অতীজতে অখণ্ড ভাৰতৰ অন্তৰ্গত থকা ভাৰত, চীন দেশ , কোৰিয়া, জাপান , ভিয়েটনাম , শ্ৰীলংকা আদিকে ধৰি দক্ষিণ- পূব এছিয়াৰ দেশ সমূহৰ ভিতৰত এটা কথা আজিৰ দিনটো একে -- সকলোৰে মাজত প্ৰচলিত সহানুভূতিৰ মন্ত্ৰটো একেটাই অৰ্থাৎ মূল সংস্কৃতৰ 'নীলকন্ঠ (ধাৰণী)' মন্ত্ৰটো সকলোৱে নিৰাময়ৰ মন্ত্ৰ হিচাপে গায় । ( Religious Studies )
সপ্তম শতিকাত ভাৰতৰ পৰা চীন দেশলৈ লৈ যোৱা ধাৰণীটো দক্ষিণ পূৱ এছিয়াত বৰ্তমান মহাযান বৌদ্ধ সকলৰ মাজত বহুল ভাৱে প্ৰচলিত মন্ত্ৰ। এই মন্ত্ৰ টোক 'নীলকন্ঠ ধাৰণী' বুলি কোৱা হয়। ধাৰণী মানে মন্ত্ৰ যদিও বৈদিক মন্ত্ৰৰ দৰে নহয়।
এইটো প্ৰকৃততে নিৰাময়ৰ মন্ত্ৰ অৰ্থাৎ আমাৰ জৰা ফুকা মন্ত্ৰৰ দৰে । মূল সংস্কৃতৰ মন্ত্ৰটো প্ৰতিখন দেশৰ ভাষালৈ অনুবাদ কৰি নিজৰ নিজৰ ভাষাত সকলোৱে গায়। বৈদিক মন্ত্ৰ যেতিয়া যিকোনো ভাষালৈ নিয়া হয় তেতিয়া শব্দবোৰ আৰু ধ্বনি একেই থাকে কিন্তু ধাৰণী মন্ত্ৰ যেতিয়া অনুবাদ হয় সম্পূৰ্ণ শব্দৰ অৰ্থ উলিয়াই কৰা হয়। আমাৰ জৰা ফুকা মন্ত্ৰ বিলাকত যিদৰে কিছুমান অৰ্থ হীন শব্দ থাকে সেইদৰে এই নীলকন্ঠ ধাৰণীটোতো কিছুমান অৰ্থ হীন শব্দ আছে ।
নীলকন্ঠ ধাৰণী বা মহাকৰুণা ধাৰণী নামেৰে প্ৰচলিত ধাৰণীটোত শিৱ বিষ্ণুৰ নামত আৰু নীলকন্ঠ মহাদেৱৰ নামত গোৱা হয়। নীলকন্ঠ মহাদেৱে যিদৰে সাগৰ মন্ঠনৰ সময়ত হলা হল বিষ পান কৰি সকলোকে বিপদৰ পৰা ৰক্ষা কৰিছিল সেইদৰে নীলকন্ঠ ধাৰণী গালে সকলো দিশৰ পৰা ৰক্ষা কৰে । সেয়ে সকলো দেশতে আদিৰে পৰা ৰজা ৰাজপাটত উঠোতে, দেৱতাৰ পূজাৰ আগতে, যিকোনো অনুস্থানৰ আৰম্ভণিত এই ধাৰণী গাই ঠাই খন শুদ্ধ, সকলোৰে বাবে বিপদ মুক্ত কৰি লোৱা হয়। এই ধাৰণী গালে সকলো বাধা দূৰ কৰে ।
বৰ্তমান হিন্দু ধৰ্মৰ পৰা বহুত আঁতৰি গ'লেও আজিও এই দক্ষিণ পূব এছিয়াৰ লোক সকলে শক্তিশালী নীলকন্ঠ মন্ত্ৰটো প্ৰতি দিনে , প্ৰতিটো অনুস্থানতেই গোৱাৰ নিয়ম চলি আছে । আমাৰ হৰিহৰ দেৱতাৰ আশীৰ্বাদত সকলো বাধা আৰু ৰোগ নিৰাময় হয় বুলি আজিও সকলোৰে বিশ্বাস। ( Religious Studies )
नीलकंठ धारणी / महा करुणा धारणी
नमो रत्नत्रयाय नमो आर्य अवलोकितेश्वराय
बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय।
ॐ सर्वरभये सुधनदस्य।
नमस्कृत्वा इमम् आर्यावलोकितेश्वर रंधव नमो नरकिन्दि ह्रीः।
महावधसम सर्व अथदु शुभुं अजेयं
सर्व सत्त्य नम वस्त्य नमो वाक मार्ग दातुह्
तद्यथा ऊँ अवलोकि लोचते करते ए ह्रीः महाबोधिसत्त्व।
सर्व सर्व मल मल महिम हृदयम्
कुरु कुरु कर्मं धुरु धुरु विजगते महाविजयते
धर धर धिरिनिश्वराय चल चल मम विमल मुक्तेले
एहि एहि शिन शिन आरषं प्रचलि विष विश प्राशय।
हुरु हुरु मार हुलु हुलु ह्रिह्
सर सर शिरि शिरि सुरुसुरु बोधिय बोधिय बोधय बोधय मैत्रिया।
नारकिन्दि धर्षिनिन भयमान स्वाहा सिद्धाय स्वाहा।
महासिद्धाय स्वाहा सिद्धायोगेश्वराय स्वाहा। नरकिन्दि स्वाहा।
मारणर स्वाहा।
सिरा संह मुखाय स्वाहा सर्व महा आसिद्धाय स्वाहा
चक्र आसिद्धाय स्वाहा।
पद्म हस्त्राय स्वाहा।
नरकिन्दि वगलय स्वाहा मवरि शन्खराय स्वाहा।
नमः रत्नत्रयाय नमो आर्यावलोकितेश्वराय स्वाहा।
ॐ सिध्यन्तु मन्त्र पदाय स्वाहा।
জুলা শৰ্মা
নতুন দিল্লী
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প আদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment