যদি আপোনালোকে এনেকুৱা ৯ টা সংকেত পায়, তেতিয়া আপুনি কোনো সাধাৰণ মানুহ নহয়। ভগৱান আপোনাৰ লগত আছে। ( Assamese Fact )
সপোনত যদি আপোনাৰ ভগৱানৰ দৰ্শন হৈছে তেতিয়া এনেকুৱাত কি সৰু কাম আছে ,যি ভগৱানে আপোনাৰ পৰা বিচাৰে আৰু আপুনি কৰিব লাগে। ইয়াৰ লগতে এইটোও কম যে কি সেইসমূহ ভুল যি আপোনাৰ সপোনত ভগৱানে দৰ্শন দি গৈছে, যদি আপোনালোকে বা আপুনি কেতিয়াও কৰিব নালাগে।
এই সম্পূৰ্ণ বিশ্বত সকলোতকৈ শক্তিশালী হ'ল ভগৱান। এওঁৰ ইচ্ছাৰ বিৰুদ্ধে এখন পাতো ইফাল সিফাল হ'ব নোৱাৰে।এই কথাটো সময়ে সময়ে মানুহে গম পায় আছে। ঈশ্বৰক প্ৰত্যক্ষ ৰূপে নেদেখিলেও , তেওঁ অপ্ৰত্যক্ষ ৰূপে সংসাৰৰ সকলোতে বিৰাজমান হৈ আছে।
আমাৰ মাজেৰে কিছুমান মানুহ বহুত ভাগ্যশালী হোৱা দেখা যায়। কাৰণ তেওঁলোকৰ ওপৰত ঈশ্বৰৰ বিশেষ কৃপা দৃষ্টি থাকে। কিছুমান এনেকুৱা শক্তি তেওঁলোকৰ আশে-পাশে বিদ্যমান হৈ থাকে যে যিবোৰে তেওঁলোকক সদায় সঠিক পথ দেখুওৱাই আৰু সকলো কঠিন পৰিস্থিতিতে সহায় কৰে।
ভগৱানে এনেকুৱা ব্যক্তিক বাচি লয় যিয়ে নিজেই সঠিক পথে গতি কৰা লগতে আনকো কৰিবলৈ উৎসাহ বা লগ দিয়ে। কিন্তু আমি কেনেকৈ জানিব পাৰিম যে কোনসকল ব্যক্তিৰ তাত এই আলৌকিক শক্তি আছে।
আমাৰ প্ৰাচীন গ্ৰন্থসমূহত এনেকুৱা কিছুমান সংকেতৰ বিষয়ে কোৱা হৈছে। যাৰ জৰিয়তে আমি জানিব পাৰিম যে কোনসকল ব্যক্তিৰ ওপৰত ঈশ্বৰৰ কৃপা আছে আৰু আলৌকিক শক্তি তেওঁৰ ওচৰত সদায় থাকে। এতিয়া জানো আহঁক সেই সংকেতবোৰৰ বিষয়ে-
১. যিসকল ব্যক্তিৰ কামনা,ক্ৰোধ,মোহ,মায়া,লুভ আৰু অহংকাৰ আদি নাথাকে। তেনেকুৱা ব্যক্তিয়ে ঈশ্বৰৰ বিশেষ কৃপা লাভ কৰে। এনেকুৱা ব্যক্তিয়ে কেতিয়াও মুখেদি গালি নিদিয়ে।
২. যদি কোনোবা ব্যক্তিয়ে সপোনত বহুবাৰ মন্দিৰ বা তাৰ ওচৰৰ কিবা স্থান দেখে। তেনেকুৱা ব্যক্তিক শাস্ত্ৰত ভাগ্যশালী বুলি কোৱা হয়। যিসকলে সপোনত ভগৱানৰ দৰ্শন কৰে তেওঁৰ লগত ভগৱান সদায় থাকে। তেনেকুৱা ব্যক্তিক ভগৱানে কিছুমান বিশেষ সংকেতো দিয়ে।যাৰ ফলত তেওঁ জানিব পাৰে যে আলৌকিক শক্তি তেওঁৰ লগত আছে।যেতিয়া আপোনালোকৰ সপোনত ভগৱান আহে তেতিয়া আপোনালোকে এই কামটো কৰিবয়ে লাগে। এইসমূহ আমি আজি আপোনালোকক কম।
৩. যিসকল ব্যক্তিয়ে নিজৰ দৈনিক কাম কৰি বাচি থকা সময়খিনিত ভগৱানৰ নাম, ভক্তি আৰু পূজা অৰ্চনা কৰি কটায়।ঈশ্বৰকে সকলো বুলি মানি নিজকে সমৰ্পন কৰে। বাস্তৱত সেইসকল ব্যক্তিৰ ওচৰে পাজৰে ঈশ্বৰ বা শক্তিসমূহে পবিত্ৰ ঘেৰা বনাই থাকে।যাৰ ফলত তেওঁলোকৰ ঈশ্বৰৰ অনুভূতি হৈ থাকে।
৪. যিজন ব্যক্তিয়ে সমাজৰ প্ৰতি নিজৰ দায়িত্ব আৰু কৰ্তব্য মানি সত্ কাৰ্য আৰু পুণ্যৰ কাম কৰে। সমস্যাত পৰা দুখীয়া মানুহক যিমান পাৰে সহায় কৰে।অপদ আৰু বিপদৰ সময়ত মানুহ আৰু পশু-পক্ষীক যিসকলে সহায় কৰে । বৃদ্ধ আৰু বিকলাংগ সকলক শুদ্ধ মনেৰে সেৱা কৰে, ধাৰ্মিক কাৰ্য কৰে। এনেকুৱা ব্যক্তি সাধাৰণতে সমাজৰ কাৰণে এটা উদাহৰণ। যিসকল ব্যক্তিৰ ওপৰত ভগৱানৰ বিশেষ কৃপা দৃষ্টি থাকে। সেইসকল ব্যক্তিৰহে এনেকুৱা গুণ থাকে।এনেকুৱা ব্যক্তিয়ে অন্ত বা শেষত মুক্তি লাভ কৰে। ( Assamese Fact )
৫. ঈশ্বৰৰ কৃপা প্ৰাপ্ত কৰা ব্যক্তিসকলৰ এক আচৰিত শক্তি থাকে। তেওঁলোকৰ পূৰ্বাভাস হয় অৰ্থাৎ ভৱিষ্যতে হ'ব লগা ঘটনাৰ আগতেই আভাস হয়।যদি ভৱিষ্যতে হ'ব লগা কিবা ভাল বা বেয়া ঘটনাৰ আভাস আগতেই আপোনাৰ হৈ যায়। তেতিয়া আপোনালোকৰ ওপৰত ভগৱানৰ বিশেষ কৃপা দৃষ্টি আছে।
৬.কিছুমান মানুহে নিজৰ আশে-পাশে এক বিশেষ প্ৰকাৰৰ সুগন্ধ অনুভৱ কৰে। সদায় সুগন্ধি ফুল,ধুপ, কফু আদিৰ গোন্ধ বতাহত পাই থাকে , তেতিয়া এইবোৰ আপোনালোকৰ আশে-পাশে থকা ঈশ্বৰৰ উপস্থিতৰ সংকেত। দেৱী দেৱতাৰ আশীৰ্বাদৰ তেওঁলোকৰ ওপৰত সদায় থাকে।
৭.ঈশ্বৰৰ সময় অৰ্থাৎ ব্ৰহ্ম মূহুৰ্ত যি ৰাতিপুৱা ৩-৩০ পৰা ৫ -৩০ বা ৬ টা বজালৈকে থাকে। আমাৰ শাস্ত্ৰত এই সময়খিনিক বহুত মহত্বপূৰ্ণ বুলি ধৰা হয়।এই সময়খিনিক দেৱতাসকলৰ সময় বুলি ধৰা হয়।কাৰণ
এই সময়খিনিত এক বিশেষ শক্তি আৰু সকাৰাত্মক গুণৰ সঞ্চালন হয়। যদি কোনোবা ব্যক্তিয়ে সদায় ব্ৰহ্ম মূহুৰ্ততেই হাৰ পাই আৰু সদায় নিজৰ দৈনিক কামসমূহ প্ৰসন্ন হৈ কৰে আৰু ভগৱানক আৰাধনা কৰে । সূৰ্যক জল অৰ্পণ কৰে। তেতিয়া এনেকুৱা ব্যক্তিয়ে নিশ্চিত ৰূপে এইসমূহ ভগৱানৰ ইচ্ছাতে কৰে। এনেকুৱা কৰিবলৈ তেওঁলোকক ঈশ্বৰেই প্ৰেৰণা দিয়ে। অৰ্থাৎ এনেকুৱা ব্যক্তিৰ ওপৰত ঈশ্বৰৰ কৃপা দৃষ্টি থাকে।
৮.বহুবাৰ আমি মন্দিৰ বা ধাৰ্মিক ঠাইত ভজন কীৰ্তন বা কথা শুনিবলৈ যাওঁ। কিন্তু যিমান ভাল ভজন কীৰ্তন হ'লেও বাৰে বাৰে আমাৰ ধ্যান ভঙ্গ হৈ যায়। কেতিয়াবা ঘৰৰ সমস্যা , কেতিয়াবা ওচৰে পাজৰে থকা মানুহৰ বিষয়ে ভাবিবলৈ লওঁ। কিন্তু কিছুমান মানুহ এনেকুৱা থাকে যিয়ে ভজন কীৰ্তনত বিলিয়ন হৈ পৰে আৰু নিজৰ আশে-পাশে পবিত্ৰতাৰ অনুভৱ কৰে বা শুভ ধ্বনি শুনে। তেনেকুৱা ব্যক্তিৰ লগ নিশ্চিত ভাৱে আলৌকিক শক্তিসমূহে দিয়ে। এনেকুৱা ব্যক্তিয়ে ভৱিষ্যতে বহুত নাম অৰ্জন কৰিব পাৰে।
৯.যিসকল ব্যক্তিয়ে ঈশ্বৰৰ ভক্তি কৰি পৰম আনন্দ অনুভৱ কৰে। তেনেকুৱা ব্যক্তি কেতিয়াও দুখত নাথাকে আৰু আনকো দুখ নিদিয়ে।মন আৰু মগজু এওঁলোকৰ সদায় শান্ত হৈ থাকে। কেতিয়াও সত্য আৰু শুদ্ধ পথৰ পৰা এওঁলোক বিচলিত হৈ নপৰে।এইয়া এওঁলোকে ঈশ্বৰৰ পৰা পোৱা এক বিশেষ আশীৰ্বাদ ।যাৰ ফলত এওঁলোকে সদায় সমাজত মান- সন্মান লাভ কৰে।
এতিয়া জানো আহঁক যদি আপোনালোকে সপোনত ভগৱানক দেখে তেতিয়া কি কৰিব লাগে আৰু কি কৰিব নালাগে।
১.সপোনত আপোনালোকে যিজন ভগৱানকে দেখে বা দৰ্শন কৰে।যেনে- কৃষ্ণ, মহাদেৱ, হনুমান বা যিজন ভগৱানেই হওঁক । প্ৰথম কথা এই সপোনটোৰ বিষয়ে আপুনি আনক ক'ব নালাগে। কাৰণ যেতিয়া আপোনালোকৰ সপোনত ভগৱানে দৰ্শন দিয়ে তাৰ অৰ্থ হ'ল তেওঁ আপোনাৰ ওপৰত সন্তোষ হৈছে। এতিয়া আপোনালোকৰ ভাল সময় আহিব । কিন্তু যেতিয়া আপোনালোকে কোনোবা বাহিৰৰ ব্যক্তিক কৈ দিয়ে তেতিয়া আপোনালোকৰ আহিব লগা ভাল সময়খিনিত আনৰ চকু পৰে বা বেয়া চকু পৰে। লাগিলে সেইয়া আপোনাৰ বাবে শুভ চিন্তা কৰা মানুহে কিয় ন'হক।
২.সপোনত যদি আপোনালোকৰ ভগৱানৰ দৰ্শন হৈছে আৰু সেই ভগৱানজনকে দৰ্শন কৰা বা তেওঁৰ মন্দিৰলৈ যোৱা ইচ্ছা বহুত দিনৰ পৰা আপোনালোকে পুঁহি ৰাখিছে। তেতিয়া এনেকুৱাত যিমান সম্ভৱ আপোনালোকে সোনকালেই তেওঁৰ দৰ্শন কৰি আহিব লাগে।ধৰি লওঁক যদি আপোনাৰ মা বৈষ্ণৱ দেৱীৰ মন্দিৰলৈ যোৱা বহুত দিনৰ পৰা আশা আছে আৰু তেনেকুৱাত যদি মা বৈষ্ণৱ দেৱীয়ে আপোনাক সপোনত দৰ্শন দিয়ে। তেতিয়া জানি লওঁক যে মা বৈষ্ণৱ দেৱীয়ে আপোনাক দৰ্শন কৰিবলৈ মাতি আছে।এনেকুৱাত যিমান সম্ভৱ আপোনালোকে সোনকালেই তেওঁৰ দৰ্শন কৰি আহিব লাগে। তালৈ গ'লে আপোনালোকৰ যি মনোকামনা থাকে সেইয়া পূৰ্ণ ও হয়।
৩. সপোনত ভগৱানক দেখা শুভ নে অশুভ এই কথাটোৰ ওপৰত নিৰ্ভৰ কৰে যে আপুনি তেওঁক কি মুদ্ৰাত দেখিছে। যদি আপোনালোকে ভগৱানক সপোনত উগ্ৰ আৰু ক্ৰোধিত মুদ্ৰাত দেখে , তেতিয়া এইয়া শুভ বুলি ধৰা নহয়। ইয়াৰ অৰ্থ হ'ল আপোনালোকে একো ভুল কাম বা কাৰ্য কৰিব নালাগে।যদি ভুল কাম বা কাৰ্য কৰি আছে তেতিয়া নিজেই শুধৰণি হ'ব লাগে।
৪. যদি আপোনালোকে সপোনত ভগৱানক ঘৰত দেখে, তেতিয়া ইয়াৰ অৰ্থ হ'ল আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত ভগৱানৰ আৰ্শীবাদ আছে। আকৌ যদি আপোনালোকে সপোনত ভগৱানক কাৰ্যস্থল বা স্কুলত দেখে,তেতিয়া ইয়াৰ অৰ্থ হ'ল আপুনি কাৰ্যস্থল বা স্কুলত পঢ়া ক্ষেত্ৰত পৰিশ্ৰম কৰাৰ আৱশ্যকতা আছে।
এইসমূহে আছিল সংকেত যাৰ ফলত আমি জানিব পাৰোঁ কোনজন ব্যক্তিৰ ওপৰত ঈশ্বৰৰ কৃপা দৃষ্টি আছে। লগতে আজি আমি আপোনালোকক ক'লো যে সপোনত ভগৱানে দৰ্শন দিলে কি কৰিব নালাগে বা লাগে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment