শাওন মাহত ভোলানাথৰ বিশেষ কৃপা কোন তিনিটা ৰাশিৰ ওপৰত পৰিব জানি লওক : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 16, 2022

শাওন মাহত ভোলানাথৰ বিশেষ কৃপা কোন তিনিটা ৰাশিৰ ওপৰত পৰিব জানি লওক : Assamese Horoscope

Assamese Horoscope


২০২২ বৰ্ষৰ শাওনৰ মাহ ১৪জুলাইৰ পৰা আৰম্ভ হয়-১২ আগষ্ট লৈ থাকিব।অৰ্থাৎ এইবছৰৰ শাওন মাহ-২৯দিনৰ হব।  ( Assamese Horoscope )


শাওনৰ মাহ শিৱ ভগৱানৰ ওপৰত সমৰ্পিত মাহ এই সময়ছোৱাত ভগৱান বিষ্ণুয়ে যোগ নিদ্ৰাত মগ্ন হৈ থাকে । এই বছৰৰ শাওন মাহ-দুটা শুভ যুগৰ দ্ধাৰা আৰম্ভ হব।মান্যতা অনুসাৰে শুভ যুগত পূজাৰ মহত্ব দুগুণে বাঢ়ি যায়।


আহাৰ মাহৰ পূৰ্ণিমা-অৰ্থাৎ গুৰু পূৰ্ণিমাৰ পাছৰ দিনা ১৪ জুলাই তাৰিখৰপৰা শাওন মাহ আৰম্ভ।এইদিনা-বিষ্কুম্ভ আৰু প্ৰীতি যুগ হব।মান্যতা আছে যে-এই দুয়োটা যুগ মহাদেৱৰ ভক্তিৰ বাবে বহুত ফলদায়ী হয়।শাওনত এই যুগত দেৱৰো দেৱ মহাদেৱক ৰুদ্ৰাঅভিষেক কৰিলে সমস্ত দুখৰ নাশ হয়।কামত বাধা থাকিলে আঁতৰে।


ভগৱান শিৱৰ শাওনৰ মাহটো কিয় প্ৰিয়!


পৌৰাণিক কথা অনুসাৰে শাওন মাহত সমুদ্ৰ মন্থন কৰা হৈছিল।সৃষ্টিৰ ৰক্ষাৰ হেতু সাগৰ মন্থনৰ পৰা উলোৱা বিষক মহাদেৱে পাণ কৰিছিল।সেইবাবে তেওঁৰ কন্ঠ নীলা হৈ পৰিছিল।সেইবাবে মহাদেৱৰ নীলকন্ঠ নাম হল।সকলো দেৱী-দেৱতায়ে শিৱৰ কষ্ট আঁতৰাবলৈ আৰু বিষৰ প্ৰভাৱ কম কৰিবলৈ ভগৱান শিৱৰ ওপৰত শীতল জল অৰ্পণ কৰিলে।তেতিয়াৰেপৰা মহাদেৱৰ জল বহুত প্ৰিয়।শাওন মাহত ভলে ভণ্ডাৰীক জলাঅভিষেক কৰিলে মহাদেৱ প্ৰসন্ন হয়।


দেৱী পাৰ্ৱতীৰ লগত বিবাহ-


ভগৱান শিৱৰ অৰ্ধাংগিনী দেৱী সতীয়ে মহাদেৱক প্ৰতিটো জন্মতে স্বামী ৰূপে পাবলৈ কঠুৰ তপস্যা কৰিছিল।মাতা সতীৰ দ্বিতীয় জন্ম পাৰ্ৱতী ৰূপে হৈছিল।দেৱী পাৰ্ৱতীয়ে ভগৱান শিৱক স্বামী ৰূপে পাবলৈ শাওনৰ মাহত কঠোৰ তপস্যা কৰিছিল।কোৱা হয়-মহাদেৱে শাওনৰ মাহতে দেৱী পাৰ্ৱতীক বিয়া কৰাইছিল।সেইবাবে ভগৱান শিৱৰ শাওনৰ মাহটো বৰ প্ৰিয়।কোৱা হয় যে-শাওনৰ মাহতে মহাদেৱ নিজৰ শহুৰেকৰ ঘৰলৈ আহিছিল।তেতিয়া মহাদেকৱক অভিষেক কৰি আদৰিছিল।


ভগৱান ভোলানাথে সকলোৰে ওপৰত কৃপা কৰে , কিন্তু এই তিনিটা ৰাশিৰ জাতক-জাতিকাৰ বাবে এই শাওন মাহটো অতি ফলপ্ৰসূ হবলৈ গৈ আছে । জ্যোতিষ বিজ্ঞান অনুসৰি শাওন‌ মাহত গ্ৰহৰ অৱস্থান বিশেষ হব আৰু বিশেষকৈ এই ৩ টা ৰাশিৰ লোকসকলৰ বাবে অতি শুভ আৰু ফলপ্ৰসূ বুলি প্ৰমাণিত হব ,সেই ৰাশিবোৰ কোনবোৰ জানো আহক ।  ( Assamese Horoscope )


মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে এই শাওন মাহটো শুভ হব । এই মাহটোত শিৱৰ কৃপাত বহুতো  যিকোনো ক্ষেত্ৰত বাধা অবিহনে আগুৱাই যাব পাৰিব । চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি হব । সন্মান আৰু প্ৰতিপত্তিও পাব । শাওন মাহৰ সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰিলে শুভ ফলাফল লাভ কৰিব ।


মিথুন ৰাশি : শাওন মাহটো মিথুন ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট লাভজনক বুলি প্ৰমাণিত হব । যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকে ভগৱান ভোলানাথৰ কৃপাত নতুন চাকৰি পাব । যিসকলে চাকৰি কৰি আছে , যিসকলে পদোন্নতিৰ‌ প্ৰতি আগ্ৰহী সেইসকলৰ এই কামনাও শাওন মাহত পূৰণ কৰিব পাৰিব । ব্যৱসায়ীসকলৰ বাবেও এই সময় বৰ ভাল । যিমান পাৰে এই শাওন মাহত শিৱ বাবাৰ আৰাধনা কৰক ।


মকৰ ৰাশি : শাওন মাহত শিৱজীৰ আশীৰ্বাদ মকৰ ৰাশিৰ লোকসকলৰ ওপৰত দেখা যাব । চাকৰি - ব্যৱসায়ত আৰ্থিক লাভ কৰিব পাৰে । কিছুমান থলুৱালোকে হয়তো নতুন চাকৰি পাব । এই মাহটো জীৱনসংগীৰ সৈতে ভাল হব । শাওন মাহত মহাদেৱক পানীৰে অভিষেক কৰক ।


 ( Assamese Horoscope )


ৰাশিফল সম্বন্ধীয় আৰু লেখা পঢ়ক এই লিংকত - www.ৰাশিফল.smj24.in

No comments:

Post a Comment

Advertisement

Pages