এই ৫ টা উপায়ৰ জৰিয়তে সহজতে কোনো ব্যক্তিৰ কথাৰ সত্যতা জানিব পাৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 8, 2022

এই ৫ টা উপায়ৰ জৰিয়তে সহজতে কোনো ব্যক্তিৰ কথাৰ সত্যতা জানিব পাৰে : Assamese Fact

Assamese Fact

 

কৰবাত লিখা হৈছে যে সূৰ্য্য আৰু সঁচাক বেছি দেৰিলৈকে লুকুৱাই থব নোৱাৰি। ( Assamese Fact )


আমাৰ জীৱনত এনেকুৱা বহুত সুযোগ থাকে যত আমাৰ সম্পূৰ্ণ বিশ্বাস থাকে যে সন্মুখৰ ব্যক্তিজনে আমাক মিছা কথা কৈছে, আমাক মূৰ্খ সাজিব বিচাৰিছে। কিন্তু আমি সেই সময়ত ইচ্ছা কৰিও একো কৰিব নোৱাৰো কিয়নো সন্মুখৰ জনে কেতিয়াও সঁচা কি সেই বিষয়ে নকয়। সঁচাটো কেৱল হয়তো তেওঁ জানিব আৰু ভগৱানে জানিব। সন্মুখৰ ব্যক্তিজনে এইটো কথা সুবিধা লৈ আমাক কথাবোৰ ঘূৰাই পকাই কয়। তেওঁ হয়তো মিছা শপত খাব পাৰে। যদি আপোনাৰ সন্মুখৰ ব্যক্তিজনে শপত খাইছে কথাষাৰ মিছা বুলি প্ৰমাণ কৰিবলৈ তেন্তে সেইয়া একেবাৰে ভুল তেওঁ মাত্ৰ লৰালিৰ ধেমালি কৰিছে। গতিকে আমি নিজৰ মাজত এনেকুৱা এটা বিশেষ গুণ আনিব নোৱাৰো নে যাৰ দ্বাৰা আমি কাৰোবাৰ লগত  অলপ সময় কথা পাতিয়েই গম পাব পাৰো যে তেওঁক বিশ্বাস কৰিব পাৰি নে নোৱাৰি? আজিৰ দিনত মিছাতো ধৰা পেলোৱা বহুত জৰুৰী হয়। যদি আপুনি কোনো কোম্পানীত ইণ্টাৰভিউ লৈছে তেন্তে candidate ৰ মিছাবোৰ ধৰিব পাৰে। আপোনাৰ জীৱন সংগীয়ে যদি কিবা মিছা মাতিছে তেন্তে আপুনি সেইটো ধৰা পেলাব পাৰে। আপুনি কৰবাত দিল এটা কৰিবলৈ গৈছে আৰু সন্মুখৰ পাৰ্টিটোৱে আপোনাক যিমানেই impress কৰিবলৈ নকওঁক কিয় আপুনি তেওঁৰ মিছা খিনি জানিব পাৰে। মিছা ধৰা পেলোৱাটো আপোনাৰ জীৱনৰ আৰু ব্যক্তিত্বৰ এটা মহত্বপূৰ্ণ অংশ হয়। যিটো আপোনাৰো যদি শিকি লয় তেন্তে জীৱনত কেতিয়াও ঠগ নাখায়, প্ৰতাৰনাৰ বলি নহয়। লাগিলে খাবলৈ কমকৈ পাওঁক, লগত টকা কমকৈ থাকক, লাগিলে প্ৰেম থাকক বা নাথাকক জীৱনত বয়স কম হওক তাৰেও কাম চলাই যাব পাৰি  । কিন্তু যেতিয়া জীৱনত প্ৰতাৰণা পোৱা যায় মানুহজন একেবাৰে ভাগি পৰে।


সেই সময়ত মানুহৰ মনলৈ এইটো আহে যে যদি এই সকলোবোৰ মই আগতেই গম পালোঁ হয়। কাৰোবাৰ মিছা কিদৰে ধৰা পেলাব?  আজিৰ এই লেখাটোত এনেকুৱা ৫ তা উপায়ৰ বিষয়ে উদাহৰণৰ সৈতে জনোৱা হব।  গতিকে এইকেইটা উপায় যিসকলে ব্যৱহাৰ কৰিব তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰক কিয়নো জীৱনত সম্পৰ্ক দুনাই গঢ়িব নোৱাৰি। আপুনি যি কৰিব তাৰ লাভ ও আপোনাৰ আৰু লোকচান ও আপোনাৰ। ইয়াত কোনৰো গেৰেণ্টি দিয়া হোৱা নাই যে এইকেইটা উপায়ে ১০০% ই কামত আহিব।গতিকে নিজৰ লাভৰ বাবে নিজৰ সন্তুষ্টিৰ বাবে এইকেইটা উপায় অৱলম্বন কৰক। 

 প্ৰথমটো পদ্ধতি হৈছে - 

 "মিছাতো বঢ়াই শুধক।" 

ধৰি লওক আপোনাৰ মনিবেগত ৫ হাজাৰ টকা  আছিল। আপুনি কোনো বন্ধুৰ সৈতে ৰুমত একেলগে থাকে  আৰু আপুনি ৰাতিপুৱা শুই উঠি মনিবেগত কেৱল ৩ হাজাৰ টকাহে দেখা পালে। অৰ্থাৎ আপোনাৰ ২০০০ টকা হেৰাইছে। এই দুই হাজাৰ টকাৰ সলনি আপোনাৰ মনিবেগত থকা সকলো বস্তু একেধৰনেই আছে। যি জনে এই টকা খিনি চুৰ কৰিলে তেওঁ কেৱল টকাহে নিছে বেলেগ বস্তু নিয়া নাই। এতিয়া আপোনাৰ মনলৈ আহিব যে যিজন বন্ধু ৰুমত একেলগে আপোনাৰ লগত থাকে তেওঁ হয়তো পইচা চুৰ কৰিছে।  তেন্তে আপুনি তেওঁক কওক যে তুমি মোৰ বেগৰ পৰা ৫ হাজাৰ টকা কিয়  লৈছা?  তুমি মোৰ ATM card কিয় চুৰ কৰিলা? এনেদৰে কোৱাৰ পাছত স্বাভাৱিক কথা যে তেওঁ এই কথা কেতিয়াও স্বীকাৰ নকৰে। তেওঁ হয়তো কব যে মই চুৰ কৰা নাই , মই তোমাৰ পাছ হাজাৰ টকা লোৱা নাই। যেতিয়া তেওঁ নিজৰ মন্তব্যত বাৰে বাৰে ৫ হাজাৰ টকাৰ বিষয়ে উল্লেখ কৰিব তেন্তে জানি লব যে ইয়াত কিবা খেলিমেলি নিশ্চয় আছে। যদি আপোনাৰ বন্ধু জনে সচাই টকা নিছে তেন্তে তেওঁ এইটো কথাত বাৰে বাৰে জোৰ দিব । তেওঁ নিজকে ভুল ধৰণেৰে শুদ্ধ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব। তেন্তে আপুনি তেওঁক তৎক্ষণাত কওক যে কিমান টকা লৈছা?  হয়তো কথাৰ মাজতে তেওঁ থতমত খাই নিজৰ মুখেৰে কৈ দিব পাৰে। হয়তো মিছা কথাষাৰ বঢ়াই কোৱাৰ বাবে নিজকে ইমান ডাঙৰ অপবাদ এটাৰ পৰা বচাবলৈ সেইটো স্বীকাৰ কৰি লব যিটো আপুনি কৰাব বিচাৰিছে।


দ্বিতীয় পদ্ধতিটো হৈছে - 

" ঘটনাটো ক্ৰমে উলুটাকৈ শুধক " 

যাৰ পৰা আপুনি সঁচাটো উলিয়াব বিচাৰিছে তেওঁ নিজৰ মগজুত এটা কাহিনী সাজি থৈ দিছে যে মই এইটো কৰিলোঁ তাৰ পাছত এইটো কৰিলো তাৰ পাছত ইয়ালৈ আহিলোঁ ইত্যাদি। এই কাহিনীটো তেওঁ সম্পূৰ্ণ ভাবে মনত ৰাখি থৈ দিয়ে। আপুনি প্ৰথমবাৰ তেওঁৰ কাহিনীটো শুনি লওক কিন্তু দ্বিতীয়বাৰ তেওঁক কাহিনী শুনাবলৈ নিদিব। বৰঞ্চ তেওঁৰ ঘটনাটো ক্ৰমে উলুটাকৈ শুধক। যদি আপুনি প্ৰশ্ন কৰাৰ লগে লগে তেওঁৰ কাহিনী সলনি হৈছে আৰু তেওঁ যদি কিবা ভাবি থকাৰ অভিনয় কৰিছে  তেন্তে তেওঁ নিজেই সজা এই মিছা কাহিনীটোত নিজেই ফচি গল। তেন্তে জানি লওক যে সাৱধান হোৱাৰ সময় আহি পৰিছে। হয়তো আপোনাৰ সন্মুখৰ ব্যক্তি গৰাকীয়ে আপোনাক মিছা কৈছে। সঁচা লাগিলে যিমানেই তিতা হওক কিন্তু সচাঁৰ এটা বিশেষ গুণ কি জানেনে?  সঁচা কবলৈ ভাবিব নালাগে। যদি আপুনি সঁচা কথা কৈছে তেন্তে একো মনত ৰখাৰ প্ৰয়োজন নাই। কিয়নো আপুনি সত্যত আছে আৰু আপোনাৰ লগত সত্য ঘটনাৰ experience আছে। কিয়নো বাস্তৱতে সেইটো আপোনাৰ লগত হৈছিল। গতিকে যিয়েই আপোনাক ওলোটাই ঘূৰাই পকাই শুধক আপুনি সঁচাটো ভয় নকৰাকৈ কৈ দিব পাৰিব। কিন্তু মিছা কথাত ঘটনা ক্ৰমটো উলুটাকৈ সুধিলে ঘটনাটো মিছা বুলি প্ৰমাণিত হোৱাত সম্পূৰ্ণ সম্ভাৱনা আছে।


তৃতীয় পদ্ধতিটো হৈছে-  

সন্মুখৰ ব্যক্তিজনৰ মগজুত এইটো বহাওক যে তেওঁ যিয়েই নকৰক লাগে তেওঁ শুদ্ধ কৰিলে। যদি আপুনিও তেওঁৰ ঠাইত থাকিল হেতেন তেন্তে আপুনিও সেই একেই কৰিলে হেতেন। এই কথাষাৰ সন্মুখৰ জনৰ মগজুত ভৰাব লাগিব।

প্ৰথমে এইটো কথা বুজি লওক যে মানুহে কিয় মিছা মাতে?  হয়তো তেওঁৰ কিবা লাভ হৈছে সেইবাবে মিছা কৈছে অথবা তেওঁক অপৰাধী সজোৱা হব যদি তেওঁ সঁচা কথা কৈ দিয়ে। মানুহে তেওঁৰ সন্মান কৰিবলৈ এৰি দিব। সেইবাবে তেওঁ লাজতে সঁচাটো কব খোজা নাই। গতিকে তেওঁৰ দ্বাৰা সঁচাটো স্বীকাৰ কৰাব হলে তেওঁৰ দৰেই অভিনয় কৰিব লাগিব । আপুনি তেওঁক কব লাগিব যে 'জীৱনত মইও এনেকুৱা এবাৰ কৰিছো কিন্তু মই অনুতপ্ত নহয়'  । তেতিয়া সেই মিছলিয়া লোকজনে ভাবিব যে এওঁৰ লগতো এনেকুৱা হৈছে আৰু তেওঁ অনুতাপ কৰা নাই। অৰ্থাৎ মই যি ভুল কৰিলোঁ সেইটো বহুত সৰু হয়।  যদি আপুনি তেওঁৰ মনত বহুৱাব পাৰে যে তেওঁ কোনো ডাঙৰ কাম কৰা নাই ডাঙৰ ভুল কৰা নাই তেন্তে সম্পূৰ্ণ সম্ভাৱনা আছে যে তেওঁ সঁচাটো এদিন নহয় এদিন নিশ্চয় আপোনাক কব। হয়তো সেই সময়তে কব পাৰে।  যদি আপুনি সঁচাটো জানিব খোজে তেন্তে আপুনিও দেখুৱাব লাগিব যে আপুনি তেওঁৰ দৰেই হয়। যেতিয়া দুয়োজন ব্যক্তি একেধৰণৰ হয় তেওঁলোকৰ মাজত সম্পৰ্কটো বহুত ভাল হয়। ( Assamese Fact )


চতুৰ্থটো পদ্ধতি হৈছে- 

'সন্মুখৰ জনক নিজৰ কথা কবলৈ যিমান পাৰে সিমান সুবিধা দিয়ক।'

 তেওঁ যেতিয়াই নিজেই সকলো কথা কবলৈ পাব তেওঁ কথাৰ মাজতে সঁচাটো কৈ পেলাব। কিন্তু এইটো জৰুৰী নহয় যে তেওঁ সঁচাটো কৈ দিব। কিন্তু এইটো কথাৰ সম্ভাৱনা বাঢ়ি যাব যে তেওঁ যিমানবাৰ কব সিমানেই তেওঁৰ Statement সলনি হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। হয়তো তেওঁ এনেকুৱা কিবা কথা কৈ দিব যিটো তেওঁ আগতে কেতিয়াও কোৱা নাই। আগতে হয়তো বেলেগ কিবা কৈছিল  আৰু এতিয়া বেলেগ কৈছে।  ইয়াতো সম্ভাৱনা আছে যে সন্মুখৰ ব্যক্তিজনে হয়তো মিছা মাতিছে। এনে ক্ষেত্ৰত তেওঁক বিশ্বাস কৰাটো বহুত কঠিন হৈ পৰে। তেওঁ যেতিয়া আপোনাক কথাবোৰ কৈ থাকিব তেওঁক কোনো প্ৰশ্ন নকৰিব আৰু তেওঁৰ বাক্যসমূহ সম্পূৰ্ণ নকৰিব। তেওঁৰ বাক্য তেওঁক সম্পূৰ্ণ কৰিবলৈ দিয়ক। যদি আপুনি তেওঁৰ বাক্যসমূহ সম্পূৰ্ণ কৰিবলৈ লয় তেন্তে মিছা কোৱাটো তেওঁৰ বাবে আৰু সহজ হৈ পৰিব।


পঞ্চমটো পদ্ধতি হৈছে- 

'সন্মুখৰ ব্যক্তিজনৰ সোনকালে উত্তৰ দিয়া' 

 মানি লওক আপোনাৰ কাৰোবাৰ ওপৰত সন্দেহ আছে আৰু তৎক্ষণাত আপুনি তেওঁক সুধিলে যে 'কেনেবাকৈ তুমি এইটো কৰা নাই তো?' 

 তেতিয়া তেওঁ আপোনাক তৎক্ষণাত উত্তৰ দিব যে মই এনেকুৱা নাই কৰা। আপুনি তেওঁক সাধাৰণ প্ৰশ্ন এটা কৰিলে আৰু তেওঁ আপোনাক সকলো বিৱৰণ দি দিলে। মানি লওক সন্মুখৰজনে তৎক্ষণাত উত্তৰ দিছে  তেন্তে ইয়াত নিশ্চয় কিবা খেলিমেলি আছে। যেতিয়া আপুনি আচল কথাটোলৈ আহিব তেতিয়া তেওঁ এনেকুৱা কৰি দেখুৱাব যেন একোৱেই হোৱা নাই। যেতিয়া আচল কথাটো কব তেওঁ তেতিয়া কথাষাৰ একেষাৰে শেষ কৰি দিব। যিয়ে মিছা কয় তেওঁ জোখতকৈ বেছি কথা কয় কিন্তু আচল কথাটো কেতিয়াও নকয়। তেওঁৰ body language তেতিয়া সলনি হৈ পৰিব। হয়তো তেওঁ সেই কামটো নাই কৰা বুলি ধমকি দিবও পাৰে। অৰ্থাৎ আপুনি তেওঁক যি ইচ্ছা তাকেই শুধক কিন্তু আচল কথাটো নুসুধিব। ইয়াত সম্ভাৱনা বাঢ়ে যে হয়তো সন্মুখৰ জনে এই কামটো কৰিছে।


ভুল কৰাজন দোষী হয় ইয়াত কোনো সন্দেহ নাই কিন্তু  প্ৰতিজন ব্যক্তিৰে অধিকাৰ আছে নিজৰ ভুলবোৰ শুধৰাবলৈ এবাৰ সুবিধা পোৱাটো। কিয়নো এটা ভুলৰ বাবে আপুনি কাকো দোষী সজাব নোৱাৰে। সন্দেহ কৰক কিয়নো ই আপোনাৰ অধিকাৰ। কিন্তু কেতিয়াবা নজনাকৈয়ে ভুল হৈ যায়। কেতিয়াবা মানুহে বাধ্যত পৰি কিছুমান ভুল কৰে। যেতিয়া এজন ব্যক্তিয়ে ভুল কৰে তেওঁক পুনৰ বিশ্বাস কৰাটো কঠিন হৈ পৰে। কিন্তু তেওঁ সেই ভুল শুধৰাবলৈ এবাৰ সুযোগ পাব লাগে। এইটো জীৱন হয় , নিষ্ঠাৰে জীৱনটো জীয়াই থাকিব লাগিব। জীৱনত আপুনি যি কৰিলে সেই বিষয়ে কবলৈ আপোনাৰ সাহস থাকিব লাগে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages