আপুনিও যদি‌ এনেধৰণৰ ভুল কৰিছে তেন্তে এতিয়াই সাৱধান হওক : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 16, 2022

আপুনিও যদি‌ এনেধৰণৰ ভুল কৰিছে তেন্তে এতিয়াই সাৱধান হওক : Assamese Viral Post

Assamese Viral Post

কেনেকৈ আপুনি ইমান সোনকালে কাৰোবাক ভালপাওঁ বুলি ক'ব পাৰে? ( Assamese Viral Post )


না তেওঁক দেখিছে না লগ পাইছে! না তেওঁৰ বিষয়ে আপুনি ভালকৈ জানে? তেনেহলে কেনেকৈ আপুনি ভালপোৱাৰ দৰে এটা সিদ্ধান্ত ল'ব পাৰে?


হয় প্ৰেম অন্ধ। প্ৰেমে একো চিনি নাপায়। প্ৰেমে মগজুৰ নুশুনে কেৱল হৃদয়ৰ শুনে। কিন্তু সেইবুলিয়েই আপুনি কাৰোবাৰ বিষয়ে একো নজনাকৈ তেওঁক লগ নোপোৱাকৈ তেওঁৰ কিবা এটা ভাল গুণ দেখিয়ে কিয় তেওঁৰ প্ৰেমত পৰি গ'ল। তেওঁ কি কৰে ক'ত থাকে কি হয় একো নজনাকৈ কেনেকৈ তোমাক মই ভালপাওঁ বুলি কৈ দিলে?


আমি জীৱনৰ আটাইতকৈ ভুল তেতিয়াই কৰোঁ যেতিয়া কাৰোবাৰ বিষয়ে একো নজনাকৈয়ে তেওঁ ভালপাওঁ বুলি কৈ দিওঁ। তেওঁৰ লগত সম্পৰ্ক গঢ়ো। সকলো মানুহেই যে বেয়া হ'ব মই সেইটো কোৱা নাই কিন্তু কেতিয়াবা আমি কিছুমান ভুল মানুহক বাচনি কৰি লওঁ আৰু এটা ভুলেই আমাৰ জীৱনৰ ভাল সময়বোৰত অশান্তিৰ কাৰণ হৈ পৰে। ( Assamese Viral Post )


কাৰোবাক আপুনি প্ৰেমিক বা প্ৰেমিকা হিচাপে নিৰ্বাচন কৰা আগতে তেওঁৰ সৈতে বন্ধুত্ব কৰক তেওঁক লগ কৰক তেওঁৰ সৈতে আপোনাৰ মনৰ মিল আছে নাই চাওক। কাৰণ লগ নকৰাকৈ বা নেদেখাকৈ আপুনি এজনৰ মানুহৰ বিষয়ে শুদ্ধ ধাৰণা ল'ব নোৱাৰে। ভবামতে সকলো নহয়। সেইবাবে প্ৰেম ভালপোৱাৰ দৰে এটা সিদ্ধান্ত লওঁতে বহুত ভাবি চিন্তিয়ে ল'ব কাৰণ সুখ বিচাৰিবলৈ গৈ বহু ক্ষেত্ৰত মানুহে দুখ পোৱাহে দেখা যায়।


প্ৰেম কৰা নাযায় হৈ যায় কিন্তু ভুল মানুহৰ লগত হ'লে বহুত দুখ পোৱা যায়।


✍🏻 ধৰ্মেন্দ্ৰ বৰা (ধন)

     গোলাঘাট।

     ১২/০৬/২০২২                               


উৎস : ফেচবুক 


বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।


 ( Assamese Viral Post )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

1 comment:

  1. মই একমত সঁচা কথা কাকো নজনাকৈ ভাল পাওঁ বুলি কব নালাগে। নহলে সুখ বিচাৰি গোটাই জীবনৰ দুখ আকুৱালিব লোগীয়া হই।

    ReplyDelete

Advertisement

Pages