প্ৰথম লকডাউনৰ আগত মাহে দৰমহা পাইছিল ৪০-৫০ হাজাৰ টকা। কোৰোনা বিধ্বস্ত অৰ্থনীতিত চাকৰি হেৰুৱাইছিল ৩৮ বছৰীয়া হোটেল মেনেজমেণ্টৰ ডিগ্ৰীধাৰী ব্যক্তিজনে।( Assamese Viral Post )
উপায়হীন হৈ পৰিয়াল চলাবলৈ জমেট' ডেলিভাৰী বয় হিচাপে কাম কৰি কোনোমতে মাহে ৮-১০ হাজাৰ টকা ঘৰখনলৈ আনি আছিল। কোৰোনাৰ দ্বিতীয় ঢৌত পিতাকক হেৰুৱাইছিল। ঘৰত মাক, পত্নী, দহ বছৰীয়া পুত্ৰৰ বাবে মানুহজনেই আছিল একমাত্ৰ উপার্জনকৰোতা। ( Assamese Viral Post )
কিছু দিনৰ পূৰ্বে নিশা জমেট'ৰ খাদ্য পেকেট বিলাবলৈ যোৱাৰ সময়ত দিল্লী পুলিচৰ সুৰাসক্ত কনিষ্টবলে মহতিয়াই মানুহজনক পৃথিৱীৰ পৰাই বিদায় দিলে। লকডাউন বিধ্বস্ত দেশৰ সংস্থাপনহীনতা, অবৰ্ণনীয় দুৰ্দশাত ভোগা অসংখ্য নিম্ন মধ্যবিত্তীয়/ মধ্যবিত্তীয় পৰিয়ালৰ নিৰ্মম ছবিখন দিল্লীৰ সলীল ত্ৰিপাঠীয়ে তুলি ধৰি থৈ গ'ল। ( Assamese Viral Post )
উৎস: দ্য ইণ্ডিয়ান এক্সপ্ৰেছ
No comments:
Post a Comment