হালধিৰ এনেকুৱা গুণাগুণ আছে যিবোৰ জানি আপোনালোক আচৰিত হৈ পৰিব : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, February 2, 2022

হালধিৰ এনেকুৱা গুণাগুণ আছে যিবোৰ জানি আপোনালোক আচৰিত হৈ পৰিব : Assamese Health Tips

Assamese Health Tips

 

অকণমান যাদু অৰ্থাৎ অকণমান হালধি ।যাৰ দ্বাৰা সলনি হৈ পৰিব পাৰে আপোনাৰ জীৱন। হালধিৰ এনেকুৱা লাভ যিবোৰ জানি আপোনালোক আচৰিত হৈ পৰিব। ( Assamese Health Tips )



হালধি এনেকুৱা এটা মচলা যিটো আদাৰ সৈতে সম্পৰ্কিত। ইয়াৰ আটাইতকৈ ভাল বন্ধু হৈছে জালুক। হালধিত পোৱা এলিমেন্ট কিউক্ৰীমিনক শৰীৰে সহজতে গ্ৰহণ কৰি লয়।


যদি আপোনালোকে নিজৰ খাদ্যত হালধিৰ লগত তাৰ ভাল বন্ধু জালুক অলপ চেঁটিয়াই দিয়ে। তেতিয়া আপোনালোকৰ শৰীৰৰ এবজবচেন ক্ষমতা ২ হাজাৰৰ লৈকে বৃদ্ধি হয়। ইয়াৰ লগতে হালধিয়ে মানুহৰ চৰ্বীও কমাই।


যদি আপোনালোকে ইয়াক এলিভ আৰু গ্ৰেপচিট অইলৰ লগত খাই তেতিয়া আপোনালোকে এনেকুৱা লাভ পাব যিবোৰ আপোনালোকে ভাবিবয়ে নোৱাৰে। আয়ুৰ্বেদত হালধিৰ ব্যৱহাৰ ১০০ বছৰৰ আগৰেই পৰা হৈ আহিছে।


এই উপায়টো চাগে আপোনালোকক আইতাহঁতে আগতে কৈছে।মনত পেলাওঁক সৰুতে যেতিয়া আপুনি দুখ পাইছিল তেতিয়া আইতাহঁতে হালধি লগাই দিছিল। হালধিৰ গাখীৰ খোৱাইছিল। কেতিয়াবা মুচুকা বা দুখ পালে হালধিৰ লেপ লগাই দিছিল।


 পশ্চিমৰ দেশসমূহত  হালধি মচলা পৰা আঁতৰি স্বাস্থ্যৰ এটা ঔষধ হিচাপে পৰিগণিত হৈছে। ক'বলৈ গ'লে এতিয়া বিদেশীসকলেও আমাৰ প্ৰাচীন উপায়বোৰৰ বিষয়ে বুজি পাইছে। আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ হালধিৰ সেইসমূহৰ গুণৰ বিষয়ে যিবোৰৰ সন্মুখত বিদেশীসকলো পৰাজয় হৈ ৰ'ল।


 হালধি আমৰ মগজুৰ কাৰণে অমৃতৰ সমান। বৈজ্ঞানিকসকলে কয় যে ভাৰতত য'ত হালধিক খাদ্য ৰূপে ব্যৱহাৰ কৰে তাত বৃদ্ধ বা যিয়ে নহওঁক , এনজাইমাৰ সংস্পৰ্শলৈ কম নাহে। ভাৰতৰ বৃদ্ধ ব্যক্তিসকলৰ স্মৃতি আন দেশৰ বৃদ্ধ ব্যক্তিসকলৰ তুলনাত বেছি। 


আচলতে এনজাইমাৰ ৰোগীসকলৰ পিটাআমালয় নামৰ প্লাক, নচেলচৰ  মাজত জেনেৰেট হৈ যায়।যি আদান প্ৰদান প্ৰক্ৰিয়াক বাধা প্ৰদান কৰে। অৰ্থাৎ কোষবোৰলৈ বাতৰি বা তথ্য ভালকৈ যাব নোৱাৰে। ইয়াৰ ফলত নচেলচ বেয়া হৈ যায়। যাৰ ফলত এনজাইমাৰ ৰোগীসকলে কথাবোৰ লাহে লাহে পাহৰিবলৈ ধৰে। কিন্তু হালধিয়ে মগজুৰ বেয়া বা শুকাই যোৱা অংশবোৰ ঠিক কৰে আৰু পিটাআমালয় প্লাকক ভাঙি দিয়ে। 


ইয়াৰ উপৰিও হালধি উপয়োগ কৰিলে  মানুহৰ খঙ,পাগলামি আদিৰ দৰে বহুত মগজুৰ বেমাৰ ভাল হয় বা লাভ পোৱা যায়।আমি এইটো নকওঁ যে হালধি খাওঁক আৰু বেমাৰ ভাল কৰক। যদি আমি সৰুৰে পৰা বেছি মাত্ৰাত হালধি সেৱন কৰো।যেনে- গাখীৰ বা বিভিন্ন বস্তুৰ লগত , তেতিয়া আমি এই বেমাৰসমূহৰ চিকাৰ নহওঁ। হ'লেও ইয়াৰ প্ৰভাৱ লেহেম গতিৰ হ'ব।


 যদি আপোনালোকে হালধি দৈনিক ব্যৱহাৰ কৰে তেতিয়া আপোনালোকৰ স্মৃতি শক্তি বৃদ্ধি হোৱাৰ লগতে এনজাইমাৰ বা বেলেগ নাৰ্ভৰ লগত জড়িত সমস্যা হোৱাতো কম হৈ যাব। ই এটা কম খৰচী আৰু কাৰ্যকৰী উপায়। 


এতিয়া জানো আহঁক ইয়াৰ এন্টি ইনফ্লমেন্টেৰি গুণৰ। এই ইনফ্লমেচন এনেকুৱা এটা বস্তু যাৰ ফলত মানুহৰ শৰীৰত বহুত বেমাৰ হয়। হাৰ্ট এটেকো একপ্ৰকাৰে এই ইনফ্লমেচনৰ কাৰণেই হয়।যি শিৰবোৰত হয়।ইনফ্লমেচন সকলো বস্তুতে বা আমাৰ শৰীৰৰ সকলো অংগ বেয়া কৰিব পাৰে।ইনফ্লমেচন আমাৰ শৰীৰত থাকিব নালাগে। যিয়ে এই ইনফ্লমেচনক ৰখাব পাৰে তাক এন্টিইনফ্লমেচন বুলি কোৱা হয়। ( Assamese Health Tips )


এই এন্টিইনফ্লমেচন আছে হালধিত।ভাগৰ বা দুখ পালে মানুহৰ মুচুকা খোৱা বা টানি টানি ধৰা যেন হয়য়েই। কিন্তু এইসমূহ টানি টানি ধৰা বা দুখ পোৱা চিন বহুত দেৰিলৈকে  থাকিলে ইয়াক ইনফ্লমেচন বুলি ক'ব পাৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ বেমাৰ বা কেন্সাৰ হ'ব পাৰে। 


হালধিত পোৱা কিউক্ৰীমিনে ইনফ্লমেন্টেৰি মলিকিউলচক ব্ল'ক কৰি দিয়ে। এইটো এনেকুৱা যি আঠুৰ বিষত খোৱা ন'নষ্টেৰাইডেল এন্টিইনফ্লমেন্টেৰি দৰব।এইবোৰৰ বেলেগ বেয়া প্ৰভাৱ নপৰে।হালধি বহুত উপকাৰী। ইয়াৰ এন্টিইনফ্লমেন্টেৰি গুণ আছে।ইয়াক সদায় সেৱন কৰক।


শৰীৰৰ পৰা ইনফ্লমেচন আঁতৰি যাব আৰু বহুত বেমাৰৰ পৰা আমাৰ বা আপোনালোকৰ শৰীৰটো বাচি যাব।হালধি সদায় ব্যৱহাৰ কৰা ফলত হৃদযন্ত্ৰৰ বহুত বেমাৰৰ পৰা বাচিব পৰা যায়। ইয়াৰ উপৰিও ই কলেষ্টল সন্তোলন কৰি ৰাখে।ব্লাড প্ৰেচাৰো ভাল কৰে। হালধিয়ে ইউমিটিনি বৃদ্ধি কৰা লগতে কোষবোৰক বেয়া হোৱাৰ পৰা বচায়। 


ইয়াৰ উপৰিও হৃদয়ৰ আধৰুৱা ঠাইত তেজৰ কণা বা তত্বসমূহ জমা হ'বলৈ নিদিয়ে।যাৰ ফলত আপোনালোকে বা আমি হৃদয়ৰ লগত জড়িত বেমাৰসমূহৰ সন্মুখীন হ'ব নালাগে। ক্ল'ৰৰেটকেল কেন্সাৰ ৰোগীসকলৰ বাবে হালধি বহুত উপকাৰী। পশ্চিমীয়া দেশসমূহত মানুহৰ মৃত্যু আন এটা কাৰণ হ'ল ক্ল'ৰৰেটকেল । 


এতিয়া ভাৰততো লাহে লাহে এই সমস্যাটো বাঢ়িবলৈ ধৰিছে।উৱেনষ্টেট ইউনিভাৰ্ছিটি (ইউ .চ .এত) ডাক্তৰৰ দ্বাৰা কৰা এটা ৰিচাৰ্জত এইটো গম পোৱা গৈছে যে এচিয়াৰ দেশসমূহত এই ঘাটক বেমাৰটোৰ প্ৰভাৱ কম। কিন্তু এতিয়া তাতো বাঢ়িছে। এচিয়াৰ দেশসমূহত কম এইকাৰণে যে তাত সদায় হালধিৰ ব্যৱহাৰ হয়।হালধিয়ে কেন্সাৰৰ কোষবোৰক বাঢ়িবলৈ নিদিয়ে আৰু সেইবোৰক নষ্ট ও কৰে। ইয়াৰ উপৰিও ই কেন্সাৰ বেমাৰত কৰা কিম'থেৰাপিৰ ভয়ানক বেয়া প্ৰভাৱক কম কৰে।


ডিপ্ৰেচনৰ বাবেও হালধি বহুত ভাল। বিশ্বাস নহ'লেও এইটো আগতে ব্যৱহাৰ কৰা এটা উপায়।যদি আপোনালোকৰ একো ভাল লগা নাই বা ডিপ্ৰেচনৰ দৰে অনুভৱ হৈছে আৰু সকলো বস্তু নিৰাশায়ে ভৰ্তি যেন লাগিছে তেতিয়া এটা জাৰত চাৰিকাপ পানী লৈ এটা নেমু চেপি ২ বাৰ ডাঙৰ চামুচেৰে হালধি দি তাত ৪ চামুচ মৌ দি তাক ভালকৈ মিলাওঁক। এই মিশ্ৰণটো নিজৰ সুবিধা অনুসৰি ও বনাব পাৰে। যদি বিচাৰে দিনটোত দুবাৰ বা তিনিবাৰ এই মিশ্ৰণটো খাব পাৰে। ইয়াৰ সেৱন কৰা ফলত আপোনালোকৰ ডিপ্ৰেচন যাদুৰ দৰে নাইকীয়া হৈ পৰিব। 


আজিকালি সকলোৰে অলপ হ'লেও ডিপ্ৰেচন থাকেই।ডিপ্ৰেচন এইটো নহয় যে একেবাৰে নাইকীয়া হৈ যাব মানুহ। কিন্তু মানুহক বিভিন্ন ধৰণৰ সমস্যায়ে ঘেৰি থাকে। সেই কাৰণে কিবা নহয় কিবা প্ৰকাৰে ডিপ্ৰেচন হয়য়েই। দিনটোৰ ২৪ ঘন্টা নহ'লেও কোনো সময়ত এনেকুৱা লাগে যেন মই অকলশৰীয়া হৈ পৰিলোঁ। সমস্যা বা আগলে কি হ'ব আদি এনেকুৱা ধৰণৰ সমস্যা বা চিন্তা যদি মনলৈ আহে , তেতিয়া আমি কোৱা এই মিশ্ৰণটো যদি খাই অলপ হ'লেও এইবোৰৰ পৰা সকাহ পাব। 


ড্ৰাইটো ডাইবেদিচটো হালধিৰ ব্যৱহাৰ কৰা হয়। হালধিৰে থকা কিউক্ৰীমিনে  ব্লড চুগাৰক সন্তোলিত কৰি ৰাখে।যাৰ ফলত  ডাইবেদিচৰ ৰোগীসকলে বহুত সকাহ পায়। লিভাৰো ভাল কৰি ৰাখে। লিভাৰৰ কিছুমান বেমাৰৰ কাৰণ হ'ল অক্সিডিয়েটিভ ষ্টেচ।হালধিয়ে ইয়াৰ প্ৰভাৱ কম কৰে আৰু লিভাৰক বেয়া হোৱাৰ পৰা বচায়।হালধি সেই সকলৰ বাবে বেছি প্ৰয়োজনীয় যিয়ে ডাইবেদিচ বা অন্য বেমাৰৰ দৰব খাই লিভাৰ বেয়া কৰি পেলাই। 


সৰুতে যেতিয়া আমাৰ পানী বা চৰ্দি লাগিছিল তেতিয়া মায়ে হালধিত মৌ মিলাই খাবলৈ দিছিল মনত আছে নে আপোনালোকৰ। কাৰণ হালধি চৰ্দি আৰু জ্বৰৰ এটা ঘৰুৱা চিকিৎসা।চৰ্দি আৰু জ্বৰ হ'লে আধা চামুচ হালধিত মৌ মিলাই খাই দিব লাগে। তাৰ পিছত অলপ সময়ৰ বাবে পানী খাব নালাগে। আপোনালোকে বিচাৰিলে ইয়াৰ লগত তুলসী পাতো খাব পাৰে। খাদ্য খোৱা পাছত হালধি সেৱন কৰিলে ভাল ই পাকস্থলী ,যকৃত আৰু পাচন তন্ত্ৰ ভাল কৰি ৰাখে।


 হালধি পুৰুষসকলৰ বাবেও বহুত লাভকাৰী।হালধি আৰু মৌয়ে পুৰুষসকলৰ শক্তি বঢ়ায়।পুৰুষসকলৰ কিছুমান বেমাৰৰ বাবে ই বহুত ভাল। ইয়াৰ বাবে এচামুচ হালধিত মৌ মিলাই খাব লাগে। আজি আমি আপোনালোকক হালধিৰ বিভিন্ন ধৰণৰ উপকাৰী গুণৰ বিষয়ে ক'লো।


 কিন্তু আজিকালি হালধি যিবোৰ কাৰণে বেছি ব্যৱহাৰ হয় ,সেইবোৰতো আমি কোৱায়েই নাই। সকলো ক্ৰীম,পাউদাৰ চাবোন আদিত আজিকালি হালধি মিলোৱা হয়। কাৰণ কোৱা হয় যে হালধিয়ে ৰূপ উজ্জ্বলাই তোলে। ছালৰ কাৰণে হালধি বহুত উপকাৰী। কাৰণ ইয়াত এন্টিঅক্সিডেন্ট আৰু এন্টিব্লমেটিক কম্পনেঞ্চ থাকে।ই ছালত হোৱা গুটি ,শালমইনা আদি নাইকীয়া কৰে।


ই ছালৰ ডাগ ক'লা পৰা আদিৰ দৰে সমস্যাও নাইকীয়া কৰে। ইয়াৰ সহায়ত ব্লাড চাৰ্কুলেচন প্ৰক্ৰিয়াও ভালকৈ হয়।ই ছালক হাইড্ৰেটেত আৰু পুষ্টিকৰ কৰি ৰাখে। ই তেলেটীয়া ছালৰ বাবেও ভাল। ইয়াক আপুনি চালৰ ক'লা বা লেটেৰা যোৱাবলৈও ব্যৱহাৰ কৰিব পাৰে ।তাৰ বাবে বেতনত হালধি মিলাই সানিব লাগে। তাৰ পিছত চাব আপোনাৰ ছালখন উজ্জল হৈ পৰিব। 


ল'ৰা ছোৱালী সকলোৱে কৰিব পাৰে। পিঠাগুৰিৰ লগত হালধি মিলাই ক্লিনজাৰৰ দৰেও ব্যৱহাৰ কৰিব পৰা যায়। আজিকালি ড্ৰাক চাৰ্কুলে কাৰো পিছেই নেৰে। সকলোৰে এই সমস্যাটো থাকে চকুৰ তলত ড্ৰাক চাৰ্কুল পৰা বা বহা দেখা যায়। 


ৰাতি বহুত দেৰিলৈকে মোবাইল চোৱা, চিন্তা কৰা আদিৰ ফলত চকুৰ তলত ড্ৰাক চাৰ্কুল পৰা বা বহা দেখা যায়। ৰাতিপুৱা কামৰ কাৰণে সোনকাল উঠিব লাগে আৰু তাৰ ফলত ড্ৰাক চাৰ্কুল বেছি হৈ পৰে। তাৰ পৰা আপোনালোকক এই হালধিয়ে বচাব পাৰে। 


এল'ভেৰা জেলৰ লগত হালধি মিলাই লগাওঁক চাব আপোনালোকৰ ড্ৰাক চাৰ্কুল নাইকীয়া হৈ পৰিব। এইটো অকল ছোৱালীয়েই নহয় ল'ৰাবোৰেও লগাব পাৰে। সেই কাৰণে যিমান পৰে হালধিৰ ব্যৱহাৰ কৰক।হালধিয়ে মানুহৰ মগজুক সৱল কৰি ৰাখে।ঘৰত হালধি থাকেই। বহুত দামটো ইয়াক বিক্ৰী কৰা নহয়।তাৰ মানে এইটো নহয় যে ইয়াৰ মূল্য নাই।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


 ( Assamese Health Tips )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো।


No comments:

Post a Comment

Advertisement

Pages