সকলোতকৈ প্ৰথম ভুল যিয়ে মানুহে প্ৰায়ে কৰে কিন্তু আপুনি কৰিব নালাগে আৰু সেইটো হৈছে "People talk negative" ( Assamese Fact )
আজিকালি সকলো মানুহে কেৱল attention বিচাৰে। সেইবাবেইটো মানুহে ভাল কাপোৰ পিন্ধে আৰু সন্মুখৰ জনক বাৰম্বাৰ সুধি থাকে যে মোক কেনেকুৱা লাগিছে? মাত্ৰ তেওঁলোকক attraction আৰু attention লাগে। গতিকে attention পোৱাৰ দুটা পদ্ধতি আছে। হয়তো posstive হোৱা, ভাল কথা পাতা, দেখিবলৈ ভাল হোৱা। আৰু দ্বিতীয়টো হৈছে Negative কথা কোৱা। এতিয়া আপুনি ভাবিব যে নেগেটিভ কথা কলে কেনেকৈ attention পাব পাৰি? Attention পাব নেগেটিভ কথা কলে attraction নাপায়।
এতিয়া নিগেটিভ লোকসকলে কিদৰে কথা কব যে মই যোৱা ১ সপ্তাহৰ পৰা বেমাৰত ভুগি আছো। তুমি জানা নে মোৰ লগত কিমান যে বেয়া হল? এনেদৰে কোৱাৰ পাছত আপোনাৰ সন্মুখৰ ব্যক্তিজনে কব যে কি হল কেনেকৈ হল? তেতিয়া আপুনি তৎক্ষণাত Attention পায় কিন্তু Attraction নাপায়। যেতিয়াই attention পায় তেওঁ ভাবি। যে সন্মুখৰ ব্যক্তিজনে মোক সময় দিছে , মোৰ ওপৰত ধ্যান দিছে আৰু তেওঁ নিজৰ ব্যথা আৰম্ভ কৰি দিয়ে । কিন্তু সকলো কথা শুনাৰ পাছত সন্মুখৰ ব্যক্তিজনে ভাবিব যে মই এই ব্যক্তিজনৰ লগত আৰু সময় নষ্ট কৰিব নালাগে। যদি আপুনি ২/৩ বাৰ কৰি দিয়ে তেন্তে সকলো attraction সমাপ্ত। সন্মুখৰ জনে শুনিব কিন্তু যদি আপুনি বাৰে বাৰে একেবোৰ কথাকেই কৈ থাকে তেতিয়া তেওঁ ভাবিব যে এই মানুহজনে সদায় ভুল কথাই কয়।
যদি আপুনিও কাৰোবাৰ সন্মুখত নিজৰ দুখৰ গাঁথা শুনাই থাকে তেন্তে এইবোৰ কৰা বন্ধ কৰক। কিয়নো negative কথা কলে attraction শেষ হৈ যায়। গতিকে সদায় ভাল কথা চিন্তা কৰক, ভাল কথা কওক। যেতিয়াই আপুনি ভাল কথা কবলৈ লব তেতিয়াই আপুনি মানুহৰ অন্তৰত ঠাই পাব যে এই মানুহজনে ভাল কথা কয়। positive কথা কলে মানুহৰ impresion ভাল হয়। ( Assamese Fact )
দ্বিতীয়তো ভুল যি মানুহে কৰে সেইয়া হৈছে " They show lake of confidence"
নিজৰ আত্মবিশ্বাস মানুহে কেতিয়াও হেৰুৱাব নালাগে আৰু আনৰ আগত কেতিয়াও ব্যক্ত কৰিব নালাগে যে তেওঁ আত্মবিশ্বাসী নহয় । যেতিয়া আমি কাৰোবাৰ লগত কথা পাতি থাকোঁ আমাৰ শৰীৰৰ ভঙ্গীমা বোৰৰ পৰাই সন্মুখৰ ব্যক্তিজনে গম পায় যে আপুনি nervous হৈ আছে। কথা পাতি থকা অৱস্থাত কিছুমান লোকে নিজৰ নাকটো চুই থাকে আৰু কিছুমানে কপালখনত চুই থাকে। যেতিয়াই আপুনি এনেবোৰ ভঙ্গীমা কৰি থাকিব সন্মুখৰ ব্যক্তিজনে ভাবিব যে আপুনি confident নহয়। কিছুমান লোকে কথা পাতি থকাৰ সময়ত Partial Sentence ব্যৱহাৰ কৰে । অৰ্থাৎ কথাৰ মাজতে অ, ও এইবোৰ ব্যৱহাৰ কৰি কথাষাৰ লেহেৰীয়াই থাকে। ঠিক তেনেদৰেই কথা কওঁতে লেহেৰীয়াই থাকিলে আত্মবিশ্বাস নাইকীয়া হৈ যায়। যদি আপুনি কোনো কথা মনত পেলাব পৰা নাই তেন্তে কথাষাৰৰ মাজত অ , ও ব্যৱহাৰ কৰাৰ সলনি অলপ ৰৈ দিয়ক। যেতিয়াই আপুনি কথাৰ মাজতে pauses লব আপুনি বেছি আত্মবিশ্বাসী হৈ পৰিব।
তৃতীয়তো ভুল যি মানুহে কৰে সেইটো হৈছে যে মানুহে কথা পাতি থকাৰ সময়ত "Blocking Posturs" থাকে। আপোনালোকে দেখা পাইছে যে কিছুমান লোকে কথা পাতি থকাৰ অৱস্থাত দুইখন হাত সামৰি লৈ থাকে। এই যে দুইখন হাত block কৰি থিয় হৈ থাকে তেতিয়া সন্মুখৰ ব্যক্তিজনে ভাবিব যে আপুনি defensive postur ত আছে।
মানুহে ইমান defensive কেতিয়া হয়? হয়তো সন্মুখৰ ব্যক্তিজনে তেওঁক মাৰিব অথবা আপোনাৰ ঠাণ্ডা লাগিছে। যেতিয়া দুইখন হাত সামৰি এখন হাত মুঠি মাৰি থয় আৰু এখন হাত বাহিৰলৈ উলিয়াই থয় তেতিয়া হে আপুনি দেখাত confident হয়। হয়তো আপোনালোকে আগতে এই বিষয়ে জ্ঞাত নাছিল। মাত্ৰ ইমান কণ পাৰ্থক্য confident হোৱা আৰু নোহোৱালৈ। এই সকলোবোৰ কথা subconsciously সন্মুখৰ ব্যক্তিজনৰ মগজুৰ ভিতৰত সোমাই পৰে। আৰু এইবোৰেই কয় যে মানুহজন কিমান attractive হয়।
চতুৰ্থটো ভুল যি মানুহে কৰে সেইটো হৈছে যাৰ ফলত তেওঁলোকৰ attraction কমি যায় সেইটো হৈছে যেতিয়া সন্মুখৰ ব্যক্তিজনে কথা কৈ থাকে তেওঁৰ সম্পূৰ্ণ কথা নুশুনাকৈয়ে নিজৰ কথা কবলৈ আৰম্ভ কৰি দিয়ে।
গতিকে সন্মুখৰ ব্যক্তিজনক ৰাখি দিয়াটো " To Stop the other person while speaking" হৈছে এটা ডাঙৰ ভুল। গতিকে সন্মুখৰ ব্যক্তিজনৰ কথা শেষ হবলৈ দিয়ক সম্পূৰ্ণ হবলৈ দিয়ক। এনেকুৱা বহুত মানুহ আছে যিয়ে সন্মুখৰ ব্যক্তিজনৰ কথা সম্পূৰ্ণ নোহোৱাকৈয়ে নিজৰ কথা ব্যক্ত কৰা আৰম্ভ কৰি দিয়ে। " The person who speaks more always loses" যিয়ে বেছিকৈ কয় তেওঁ হাৰি যায়। যিয়ে কমকৈ কয় তেওঁৰ attraction level বাঢ়ি যায় আৰু বেছিকৈ কোৱাবোৰৰ কমি যায়। যিসকল বিখ্যাত ডাঙৰ ডাঙৰ মানুহ আছে তেওঁলোকে বেছি কথা নকয়। কমকৈ কোৱাৰ পাছতো তেওঁলোকৰ attraction level বেছি হয়। গতিকে বেছিকৈ কব নে কমকৈ কব সেইটো আপোনাৰ সিদ্ধান্ত।
পঞ্চমটো ভুল হৈছে যেতিয়া আপুনি সন্মুখৰ ব্যক্তিজনৰ কথা শুনি থাকে তেতিয়া তেওঁৰ সম্পূৰ্ণ কথা নুশুনাকৈ আপুনি ভুলকৈ বুজি ললে আৰু আপুনি যিটো কথা কৈছে তেওঁ আচলতে সেইটো কব খোজাই নাছিল। আপোনালোকে হয়তো বহুত বাৰ মানুহক কোৱা শুনিছে যে " মই এইটো কব খোজা নাছিলোঁ।"
"মই বেলেগ কিবাহে বুজাব বিচাৰিছিলোঁ, তুমি নুবুজা মোক, তুমি সলনি হৈ গলা " ইত্যাদি। যেতিয়া মানুহে এনেদৰে কোৱা আৰম্ভ কৰি দিয়ে বুজি পাব যে আপুনি নিজৰ Listening power কম কৰি দিছে। আপুনি ভালদৰে শুনা নাই, বুজি পোৱা নাই। কেৱল শুনিলেই নহব বুজিও পাব লাগিব যে সন্মুখৰ ব্যক্তিজনে কি কব বিচাৰিছে, আচলতে তেওঁ বিচাৰিছে কি? যদি আপুনি তেওঁক নুবুজাকৈয়ে কবলৈ আৰম্ভ কৰি দিয়ে তেতিয়া আপুনি নিজৰ attraction level কম কৰি দিয়ে। তেতিয়া মানুহে আপোনাৰ পৰা পলাই ফুৰিব আৰু কথা পাতিব নুখুজিব। আপোনাক যিজন ব্যক্তিয়ে বুজি পাই তেওঁৰ লগতহে আপুনি থাকিবলৈ পছন্দ কৰিব। গতিকে আপুনিও মানুহক বুজিব চেষ্টা কৰক। আৰু সেইটো কওক যিটো তেওঁ প্ৰকৃততে শুনিব বিচাৰিছে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment