জৱা ফুলৰ বিশেষ গুণাগুণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 11, 2022

জৱা ফুলৰ বিশেষ গুণাগুণ : Assamese Health Tips

Assamese Health Tips


জৱা ফুলত থকা এন্টি-অক্সিডেন্টে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে খুব ভাল কাম কৰে। ( Assamese Health Tips )


১)উচ্চ ৰক্তচাপত জৱাফুল পিহি ৰস উলিয়াই খালী পেটত খালে-১৪'ৰপৰা ১মাহলৈ ব্যৱহাৰ কৰিলে-সুফল পোৱা যায়। 


২/চুলিৰ বাবে জৱাফুলৰ ৰস অতি উত্তম।সদায় গা ধূৱাৰ আগে জৱাফুল বটি মূৰত ঘঁহিলে চুলিৰ অকালপক্কতা গুচে আৰু সৰাও কমে।এই ফুলে উফিৰ সমস্যা আঁতৰ কৰাৰ লগতে চুলি বৃদ্ধি হোৱাত সহায় কৰে।সপ্তাহত তিনিদিন চুলিত জৱাফুল লগালে চুলিৰ বৃদ্ধি হয়।


৩/জৱাফুলে মাহেকীয়া ঋতুস্ৰাৱৰ বিভিন্ন সমস্যাৰ উপশম কৰাৰ লগতে ঋতুস্ৰাৱৰ সময়ত পুৱা খালী পেটত ৪/৫ মান পিহি ৰস উলিয়াই নিয়মিতভাৱে খালে যথেষ্ট সুফল পায়।


৪/জৱা ফুলত থকা এন্টি-অক্সিডেন্টে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে খুব ভাল কাম কৰে।মাজে মাজে জৱা ফুলৰ চাহ বনাই খাব লাগে।  ( Assamese Health Tips )


৫/জৱা ফুলৰ নিয়মিত সেৱনৰ ফলত শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা হয়।ফলত কোনো ৰোগে সহজে আক্ৰমণ কৰিব নোঁৱাৰে।


৬/জৱা ফুলত এন্টি-ইনফ্লামেটৰি আৰু ভিটামিন চি থাকে।যিয়ে শালমইনা দূৰ কৰাত সহায় কৰে।


৭/মানৱ দেহৰ কলেষ্ট্ৰৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জৱা ফুলে হৃদপিণ্ডখ সতেজ কৰি ৰাখে।


৮/জৱাফুলে মহিলাৰ বগা স্ৰাৱৰ সমস্যাৰ সমাধান কৰে।দৈনিক ২-৩টা জৱাফুলৰ পাত চোবাই খোৱাৰ পাছত-১গিলাচ গৰম পানী খালে সোনকালে সুফল পোৱা যায়।


৯)শীত কালত হাতৰ তলুৱাত ছাল উঠি খৰখৰিয়া হৈ পৰে।তেতিয়া জৱা ফুল হাতৰ তলুৱাত ঘঁহিলে উপকাৰ পোৱা যায়।দিনে দুই/তিনিবাৰ ১টা ২টা ফুল হাতৰ তলুৱাত ঘঁহিব লাগে।


১০/হঠাৎ কোনো কু-খাদ্য খালে-যেনে অজানিতে মাখি,চুলি অথবা এই ধৰণৰ কোনো বস্তু পেটৰ ভিতৰলৈ গলে,ইয়াৰ পৰিণতি বমি ভাৱ হয়।অথচ বমি হোৱা নাই।এইক্ষেত্ৰত ৪/৪পাহ জৱা ফুলৰ ফুলৰ অংশটো পানী আৰু চেনি পৰিমাণ মতে দি-গুলি চৰবত বনাই দিনে ২/১বাৰ খালে বমি হৈ পেটৰ পৰা অসাত্ম দ্ৰব্য বোৰ বাহিৰ হৈ যাব।  ( Assamese Health Tips )

No comments:

Post a Comment

Advertisement

Pages