আজি আমি আলোচনা কৰিম এনেকুৱা ৫ টা খৰচৰ বিষয়ে যিকেইটাৰ পৰা আপুনি বাছি থাকিব লাগে । ( Assamese Fact )
যদি আপোনাৰ বয়স ১৫ ৰ পৰা ৩০ বছৰ তেন্তে এইটোৱেই হৈছে সেইটো সময় যত আপোনাৰ খৰছ বোৰৰ পৰা গম পোৱা যায় যে ভৱিষ্যতে আপুনি ধনবান হব নে নহয় ? যেতিয়া মানুহ ডেকা হৈ থাকে তেতিয়া নিজৰ বস্তুবোৰ বেলেগক দেখুৱাই বৰ ভাল পায়। আপুনি কি কিনিছে, আপোনাৰ ওচৰত কি বস্তু আছে সেই বিষয়ে খুলি কবলৈ যিটো তেওঁলোকৰ ওচৰত নাই আৰু সেইবাবে আপুনি বেলেগ হয়। মুঠতে আপুনি নিজকে আনৰ পৰা বেলেগ বুলি কব বিচাৰে। যাৰ ফলত আপুনি এনেকুৱা কিছুমান বস্তু ক্ৰয় কৰে যিটোৰ প্ৰয়োজন বৰ্তমান আপোনাৰ হোৱা নাই। গতিকে আপুনি এই ৫ তা খৰছৰ বিষয়ে জানিব লাগিব বচাব লাগিব আৰু সেই টকাৰে কি কৰিব আজিৰ এই লেখাটোৰ জৰিয়তে আমি জানিম।
প্ৰথমতেই আমি আলোচনা কৰিম প্ৰথম খৰছতোৰ বিষয়ে। আজিকালি সকলো লৰা ছোৱালীৰে সপোন হৈ পৰিছে যে তেওঁৰ হাতত এটা আই ফোন (apple) থাকে আৰু মানুহক দেখুৱাব পাৰে যে তেওঁৰ ওচৰত এটা আই ফোন আছে। নিজৰ status ওপৰত দেখুৱাবলৈ প্ৰতিজন লৰা ছোৱালীয়ে আই ফোনৰ demand কৰে নিজক আৰু নিজৰ মাক দেউতাকক আৰু সেইটো কিনি লব বিচাৰে। যদি আপোনাৰ বয়স ১৫ ৰ পৰা ৩০ বছৰৰ ভিতৰত হয় তেন্তে আপুনি দামী মোবাইল ফোন ক্ৰয় কৰাৰ পৰা বাছি থাকিব লাগিব । অৱশ্যে এইটো উপদেশ লাখপতি কোটিপতি সকলৰ বাবে নহয় বৰঞ্চ সেইসকল মধ্য বৃত্ত পৰিয়ালৰ লোকৰ বাবেহে যিয়ে জীৱনত আগুৱাই যাব বিচাৰে। যিকোনো এটা দামী ফোন কিনাৰ আগত নিজকে এটা প্ৰশ্ন কৰক যে এই বস্তুটোৰ আপোনাৰ জীৱনত কিদৰে ব্যৱহাৰ হব? মানি লওক যে এজন লৰাই যিকোনো পৰিস্থিতিতে এটা আই ফোন কিনিব বিচাৰে । এতিয়া ইয়াত আই ফোন কিনাৰ দুটা কাৰণ হব পাৰে প্ৰথমতে হৈছে যে লৰাজনে নিজৰ বন্ধুবৰ্গক দেখুৱাব বিচাৰে যে তেওঁৰ ওচৰত এটা ব্ৰেণ্ডেড ফোন আছে তাৰ পাছত সেই ফোনটোৰে তেওঁ কেৱল কথাহে পাতিব আৰু একো নকৰে। দ্বিতীয়টো কাৰণ হব পাৰে যে লৰাজনে কোনো ডিজিটেল কনটেণ্ট create কৰে অথবা কিবা ক্লাছ লয় যাৰ ফলত তেওঁৰ আই ফোনৰ প্ৰয়োজন। গতিকে দ্বিতীয়টো কাৰণৰ বাবে ক্ৰয় কৰা ব্যক্তিজনে দামী ফোন নিশ্চয় ক্ৰয় কৰিব পাৰে কিয়নো তাৰ যোগেদি কিবা এটা কৰি তেওঁ জীৱনতো আগুৱাই লৈ যাব।
যদি নিজৰ status maintain কৰিবৰ বাবে আপুনি দামী ফোন ক্ৰয় কৰিছে তেন্তে ই ভুল। যদি আপুনি এজন মধ্য বৃত্ত পৰিয়ালৰ সদস্য হয় আৰু ফোনটোত কথা পতাৰ বাহিৰে আৰু ফোনটো আপুনি একো কামতেই ব্যৱহাৰ নকৰে তেন্তে দামী ফোন ক্ৰয় নকৰাই ভাল। আজিৰ দিনত এটা latest আই ফোনৰ দাম এক লাখ টকা। গতিকে আপুনি ২০,০০০ টকাৰ ভিতৰত এটা ফোন ক্ৰয় কৰিব লাগে আৰু নিজৰ ৮০,০০০ টকা আপুনি সঞ্চয় কৰিব লাগে। অলপ সময়ৰ কাৰণে আপোনাৰ নিশ্চয় এনে লাগিব যে এইটো আমাৰ show off কৰাৰ বয়স গতিকে আমি এইটো কিয় নকৰিম? কিন্তু ভৱিষ্যতে ইয়াৰ লাভ আপোনাৰ বহুত হব যি আপুনি আগলৈ জানি যাব পাৰিব।
দ্বিতীয়টো খৰছ হৈছে যি কেৱল ডেকা চামেই নহয় বয়োজ্যেষ্ঠ জনেও বচাব পাৰিব সেইটো হৈছে শ্বপিং ম'লৰ পৰা বজাৰ কৰা। বহুত বাৰ হয়তো আপোনালোকে লক্ষ কৰিছে যে আপুনি কিবা এটা বস্তু কিনিবলৈ ম'ললৈ যায় কিন্তু সেই বিশেষ বস্তুতো কিনাৰ সলনি আপুনি বেলেগ বহুত বস্তু কিনি লৈ আনে। এই ডাঙৰ ডাঙৰ shopping maul সমূহৰ পৰিকল্পনা থাকে যে আপুনি প্ৰয়োজনীয় বস্তুটোৰ লগতে কিছুমান অপ্ৰয়োজনীয় বস্তুও লৈ যায় যাৰ ফলত তেওঁলোকৰ বিক্ৰী বাঢ়ে আৰু লাভ বাঢ়ে। মনত পেলাওক আগতে যেতিয়া আপুনি কোনো দোকানত বস্তু আনিবলৈ গৈছিল তেতিয়া কেৱল দৰকাৰী বস্তুতো লৈয়ে গুচি আহিছিল। তাত এজন দোকানী আছিল যিয়ে আপোনাক এটা এটাকৈ বস্তু উলিয়াই দেখুৱাইছিল। কিন্তু যেতিয়া আপুনি ম'ললৈ যায় তেতিয়া সকলো বস্তু নিজ ইচ্ছাৰে নিজেই লৈ লব পাৰে। এই খৰছতো বচাবলৈ আপুনি একেবাৰে সাধাৰণ কাম এটা কৰিব পাৰে। যদি আপুনি সৰু কিবা বস্তু কিনিব বিচাৰে তেন্তে ওচৰৰ দোকানৰ পৰাই কিনি লব পাৰে।
দ্বিতীয় পদ্ধতিটো হৈছে যদি আপুনি শ্বপিং মললৈ গৈছে তেন্তে লগত এখন লিষ্ট বনাই লৈ যাওক যে আপুনি কেৱল এইকেইটা বস্তু কিনিব লাগিব। কিয়নো মললৈ যোৱাৰ পাছত আপুনি বিনামূলীয়া লালসা লাভ কৰে অৰ্থাৎ এটাৰ লগত এটা বস্তু বিনামূলীয়াকৈ পোৱাৰ লালসা আৰু এই লালসাত আপুনি নিজকে বাধা দিব নোৱাৰে সেইবাবে আপুনি সেইবোৰ বস্তু কিনি লয় যিবোৰ কিনাৰ আপোনাৰ কোনো প্ৰয়োজন নাই। যদি আপুনি নিজৰ খৰছবোৰ ভালদৰে maintan কৰে তেন্তে আগৰ খৰছবোৰ ভালদৰে এবাৰ চাব তেতিয়া আপোনাৰ খৰছৰ মাজত এক বহুত ডাঙৰ পৰিৱৰ্তন আহিব। ( Assamese Fact )
তৃতীয়টো খৰছ হৈছে যিটো আজিকালি প্ৰায়ে স্বাভাৱিক হৈ পৰিছে আৰু সকলো ডেকা গাভৰু বয়োজ্যেষ্ঠই এই খৰছতো কৰিছে। তাৰ পৰাও কিন্তু আপুনি ভাল সঞ্চয় এটা কৰিব পাৰে আৰু সেই টকা উপযুক্ত কামত খটাব পাৰে।
সেই খৰছতো হৈছে "App Instalation আৰু Subscription ৰ খৰছ।
"Netflix, amazon prime, hotstar "ইত্যাদিৰ দৰে বহুতো এপ আছে মনোৰঞ্জনৰ বাবে যত আপুনি মাহত অথবা বছৰত এবাৰ ৰিচার্জ কৰাবলগা হয়। আপুনি প্ৰথমে এটা প্লেটফৰ্মৰ ব্যৱহাৰ কৰি শেষ হোৱাৰ পাছত বেলেগ এটা প্লেটফৰ্মৰ বাবে ৰিচাৰ্য কৰে। তাৰ পাছত এনেকুৱা এটা সময় আহে যেতিয়া সকলো প্লেটফৰ্ম আপোনাৰ ওচৰত থাকে। কিন্তু আপুনি ব্যস্ত হৈ পৰাৰ ফলত সেই প্লেটফৰ্ম সমূহৰ ব্যৱহাৰ নকৰে। এতিয়া ভাবি চাওক যে সেইবোৰ ৰিচাৰ্য কৰি আপুনি যি টকা খৰচ কৰিলে সেইটো কোনো কামত নাহিল। যদি আপুনি চিনেমা চাব বিচাৰে তেন্তে তাৰ বাবে বেলেগ ৰিচার্জ গান শুনিবলৈ বেলেগ ৰিচার্জ কৰাব লগা হয়।
যদি আপুনি কিতাপ পঢ়িব বিচাৰে তেন্তে তাৰ বাবেও বেলেগকৈ ৰিচাৰ্য কৰিব লগা হয়। প্ৰতিটো বস্তুত application আহি পৰে যাৰ বাবে প্ৰতিটো বস্তুৰে ৰিচাৰ্য কৰিব লগা হয়। কিন্তু যদি আপোনাৰ বয়স ১৫ ৰ পৰা ৩০ বছৰ হয় তেন্তে আপুনি এই খৰছৰ পৰা বাছি থাকিব পাৰে আৰু মনোৰঞ্জনৰ বাকীবোৰ বিনামূলীয়া উৎস ব্যৱহাৰ কৰিব পাৰে। যিমানেই মনোৰঞ্জনৰ উৎসবোৰ আছে সেইবোৰত বিনসমূলীয়া বুলি লোভ দেখুৱাই তেওঁলোকৰ subscriber বনাই। প্ৰথমে কব যে এই প্লেটফৰ্মতো ১ মাহৰ বাবে বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব কিন্তু তাৰ বাবে আপুনি নিজৰ ক্ৰেডিট কাৰ্ড অথবা দেবীত কাৰ্ডৰ নম্বৰ দিব লাগিব। যেতিয়াই এমাহ সম্পূৰ্ণ হব তেওঁলোকে আপোনাৰ টকা কাটি লব। আপুনি ভাবিব যে এমাহ হোৱাৰ আগতেই তাৰ পৰা ক্ৰেডিট কাৰ্ড অথবা দেবীত কাৰ্ড আঁতৰাই দিব কিন্তু আপুনি পাহৰি যায় আৰু সেই টকাতো কাটি পেলায়। যেতিয়া টকা কাটি দিয়ে আপুনি ভাবিব যে মই আৰু এমাহ ইয়াক ব্যৱহাৰ কৰি লওঁ। তাৰ পাছত এনেদৰেই আপোনাৰ অভ্যাস হৈ যায় আৰু সেইটো বস্তু এৰিব নোৱাৰে। গতিকে এই human schycology তো বুজি পাওঁক যে কিদৰে আপুনি ইয়াৰ কবলত পৰি যায় আৰু অবাবত আপোনাৰ বহুত টকা খৰচ হয় যাৰ বিষয়ে আপুনি গমেই নাপায়। গতিকে এইবোৰৰ পৰা অলপ বাছি থাকিব।
চতুৰ্থটো খৰছ হৈছে যিটো সকলো ডেকাই কৰে। যেতিয়াই যুৱ চামসকলে প্ৰথমে উপাৰ্জন কৰে তেতিয়া তেওঁৰ সপোন হয় যে তেওঁৰ ওচৰত এটা ভাল দামী মোবাইল ফোন হব আৰু এখন ভাল গাড়ী হব। গতিকে কিছুমান মানুহে যেতিয়া টকা উপাৰ্জন কৰিব ধৰে তেওঁ প্ৰথমে এখন ভাল দামী গাড়ী লয় যাতে তেওঁ সমাজত দেখুৱাব পাৰে যে তেওঁ এতিয়া টকা উপাৰ্জন কৰিছে। তেওঁ এতিয়া ধনবান হৈ পৰিছে আৰু এইটো দেখুৱাবলৈ তেওঁ এনেকুৱা এখন গাড়ী ক্ৰয় কৰে যিটো তেওঁৰ বাজেটৰ পৰা একেবাৰেই বাহিৰত হয় যাৰ বাবে তেওঁ লোন লয়। লোন লোৱাৰ ফলত তেওঁৰ আধাতকৈ বেছি দৰমহা গুচি যায় আৰু তেওঁ সঞ্চয় কৰিব নোৱাৰে যাৰ ফলত তেওঁ যি ঠাইত আছিল সেই ঠাইতেই ৰৈ যায়। কিয়নো এনে লোকৰ লোনৰ ওপৰত ইটোৰ পিছত সিটো বস্তু কিনাৰ অভ্যাস হৈ পৰে। এনেদৰেই তেওঁলোকৰ গোটেই জীৱনটো লোন ভৰি ভৰি শেষ হৈ যায়। কিন্তু এজন উচ্চ চিন্তাধাৰাৰ ব্যক্তিয়ে এনেকুৱা কেতিয়াও নকৰে। তেওঁ চেষ্টা কৰিব যেতিয়ালৈকে গাড়ী নোহোৱাকৈ তেওঁ চলিব পাৰে তেতিয়ালৈকে তেওঁ গাড়ী নোলোৱাকৈ থাকিব আৰু যদি প্ৰয়োজন হয় তেওঁ এনেকুৱা এখন গাড়ী কিনিব যাৰ দ্বাৰা তেওঁৰ কাম সফল হয়। বাকী থকা টকা তেওঁ উপযুক্ত কামত খটাব যাৰ পৰা তেওঁ দুগুণ বেছি টকা লাভ কৰিব। ইয়াত দুজন ব্যক্তিৰ উদাহৰন দি বুজোৱা হৈছে যিটো আপোনালোকে সাধাৰণতেই বুজি পাব। এনেকুৱা এচাম লোক আছে যাৰ ওচৰত ১/২/৩ কোটি টকা আছে আৰু তেওঁ গাড়ী কিনিব বিচাৰে। তেওঁ গাড়ী কিনিব আৰু তেওঁ লোন লব কিন্তু তেওঁ লোন লব মাত্ৰ দেখুৱাবলৈহে। কিয়নো তেওঁৰ হাতত অতিৰিক্ত টকা আছে । কিন্তু আজিকালিৰ যুৱ চামে সেইটো কথা বুজি নাপায়। তেওঁলোকে ভাবে যে এইসকল লোকে যদি লোন লৈ গাড়ী কিনিব পাৰে তেন্তে মই কিয় নোৱাৰিম। তেওঁলোকে বুজি নাপায় যে সেইসকল লোকৰ হাতত অতিৰিক্ত টকা আছে আগৰ পৰাই যাৰ বাবে তেওঁ সেই লোনটো সহজতেই মাৰিব পাৰিব। তেওঁলোকে মাত্ৰ দেখুৱাব বিচাৰে কিয়নো তেওঁলোকে income tax ক দেখুৱাব লাগিব সেইবাবে তেওঁলোকে এই লোনটো লৈছে।
কিন্তু আৰু এচাম লোক আছে যাৰ দৰমহা ৩০,০০০ৰ পৰা ৪০,০০০ টকা আৰু তেওঁ ২০ লাখ টকাৰ গাড়ী ক্ৰয় কৰিছে। মানি লওক যে তেওঁৰ ওচৰত ৫ লাখ টকাৰো সঞ্চয় নাই কিন্তু তেওঁ ইমান দামী গাড়ী এখন ক্ৰয় কৰিছে। এনেলোকৰ সৰহ ভাগ উপাৰ্জন লোন মাৰোতেই গুচি যাব আৰু তেওঁ কেতিয়াও ভালদৰে সঞ্চয় কৰিব নোৱাৰে। গতিকে যেতিয়াই আপুনি গাড়ী ক্ৰয় কৰাৰ কথা ভাবে তেন্তে এই কথাবোৰ মনত ৰাখিব আৰু তাৰ পাছত সিদ্ধান্ত লব।
আৰু শেষৰটো খৰছ হৈছে যিটো সকলো মধ্য বৃত্ত পৰিয়ালৰ সদস্যৰ সপোন হয়। সকলোৱে বিচাৰে যে তেওঁৰ এটা সুন্দৰ ঘৰ হওক আৰু তাৰ বাবে তেওঁ বহুত কষ্ট কৰে সেই সপোন পূৰণ কৰিবলৈ। এখন ডাঙৰ আৰু সুন্দৰ ঘৰ সজোৱাৰ , গঢ় দিয়াৰ সকলো ব্যক্তিৰে সপোন থাকে। কিন্তু যদি আপোনাৰ হাতত বেছি পইচা আছে তেন্তে আপুনি নিজৰ ঘৰ সাজক। কিন্তু মানি লওক যে আপোনাৰ হাতত বৰ্তমান ইমান টকা নাই আৰু সঞ্চয় নাই যে আপুনি এটা ঘৰ বনাব পাৰিব তেন্তে তাতকৈ উচিত যে আপুনি এটা ভাড়া ঘৰত থাকক। মানি লওক আপোনাৰ দৰমহা ৫০/৬০ হাজাৰ আৰু আপুনি ৫০/৬০ লাখ টকাৰ ঘৰ কিনে তেন্তে সেই লোনৰ ধাৰ মাৰিবলৈ আপোনাক বহুত বছৰ সময় লাগিব আৰু আপুনি বেলেগ একো কাম কৰিব নোৱাৰিব। সেইবাবে আপুনি টকাবোৰ সঞ্চয় কৰি এটা ভাড়া ঘৰত থাকক। তাৰ পাছত যেতিয়া আপোনাৰ পৰ্যাপ্ত সঞ্চয় হব তেতিয়া আপুনি নিজৰ এটা ঘৰ বনাব বা কিনি লব যাতে আপোনাৰ ওপৰত লোনৰ বুজা নাবাঢ়ে।
এতিয়া এই ৫ তা খৰছ বন্ধ কৰি যিটো সঞ্চয় হব সেয়া আপুনি কি কৰিব? সদায় মনত ৰাখিব যদি আপুনি টকা সঞ্চয় কৰি ৰাখে আৰু উপযুক্ত কামত ব্যৱহাৰ নকৰে তেন্তে সেই সঞ্চয় কৰি কোনো লাভ নাই। এনেকুৱা বহুত লোক আছে যিয়ে টকা সঞ্চয় কৰিব জানে কিন্তু সেই সাঁচতীয়া টকা উপযুক্ত কামত খটাব নাজানে যাৰ ফলত তেওঁ কেতিয়াও উন্নতি কৰিব নোৱাৰে আৰু ধনবান হব নোৱাৰে। মানি লওক যে আজি আপোনাৰ হাতত ১লাখ টকা আছে যদি সেই ১ লাখ টকাতো ১০ বছৰৰ বাবে আপোনাৰ হাততেই থাকে তেন্তে তাৰ মূল্য কেৱল ১ লাখেই নহয় তাতকৈ কম হৈ যাব। আপুনি ভাবি চাওক যে আগন্তুক ১০ বছৰৰ বস্তুৰ দাম আৰু কিমান বাঢ়ি যাব । আজি ১ লাখ টকাৰে আপুনি যিবোৰ বস্তু কিনিব পৰিছে আৰু দহ বছৰ পাছত সেইবোৰ বস্তু কিনিব নোৱাৰে। ইয়াৰ অৰ্থ এয়ে যে পইচাৰ মূল্য আজিৰ তুলনাত কম হৈ যাব। কিন্তু যদি আজি আপুনি সেই ১ লাখ টকাৰ সোন কিনে আৰু ১০ বছৰৰ পাছত সেই সোণৰ দাম বাঢ়ি যায় আৰু ১০ বছৰৰ পাছত সেই সোন যেতিয়া আপুনি বিক্ৰী কৰিব তেতিয়া আপুনি ১ লাখ তকাতকৈ বেছি লাভ কৰিব । ইয়াত টকাৰ মূল্য কম হোৱাৰ সলনি বেছি বাঢ়ি গল। গতিকে এই পাছ তা খৰছৰ পৰা যিমান টকা বাছি গৈছে সেই টকা ভালদৰে ৰাখি যাওক। আপুনি সেই টকাৰে সোন, Share market ত invest কৰিব পাৰে লগতে Fixed deposit কৰিব পাৰে।
এনেকুৱা বহুত উপায়েৰে ভৱিষ্যতে আপুনি জীৱনত উন্নতি কৰিব পাৰিব।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment