আগৰ জন্মৰ কথাক লৈ মগজুত বহুত কথা বা প্ৰশ্ন চলিবলৈ ধৰে। কাৰণ এই বিষয়টোৱে তেনেকুৱা। ( Assamese Fact )
পৃথিৱীত হিন্দু ধৰ্মৰ গ্ৰন্থসমূহত এই সম্পৰ্কে বিস্তাৰিতভাৱে পোৱা যায়।সনাতন ধৰ্মত সম্পৰ্কবোৰ আগৰ জন্মৰ সম্পৰ্কৰ লগত জড়িত বুলি কোৱা হয়।
আজি আমি ক'বলৈ উলাইছোঁ সেই সম্পৰ্কটোৰ বিষয়ে য'ত বান্ধ খোৱাৰ পাছত মানুহৰ দায়িত্ব বাঢ়ি যায়। নতুন জীৱনৰ আৰম্ভণি হয় আৰু সেই সম্পৰ্কটোৱেই হ'ল পত্নী আৰু স্বামীৰ সম্পৰ্ক।
মানুহে কয় জোৰা ভগৱানে বনাই পঠিয়াই । এতিয়া জানো আহঁক এই কথাটো সঁচা নে মিছা।পত্নী আৰু স্বামীৰ প্ৰেম আৰু আগৰ জন্মৰ সম্পৰ্ক বিষয়ে বুজিবলৈ সকলোতকৈ ডাঙৰ উদাহৰণ মহাদেৱৰ ল'ব পাৰি।
হিন্দু ধৰ্মৰ শাস্ত্ৰৰ অনুসৰি ভগৱান শিৱয়ে তেওঁৰ পত্নীক বহুত মৰম বা প্ৰেম কৰিছিল। সেইদৰে মা সতীয়ে ভগৱান শিৱক ইমান ভাল পাইছিল যে তেওঁ ভগৱান শিৱৰ অপমান সহ্য কৰিব নোৱাৰি নিজৰ দেউতাকৰ যজ্ঞতে প্ৰাণ ত্যাগ কৰিছিল।
সেইয়া প্ৰেমেই আছিল ।যাৰ ফলত সতীয়ে পিছৰ জন্মত আকৌ ভগৱান শিৱক লগ পালে আৰু তেওঁলোকৰ বিবাহ হ'ল।
পাৰ্বতী ৰূপে তেওঁ শিৱক পালে। ইয়াৰ পৰা এইটো জানিব পাৰি যে আগৰ জন্মত পত্নী আৰু স্বামীৰ মাজত কিবা নহয় কিবা সম্পৰ্ক থাকে। বিবাহ পত্নী আৰু স্বামীৰ মাজৰ এনেকুৱা এটা সম্পৰ্ক যিটো কোনো পৰিস্থিতিতে ভাঙিব পৰা নাযায়।
অগ্নি আৰু ধ্ৰুব তৰাক সাক্ষী কৰি সাত পাক ঘূৰি যি পবিত্ৰ সম্পৰ্ক স্থাপন কৰা হয় ।তাকে বিবাহ বুলি কোৱা হয়।
বিবাহ বিশ্বাসৰ এনাজৰীৰ সহায় সম্ভৱ হৈ উঠে আৰু এই বিশ্বাসেই গোটেই জীৱন বিবাহৰ সম্পৰ্ক বজাই ৰাখে।যিয়ে বিবাহৰ মহত্ব বুজি নাপায় তাৰ কাৰণে বিবাহ এক সংস্কাৰ বা নিয়মহে। ( Assamese Fact )
কিন্তু ধাৰ্মিক মান্যতা অনুসৰি বিবাহৰ বহুত মহত্ব আছে। হিন্দু ধৰ্মত ব্ৰহ্ম বিবাহক বহুত উত্তম বুলি ধৰা হয়। কাৰণ ব্ৰহ্ম বিবাহত প্ৰেম, বিশ্বাস, সমৰ্পণ,আপোন ভাব, সন্মান আৰু সম্পৰ্কক মহত্ব দিয়া হয়।
ডাঙৰৰ আশীৰ্বাদত ব্ৰহ্ম বিবাহত পত্নী আৰু স্বামীয়ে প্ৰেমেৰে জীৱন নিৰ্বাহ কৰে।সকলো বচন মনত ৰাখি তেওঁলোকে বিবাহিত জীৱন ভালকৈ চলাই নিয়ে।
বিয়াৰ সময়ত লোৱা সাতটা বচনে পত্নী আৰু স্বামীক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে অৱগত কৰায়।চাৰিটা বচন দৰাই দিয়ে আৰু তিনিটা বচন কন্যায়ে।
যেতিয়া ইটোৰ সিটোৰ প্ৰতি প্ৰেম ভাৱৰ উৎপন্ন হয় আৰু আসক্তি বাঢ়ি যায়। তেতিয়া কোৱা হয় যে এই সম্পৰ্ক এই জন্মত কি পিছৰ জন্মটো ভাঙি নাযায়।
সেই প্ৰেমৰ ফলতেই তেওঁলোকে আকৌ পিছৰ জন্মটো লগ হয়। পত্নী আৰু স্বামীয়ে যেতিয়া ইটোৱে সিটোক বহুত ভাল পায় তেতিয়া কিবা নহয় কিবা প্ৰকাৰে তেওঁলোকে পাছৰ জন্মটো লগ হয়।
কোৱা হয় যেনেকুৱা কৰ্ম তেনেকুৱা গতি আৰু যেনেকুৱা গতি ,তেনেকুৱা জন্ম।যেতিয়া দুজন ব্যক্তিৰ মাজত বহুত মৰম আৰু স্নেহ আটুত হৈ পৰে, তেতিয়া তেওঁলোক সদায় কাৰণে এক হৈ পৰে।
যদি আপোনাৰ পত্নী আপোনাৰ আগৰ জন্মটো সংগী আছিল, তেতিয়া আপোনাৰ প্ৰতি তেওঁৰ মৰম,প্ৰেম , সন্মান আৰু আত্মীয় ভাব বহুত থাকিব।
আপোনালোকে দেখিছে চাগে কিছুমান মানুহে প্ৰথমবাৰতেই কাৰোবাক দেখি মৰম আৰু ভাল পাবলৈ ধৰে আৰু কিছুমানক দেখিলে ঘৃণা।
কেতিয়াবা শাৰীৰিক সুন্দৰতাৰ বাবেও মানুহ আকৰ্ষিত হয়।যদি কোনোবা সম্পৰ্ক বহুত দিন থাকে আৰু পাছত গৈ এটা নতুন সম্পৰ্কৰ ৰূপ লয়। তেতিয়া এইবোৰ আগৰ জন্মৰ ফলতেই হয়।
বহুবাৰ এনেকুৱা দেখা যায় যে বেলেগ বেলেগ সংস্কৃতিৰ বেলেগ বেলেগ দুজন মানুহৰ মাজত বহুত প্ৰেম বা ভাল পোৱা গঢ়ি উঠে আৰু তাৰ পাছত বিয়া হৈ যায়। তেওঁলোকে জীৱনত সফলো হয়।
যেতিয়া এনেকুৱা হয় তেতিয়া আগৰ জন্মৰ কথা নহয় বুলি ক'ব নোৱাৰি। আমাৰ মাজৰ বহুত মানুহে জ্যোতিষ শাস্ত্ৰত বহুত বিশ্বাস কৰে। যেতিয়া এটা শিশুৰ জন্ম হয় ,সি বিভিন্ন ধৰণৰ গুণেৰে ভৰপূৰ হৈ আহে আৰু সি আগৰ জন্মৰো কিছুমান গুণ লগত লৈ জন্ম হয়।
সেই কাৰণে বিয়াত শুৱনি মিলোৱা হয় আৰু চোৱা হয় ইটোৰ লগত সিটোৰ কিমান গুণ মিলে। কোৱা হয় পত্নী আৰু স্বামীৰ সম্পৰ্কত এই গুণবোৰে বহুত প্ৰভাৱ পেলায়।
বিবাহৰ সময়ত লোৱা বচনৰ ফলতেই কাজিয়া বা মতভেদ হ'লেও, কেতিয়াবা সেইবোৰ মনত পেলাই পত্নী আৰু স্বামীৰ মাজত আকৌ প্ৰেম বাঢ়ি যায়।
আপোনালোকে ও যদি ভাবে আপোনাৰ জীৱন সংগীৰ লগত এই জন্মতেই নহয় বহুত জন্মৰ পৰা সম্পৰ্ক আছে তেতিয়া এইটো সঁচা হ'ব পাৰে আৰু এনেকুৱা কথা কিছুমান সঁচাও হয়।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment