আমি মানু্হ হৈ সেই সকল মানুহক দেখি আকৰ্ষিত হওঁ যিসকল দেখিবলৈ ভাল বা ধুনীয়া বা মনোমোহা। ( Assamese Health Tips )
কেতিয়াবা তেওঁলোকৰ কিছুমান অভ্যাস বা স্বভাৱ আমাৰ ভাল লাগে। সুন্দৰতাক বহুত প্ৰকাৰে মাপ কৰা হয়।ওখ হোৱাতোও তাৰ ভিতৰতে এটা। ল'ৰা হওঁক বা ছোৱালী সকলোৱে ওখ হোৱাতো বিচৰে।
ওখয়ে আপোনালোকৰ ব্যক্তিত্বক মনোমোহা কৰি তোলে। ভাল উচ্চতা পাবলৈ বা ওখ হ'বলৈ সকলোৱে উৎচ্চুকতাৰে বাট চাই থাকে।এটা মিলা বা সমসমান উচ্চতা বা ওখ হ'লে মানুহৰ আত্মবিশ্বাস বাঢ়ে।
ভাৰতৰ মহিলা সকলৰ উচ্চতা প্ৰায় ৫ ফুট আৰু পুৰুষসকলৰ ৫ ফুট ৫ ইঞ্চি বুলি ধৰা হয়। কোৱা হয় যে পুৰুষৰ উচ্চতা ২৫ বছৰৰ লৈকে বাঢ়ে আৰু মহিলা সকলৰ উচ্চতা ২১ বছৰৰ লৈকে বাঢ়ে।আচলতে শৰীৰৰ বৃদ্ধি লগতে মানুহৰ উচ্চতাও বাঢ়ি গৈ থাকে।
কিছুমান এনেকুৱা মানুহ আছে যাৰ উচ্চতা বহুত ভাল। কিন্তু বহুত মানুহে বহুত চেষ্টা কৰে যে তেওঁলোকে নিজৰ উচ্চতা যাতে অলপ হ'লেও বা এক ইঞ্চি হ'লেও বঢ়াব পাৰে। সেই কাৰণে বহুত মানুহে উচ্চতা বঢ়াবৰ বাবে বিভিন্ন ধৰণৰ উপায় বিচাৰি থাকে। কেতিয়াবা কেতিয়াবাটো বিভিন্ন ধৰণৰ দৰৱো খাই। যিবোৰ শৰীৰৰ কাৰণে হানিকাৰক হ'ব পাৰে।
কিন্তু এই সমস্যাটোৰ সমাধান বহুত সৰু বা সাধাৰণ যিটো আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ।যদি আপোনালোকে নিজৰ উচ্চতা বঢ়াব বিচাৰে বা নিজৰ চিনাকি কোনোবা ব্যক্তিৰ বঢ়াব বিচাৰে তেতিয়া এই উপায়টো জনা বহুত জৰুৰী। উচ্চতা কম হোৱাৰ ফলত মানুহে কি কি সমস্যা সন্মুখীন হয় জানো আহঁক।
আজিকালি ব্যক্তিসকলে ভাবে যে তেওঁলোকৰ উচ্চতায়ে তেওঁৰ personality বহুত উজ্জ্বল কৰি তোলে। উচ্চতা যদি শৰীৰটোৰ লগত মিলি থাকে ,সি শৰীৰৰ বিভিন্ন দূৰ্বলতাকো লুকোৱাই ৰাখে।যেনে- যদি কাৰোবাৰ ওজন বেছি আৰু সি চাপৰ তেতিয়া মানুহে তাক বহুত শকত বুলি কয়। কাৰণ দেখাত তেনেকুৱা লাগে ।
আনহাতে যদি কাৰোবাৰ ওজন বেছি আৰু সি ওখ তেতিয়া মানুহে তাক বহুত শকত বুলি কেতিয়াও নাভাবে বা নকয়। তেওঁৰ personality ও বহুত সুস্থ সবল যেন লাগে। বহুত মানুহে উচ্চতা কম হোৱাৰ ফলত নিজৰ career বা নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰে। বহুবাৰ এনেকুৱা হয় যে কিছুমান মানুহে আৰ্মী বা পুলিচত ভৰ্তি হ'ব খোজে ,কিন্তু তেওঁলোকৰ উচ্চতা কম হোৱাৰ ফলত তাত বাধা আহি পৰে।
কাৰণ এইবোৰত ওখ ব্যক্তিকহে প্ৰথমতে বাচনি কৰে বা আগস্থান দিয়ে। বহুবাৰ লগৰবোৰেই উচ্চতা কম হোৱাৰ ফলত ঠাট্টা কৰে।যাৰ ফলত চাপৰ মানুহবোৰৰ মনলৈ হীন ভাবনা আহি পৰে। ছোৱালীৰ উচ্চতা কম হোৱাৰ ফলত বিয়া দেৰিকৈ হয় বা বিয়াত বাধা আহি পৰে। কাৰণ আজিকালি সকলোৱে নিজৰ উচ্চতাৰে পত্নী বিচাৰে।
এনেকুৱা বহুত সমস্যা আছে যিবোৰ উচ্চতা কম হোৱাৰ ফলত সহিব বা সহ্য কৰিব লগা হয়। এতিয়া জানো আহঁক উচ্চতা কম হোৱা বা নবঢ়াৰ কি কাৰণ আছে।
মানুহৰ শৰীৰটো জন্ম পিছৰেই পৰা লাহে লাহে বাঢ়ি গৈ থাকে আৰু এসময়ত গৈ ৰৈ যায়।তাৰ ভিতৰত এটা হ'ল আমাৰ উচ্চতা। যিটো এটা নিশ্চিত সময়ৰলৈকেহে বাঢ়ে। তাৰ পাছত ই ৰৈ যায়। আমাৰ শৰীৰৰ উচ্চতা বঢ়াত সকলোতকৈ বেছি সহায় কৰে হিউমেন গ্ৰ'উথ হ'ৰমনে।যি পিটুতেৰি গ্লেনডৰ পৰা উলাই।
যদি এই হ'ৰমন কমি যায় , তেতিয়া ই শৰীৰৰ উচ্চতাত বহুত প্ৰভাৱ পেলায়। গ্ৰ'উথ হ'ৰমন কম হোৱাৰ কাৰণ হ'ল আমাৰ বেয়া জীৱন ধাৰণ আৰু যিটি খাদ্য।যেনে- খাদ্যত পুষ্টিক তত্বৰ কম হোৱা,শৰীৰক কষ্ট নকৰা,কম বয়সতে জীমলৈ গৈ ওজন উঠোৱা, সৰুতে কিবা ডাঙৰ বা গম্ভীৰ বেমাৰত ভোগা।
এইবোৰৰ উপৰিও আৰু কিছুমান কথা আছে যিবোৰৰ ফলতো উচ্চতা নবাঢ়ে। তাৰ ভিতৰত এটা হ'ল - হেৰিডিটি । আমাৰ উচ্চতা জীনৰ ওপৰতো নিৰ্ভৰ কৰে।যদি কাৰোবাৰ বংশ বা পৰিয়ালৰ মানুহৰ উচ্চতা কম তেতিয়া তেওঁলোকৰ বা ল'ৰা ছোৱালীৰো উচ্চতা কম হয় বা হ'ব পাৰে। এইবোৰ সকলোতে নহয়। ( Assamese Health Tips )
যদি কথা হেৰিডিটিৰ হয় তেতিয়া আমি তাত একো কৰিব নোৱাৰোঁ। কিন্তু যদি কথাটো ভুল খোৱা বোৱা আৰু বেয়া জীৱন ধাৰণ বা শৈলীৰ হয় তেতিয়া আমি ভাল অভ্যাস গ্ৰহণ কৰি ,এইবোৰ সলনি কৰিব পাৰোঁ। যাৰ ফলত আমাৰ উচ্চতাত বাধা আহে সেইবোৰ নাইকীয়া হৈ পৰিব।
এতিয়া আমি জানো আহঁক শৰীৰৰ উচ্চতা কেনেকৈ বঢ়াব পাৰি।উচ্চতা বঢ়াবলৈ আমি কিছুমান বিশেষ কথাৰ ওপৰত গুৰুত্ব দিব লাগে বা লাগিব।
১. উচ্চতা বঢ়াবলৈ পুষ্টিকৰ খাদ্য খাব লাগে। সুস্বাদু আৰু পুষ্টিকৰ খাদ্যয়ে মানুহৰ শাৰীৰিক বিকাশত বহুত ডাঙৰ ভূমিকা পালন কৰে। সুস্থ হৈ থাকিব কাৰণে সন্তোলিত ভাবে খোৱা বোৱা কৰিব লাগে। ইয়াৰ পৰা আমাৰ শৰীৰে সকলো পুষ্টিকৰ তত্ব যেনে-কেলছিয়াম, প'টিন ,মিনাৰেল আদি পায়।
যদি আপোনালোকে উচ্চতা বঢ়াতো বিচাৰে তেতিয়া বাহিৰৰ খাদ্য বা জাংক ফুডৰ পৰা দুৰত থাকক। কাৰ্বনেট থকা পদাৰ্থ যেনে- চ'ডা , কুল ড্ৰিংক আদিৰ পৰা দূৰত থাকক। বেছি তেলত ভজা আৰু বেছি মিঠা বস্তুৰ পৰাও দূৰত থাকিব লাগে।এইসকলোবোৰে আমাৰ শৰীৰত বেয়া প্ৰভাৱ পেলাই। সুস্থ বিকাশৰ বাবে পনিৰ, চয়াবিন, ডিম,মাছ,বাদাম, সেউজীয়া শাক-পাচলি, গাখীৰ, ফল-মূল আদি খাব লাগে। এইবোৰ খোৱাৰ উপৰিও পানী বেছিকৈ খাব লাগে। যিয়ে আমাৰ পিয়াঁহ গুচোৱাৰ লগতে আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখে।
আমাৰ শাৰীৰিক বিকাশৰ কাৰণে পানী বহুত আৱশ্যক। ইয়াৰ ফলত আমাৰ শৰীৰৰ সকলো অংগয়ে ভালকৈ কাম কৰিব পাৰে। সেই কাৰণে দিনটোত ৫-৬ লিটাৰ পানী খাব লাগে।
২.উচ্চতা বঢ়াব কাৰণে খেলাধূলা আৰু ব্যায়াম কৰিব লাগে।উচ্চতা বঢ়োৱাত এইসমূহ কাৰ্যয়ে বহুত ভূমিকা পালন কৰে।যদি আপোনালোকে সদায় উচ্চতা বঢ়োৱা ব্যায়াম কৰে।যেনে- উলমা,জপিওঁৱা দৌৰা,ষ্টেচিং আৰু এৰ'বিক কৰা তেতিয়া এইবোৰে আপোনালোক উচ্চতা বঢ়োৱাত সহায় কৰিব।
খেলাধূলা কৰি নিজকে শাৰীৰিকভাৱে সুস্থ কৰি ৰখাতোও বহুত জৰুৰী। এইবোৰ উচ্চতা বঢ়াৰ প্ৰাকৃতিক উপায়।টেনিচ, ফুটবল আদি খেলাৰ ফলত শৰীৰটো সক্ৰিয় হৈ থাকে আৰু বিকাশ ভালকৈ হয়। ইয়াৰ উপৰিও সাঁতুৰা আৰু চাইকেল চলোৱা ফলতো শৰীৰৰ বিকাশ হয়।
৩. ধ্যানৰ সহায়ত উচ্চতা বঢ়াবলৈ চেষ্টা কৰিব লাগে। ভাৰতীয় সংস্কৃতিত ধ্যানক বৰদান বুলি ধৰা হয়। কোৱা হয় যে ধ্যানৰ সহায়ত যিকোনো বেমাৰ বা সমস্যা ঠিক কৰিব পাৰি।
উচ্চতা বঢ়োৱাৰ কিছুমান আসন আছে যিয়ে উচ্চতা বঢ়োৱা হ'ৰমনক সক্ৰিয় কৰি দিয়ে। যেনে- ত্ৰিকোণ আসন, ভুজংগাসন, তাড়াসন, বীৰভদ্ৰাসন,শিৰ্ষাসন আৰু সূৰ্য নমস্কাৰ কৰা ফলত মাংসপেশী মজবুত হয় আৰু শৰীৰৰ আকাৰ ভাল হৈ পৰে। সেই কাৰণে আপোনালোকে ধ্যানৰ সহায় ল'ব পাৰে।
৪. উচ্চতা বঢ়াবলৈ পৰ্যাপ্ত পৰিমাণে টোপনি যাব লাগে বা শুব লাগে।শৰীৰৰ বিকাশৰ বাবে ব্যায়াম,খাদ্য খেলাধূলাৰ লগতে টোপনি যোৱাতোও বহুত জৰুৰী। আমাৰ দৈনিক কামৰ ফলত আমি পৰ্যাপ্ত পৰিমাণে টোপনি যাব নোৱাৰোঁ বা শুৱ নোৱাৰোঁ। শুবলৈ গ'লেও আমাৰ মগজুত যিটি কথা চলি থাকে। ইয়াৰ ফলতেই আমাৰ গ্ৰ'উথ হ'ৰমন প্ৰভাৱিত হয় আৰু আমাৰ বিকাশ ৰৈ যায়।
কোৱা হয় যে যেতিয়া আমি গম্ভীৰ টোপনিত থাকো তেতিয়া আমাৰ গ্ৰ'উথ হ'ৰমন প্ৰাকৃতিক ৰূপে উৎপন্ন হয় আৰু আমাৰ শৰীৰত থকা টীচু আকৌ সক্ৰিয় হ'বলৈ ধৰে।যিয়ে আমাৰ উচ্চতা বঢ়োৱাত সহায় কৰে। সেই কাৰণে আমি শান্ত পৰিৱেশত ৮-১০ ঘন্টা সময় শুব লাগে। যাতে আমাৰ শৰীৰটোৱে সম্পূৰ্ণ ৰূপে আৰাম পায়।
৫. উচ্চতা বঢ়াবলৈ ভালকৈ বহিব লাগে। আপোনালোকে দেখিছে চাগে বহুত মানুহে ভালকৈ নবহে। বেকা হৈ বহে।যিটো বহুত ভুল। বহুসংখ্যক স্কুলৰ ল'ৰা ছোৱালীয়ে বেঞ্চত বেকাকে বা হাওঁলি বহে। যিটো উচ্চতা নবঢ়াৰে এটা কাৰণ।
সেই কাৰণে ল'ৰা ছোৱালীক সৰুতেই পৰা শুদ্ধ ৰূপে উঠা,বহা,খোজ কঢ়া আদি শিকাব লাগে।অকল ল'ৰা ছোৱালীৰে নহয় সকলোৰে উঠা, বহা, খোজ কঢ়া শুদ্ধ ৰূপত হ'ব লাগে।চকীৰ বহোতে চিধা হৈ বহিব লাগে আৰু বেকা হৈ খোজ কাঢ়িব নালাগে।
বেকাহৈ বহা আৰু খোজ কঢ়াৰ ফলত ৰাজহাড়ত প্ৰভাৱ পৰে। এইসমূহ ঠিক হ'লেহে ৰাজহাড় পোন হ'ব বা ভাল হ'ব। ককাঁল মজবুত হ'লে উচ্চতা বঢ়াত সহায় হয়। ইয়াৰ উপৰিও মদ, চিগাৰেট আদি খাব নালাগে। এইবোৰ খোৱাৰ ফলত আমাৰ ইমিউনিটি চিচটেম বেয়া হৈ পৰে। লগতে পাচনতন্ত্ৰটো বেয়া প্ৰভাৱ পৰে। এইবোৰে আমাৰ গ্ৰ'উথ হ'ৰমনক প্ৰভাৱিত কৰে।
এতিয়া আপোনালোক জানিলে চাগে উচ্চতা বঢ়োবাতো টান কাম নহয়। কিন্তু সৰু সৰু কথাত ধ্যান দিব লাগে।আমি যি পাইছোঁ তাতে সন্তোষ হৈ থাকিব লাগে।
যদি আপোনালোকে উচ্চতা বাঢ়ে তেতিয়া ভাল কথা আৰু যদি নাবাঢ়ে তেতিয়া ইয়াত দুখ কৰা একো কাৰণ নাই। কাৰণ এইটো এটা দূৰ্বলতা নহয়।
আপোনালোকৰ ওচৰত বহুত গুণ থাকে যিবোৰৰ ওপৰত আপোনালোকে ধ্যান দিলে বেছি ভাল হ'ব বা আপোনালোক সফল হ'ব । নিজৰ চিন্তা ধাৰা সলনি কৰক ।যি আছে তাতে সুখত থাকক। চেষ্টা কৰক কিন্তু নিৰাশ হোৱাৰ কোনো প্ৰয়োজন নাই।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
( Assamese Health Tips )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো।
No comments:
Post a Comment