তেতিয়াই আমাৰ ধ্বংস হয় ।।। 


গতিকে যদি আপুনি বিচাৰি বিচাৰি ঢেকীয়া বা কচু আদি কিনি আনি খায় , তেন্তে আজি নহলেও 5-10 বছৰত ৰোগ হোৱাটো নিশ্চিত ।।। ( Assamese Health Tips )



বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠকৰ দ্বাৰা আগবঢ়োৱা হৈছে । আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।

No comments:

Post a Comment

Advertisement

Pages