মানুহ চেহেৰা ধুনীয়া নহ'লেও মানুহৰ কথা ধুনীয়া হ'ব লাগে: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 8, 2022

মানুহ চেহেৰা ধুনীয়া নহ'লেও মানুহৰ কথা ধুনীয়া হ'ব লাগে: Assamese Fact

Assamese Fact

যিমানে ধুনীয়া মহিলা হওঁক বা পৰী হওঁক। আপোনালোকে ভাৱে নেকি অলপ লিপষ্টিক লগাই ল'লে আপোনালোক দেখিবলৈ আকৰ্ষণীয় হৈ পৰিব।

( Assamese Fact )


 যিমানে যি কৰিলেও আপুনি যদি ভিতৰি ভাল নহয় তেতিয়া কি লাভ। ধুনীয়া চেহেৰা কেইদিন ভাল লাগিব এবছৰ বা দুবছৰ। যিমান ধুনীয়া হ'লেও ভিতৰি ধুনীয়া নহ'লে লাভ নাই । 


খাওঁতেটো কুকুৰকো গালি নিদিয়ে কিন্তু কিছুমান মহিলাই স্বামীক খাওঁতেও ভালকৈ খাবলৈ নিদিয়ে। এদিন এহাল স্বামী স্ত্ৰী বজাৰলে গ'ল আৰু স্বামীয়ে সুধিলে কুকুৰ এটা কিনি নিও‌ঁ নেকি ? পত্নীয়ে স্বামীক ওপৰৰ পৰা তললৈ চাই ক'লে তোমাক পালোঁ আৰু একো নালাগে মোক। 


এদিন পুতেকে কান্দি আছিল পত্নীয়ে ক'লে সি কান্দিছে চাব নোৱাৰা নি। স্বামীয়ে ক'লে-কিয় কান্দিছে শুনি লোৱা।তাই ক'লে- যি বিচাৰিছে কৰা। তেতিয়া স্বামীয়ে ক'লে- ই গাধৰ পিঠিত উঠে বোলে।অ' তুমি কান্ধত লৈ ফুৰাব নোৱাৰা নেকি বুলি পত্নীয়ে স্বামীক গালি দিবলৈ ধৰিলে। আকৌ এবাৰ পুতেকে বিয়াৰ এলবাম চাই মাকক সুধিলে -মা দৰা কি ঘোঁৰাত আহে।গাধত কিয় নাহে। তেতিয়া মাকে ক'লে- সোণ এটা গাধয়ে আনটোৰ ওপৰত বহি কেনেকে আহিব।


 সেই কাৰণে চেহেৰাই মানুহক ধুনীয়া নকৰে। মিঠা কথায়েহে মানুহক অনুপ্ৰাণিত কৰে ।সেই কাৰণে মিঠা কথা কবলৈ শিকক ।যদি এটা ঘৰ বহুত ধুনীয়া হয় মানুহে দেখিলে যদি চকুত লগা হয় তাৰ পাছত সেই ঘৰটোলে গ'লে যদি আপোনাক তাত থকা মানুহকেইজনে বহিবলৈ নকয় পানী খাব নেকি বুলি ও নোসোধে তেতিয়া তাৰ সৌন্দৰ্যতা আপোনাৰ সদায় মনত থাকিব । কাৰণ দেখিবলৈ ঘৰটো ভাল হ'লে কি হ'ব যদি তাত থকা মানুহবোৰ ভাল নহয়।( Assamese Fact )


 যদি ঘৰটো সৰু হয় তাত থকা মানুহবোৰৰ স্বভাৱ ভাল হয় ।তেতিয়া আপুনি যি হ'লেও তাত কিবা খাবলৈ দিলে নোখোৱাকৈ আহিব নোৱাৰে আৰু তেওঁ ব্যৱহাৰত আপুনি আনন্দিত হ'বয়ে। ঘৰলৈ গৈ আপুনি কি মনত ৰাখিব ধুনীয়া ঘৰ আৰু বেয়া ব্যৱহাৰ নে ? সৰু ঘৰ ভাল ব্যৱহাৰ।


মনত ৰাখিব ধুনীয়া ঘৰ মনত ৰখা নহয়।ভাল ব্যৱহাৰহে মানুহৰ মনত থাকে। আজিকালি চেহেৰা আৰু চুলিৰ বহুত ফেচন দেখা যায়। চুলি আৰু গাল ধুনীয়া কৰি লাভ নাই। মুখৰ ভাষা আৰু মুখৰ শব্দ ধুনীয়া কৰক। তেতিয়া মানুহ ইনেও আপোনাৰ ফালে আকৰ্ষিত হ'ব।


১০০০লিটাৰ নেমুৰ ৰস থৈ দিলে পৰুৱা সেইফালে কেতিয়াও আকৰ্ষিত নহয়। কিন্তু এটুপাল মৌ পেলাই দিলে তাৰ ফালে ১০০০ টা পৰুৱা আকৰ্ষিত হ'ব। সেই কাৰণে নিজৰ কথা মৌৰ দৰে মিঠা কৰক নেমুৰ দৰে টেঙা নহয়। সৰু জিভাখনে অৰ্থাৎ মুখখনে গোটেই শৰীৰৰে অৱস্থা বেয়া কৰিব পাৰে। সেই কাৰণে ভাবি চিন্তি কথা ক'ব লাগে । 


আপোনাৰ মিঠা কথায়ে সকলোকে আপোনাৰ ফালে আকৰ্ষিত কৰিব আৰু বেয়া কথায়ে সকলোকে আপোনাৰ পৰা আতঁৰাই নিব।ভাটৌ চৰাইয়ে জলা খাই তথাপিও মিঠা আৰু মৰম লগাকে কথা কয় । কিন্তু আমি মিঠা খাইও আৰু তাৰ পাছতো বেয়াকে কথা কওঁ। মানুহে চেষ্টা কৰিব লাগে ভালকে কথা ক'বলৈ তেতিয়াহে সকলোৱে তেওঁক ভাল পাব আৰু মৰম কৰিব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত






No comments:

Post a Comment

Advertisement

Pages