মগজু সঠিক ৰূপত চলিলে কি কি কৰিব পাৰি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 8, 2022

মগজু সঠিক ৰূপত চলিলে কি কি কৰিব পাৰি : Assamese Fact

Assamese Fact


আমাৰ মগজু যদি সঠিক ৰূপত চলে তেতিয়া আমাৰ মগজুৱে কি কি কৰিব পাৰে জানো আহঁক এটা কাহিনী জৰিয়তে। ( Assamese Fact )


এজন অধ্যাপক আছিল তেওঁৰ নাম আছিল চেমুৱেল নৰমেল। তেওঁ মগজুৰ ওপৰত বহুত দিনৰ পৰা অধ্যয়ন কৰি আছিল আৰু এদিন তেওঁ টেজত বক্তিতা প্ৰদান কৰি আছিল। তেওঁ ক'লে যিকোনো মানুহে মগজুৰ ১০% হে ব্যৱহাৰ কৰে। তাৰ পিছতো মানুহে গাড়ী পৰা ধৰি চেটেলাইট আদিও আৱিষ্কাৰ কৰি উলিয়ালে। চন্দ্ৰ লৈ গ'ল, মাত্ৰ ১০% মগজুৰ ব্যৱহাৰ কৰিয়ে। 


পৃথিৱীত এনেকুৱা এটা প্ৰাণী আছে যিয়ে মগজুৰ ২০% ব্যৱহাৰ কৰে।যদি মানুহে ২০% মগজু ব্যৱহাৰ কৰে তেতিয়া শৰীৰৰ বিষয়ে সকলো জানিব পাৰিব আৰু শৰীৰটো সন্তুলিত কৰি ৰাখিব পাৰিব। আকৌ যদি মানুহে ৪০% মগজু ব্যৱহাৰ কৰে তেতিয়া সন্মুখৰজনৰ শৰীৰটোও সন্তুলিত কৰি ৰাখিব পাৰিব।


 তেতিয়াই এজন ছাত্ৰই সুধিলে - যদি ১০০% ব্যৱহাৰ কৰিব পৰা হয় তেতিয়া কি হ'ব। তেতিয়া অধ্যাপকজনে ক'লে ইয়াৰ বিষয়ে মই নাজানো।কি হ'ব মই ক'ব নোৱাৰিম। এজনী ছোৱালী আছিল তাইৰ নাম আছিল লুচি ।প্ৰেমিকে মাতিলত তাই হোটেললে আহিল আৰু ক'লে মোক কিয় মাতিছিলা। তাৰ নাম আছিল ৰিচাৰ্ড সি ক'লে তুমি এই বাকচটো মোৰ কাৰণে দি আহিব লাগিব জন নামৰ মানুহজনক ।১০০০ ডলাৰ পাম তাৰে ৫০০ ডলাৰ মই তোমাক দি দিম। 


তাই ক'লে ইমান সৰু কামৰ বাবে ইমান পইচা মই নকৰোঁ মই জানো ইয়াত কিবা বেয়া বস্তু আছে। তেতিয়া তাইৰ প্ৰেমিকেজনে বাকচটো তাইৰ হাতত শিকলি লগাই তলা মাৰি দিলে আৰু ক'লে তুমি এতিয়া যাব লাগিব কাৰণ এই তলাটোৰ চাবি জনৰ তাতহে আছে।তাই ভিতৰলৈ গ'ল আৰু কেইজনমান মানুহ আহিল তাৰ পিছত সিহঁতি ৰিচাৰ্ডক গুলিয়াই দিলে আৰু লুচিক জোৰ কৰি টানি লৈ গ'ল আৰু তাই ৰুমত গৈ দেখিলে এটা মানুহৰ মৃত্যু শৰীৰ পৰি আছে। 


তাই বহুত ভয় খালে আৰু তেতিয়াই জন তালৈ আহিল আৰু তাই ক'লে চোৱা মই একো নাজানো এইবোৰ কি হৈছে।মোকটো ৰিচাৰ্ডে এই বেগটো দিবলৈ কৈছিলে।মোক নামাৰিবা মই একো কৰা নাই। জনে তাইক এটা নম্বৰ কাগজত লিখি দিলে আৰু খুলিবলৈ কৈ সিহঁতি আতঁৰি দিলে ।তাই ক'লে তোমালোক কিয় গুচি গ'লা। সিহঁতি ক'লে - যিয়ে এই বেগটো দিছে তাৰ ওপৰত আমাৰ বিশ্বাস নাই। 


তাই ভয়ে ভয়ে বাকচটো খুলিলে ।জনে সুধিলে তাৰ ভিতৰত কি আছে। তাই ক'লে- পেকেট ৪টা আছে আৰু বেঙুনীয়া ৰঙৰ পাউদাৰ সোমাই আছে। তেতিয়া জনহতঁ ভিতৰলৈ আহিল। সি দেখি আনন্দিত হৈ পৰিল আৰু তাইক ক'লে তুমি আমাৰ এটা কাম কৰিব লাগিব। তাই সুধিলে কি কাম । এই পেকেটকেইটা তুমি বিক্ৰী কৰীব লাগিব ।


তাই নকৰোঁ বুলি ক'লত তাত থকা এজন পুৰুষে তাইৰ মুখত ঘুঁচা মাৰি দিলে আৰু তাই অচেতন হৈ পৰি গ'ল। যেতিয়া চেতনা ঘূৰাই পালে তাই দেখিলে যে তাই বিচনাত শুই আছে আৰু কোনোবাই তাইৰ পেটৰ অপাৰেশ্যন কৰি তাত ব্ৰেনডেচ কৰি থৈছে। তেতিয়াই মানুহ এজন আহি ক'লে -ভয় নকৰিবা আমি তোমাৰ পেটত অকল এটা পেকেট ভৰাইছো । তাৰ পিছত সিহঁতি তাইক জনৰ ওচৰলৈ লৈ গ'ল। 


তেতিয়াই আৰু তেনেকুৱা তিনিজন মানুহ আহিল আৰু জনৰ ওচৰত থকা মানুহজনে ক'লে - তোমালোক চাৰিওজনে যদি কিবা ভুল কৰা তোমাৰ লগতে তোমাৰ ঘৰৰ মানুহকো মাৰি পেলাম।  সিহঁতৰ মুখত ক'লা কাপোৰ বান্ধি বেলেগ বেলেগ ঠাইলৈ লৈ যোৱা হ'ল। লুচিক এটা ৰুমত বন্দি কৰি থোৱা হ'ল আৰু তাইক লৈ অহা এটাই লুচিক চুবলৈ চেষ্টা কৰিছিল। তাই নিদিলত তাইক মাৰিবলৈ ধৰে আৰু তাইৰ পেটত গোৰিয়াবলৈ ধৰে। 


তাৰ পাছত তাই বিষত কান্দিবলৈ‌ ধৰিলে গোৰিয়ালত তাইৰ পেটত থকা পেকেটো ফাটি তাইৰ তেজত মিহলি হ'বলৈ ধৰে। তাই অচেতন হৈ পৰিল ।যেতিয়া চেতনা ঘূৰাই পালে তাই উঠি বহিলে আৰু এফালে চাই আছিল । তেনেকুৱাতে এটা ল'ৰা ভিতৰলৈ আহিলে আৰু তাইৰ তাক আকৰ্ষণ কৰিবলৈ ধৰিলে।সি আকৰ্ষিত হৈ তাইৰ ওচৰলৈ আহিলে আৰু তাই আক্ৰমণ কৰি তাৰ বন্দুকটো লৈ তাক মাৰি পেলালে।


 তাই সেই ৰুমটোৰ পৰা উলাই গ'ল ৰাস্তাত আৰু মানুহ  আছিল সিহঁতকো তাই গুলিয়াই দিলে। তাইৰো গাত এটা গুলি লাগিল। কিন্তু তাই গুলিটো হাতেৰে উলিয়াই পেলালে আৰু গোটেই অস্ত্ৰ -শস্ত্ৰলৈ তাৰ পৰা উলাই গ'ল। তাই চিকিৎসালয়লৈ যাবলৈ ল'লে আৰু যাওঁতে দেখিলে  যিসকল ব্যক্তিয়ে আঁতৰত ৰৈ কথা পাতি আছিল তাই সকলোবোৰ শুনিছে।তাই বুজি পোৱা নাছিল তাইৰ লগত কি হৈছে।


তাই অপাৰেশ্যন ৰুমত সোমোই যায় আৰু তাত অপাৰেশ্যন কৰি থকা ৰোগীজনৰ বিষয়ে জানি যায় আৰু তেওঁৰ মূৰত তাই গুলি মাৰি দিয়ে। চিকিৎসক সকলে ভয় কৰিলে ।তাই ক'লে- ভয় নকৰিবা ইনেও ইয়াক তোমালোকে বচাব নোৱাৰে ইয়াৰ টিউমাৰ অন্তিম পৰ্যায়ত আছিল বুলি কৈ তাই চিকিৎসক সকলক বন্দুক দেখুৱালে আৰু ক'লে মোৰ পেটত এটা ড্ৰাকচৰ পেকেট আছে সেইটো উলিওৱা ।(Assamese Fact )


এটা চিকিৎসকে ক'লে ঠিক আছে মই তোমাৰ অপাৰেশ্যন কৰিম ।কিন্তু তাৰ আগত তোমাক লোকেল এনেটেচিয়া দিব লাগিব।লুচিয়ে ক'লে তাৰ প্ৰয়োজন নাই। মোক এনেকেই অপাৰেশ্যন কৰা।চিকিৎসক সকলে কৰিবলৈ ধৰিলে।তাই তেতিয়াই মাকক ফোন কৰিলে আৰু মাকক এনেকুৱা কিছুমান কথা ক'লে যিবোৰ মাকে বিশ্বাস কৰা নাছিল। তেনেকুৱাতে নেটৱৰ্কৰ সমস্যাৰ ফলত ফোনটো কাট খাই গ'ল। 


চিকিৎসক সকলে পেকেটটো উলিয়ালে আৰু তাই সুধিলে আৰু ইয়াত কিমান আছে।১৫০গ্ৰাম মান আছে বুলি চিকিৎসক সকলে ক'লে ।তাই সুধিলে মোৰ শৰীৰত বিয়পি পৰা এই ড্ৰাকচৰ প্ৰকোপ কেতিয়া নাইকীয়া হ'ব। চিকিৎসক সকলে ক'লে এইটো জানিবলৈ আগত  ড্ৰাকচটো কি জানিব লাগিব। তেতিয়া তাই ক'লে এইটো (চিপি.এচ ৪) চিকিৎসক সকলে ভয় খাই উঠিল। তাই সুধিলে এই

 (চিপি.এচ ৪) কি। 


তেতিয়া চিকিৎসক সকলে ক'লে এই পদাৰ্থবিধ গৰ্ভৱতী মহিলাই গৰ্ভধাৰণ কৰা চতুৰ্থ সপ্তাহত বহুত কম পৰিমাণে  (চিপি.এচ ৪) উৎপন্ন কৰে যি শিশুৰ কাৰণে লাগে।এই (চিপি.এচ ৪) য়ে শিশুৰ হাড়বোৰ গঠন কৰে। চিকিৎসক সকলে ক'লে আমি শুনিছিলো বনাই আছে বুলি ।কিন্তু বনাই হ'ল বুলি নাজানো। কিন্তু (চিপি.এচ ৪)ইমান তোমাৰ শৰীৰত মিহলি হ'ল তুমি তেতিয়া কেনেকৈ জীয়াই আছে।তাই ক'লে বেচি দেৰি নহয়।



 তাই তাৰ পিছত জনৰ তালৈ যায় আৰু তাত থকা সকলো দেহ ৰক্ষীকে মাৰি পেলালে । জনৰ ওচৰ পায় তাৰ হাত চাকু ভৰাই ক'লে-কোৱা বাকী তিনিওজনক ক'ত থৈছা। সি ন'কলে। কিন্তু তাই তাৰ কপালত হাত দি সকলো কথা জানি ল'লে। লুচিৰ মগজু ইমান বৃদ্ধি হ'ল যে তাই আনৰ মগজুত থকা কথা সহজতে জানিব পাৰে। তাই তাৰ পৰা গৈ লগৰ ছোৱালী এজনীৰ ঘৰত সোমাল আৰু তাই কম্পিউটাৰত মগজুৰ ওপৰত অধ্যয়ন কৰা মানুহ বিচাৰিলে অৰ্থাৎ নেটত চাৰ্চ কৰিলে ।



তাই তাত অধ্যাপক চেমুৱেল নৰমেলৰ কথা পালে। তাই সকলো পঢ়ি অধ্যাপক চেমুৱেল নৰমেললে ফোন কৰিলে আৰু ক'লে মোৰ চেলচে ৰিপ্ৰডিওচ কৰিছে মিলিয়ন এক চেকেণ্ডত। তাই ক'লে এনেকে হৈ থাকিলে মই ২৪ ঘন্টাৰ আগতেই মৰি যাম। তেতিয়া অধ্যাপক চেমুৱেল নৰমেললে ক'লে মই একো বুজি পোৱা নাই তুমি কি কৈছা।তাই ক'লে মোৰ শৰীৰত (চিপি.এচ ৪) বিয়পি পৰিছে। যাৰ ফলত এইবোৰ হৈছে।



তাই ক'লে এই ড্ৰাকচৰ ফলত তাই আগলৈ নিজৰ মগজু১০০% ব্যৱহাৰ কৰিব পাৰিব আৰু এতিয়া তাই ২৮% ব্যৱহাৰ কৰা বুলি ক'লে। তাই অধ্যাপকজনক ক'লে মই এতিয়া কি কৰোঁ । মই আপোনাক লগ কৰিবলৈ যাম বুলি কৈ তাই ফোনটো ৰাখি লগৰজনী ঘৰৰ পৰা গুচি গ'ল আৰু পেৰিছৰ পুলিচক ফোন কৰি ক'লে-তিনিজন মানুহ আহিব বিমান বন্দৰলৈ তেওঁলোকক ধৰিবা সিহঁতৰ পেটত ড্ৰাকচৰ পেকেট আছে আৰু উলিয়াই সেইকেইটা ভালকে থবা মই গৈ পাম। 


তাই ফোনটো কাটি সেই শক্তিৰ বলত পুলিচক মানুহকেইজন সকলো তথ্য দি দিয়ে। পুলিচে সিহঁতক এৰেষ্ট কৰিলে আৰু চিকিৎসালয়লৈ লৈ গ'ল। কিন্তু জনৰ বেলেগ মানুহ কেইটামানে গম পায় চিকিৎসালয়ত আক্ৰমণ কৰিলে আৰু পুলিচকেইটাক মাৰি সিহঁতৰ পেটৰ পৰা ড্ৰাকচৰ পেকেট উলিয়াই লৈ যাবলৈ লও‌ঁতে  লুচি আহি পালে আৰু সিহঁতি তাইক বন্দুক দেখুৱালে ।


 তাইৰ লগত পুলিছৰ এজন অফিচাৰো আছিল ।তাই সিহঁতক হাত নলগোৱাকে মাৰি পেলালে আৰু ড্ৰাকচৰ পেকেটকেইটা লৈ তাৰ পৰা পুলিছ অফিচাৰজনৰ লগত গুচি যায়। তাৰ পিছত সিহঁতি অধ্যাপক চেমুৱেল নৰমেলৰ ওচৰলৈ গ'ল আৰু অধ্যাপকজনে তাইক বাকী অধ্যাপক কেইজনৰ লগত চিনাকি কৰাই দিলে। তাৰ পাছত লুচিয়ে সকলোৰে লগত কথা পাতে আৰু এনেকুৱা এনেকুৱা কিছুমান কথা কয় যিবোৰ শুনি অধ্যাপক কেইজন আচৰিত হ'ল।



 তেতিয়া তালৈও জনৰ গুণ্ডা আহি পালে আৰু পুলিচজনে ক'লে লুচি তুমি এওঁলোকক কোৱা সিহঁতক মই ৰখাম। তাই অধ্যাপক কেইজনক ক'লে -আমাৰ ওচৰত বেচি সময় নাই। তেতিয়া তাই মগজুৰ ৬০% ব্যৱহাৰ কৰি আছিল। তাই আনকেইটা পেকেটো শৰীৰত মিহলাই লয় আৰু  তাইৰ মগজুৰ ক্ষমতা বাঢ়িবলৈ ধৰিলে। 



৯০% যেতিয়া হ'ল তাই অতীতলৈ অৰ্থাৎ পিছলৈ গৈ তথ্য সংগ্ৰহ কৰিবলৈ ধৰিলে। ৯৯% হ'লত তাই পৃথিৱীৰ সকলো ৰহস্য জানি উঠিল আৰু ১০০% হ'লত তাই তাৰ পৰা নাইকীয়া হৈ থাকিল। আচলতে তাইৰ মগজুৰ ক্ষমতা ইমান হৈ পৰিল যে তাই জীয়াই থাকিবলৈ এতিয়া শৰীৰৰ প্ৰয়োজন নাই।


 তাৰ পাছত নিজেই নিজেই এটা পেইনডাইভ উলাই আহি অধ্যাপক চেমুৱেল নৰমেলৰ হাতত পৰিল ।পুলিচ অফিচাৰজনে সুধিলে এইবোৰ কি হৈছে আৰু লুচি ক'ত। তেতিয়াই পুলিছজনৰ ফোনত মেচেজ আহিল মই সকলোতে আছোঁ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in

( Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত






No comments:

Post a Comment

Advertisement

Pages