সুখ আৰু সমৃদ্ধি কোনে নিবিচাৰে!আমি সকলোৱে আমাৰ জীৱনটো উপভোগ কৰি তুলিবলৈ যিমান পাৰো চেষ্টা কৰোঁ।( Assamese Fact )
ইয়াৰ পাচটো বহু সময়ত এনেকুৱা হয় যে-আমাৰ কাম নহল আৰু আমি মানসিক চাপত ভুগি পৰোঁ।যাৰ বাবে ঘৰত অশান্তি হব পাৰে।ইয়াৰ বহুতো কাৰণ হব পাৰে-যত ঘৰত বাস্তুৰ বিসংগতিও এটা কাৰণ হব পাৰে।বাস্তু দোষ সংঘতিত হোৱাৰ বাবে ঘৰত ঋণাত্মক শক্তি বাঢ়িবলৈ ধৰে।যাৰ ফলত আমাৰ লগত দুখ আৰু অশুভ ঘটনা ঘটিবলৈ ধৰে।বাস্তু শাস্ত্ৰত কিছুমান সহজ পদক্ষেপ দিয়া হৈছে।যিবোৰ গ্ৰহণ কৰি আপুনি সুখ আৰু শান্তি আৰ্কষণ কৰিব পাৰে।
১)দক্ষিণ-পূৱৰ বাস্তু দিশ অঞ্চলত ৰঙা ঘোঁৰাৰ যোৰ(Fire Element)আৰু উত্তৰ দিশৰ অঞ্চলত সেউজীয়া গছ-গছনি ৰাখিলে,অধিক ধন পোৱাৰ সম্ভাৱনা সৃষ্টি হয়।
২/ঘৰৰ উত্তৰ-পূৱ দিশত এটা ষ্টৰ ঘৰ নিৰ্মাণ কৰা বা তাত প্ৰয়োজনীয় বস্তু ৰাখিলেও তাত বাস কৰা লোকসকলৰ বাবে গভীৰ হতাশাৰ সৃষ্টি হব পাৰে।এই বস্তুবোৰ নিজ নিজ দিশৰ অঞ্চলত ৰখাটোৱেই আটাইতকৈ উত্তম সমাধান।( Assamese Fact )
৩/আপোনাৰ ঘৰৰ মন্দিৰত নিয়মিতভাৱে ঘিউৰ এগচি চাকি জ্বলাই ঘন্টা বজাব লাগে।যিয়ে ঘৰৰ পৰা সকলো ধৰণৰ ঋণাত্মক শক্তি আঁতৰাই পেলায়।ঠিক তেনেদৰে ঘৰত শংখ ৰাখি বজালে ঘৰৰ বাস্তু দোষবোৰ দূৰ হয়।গৃহৰ পূজা স্থানত দেৱতাসকলক আগবঢ়োৱা ফুলৰ মালাবোৰ দ্বিতীয় দিনা আঁতৰাই নতুন ফুলৰ মালা ভগৱানক উৎসৰ্গা কৰিব লাগে।একেদৰে দেৱতাসকলৰ ছৱি পাহৰি যোৱাৰ পাছতো পূজাঘৰত মুখামুখিকৈ ৰাখিব নালাগে।ই এটা ডাঙৰ ক্ৰটিৰ সৃষ্টি কৰে।
৪/যদি ঘৰৰ কোনো সদস্যই ৰাতি শুৱ নোঁৱাৰা হয় বা বাস্তুৰ বিসংগতিৰ বাবে স্বভাৱত খিংখিঙীয়া হয়।তেন্তে তেওঁ দক্ষিণ দিশৰ ফালে মূৰ ৰাখি শুৱ লাগে।ইয়াৰ ফলত তেওঁৰ স্বভাৱ সলনি হব আৰু অনিদ্ৰাৰ অৱস্হাও ভাল হব।
৫/ঘৰৰ কোনো কোঠাত শুকান ফুল ৰাখিবলৈ নিদিব।যদি সৰু ফুলদিনিটোত ৰখা ফুলবোৰ শুকাই যায়।তেন্তে নতুন ফুল ৰোপণ কৰি শুকান ফুলবোৰ আঁতৰাই বাহিৰলৈ পেলায় দিব লাগে।(সংগ্ৰহিত)।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment