যিমানেই সুৰা পান নকৰক কিয় লিভাৰ ৰাখক সম্পূর্ণ চাফা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 9, 2022

যিমানেই সুৰা পান নকৰক কিয় লিভাৰ ৰাখক সম্পূর্ণ চাফা : Assamese Health Tips

Assamese Health Tips


লিভাৰটো চাফা কৰি কেনেকৈ সুৰা প্ৰভাৱৰ পৰা মুক্ত কৰিব পাৰি। এই লিখনিটোৰ জৰিয়তে জানো আঁহক। ( Assamese Health Tips )


লিভাৰে আমাৰ শৰীৰত ফিল্টাৰৰ দৰে কাম কৰে। ই  ৪০০ কৈও অধিক কাৰ্য সম্পাদন কৰে। লিভাৰত যদি সৰুকৈও আঘাত হয় তাৰ পৰিনাম আমাৰ শৰীৰৰ ছাল, চুলি আৰু পাচনতন্ত্ৰত দেখা পোৱা যায়।


সাধাৰণতে লিভাৰত আঘাতৰ দুটা প্ৰধান কাৰণ দেখা যায়।

১)অনুপযুক্ত খাদ্য

২)অতিমাত্ৰা মাদকদ্ৰব্য সেৱন


ভাৰতত কমেও ২.৩ লাখ লিভাৰ আক্ৰান্ত লোগে মৃত্যুক সাৱটি লোৱা দেখা যায়। ইয়াৰ ভিতৰত বেছি সংখ্যক ৰোগী সুৰাপানকাৰী। আজিকালি বন্ধৰ দিন, সপ্তাহ আৰু বাৰ্ষিক বছৰৰ অনুস্থান সকলোতে মাদকদ্ৰব্যৰ ব্যৱহাৰ হয়। মাদকদ্ৰব্যত পোৱা ইথানল,এচিটালডিহাইড ৰাসায়নিক পদাৰ্থ যেতিয়া আমাৰ শৰীৰলৈ যায় তেতিয়া ই লিভাৰটো লাহে লাহে ক্ষতি কৰিবলৈ আৰম্ভ কৰে। 


       জানো আঁহক কেনেকৈ আমি লিভাৰটো ক্ষতি হোৱাৰ পৰা বচাব পাৰোঁ। সাধাৰণতে এগিলাচ সুৰা সেৱন কৰাৰ পিছত ই লিভাৰৰ ক্ষতি কৰিবলৈ কমেও ১ ঘণ্টা সময় লয়। কিন্তু এইটো প্ৰত্যেক জন ব্যক্তিৰ প্ৰতি কম বেছি হব পাৰে। যদি আপুনি অত্যাধিক মাত্ৰাত সেৱন কৰে তেতিয়া সোনকালেই ই আপোনাৰ শৰীৰ একেবাৰে ক্ষতি কৰি তুলিব। আৰম্ভনিতে গমেই নাপাব কিয়নো ই আমাৰ লিভাৰটো ভিতৰি লাহে লাহে ক্ষতি কৰি তোলে। এইবোৰক লিভাৰ বেমাৰ বা লিভাৰ চিৰহোচিছ যাক অন্তিম ৰোগ নামেৰে জনা যায়।

    

লিভাৰ ৰোগৰ লক্ষণসমূহ হ'ল শৰীৰ ৰঙা পৰা, ওজন কমা, চুলি সৰা,পেটৰ বিষ, খজুৱতি, ভাগৰ লগা ইত্যাদি। যেতিয়া ই বাঢ়ি যায় চকু হালধীয়া হোৱা দেখা যায় যাক জণ্ডিছ বুলিও আমি কওঁ। ( Assamese Health Tips )


    যেতিয়া লিভাৰটো বেছিকৈ ক্ষতি হবলৈ ধৰে তেতিয়া তাৰপৰা পানী নিগৰি শৰীৰৰ আন অংশলৈও যায়। শৰীৰটোৰ আন অংশ বোৰেও কাম কৰাত কমি আহে। সৰু-সুৰা আঘাত বোৰতো তেজ বেছিকৈ যায় আৰু আঘাতপ্ৰাপ্ত এলেকা বোৰো বেছি সময়লৈ থাকে।


    লিভাৰ দুৰ্বল হৈ পৰাৰ লগে লগে আমাৰ মগজুতো প্ৰভাৱ পৰিব ধৰে। বিচাৰ -বুদ্ধিৰ ক্ষমতা হেৰুৱাই পেলায়। অনেক ধৰণৰ চিন্তাবোৰে মনত দোৱা দি থাকে।


 ইয়াৰোপৰি হৰমনো সম্পূৰ্ণ পৰিমাণে মাৰি পেলায়। টেষ্টোষ্টেৰন যি ব্যক্তিৰ যৌন সংযোগৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰা দেখা যায়


    জানো আঁহক কেনেকৈ কিছুমান ঘৰুৱা উপায়েৰে ইয়াৰ প্ৰতিৰোধ কৰিব পাৰি।

১) তিয়াই থোৱা কিছমিছৰ পানী :- ৫ মিনিট সময় অলপ কিছমিছ উতলাই ৰাতিটো ৰাখি পিছদিনা তাৰ পানীখিনি খালী পেটত খাব লাগে আৰু প্ৰতি এঘন্টাৰ মূৰে মূৰে পানী খাই থকা উচিত। একেৰাহে ৩ ৪ দিন খাই থাকিলে বেছি উপকাৰ হয়।


২)চিলিমাৰিন:- এইবিধ অবিধ ফুলত পোৱা যায়। ই লিভাৰৰ দুৰ্বলতা দূৰ কৰে। ইয়াৰ পৰা তৈয়াৰ কৰা কেপচুল সহজে উপলব্ধ।


৩)ঘেঁহু ৰস:- ঘেঁহু ৰসেও লিভাৰ চাফা কৰাত সহায় কৰে। ঘেঁহু ৰস সহজে যিকোনো দোকানত আপুনি বিছাৰি পাব।

  

ঘৰুৱা উপায়সমূহৰ বাদেও আপুনি নিজৰ খোৱা ক্ষেত্ৰত ধ্যান দিয়া উচিত। বাহিৰা পেকেট জাতীয় খাদ্য ইত্যাদি পাৰিহাৰ কৰাটো উচিত। হালধীৰ পৰা তৈয়াৰী হাৰ্ব ফাৰ্ম দৰৱ যি লিভাৰৰ বাবে অতি শক্তিশালী। এ গিলাছ পানীত ৩ চামুচ সেৱন কৰিলেও লিভাৰৰ বাবে অতি উপকাৰী। নহলে সহজে পোৱা কেঁচা হালধি গাখীৰৰ সৈতে ৰাতিপুৱা প্ৰতিদিনে খালেও শৰীৰৰ বাবে অতি উপযোগী।



এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


 ( Assamese Health Tips )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো।


No comments:

Post a Comment

Advertisement

Pages