প্ৰিয় পাঠকসকল আনৰ মনৰ কথা বা আনে কি ভাবিছে সেই কথা জনাটো সম্ভৱ জানো? হয় ,১০০ শতাংশ নহয় কিন্তু অলপ সংখ্যক হ'লেও আনজনে কি ভাবিছে তাক জনা সম্ভৱ। ( Assamese Fact )
যদি আপুনিও এনে কথা শিকিব বিচাৰিছে তেতিয়া এইসমূহ কথা মন দি শুনক আৰু বুজি লওঁক আৰু আজি যিবিলাক কথা আমি আপোনালোকক কম সেইসমূহ সদায়েই অভ্যাস কৰি থাকক। তেতিয়াহে আপুনি আনৰ কথা বুজি পাবলৈ সক্ষম হ'ব আৰু অনুভৱ কৰিব পাৰিব।
অৱশ্যে এইবোৰ প্ৰয়োগৰ কথা আপোনাক বেলেগে নকয় বা আপোনাক বেলেগে কৈ নাথাকে । জ্যোতিষীসকলে এইসমূহ নিয়মৰে প্ৰয়োগ কৰি মানুহৰ মনোভাৱবোৰ জানি লয় । আপুনি যেতিয়া তেওঁলোকৰ ওচৰলৈ যায় প্ৰথমে তেওঁলোকে আপোনালোকৰ মনোভাৱ সমূহ পঢ়ি লয়।
আপুনি নিজৰ বিষয়ে তেওঁলোকক অলপ কয় আৰু তেতিয়া তেওঁলোকে আপোনালোকৰ বিষয়ে বহুত কৈ দিয়ে তেতিয়া আপুনি ভাবিবলৈ লয় যে এই জ্যোতিষীজন সঁচায়েই বৰ চমৎকাৰী।এইজনে মোৰ অতীতৰ বিষয়ে আৰু ভবিষ্যতৰ বিষয়ে বহু কথায়েই জানে।
কিন্তু এইটো বাস্তৱিকতা নহয় বা কোনো চমৎকাৰো নহয় । এইটো মাত্ৰ অভ্যাসৰ কথা ,যিটো তেওঁ কৰিছে আৰু তাৰ পৰাই তেওঁ আপোনাৰ মনৰ কথাবোৰ জানি লয়। এতিয়া তেওঁতো আপোনাক এইবোৰ কথা ক'ব নোৱাৰে কিয়নো তেওঁৰ ঘৰ আৰু ব্যৱসায় ইয়াৰ পৰায়েই চলে। আহক আমি জানো ইয়াক কিদৰে কৰা হয়।
প্ৰথম কথা আপুনি যদি কাৰোবাৰ মনৰ কথা জানিব বিচাৰিছে তেতিয়া তাৰ কাৰণে আপোনাৰ মনতো শান্ত হোৱা অতি প্ৰয়োজন । অলপ ধ্যান দি কথাবোৰ শুনক , তেতিয়াহে আপুনি ইয়াৰ প্ৰয়োগসমূহ ভালকৈ কৰিব পাৰিব।
মই আপোনালোকক এটা কাহিনী শুনাম।এজন জৈন ফকীৰ আছিল তেওঁৰ নাম জৰ্জ গোৰজিয়েফ্। তেওঁৰ ওচৰত যিজনেই শিক্ষা লবলৈ আহিছিল তেওঁ তেওঁলোকক শিকাইছিলে যে তুমি শব্দৰে নহয় মনৰ ভাবৰ দ্বাৰা কথা বুজিবলৈ যত্ন কৰা। ইয়াক টেলিপেথি বুলিও কোৱা হয়। যি একো নোকোৱাকৈয়ে ইজনে আনজনৰ লগত কথা পাতি লয়। আপোনালোকে অনুভৱ কৰিছেনে যে আপোনালোকে কাৰোবাৰ কথা ভাবিছে আৰু তেওঁ অকস্মাতে আপোনাৰ ওচৰত থিয় দিছে বা তেওঁৰ ফোন আহি গৈছে, ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ মনৰ কথা তেওঁৰ ওচৰ পাই যায় আৰু তেওঁৰ মনৰ কথা আপোনাৰ ওচৰ পাই যায়।
জৈন ফকীৰজনে তেওঁৰ শিষ্যসকলক এটা প্ৰয়োগ শিকাইছিলে যে তুমি নিজকে এটা কোঠাত বন্ধ কৰি ৰাখা আৰু এটা শব্দয়ো নকবা কাৰো লগত একো কথা নাপাতিবা। প্ৰথমে তুমি নিজৰ বাণীক শান্ত কৰা আৰু যেতিয়া বাণী শান্ত হ'ব তোমাৰ মন শান্ত হ'ব। আমাৰ বাণীয়েই আমাৰ বিচাৰক শব্দ দিয়ে ,মাত দিয়ে। প্ৰথমে বাণীত শান্তি আহিব তাৰ পাছত বিচাৰত শান্তি আহিব আৰু যেতিয়া সেই শিষ্যসকলকৰ মন এই প্ৰয়োগ সমূহৰ দ্বাৰা শান্ত হৈ যায় তেতিয়া গুৰুৱে মনত এটা শব্দ কয় যেনে-গোলাপৰ ফুল আৰু শিষ্যসকলে যেতিয়ালৈকে এই শব্দটো শুনি নাপাইছিল তেওঁ শিষ্যসকলক এই প্ৰয়োগতো সদায়েই কৰাইছিল।
তেওঁ কোনো এটা শব্দকে মনত কৈ গৈছিলে আৰু শিষ্যসকলে শুনিবলৈ সক্ষম হৈছিল মুখেৰে কোনো উচ্চাৰণ নকৰাকৈয়ে। আপোনালোকে ভাবিছে চাগে এইবোৰ অদৰকাৰী কথা কিন্তু এইবোৰ একদম সঁচা কথা। এইবোৰ চাইনটিফিক্ কথা, বহুতে ইয়াৰ ওপৰত প্ৰয়োগ কৰিছে। আপোনালোকে দেখিছে মনোবৈজ্ঞানিক সকলে মানুহৰ অংগী ভংগীৰ দ্বাৰা কথা শুনিয়েই তেওঁলোকৰ মনৰ কথা পঢ়ি লয় আৰু তেওঁলোকৰ আগত মানুহে সকলো কথা উদঙাই দিয়ে।
তেওঁলোকে ভাবে যে এওঁ আমাৰ মনৰ সকলো কথা বুজি পায় ,আমাৰ মনৰ কথাবোৰ পঢ়ি লয়। যিসকল মনোবৈজ্ঞানিকৰ ওচৰলৈ যায় , তেওঁলোকে ভাবে যে এই মনোবৈজ্ঞানিকজনৰ ওচৰত কিবা চমৎকাৰী শক্তি আছে। তেওঁৰ কোনো চমৎকাৰী শক্তি নাই, তেওঁ নিজৰ মনতো শান্ত কৰি মাত্ৰ নিজৰ বিচাৰক আৰু শক্তিক আপোনাৰ লগত সংযোগ কৰি লয়। আপোনাৰ যি অংগী ভংগী তাক তেওঁ বুজি লয়।
চিধা আৰু সৰল সূত্ৰ ,যেতিয়ালৈকে আপুনি কথা কৈ যায় ওচৰত বহি থকা জনে মাত্ৰ শুনি যায় আৰু আপুনি যেতিয়া কোৱা বন্ধ কৰে তেতিয়াহে তেওঁ ক'বলৈ আৰম্ভ কৰে । যদি আপোনালোক দুয়োজনে একেলগে কৈয়েই থাকে তেতিয়া কোনেয়ো একো বুজিব নোৱাৰে। সেইদৰে যদি আপোনাৰ মনতো শান্ত হৈ থাকে তেতিয়া আপুনি বেলেগৰ মনতো পঢ়িবলৈ সক্ষম হয়। মনটো চুপ থকাৰ অৰ্থ হ'ল নিজৰ বিচাৰ আৰু কল্পনাৰ পৰা শান্ত হৈ যোৱা। ইয়াকে চিত্ত শান্ত হৈ যোৱা বুলি কোৱা হয়। ( Assamese Fact )
কোৱা হয় এই মনৰ শক্তিৰ বলতেই যোগীসকলে পৰুৱাৰ ভৰিত পিন্ধা পায়েলৰো শব্দ শুনি লয়। তেতিয়াতো মানুহৰ মনতটো সংসাৰৰ হুলস্থূল সোমাই আছে, তেতিয়া আপুনি কিয় নুশুনিব। কিন্তু তাৰ কাৰণে আপোনাক এটা কথা কওঁ, যিসকল লোকৰ মন বৰ চঞ্চল হৈ থাকে বৰ দৌৰি ফুৰে তেওঁলোকে নিজৰ মনৰ কথাবোৰকে বুজি নাপায় আৰু তেওঁলোকে আনৰ মনৰ কথা কি বুজি পাব।
মই এটা কাহিনী শুনিছিলো, এজন ফকীৰ আছিল ,তেওঁৰ নাম আছিল লাওচো। তেওঁ এজন শিষ্যৰ লগত সদায় খোজ কাঢ়িবলৈ যায়। এদিন তেওঁৰ শিষ্যজনে তেওঁৰ এজন মিত্ৰকো লৈ আহিল মৰনিংগ ওৱাক কৰিবলৈ। তেওঁলোক এইদৰে খোজকাঢ়ি বহু দূৰ গৈ থাকিল কোনেও একো শব্দ নকৰিলে । তেওঁৰ শিষ্যৰ যিজন মিত্ৰ আছিলে সি বৰ আচৰিত হ'ল যে তেওঁলোকে কোনেও কিয় একো কোৱা নাই, ইমান দেৰিৰ পৰা তেওঁলোক কিয় চুপচাপ আছে ,ময়েই কথা আৰম্ভ কৰোঁ আৰু বহু সময় যোৱাৰ পাছত সি মাত্ৰ ইমানেই ক'লে কিমান সুন্দৰ ৰাতিপুৱা ,কিমান ভাল বতৰ। যেতিয়া শিষ্য জনৰ মিত্ৰজনে এই কথা ক'লে লাওচোৱে ক'লে কাইলৈৰ পৰা তুমি তোমাৰ মিত্ৰক মোৰ ওচৰলৈ একদম নানিবা কাৰণ ই বৰ হুলস্থূল কৰে।
শিষ্যজন আচৰিত হ'ল যে সিটো মাত্ৰ ইমানেই কৈছিলে যে কিমান ভাল ৰাতিপুৱা,বতৰ কিমান ভাল ইয়াত সি কি হুলস্থূল কৰি দিলে। গুৰুৱে ক'লে মোৰ মন এতিয়া একদম শান্ত হৈ গৈছে , এতিয়া অলপ শব্দয়ে মোৰ হুলস্থূল যেন লগা হৈছে। ৰাতিপুৱা ভাল যদি ভাল, বতৰ ভাল যদি ভাল,মইয়ো দেখি আছো,তুমিও দেখি আছা , তেতিয়া মিছাতে এই কথা কোৱাৰ কি প্ৰয়োজন। মোৰ মনত এতিয়া ইমান শান্তি ভৰি গ'ল যে এই ব্যথ কথাবোৰে মোক অশান্তি দিয়ে। কাৰণ মই একো নোকোৱাকৈয়ে সকলো শুনিব পাৰোঁ,একো নোকোৱাকৈয়ে সকলো ক'ব পাৰোঁ। তেতিয়া কৈ আৰু শুনি নিজৰ শক্তি কিয় ব্যথ কৰোঁ।
যেতিয়া মই সকলো নোকোৱাকৈয়ে জানো তেতিয়া মোক শব্দৰ কি প্ৰয়োজন।যদি আপুনিও বিচাৰিছে যে আপুনিও আনৰ মনৰ কথা বুজিব পাৰে ,তেতিয়া আপুনি দিনত এটা সময় নিশ্চিত কৰক যে এই সময়ৰ পৰা এই সময়লৈকে আপুনি একো নকয় সেই সময়ত আপুনি এক আসনত বহক আৰু মনৰ গভীৰতালৈ গৈ চাওঁক যে তাত কি চলি আছে । আপুনি কোনো প্ৰতিক্ৰিয়া নিদিব, মাত্ৰ চাই যাব আপোনাৰ মন নিজে নিজেই শান্ত হৈ যাব।
ইয়াকে মহাত্মা বৌদ্ধয়ে আনাপান সতি যোগ বুলি কৈছে। ইয়াত আপোনাৰ সম্পূৰ্ণ ধ্যান আপোনাৰ উশাহৰ ওপৰতে থাকে আৰু মনত পূৰ্ণতা শান্তি আহি পৰে আৰু যেতিয়া এনেকুৱা হয় আপুনি আপোনাৰ আশে-পাশে থকা মানুহৰ মনৰ কথা গভীৰভাৱে শুনিব আৰু বুজিব পাৰে। শান্ত চিত্ত মানুহে একো নোকোৱাকৈয়ে ওচৰৰ মানুহৰ কথা শুনিব আৰু বুজিব পাৰে। মানুহে কোৱা মিছা কথাত তেওঁ কেতিয়াও নফচে।
শান্ত চিত্তৰ মানুহে সেই সকলো শুনিব পাৰে যি সাধাৰণ মানুহ এজনে শুনিব নোৱাৰে। যদি আপুনিও মানুহৰ মনৰ কথা পঢ়িব বিচাৰিছে , তেওঁলোকৰ মনত চলি থকা ভাবনাক অনুভৱ কৰিব বিচাৰিছে তেতিয়া আপুনি তাৰ বাবে নিজৰ মনক শান্ত কৰাৰ অভ্যাস কৰক আৰু যেতিয়া আপোনাৰ মন শান্ত হৈ যাব তেতিয়া লাহে লাহে মানুহৰ মনৰ গভীৰতালৈ যোৱাৰ চেষ্টা কৰক তেওঁলোকৰ অংগী ভংগী বুজাৰ চেষ্টা কৰক,তেওঁৰ শব্দৰ ওপৰত নহয় মনক গভীৰভাৱে বুজাৰ চেষ্টা কৰক।
আনৰ মনৰ কথা জানি লোৱা ইয়াত একো ডাঙৰ কথা নহয় কিন্তু চৰ্ত এইটো যে আপুনি এইটো অভ্যাস নিৰন্তৰ কৰিব লাগিব ।যিদিনা আপোনাৰ অভ্যাসে সিদ্ধি লাভ কৰিব আপুনি একো নোহোৱাকৈয়ে মানুহৰ মনৰ সকলো কথা ভালকৈ শুনিব পাৰিব। আপুনি এইটো কথা ভাবিছে যে আনৰ মনৰ কথা জানি আমাৰ কি লাভ হ'ব। কিন্তু মই আপোনাক কৈছো যে ইয়াৰ লাভ আপুনি জীৱনৰ প্ৰত্যেক ক্ষেত্ৰতে লাভ কৰিব ।লাগিলে সেইয়া আপোনাৰ সমন্ধ হওঁক, আপোনাৰ ক্লাইনট হওঁক বা ইন্টাভিওয়েই হওঁক।
জীৱনত যি মূহুৰ্ততে হওঁক আপুনি সফলতা লাভ কৰিব পাৰিব। ইয়াৰ বহুত লাভ, ইয়াৰ পৰা কোনেও আপোনাক ঠগিব নোৱাৰিব আৰু কোনেও আপোনাক ব্যৱহাৰ কৰিব নোৱাৰিব। আপুনি সকলো ধৰণৰ ভাবনাত্মক দুখ পোৱাৰ পৰা বাছি যাব। কোনোৱে আপোনাৰ টকা লুটিব নোৱাৰিব।
এই প্ৰয়োগসমূহত এদিনতে সিদ্ধি লাভ কৰিব নোৱাৰে, বহুত দিনটো নহয়, মাত্ৰ কেইমাহমানৰ অভ্যাসৰ দ্বাৰায়েই আপুনি সোনকালেই সকলো মানুহৰ মনৰ কথা জানিবলৈ সক্ষম হৈ উঠিব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment