মহিলাসকৰ প্ৰায়সংখ্যকেই ধুনীয়াকৈ নখ ৰখাটো পছন্দ কৰে।কিন্তু বেছিভাগ সময়তে নখ ৰখাৰ ক্ষেত্ৰত এক সমস্যাই দেখা দিয়ে।( Assamese beauty Tips )
*নেমুটেঙাই নখ মজবুত কৰে= নেমুটেঙাত ভিটিমিন চি থাকে।ভিটামিন চি'য়ে নখ ভালে ৰখাৰ লগতে নখ দীঘল কৰাটো সহায় কৰে।এটা পাত্ৰত অলপমান নেমুৰ ৰস লৈ কমেও ৫মিনিটমান সময় হাত আৰু ভৰিৰ নখ জুবুৰিয়াই ৰাখক।জুবুৰিয়াই ৰখাৰ পাছত কুহুমীয়া গৰম পানীৰে হাত-ভৰিৰ নখ ধুই দিব।প্ৰতিদিনে অন্তত এবাৰকৈ এনেদৰে নেমুৰ ৰস নখত লগালে নখ শক্তিশালী হয় লগতে বিভিন্ন বীজাণুৰ আক্ৰমণৰ পৰাও ৰক্ষা পাব পাৰি।( Assamese beauty Tips )
*অলিভ অইলৰ ব্যৱহাৰ-
ভঙা নখ বা ৰুক্ষ হৈ পৰা নখৰ বাবে অলিভ অইল উপযোগী উপাদান।অলিভ অইলে নখৰ ভিতৰৰ স্তৰত প্ৰৱেশ কৰিব পাৰে।ফলত নখ ভাল কৰাৰ ক্ষেত্ৰত সুফল পাব পাৰি।এইঅলিভ অইলে নখৰ ভিতৰত হোৱা ইনফেকশ্বন দূৰ কৰাটো সহায় কৰে।নখৰ গুৰিত তেজৰ সঞ্চালন ভাল কৰাৰ বাবেও অলিভ অইল উপযোগী।দৈনিক নিশা শোৱাৰ আগতে ৫মিনিট সময় নখৰ গুৰিত অলিভ অইলেৰে মালিচ কৰিলে সুফল পোৱা যায়।
*কমলা টেঙা নখৰ বাবে উপকাৰী= কমলাটেঙাত কলাজন থাকে।যি চুলি আৰু নখৰ বাবে অত্যন্ত প্ৰয়োজনীয়।কমলাৰ ৰসে এন্টি-অক্সাইড হিচাপেও কাম কৰে।এই ৰসে নখত থকা মলি তথা বীজাণু আঁতৰোৱাতো সহায় কৰে।দৈনিক কমেও ১০মিনিট সময় যদি নখ জুবুৰিয়াই ৰাখিলে নখ মজবুত হৈ পৰে।
ৰূপচৰ্চাৰ বিষয়ে আৰু অধিক পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.সৌন্দৰ্য্য.in
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese beauty Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment