কাহ কিয় হয় আৰু কেনেদৰে এই কাহৰ পৰা পৰিত্ৰান পাব : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, February 3, 2022

কাহ কিয় হয় আৰু কেনেদৰে এই কাহৰ পৰা পৰিত্ৰান পাব : Assamese Health Tips

Assamese Health Tips


কাহৰ অভিজ্ঞতা নথকা মানুহ পৃথিৱীত বিৰল। কাহ কিন্তু এবিধ ৰোগ নহয়। কাহ এবিধ মানৱ শৰীৰৰ সুৰক্ষাৰ লগত জড়িত প্ৰতিৰোধক ব্যৱস্থাহে (Defensive mechanism)।কাহে  মানুহক কেৱল অস্বস্তিত পেলোৱাই নহয়, কাহে কৰ্মক্ষতিও কৰাব পাৰে। ( Assamese Health Tips )


গতিকে কাহ আৰম্ভ হোৱাৰ লগে লগেই উপযুক্ত চিকিৎসা ব্যৱস্থা কৰি ইয়াক জটিল ৰূপ ধাৰণ কৰিবলৈ দিব নালাগে। কাহ আৰম্ভ হোৱাৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি কাহক একিউট (৩ সপ্তাহ পৰ্যন্ত), চাব একিউট (৮ সপ্তাহ পৰ্যন্ত) আৰু ক্ৰনিক (৮ সপ্তাহৰ বেছি) পৰ্যায়ত বুলি ধাৰ্য কৰা হয়। সাধাৰণতে কাহে শ্বাস প্ৰণালীৰ বাহিৰে আন শাৰীৰিক বিজুটি বা অৱস্থায়ো কাহ উৎপন্ন কৰিব পাৰে।

 বজাৰত নানাবিধ বিজ্ঞাপনৰ যিমানবোৰহে (শ শ বিধ) কাহৰ দৰব উপলব্ধ। সাধাৰণ মানুহৰ ধাৰণা হ’ব কাহৰ চিকিৎসা তেনেই উজু। কিন্তু দৰাচলতে সেইটো সত্য নহয়। কাহৰ দৰবসমূহক ঘাইকৈ দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি। শুকান কাহ বন্ধ কৰিবলৈ হোৱা এণ্টিটাচিভ (Antitussive) আৰু আন বিধ কফ বা খেকাৰ ওলোৱাবলৈ ব্যৱহাৰ হোৱা এক্সপেক্টটৰেণ্ট (Exectorant)।

 অধিকাংশ একিউট কাহৰ লগত সাধাৰণতে পানী লগা জড়িত থাকে। ভাইৰাছে কৰা পানীলগা জ্বৰৰ উপৰি শ্বাস প্ৰণালীৰ যিকোনো অংশৰ বেক্টেৰিয়েল সংক্ৰমণৰ ফলত একিউট কাহ হ’ব পাৰে। ছাইনাচৰ অসুখ, টনচিলৰ অসুখ, ফেৰিন্সৰ অসুখ, লেৰিন্সৰ অসুখ, ব্ৰংকাইটিছ, নিউম’নিয়া আদিয়ে একিউট কাঁহ কৰিব পাৰে। কিন্তু কেতিয়াবা এনে কাঁহ অতি গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে যেনে পাল্মোনেৰী এম্বলিজম বা কনজেষ্টিভ হাৰ্ট ফেইলাৰ। চিকিৎসাৰ ক্ষেত্ৰত পানীলগাৰ বাবে এণ্টি এলাৰ্জীক আৰু নেজেল-ডিকনজেষ্টেণ্ট ঔষধেই যথেষ্ট কিন্তু আন আন কাৰণত কাঁহ হ’লে চিকিৎসকে যথেষ্ট মনোযোগেৰে ৰোগী পৰীক্ষা কৰিহে উপযুক্ত প্ৰতিবিধান দিব পাৰে। সাধাৰণতে বহু ক্ষেত্ৰত দেখা যায় একিউট কাহৰ নিজে নিজে উপশম ঘটে।

 চাব একিউট কাহ সাধাৰণতে শ্বাস প্ৰণালীৰ নানাবিধ সংক্ৰমণৰ ফলত হয়। হুপিং কাহৰ (Bordetella pertussis) সন্দেহ হ’লে থ্ৰট স্বাৱ কালচাৰ কৰি নিশ্চিত হ’ব পাৰে। উপযুক্ত এণ্টিবায়’টিকৰ উপৰি ৰোগীক কমেও ৫ দিন পৃথকে ৰাখিব লাগে।

 ক্ৰনিক কাহৰ সাধাৰণতে একাধিক কাৰণ থাকে। ৰোগীৰ বিতং তথ্য (হিষ্ট্ৰী) লৈ পুংখানুপুংখকৈ ৰোগীক শাৰীৰিক পৰীক্ষা কৰি যাৱতীয় অনুসন্ধান (লেব, এক্স-ৰে’ চি.টি. স্কেন, এম.আৰ.আই.) প্ৰয়োজন অনুসৰি কাহৰ কাৰণ ভালদৰে নিশ্চিত কৰিব লাগে। কোনো বীজাণুৰ সংক্ৰমণ নোহোৱাকৈও (Non-infective) কাহ হ’ব পাৰে। উদাহৰণ হ’ল হাঁপানী, গেষ্ট্ৰ-ইচোফেজিয়েল-ৰিফাস্ক ডিজিজ, এলাৰ্জী, ফৰেইন বডী আদিৰ ফলত হোৱা কাহ। আকৌ কিছুমান মানুহৰ অভ্যাসৰ ফলটো ক্ৰনিক কাহ হোৱা পৰিলক্ষিত হয়।( Assamese Health Tips )

 এতিয়া কাৰণ অনুসৰি কিছুমান কাহৰ নাম উল্লেখ কৰিম-

 ১) প’ষ্ট ভাইৰেল কাঁহ- য’ত ৯০ শতাংশ হ’ল নন্ বেক্টেৰিয়েল।

 ২) হাঁপানী বা ব্ৰংকিয়েল এজমা

 ৩) গেষ্ট্ৰাইটিছ জাতীয় অসুখৰ ফলত হোৱা কাহ

 ৪) বক্ষৰ সংক্ৰমণ- ব্ৰংকাইটিছ, নিউম’নিয়া আদি

 ৫) হুপিং কাহ- অতি সংক্ৰমণশীল, শিশুৰ বাহিৰে আনকি ডাঙৰো আক্ৰান্ত হ’ব পাৰে।

 ৬) টি.বি. বা যক্ষ্মাৰোগ

 ৭) ধূম্ৰপানে কৰা কাহ

 ৮) হাঁওফাঁওৰ কেঞ্চাৰ

 ৯) হৃদৰোগে কৰা কাহ যেনে কনজেষ্টিভ হাৰ্ট ফেইলাৰ

 ১০) ঔষধে উৎপন্ন কৰা কাহ- যেনে এ.চি.ই. ইনহিবিটৰ ড্ৰাগে কৰা কাহ

 ১১) ক্ৰনিক অবচষ্ট্ৰাকটিভ পাল্মোনেৰী ডিজিজ 

 ১২) কৰ্মস্থলীত প্ৰদূষিত বায়ু, বিষাক্ত গেছ, ধূলি-বালিয়ে কৰা কাঁহ

 ১৩) শ্বাস প্ৰণালীত যিকোনো ফৰেইন বডীয়ে কৰা কাহ

 ১৪) পাল্মোনেৰী এম্বলিজম।


কাহৰ চিকিৎসা-  সকলো ধৰণৰ কাহতে প্ৰযোজ্য কিছুমান প্ৰয়োজনীয় কথা- 

খাওঁতে কুহুমীয়া গৰম পানীৰ ব্যৱহাৰ কৰিব লাগে। পানী সদায় প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰিব লাগে- যাতে কোনো কাৰণতে নিজলীকৰণ (ডিহাইড্ৰেচন) নহয়। ডিঙি নিমখ মিহলোৱা গৰম পানীৰে দিনে ৩-৪ বাৰ কুলকুলি কৰিব লাগে। ডিঙি আৰু কাণত ফেন বা এচিৰ ঠাণ্ডা বতাহ লাগিব দিব নালাগে। মৌজোল-নেমু-কুহুমীয়া গৰম পানী দিনে ২-৩ বাৰ খোৱাটো ভাল। আদা, তুলসী ৰস আৰু মৌজোলৰ সংমিশ্ৰণো কাহৰ অসমীয়া থলুৱা চিকিৎসাত পৰে। গাৰু ওখকৈ ল’লে কাহ কমকৈ আহিব। মেন্থল মিহলোৱা উতলা পানীৰ ভাপ দিনে ২-৩ বাৰ ল’লে কাহৰ উফশম ঘটিব আৰু কফ বাহিৰলৈ ওলোৱাত সহায়ক হ’ব।

 যদি কাহ দিনকদিনে বাঢ়ি গৈছে, কাহোতে খেকাৰ লগত তেজ ওলাইছে, শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰিছে আৰু বিলম্ব নকৰি চিকিৎসকৰ পৰামৰ্শ লওঁক। ব্লাড প্ৰেছাৰ বা হৃদৰোগৰ বাবে যদি কিবা দৰব খাই আছে, সেইয়া চিকিৎসকক অৱগত কৰাওক আৰু তেওঁৰ অনুমতি নোহোৱাকৈ কোনো দৰব নাখাব। আপোনাৰ চিকিৎসকে যাৱতীয় পৰীক্ষা কৰি দিয়া ঔষধ সঠিকভাৱে ব্যৱহাৰ কৰি নিজকে আৰোগ্যৰ পথলৈ আনক। এলাৰ্জী জাতীয় কাঁহৰ নিৰাময়ৰ বাবে ‘হিষ্টাগ্ল’বিন’ ভেকচিনৰ কোৰ্ছ চিকিৎসকৰ পৰামৰ্শ অনুসৰি লৈ উপকৃত হ’ব পাৰে। অভিভাৱকসকলে মনোযোগ দিব লাগে যাতে শিশুসকলে সকলো নিয়মীয়া ভেকচিন সময়মতে লৈ হুপিং কাঁহ আৰু আন মাৰাত্মক ৰোগৰ পৰা সুৰক্ষিত থাকে যেন। যিকোনো কাঁহ হোৱা লোকেই ধূম্ৰপান সমূলি বাদ দিয়ক।( Assamese Health Tips )


উৎস : Madicity Guwahati Diagnostic



  

No comments:

Post a Comment

Advertisement

Pages