ঘৰত ভুলতো নাৰাখিব এই ৫ বিধ সামগ্ৰী : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 11, 2022

ঘৰত ভুলতো নাৰাখিব এই ৫ বিধ সামগ্ৰী : Assamese Fact

Assamese Fact


ঘৰত ভুলতো নাৰাখিব এই ৫ বিধ বিশেষ সামগ্ৰী।ধনহীন কৰি তুলিব। ( Assamese Fact )


বৰ্তমান সময়ত টকাতকৈ অধিক দৰকাৰী যেন একোৱেই নাই।টকা নহলে-আজিৰ দিনত একো নোহোৱাৰ দৰে।শিক্ষা লাভৰ বাবে প্ৰয়োজন বহু টকাৰ।পাছে এনে কিছুমান লোক আছে যিয়ে বহু কষ্ট কৰিয়ো কোনোদিনে ভালদৰে টকা উৰ্পাজন কৰিবলৈ সক্ষম নহয়।


ইয়াৰ পাছত বিভিন্ন কাৰণ হব পাৰে।কিন্তু এই ক্ষেত্ৰত বাস্তু শাস্ত্ৰ মতে কোৱা হয় যে-কিছুমান বিশেষ কাৰণত ঘৰৰ এনে দশা হব পাৰে।ঘৰৰ ভিতৰত কিছুমান নাথাকিবলগীয়া সামগ্ৰী থকাৰ ফলত এইদৰে ধন সঞ্চয় কৰিব নোঁৱাৰে গৃহস্থই।


*তেনে কেইবিধমান সামগ্ৰী হৈছে-


১/তাজমহল-

ঘৰত কেতিয়াও তাজমহলৰ ছৱি বা প্ৰতিকৃতি ৰাখিব নালাগে।কিয়নো-তাজমহল বেগম মমতাজৰ কবৰস্থান।ইয়াক সন্মান আৰু শ্ৰদ্ধা দিব লাগে কিন্তু ইয়াক ঘৰৰ ভিতৰত ৰাখিব নালাগে।ই ঘৰৰ ভিতৰত নকাৰত্মক প্ৰভাৱ পেলায়। ( Assamese Fact )


২/মহাভাৰত-

ঘৰৰ ভিতৰত মহাভাৰতৰো ছৱি ৰাখিব নালাগে।ঘৰত মহাভাৰতৰ ছৱি ৰখাৰ বাবে-হাই কাজিয়া বৃদ্ধি পায়।বিশেষকৰি ড্ৰয়িং ৰূম বা শোৱনি কোঠাত এনে ধৰণৰ ছৱি নাৰাখিব।


৩/জোট লাগি থকা তাঁৰ-

ঘৰত কেতিয়াও জোট লাগি থকা তাঁৰ বা অন্য ধৰণৰ ৱায়াৰ আদি ৰাখিব নালাগে।পাৰিলে মোবাইলৰ চাৰ্জাৰ,হেডফোন,লেপটপৰ চাৰ্জাৰ আদিও জোট লগাই ৰাখিব নালাগে।


৪/শুকাই যোৱা ফুল-

কেতিয়াও ঘৰত শুকাই যোৱা ফুল নাৰাখিব।যদি কোনো ফুলৰ পুলি আছে-তেন্তে নিমিষতে ইয়াৰ যতন লব।শুকাই যোৱা ফুল অশুভ কাৰক বুলি মনা হয়।


৫/পানী পৰি থকা টেপ-

পানী পৰি থকা,বেয়া হোৱা টেপ-ঘৰৰ আৰ্থিক সমস্যাৰ পৰিচয় বুলি ধৰা হয়।যদি পাকঘৰ বা গা-ধূৱা ঘৰৰ আদিত-তেনে পানীৰ টেপ আছে,তেন্তে অতি সোনকালে তেনে টেপ সলনি কৰক। (সংগ্ৰহিত)। ( Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages