পূজা-অৰ্চনা নকৰাকে কেনেকৈ পুৰুষে মা লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব পাৰে জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 2, 2022

পূজা-অৰ্চনা নকৰাকে কেনেকৈ পুৰুষে মা লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব পাৰে জানি লওঁক : Assamese Fact

Assamese Fact


আমাৰ বেদ পুৰাণসমূহত স্ত্ৰীৰ বিষয়ে এনেকুৱা কিছুমান কথা কোৱা আছে যিবোৰ জানি আপোনালোকে পূজা অৰ্চনা নকৰাকৈয়ে ধনৱান হ'ব পাৰে। ( Assamese Fact )


আজি আমি যিবোৰ কম সেইবোৰ পুৰুষসকলে মানিলে পূজা অৰ্চনা নকৰাকৈয়ে ধনবান হ'ব পাৰিব। 


ৰাতিপুৱা যিসকল পুৰুষে মহিলাৰ শৰীৰৰ এই অংশ দেখে তেওঁৰ ভাগ্য উজ্জ্বল হৈ উঠে। সেই ব্যক্তিজনৰ ভাগ্য উদয় হৈ পৰে।এই অংশটো দৰ্শন কৰা ফলত আপোনালোকে সেই সকলোবোৰ পাব। ৰাতিপুৱা যেতিয়া আপোনালোকে বিচনাৰ পৰা উঠে তেতিয়া মহিলাৰ কাণখন চাব লাগে। কাৰণ শাস্ত্ৰৰ মতে কাণখনৰ পিছফালে অস্থায়ী ৰূপে মহালক্ষ্মীয়ে বাস কৰে। সেই কাৰণে মহিলাৰ কাণখন পিছফালে চুমা খাই মহালক্ষ্মীক সন্মান কৰিব লাগে।


 এনেকুৱা কৰা ফলত সেই ব্যক্তিজনে মহালক্ষ্মীৰ কৃপা লাভ কৰে। আপোনালোকৰ বন্ধ হৈ থকা ভাগ্য বা কপাল খোল খাই যায়। কেতিয়াও পইচাৰ সমস্যাত ভুগিব নালাগে। কিন্তু মনত ৰাখিব মহিলাৰ প্ৰতি আপোনাৰ বেয়া বিচাৰ হ'ব নালাগিব। নহ'লেবা মা লক্ষ্মী ক্ৰোধিত হৈ পৰে।


মহালক্ষ্মীয়ে মহিলাসকলৰ পাঁচটা অংশ বাস কৰে। ৰাতিপুৱা শুই উঠি শিৰত সেন্দুৰে পৰিপূৰ্ণ মহিলাৰ দৰ্শন কৰিব লাগে। কাৰণ মহিলাসকলৰ শিৰতো মহালক্ষ্মীয়ে অস্থায়ী ৰূপে বাস কৰে। শাস্ত্ৰত কোৱা হয় যে মহিলাসকলৰ মূৰত মহালক্ষ্মীয়ে বাস কৰে। সেই কাৰণে মহিলাসকলে শিৰত সেন্দুৰ লয় মহালক্ষ্মীক সন্মান কৰে।মহালক্ষ্মীয়ে আমাক ধন প্ৰদান কৰে। সেই কাৰণে আপোনালোকে ৰাতিপুৱা শিৰত সেন্দুৰে পৰিপূৰ্ণ মহিলাৰ দৰ্শন কৰিব লাগে। তেতিয়া সেই ব্যক্তিজনে মহালক্ষ্মীয়ে কৃপা দৃষ্টি লাভ কৰে। 


ৰাতিপুৱা চকু মেলিয়েই স্ত্ৰীৰ ভৰিৰ দৰ্শন কৰিব লাগে। এইটো বহুত শুভ বুলি ধৰা হয়।স্ত্ৰীৰ ভৰিটো সকলো প্ৰকাৰৰ সুখ থাকে। ব্যক্তিৰ বেয়া কৰ্মক কম কৰাত স্ত্ৰীৰ ভৰিয়ে বহুত ভাল পৰিণাম দিয়ে। ভগৱান কৃষ্ণয়ে কয় যে যিসকল ব্যক্তিয়ে মহিলাৰ সন্মান কৰে, তেওঁলোক সদায় ঈশ্বৰৰ প্ৰিয় হৈ থাকে। সেই কাৰণে আদৰণীয় ব্যক্তি,মহিলাৰ বা সৰু সৰু ছোৱালীৰ চৰণ স্পৰ্শ বা দৰ্শন কৰিলে , ব্যক্তিয়ে মহালক্ষ্মীৰ কৃপা গ্ৰহণ কৰে। ( Assamese Fact )


ৰাতিপুৱা উঠি স্ত্ৰীসকলৰ নাভিৰ বা নাড়ীৰো দৰ্শন কৰিব লাগে। কাৰণ স্ত্ৰীসকলৰ নাভি বা নাড়ীত মা পাৰ্বতীয়ে বাস কৰে। মা পাৰ্বতীৰ সকলো শক্তি নাভি বা নাড়ীত সোমাই থাকে। কাৰণ স্ত্ৰীসকলক দেৱীৰ আন এটা ৰূপ বুলি ধৰা হয়। সেই কাৰণে সচাঁ আৰু শুদ্ধ মনোভাৱেৰে আপোনালোকে মা পাৰ্বতীক মনত পেলাই স্ত্ৰীসকলৰ নাভি বা নাড়ীৰ দৰ্শন কৰিব লাগে। আপোনালোকৰ ভাগ্য উদয় হ'ব।মা পাৰ্বতীয়ে আপোনালোকৰ সকলো বেয়া হোৱা কাম বা আধাতে ৰৈ যোৱা কাম ভাল কৰি দিব। 


জীৱনত যদি আপোনালোকে আৰ্থিক সমস্যাত ভুগিব লগা হৈছে তেতিয়া আপোনালোকে কিছুমান শাস্ত্ৰীয় উপায়ো কৰিব পাৰে। 


প্ৰতি শনিবাৰে আহঁত গছত জল অৰ্পণ কৰি পূজা কৰিলে , ধন-সম্পত্তি বৃদ্ধি হ'ব।মনত ৰাখিব ঘৰৰ উত্তৰ-পূব দিশ সদায় খালি কৰি ৰাখিব লাগে। পাৰিলে তাত জলেৰে ভৰা এটা পাত্ৰ থ'ব লাগে।


 বাঁহেৰে নিৰ্মিত বাঁহী ভগৱান কৃষ্ণৰ অতি প্ৰিয়। যিখন ঘৰত বাঁহেৰে নিৰ্মিত বাঁহী থাকে তাৰ ব্যক্তিসকলৰ মাজত সদায় মিলা প্ৰীতি থাকে। 


আপোনালোকে নিজৰ পাৰ্চত মা লক্ষ্মীৰ ফটো থ'ব লাগে। ধৰা হয় এনেকুৱা কৰিলে ক'ৰবাৰ পৰা হ'লেও পইচা পাৰ্চলৈ আহিয়েই থাকে। আপোনালোকৰ পাৰ্চ কেতিয়াও খালি নাথাকে।


নিজৰ জেপত পাৰিলে কমলৰ গুটি মালা থ'ব লাগে। ইয়াৰ ফলত আপোনালোকৰ কেতিয়াও পইচাৰ অভাৱ নহয়।মা লক্ষ্মীৰ কৃপা সদায় আপোনাৰ ওপৰত থাকিব ।


বাস্তু শাস্ত্ৰৰ অনুসৰি আপোনালোকে  পাৰ্চত এনেকুৱা বস্তু কেতিয়াও থ'ব নালাগে।যেনে - খোৱা বস্তু। নিজৰ পাৰ্চত সদায় ধাৰ্মিক বস্তু আৰু পইচাহে থ'ব লাগে।লগতে আপোনালোকে পৰিলে পাৰ্চত ৰুদ্ৰাক্ষয়ৰ মালা থ'ব লাগে। ইয়াৰ ফলত আপোনালোকৰ বিকাশ হ'ব।


যদি আপোনালোকে পইচা বহুত খৰচ কৰে তেতিয়া পাৰ্চত এটা নহৰুৰ কলি থৈ দিয়ক । তেতিয়া পইচা সোনকালে খৰচ নহয়।নহৰুৰ কলিটো আপোনালোকে ৰঙা কাপোৰে দি বান্ধি নিজৰ পাৰ্চত থ'ব লাগে।


 প্ৰত্যেক বৃহস্পতি বাৰে  তুলসী গছত গাখীৰ অৰ্পণ কৰিলে আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হয়। বৰগছৰ তলত যদি কিবা গছ গজি আহিছে তেতিয়া তাক মাটিৰে সৈতে খান্দি আনি নিজৰ ঘৰত ৰুব লাগে।যিটো গতিৰে এই গছজোপা বাঢ়িব সিমানেই আপোনালোকৰ সমৃদ্ধি বৃদ্ধি হ'ব।


মাহৰ প্ৰথম বুধবাৰৰ ৰাতি কেঁচা হালধি  কৃষ্ণক অৰ্পণ কৰক। পিছদিনা তাক হালধীয়া সূতাৰে বান্ধি নিজৰ সোঁ হাতত পিন্ধিব লাগে। ইয়াৰ ফলত আৰ্থিক অৱস্থা স্বচ্ছল হ'ব।


ধন থোৱা ঠাইত পাণত কাঠৰ সৰু খৰি থৈ দিয়ক। ইয়াৰ ফলত ধনৰ অভাৱ কেতিয়াও নহয়। নিয়মীয়াকৈ কলগছত জল অৰ্পণ কৰা আৰু ঘিঁউ চাকি জ্বলোৱাৰ  ফলত আৰ্থিক সমৃদ্ধি বৃদ্ধি হয়।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages