খাদ্যভাসৰ এক উল্লেখনীয় থলুৱা খাদ্য হল-বাঁহ গাজ।(Bamboo shoot)বাঁহ গাজ হল-বাঁহ গছৰ গুৰিৰ পৰা ওলোৱা কুমলিয়া গজালি বা পুলি।( Assamese Health Tips )
এই বাঁহ গাজ কাটি আনি সৰুকৈ কুটি পাচলি হিচাপে খোৱা হয়।বাঁহগাজৰ সোৱাদ সুকীয়া।এই বাঁহ গাজ কাটি আনি সৰুকৈ কুটি পিহনাত পিহি চিচাৰ বৈয়ামত বা কলহত ৭/৮দিন ৰখাৰ পাছত টেঙা হয় যায়।সেই টেঙা বাঁহ গাজকে খৰিচা বোলে।
*বাঁহ-গাজৰ উপকাৰিতাসমূহ-
১)মেদবহুলতা কমোৱাত সহায়ক। ১০০গ্ৰাম বাঁহগাজত থাকে-৮গ্ৰাম ডায়েটেৰী ফাইবাৰ। ফাইবাৰ থকাৰ ফলত কলেষ্টৰল কমোৱাত সহায়ক হয়।সোনকালে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে।বাঁহ গাজত চুগাৰ,কাইব্ৰহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয়।
২/ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা- বাঁহ-গাজত থকা প'টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।
৩/কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা- গৱেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে-বাঁহ-গাজত থকা ফাইটোষ্টৰেল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাপে কাম কৰে।
৪/শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক- বাঁহ-গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল,
ভিটামিন আৰু ট্ৰেচ-এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱা পৰিলক্ষিত হয়।
৫/মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা(বিষ)আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী।
৬/পাক-প্ৰণালীৰ উপকাৰিতা-ভোক লগোৱাত সহায়ক,হজম ক্ৰিয়াত সহায় কৰে।ডায়েৰিয়া ভাল কৰে।শৌচৰ পৰিমাণ বৃদ্ধি কৰে।কোষ্ঠৰোগ আঁতৰায়।পিত্তৰ বিষৰ উপশম ঘটায়।পেলুৰ চিকিৎসাত,পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃত হৈ আহিছে।( Assamese Health Tips )
৭)নিয়মীয়া বাঁহ-গাজ খাওতাৰ অপকাৰী কলেষ্টৰল বিলা কমায়।হৃদৰোগ প্ৰতিৰোধ কৰে।
৮)বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিংসাত উপযোগী।
৮/এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ- কটা-চিঙা,খহু-ঘাঁত,আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা যায়।
৯)বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা যায়।অসমৰ বিভিন্ন ঘৰত এতিয়াও আই(বসন্ত)ওলোৱাৰ পঞ্চম দিনা-শুকনি হিচাপে শুকান খৰিছা মাগুৰ মাছৰ আঞ্জা দিয়া হয়।
১০)চুলি সৰাৰ চিকিৎসাতো বাঁহ-গাজ উপযোগী।
১১)বৃশ্চিক আৰু সৰ্প দংশনৰ আয়ুৰ্বেদিক চিকিৎসাত বাঁহ-গাজৰ প্ৰয়োগ হৈ আহিছে।বৰলে বিন্ধা,বিছাই ডকা আদিটো বাঁহ-গাজ প্ৰয়োগ উপশম ঘটোৱা হয়।
১২)আয়ুৰ্বেদিক চিকিৎসকলে হাঁপানী আৰু আন শ্বাসজনিত বক্ষ ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহাৰ কৰে।
১৩/কতিয়াবা সৰু লৰা-ছোৱালীৰ শৌচদ্বাৰেদি জোক সোমাই যায়।তেতিয়া অলপমান খৰিছা খোৱাই দিলে জোক বাহিৰলৈ ওলাই আহে।হাল বাওঁতে গৰুৰ নাভিত জোক সোমালে খৰিছা খুৱালে জোক এৰাই বাহিৰ হয়।
*বাঁহ-গাজ খোৱাত কেনে সৰ্তকতা লব লাগে-
*কেঁচাৰে-গৰম পানীৰে নোধোৱাকৈ বাঁহ-গাজ কেতিয়াও সেৱন কৰিব নালাগে।
*গৰল,থাইৰডৰ টিউমাৰ আৰু হাইপোথাইৰডৰ ৰোগীয়ে বাঁহ-গাজ নোখোৱাটোৱে মংগলজনক।
এনেধৰনৰ স্বাস্থ্যজনিত লেখা আৰু পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.স্বস্থ্যবাৰ্তা.smj24.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Health Tips )
মই আজিমুদ্দিন আহমেদ, মোৰ ফোন নং-96783-73702,
ReplyDeleteমই আপোনালোকৰ গ্ৰুপত জইন কৰিব বিচাৰোঁ