মাঘৰ গুপ্ত নৱৰাত্ৰিত দেৱী আৰাধনা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, February 3, 2022

মাঘৰ গুপ্ত নৱৰাত্ৰিত দেৱী আৰাধনা : Religious Studies

Religious Studies


সনাতন ধৰ্মত নৱৰাত্ৰিৰ এক বিশেষ মহত্ব আছে।  নৱৰাত্ৰিৰ ন দিন মা দূৰ্গাৰ বেলেগ বেলেগ ৰূপত পূজা কৰা হয়।  শৰৎ কালত আৰু  চ'তত সাধাৰণতে নৱৰাত্ৰি পতা হয় কিন্তু শাস্ত্ৰ অনুসৰি নৱৰাত্ৰি চাৰি বাৰ হয়। শাৰদীয় নৱৰাত্ৰি আৰু চৈত্ৰ নৱৰাত্ৰিৰ উপৰিও মাঘ আৰু  আহাৰ মাহতো নৱৰাত্ৰি হয়। ( Religious Studies )


মাঘ আৰু  আহাৰৰ নৱৰাত্ৰিক গুপ্ত নৱৰাত্ৰি বুলি কোৱা হয়। ইংৰাজী কেলেণ্ডাৰ অনুসৰি মাঘৰ নৱৰাত্ৰি জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত হয় আৰু আহাৰৰ নৱৰাত্ৰি জুন বা জুলাই মাহত হয়। গুপ্ত নৱৰাত্ৰি এক বিশেষ ধৰণৰ পূজা এই পূজা যিমান গোপণ ৰাখি কৰা হয় সিমানে ভাল ফল পোৱা যায়। 


গুপ্ত নৱৰাত্ৰি দশমহাবিদ্যাৰ অৰ্থাৎ দেৱীৰ দহটা ৰূপৰ পূজা কৰা হয়--- মা কালি , তাৰা দেৱী, মা ত্ৰিপুৰা সুন্দৰী, মা ভূৱনেশ্বৰী, মা ছিন্নমস্তা, মা ভৈৰৱী, মা ধূম্ৰৱতী  , মা বগলা , মা মাতঙ্গী আৰু মা কমলা দেৱী।


সনাতন ধৰ্মত মাঘ মাহটো অতি পবিত্ৰ  বুলি ধৰা হয়। যি কামেই কৰা যায় তাৰ অধিক শুভ ফল পোৱা যায়। সেয়ে মাঘ মাহৰ গুপ্ত নৱৰাত্ৰি পূজাৰ গুৰুত্ব অতি বেছি। সেয়ে যিকোনো মা দূৰ্গাৰ ভক্তই এই কেইটা দিনত মা দূৰ্গাৰ আগত দীপ , ধূপ ধূনা জ্বলাই  আৰাধনা কৰিব লাগে। ( Religious Studies )


এই কেইটা দিন নিয়মত থাকি  --


  ' ॐ दुं दुर्गायै नमः' (ওঁম দুং দূৰ্গা ঐ নমঃ) 


মন্ত্ৰ জপ কৰিলে মা দূৰ্গাৰ সুদৃষ্টি পাব পাৰে। 


এই গুপ্ত নৱৰাত্ৰি দিন কেইটাত মা দূৰ্গাৰ দহ ৰূপৰ ধ্যান সাধনা কৰিলে দুৰ্লভ শক্তি প্ৰাপ্তি হয় বাবেই অঘোৰ সকলে আৰু উচ্চ পৰ্যায়ৰ তান্ত্ৰিক সকলে কঠোৰ ব্ৰতত থাকি সাধনা কৰে। 


এইবছৰ মাঘৰ গুপ্ত নৱৰাত্ৰি ২ ফেব্ৰুৱাৰীৰ পুৱা ৭ বাজি ১০ মিনিটৰ পৰা ১০ ফেব্ৰুৱাৰী লৈকে হব ।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages