আমাৰ ভাৰতীয় সংস্কৃতিত শুভ-অশুভ এনেধৰণৰ কথাবোৰক বহুত মহত্ব দিয়া হয়।আমাৰ জ্যোতিষ শাস্ত্ৰ ইমানেই সমৃদ্ধ যে-প্ৰতিটো কথাৰ পাছত লুকাই থকা ৰহস্য বিস্তাৰ ৰূপত কব পাৰে।( Assamese Fact )
*আমাৰ শৰীৰৰত থকা বিভিন্ন চিহ্নৰ দাৰা আমি বহুত কথা জানিব পাৰোঁ।তাৰেই কিছুমান চিহ্ন আমাৰ বাবে ভাল অৰ্থাৎ সৌভাগ্যশালী হোৱাৰ কাৰণ বুলিও গণ্য কৰা হয়।আৰু কিছুমান চিহ্ন দুৰ্ভাগ্যৰ কাৰণ বুলিও জনা যায়। আৰু এই কেইটা চিহ্ন আমাৰ শৰীৰত থকাটো বহুত ভাগ্যৰ কথা-
১)বগা আৰু চফা দাঁত-
বগা আৰু চফা দাঁত সকলোৱে পচন্দ কৰে।তাৰোপৰি দাঁতৰ মিজত যদি কোনো ধৰণৰ ফাঁক নাথাকে,তেন্তে দেখিবলৈ আৰু ভাল লাগে।
কিন্তু জ্যোতিষ শাস্ত্ৰৰ অনুসাৰে যিসকল ব্যক্তিৰ দাঁতৰ মাজত ফাঁক থাকে-তেওঁলোক বেছি সৌভাগ্যশালী হয়।তেওঁলোক আৰ্থিক ভাবেও সবল হয় আৰু চাকৰি ক্ষেত্ৰত উচ্চপদস্থ হয়।ঠিক সেইদৰে যিসকল ব্যক্তিৰ দাঁত সামান্য বাহিৰলৈ ওলোৱা হয়,তেওঁলোক অলপ জিদ কৰা আৰু বেছি কথা কোৱা স্বভাৱৰ হয়।কিন্তু এওঁলোক ভাগ্যশালীও হয়।( Assamese Fact )
২)শৰীৰত তিল থকা-
আমাৰ শৰীৰত যিবোৰ অংশত জন্মৰে পৰাই তিল থাকে-সেইবোৰৰ শৰীৰৰ স্থিতি অনুসাৰে-বেলেগ বেলেগ অৰ্থ থাকে।দুয়োজোৰ চেলাউৰিৰ মাজত যদি তিল থাকে-তাক সৌৰ্ভাগ্যৰ পতীক বুলি কোৱা হয়।ঠিক এনেদৰে-সোঁহাত,সোঁ-গাল, আৰু সোঁ-চকুত থকা তিলো ভাল বুলি কোৱা হয়।
৩/দীঘল নাক=
দীঘল নাক আৰু তাত তিল থকা-ব্যক্তিকো ভাল বুলি কোৱা হয়।যিসকল লোকৰ কাণ সামান্য ডাঙৰ হয়-তেওঁলোক অত্যান্ত ভাগ্যশালী হয়।আৰু এই ব্যক্তি সকলৰ কেতিয়াও ধন-সম্পদৰ অভাৱ নহয়।
৪/দীঘল আৰু ওখ মূৰ-
দীঘল আৰু ওখ মূৰৰ ব্যক্তি,যাৰ কপাঁল অলপ কোচ খোৱাৰ দৰে চিন বহে,তেওঁলোক বহুত সৌভাগ্যশালী হয়।তেওঁলোকৰ টকা-পইচাৰ কেতিয়াও অভাৱ নহয়।
৫/হাতৰ তলুৱা-
হাত আৰু হাতৰ তলুৱা সদায় কোমল আৰু অলপ গুলপীয়া ৰংৰ হয়,আৰু সমতলীয়া হয়,আৰু যদি হাতৰ ৰেখাবোৰ স্পষ্ট হয়,তেন্তে সেইসকৰ ব্যক্তি ভাগ্যশালী হয়।হাতত ত্ৰিভূজৰ চিহ্ন থকা ভাগ্যশালী হোৱাৰ প্ৰতীক।দীঘল আৰু পাতৰ আঙুলিও ভাগ্যৰ দৃষ্টিৰ পৰা শুভ বুলি গণ্য কৰা হয়।ভৰিৰ তলুৱাত সূয্য-চন্দ্ৰ-নক্ষত্ৰ,শংখ-চক্ৰ-
কমল,আদিৰ দৰে যদি চিহ্ন থাকে,তেন্তে তেওঁলোক অতান্ত ভাগ্যশালী হয়। (সংগ্ৰহিত)।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment