মা বৈষ্ণোদেৱীৰ দৰবাৰলৈ যোৱা মানুহক দেৱী মায়ে কেতিয়াও খালি হাতে ঘূৰাই নপঠিয়াই : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 10, 2022

মা বৈষ্ণোদেৱীৰ দৰবাৰলৈ যোৱা মানুহক দেৱী মায়ে কেতিয়াও খালি হাতে ঘূৰাই নপঠিয়াই : Religious Studies

Religious Studies

 

বন্ধুসকল, আজি আমি জানিম মা বৈষ্ণদেৱীৰ লগত জড়িত এনেকুৱা কিছুমান ৰহস্য যাৰ বিষয়ে হয়তো আপোনালোকে নাজানে। ( Religious Studies )


মা বৈষ্ণদেৱী জগত জননী হয় , তেওঁৰ দৰ্শন লাভ হলেই সকলো ভক্তৰ দুখ, কষ্ট নাইকিয়া হৈ যায় । তেওঁৰ দৰবাৰলৈ যোৱা মানুহক দেৱী মায়ে কেতিয়াও খালি হাতে ঘূৰাই নপঠিয়াই । হয়তো আপোনালোকৰ বহুতে মা বৈষ্ণদেৱীৰ মন্দিৰত উপস্থিত হৈছে, দৰ্শন কৰিছে। আজি ইয়াৰ লগত জড়িত এনেকুৱা ১০ তা ৰহস্যৰ বিষয়ে জনাম ।


"বৈষ্ণদেৱীৰ জন্ম"- 

হিন্দু মহাকাব্যৰ মতে মা বৈষ্ণদেৱীয়ে ভাৰতৰ দক্ষিণত ৰত্নাকৰ সাগৰৰ ৰামেশ্বৰ তৎত জন্ম লৈছিল। তেওঁৰ মাক দেউতাক বহুত বছৰলৈকে নিঃসন্তান আছিল আৰু তাৰ পাছতেই মা বৈষ্ণদেৱীৰ জন্ম হল।  তেওঁৰ জন্মৰ এক ৰাতিৰ আগতেই ৰত্নাকৰ সাগৰে বচন লৈছিল যে বালিকাই যি বিচাৰিব তেওঁৰ ৰাস্তাত কেতিয়াও নাহে। মা বৈষ্ণদেৱীক সৰুকালত ত্ৰিকোটা নামেৰে জনা গৈছিল। পাছত ভগবান  বিষ্ণুৰ বংশত জন্ম লোৱাৰ বাবে তেওঁক বৈষ্ণৱী বুলি কোৱা হল। 

 

"ত্ৰিকোটা আৰু ৰামেশ্বৰ"


ৰত্নাকৰ সাগৰৰ পুত্ৰী দেৱী ত্ৰিকোটাই যেতিয়া ৯ বছৰ বয়সত গম পালে যে ভগবান বিষ্ণুৱে ৰামৰ ৰূপত জন্ম ললে তেতিয়া দেৱী ত্ৰিকোটাই ৰামক স্বামী হিচাপে পাবৰ বাবে তপস্যা আৰম্ভ কৰিলে। সীতা হৰণৰ পাছত যেতিয়া ৰাম আৰু ত্ৰিকোটাৰ প্ৰথম লগ হৈছিল তেতিয়া তেওঁ ৰামক স্বামী হিচাপে পোৱাৰ ইচ্ছা ব্যক্ত কৰিলে। তেতিয়া প্ৰভু ৰামে ত্ৰিকোটাক কলে যে  তেওঁ এই জনমত পত্নীব্ৰত হৈ থকাৰ প্ৰণ লৈছে।  তেওঁ কয় যে তেওঁৰ বিবাহ সীতাৰ সৈতে হৈ গৈছে সেইবাবে মই আপোনাৰ লগত বিবাহ কৰিব নোৱাৰো। দেৱী ত্ৰিকোটাই যেতিয়া বহুত বিনয় কৰিলে তেতিয়া প্ৰভু ৰামে কলে যে "লংকাৰ পৰা উভতি অহাৰ পাছত যেতিয়া মই আপোনাৰ ওচৰলৈ যাম যদি তেতিয়া আপুনি মোক চিনি পায় তেন্তে মই আপোনাক বিয়া কৰাম।  তাৰ পাছত ৰামে নিজৰ কথা পূৰন কৰিবলৈ ত্ৰিকোটাৰ ওচৰলৈ গল কিন্তু প্ৰভুৰ ৰামৰ মায়াৰ বাবে ত্ৰিকোটাই তেওঁক চিনি নাপালে। ত্ৰিকোটাৰ দুখ দূৰ কৰিবলৈ প্ৰভু ৰামে কলে যে "দেৱী, তুমি ত্ৰিকোটা পৰ্বতত স্থিত গুহাত মোৰ বাবে অপেক্ষা কৰা । কলিযুগত যেতিয়া মোৰ অৱতাৰ হব তেতিয়া মই তোমাক বিয়া কৰাম আৰু তেতিয়ালৈকে মহাবীৰ হনুমান তোমাৰ সেৱাত ব্ৰতী থাকিব। এইদৰেই ভগবান ৰামৰ আদেশ অনুসৰি আজিও বৈষ্ণদেৱীয়ে অপেক্ষা কৰি আছে আৰু তেওঁৰ দৰবাৰলৈ যোৱা ভক্তগণৰ দুখ দূৰ কৰি আছে।


" বৈষ্ণদেৱী মন্দিৰৰ নিৰ্মান" - 

এনেদৰে কোৱা হয় যে বৈষ্ণদেৱীৰ মন্দিৰ ভাগ ৭০০ বছৰ আগতে ব্ৰাহ্মণ, পূজাৰী, পণ্ডিত শ্ৰীধৰৰ দ্বাৰা নিৰ্মান কৰা হৈছিল। তেওঁ বহুত বেছি গৰিব আছিল আৰু তেওঁৰ মনত মা বৈষ্ণদেৱীৰ বাবে বহুত বেছি ভক্তি আছিল। এদিন সপোনত মা বৈষ্ণদেৱীয়ে তেওঁক দেখা দি কলে যে তেওঁৰ বাবে ভণ্ডাৰা কৰিব লাগে । কথামতে পণ্ডিতে সকলোকে এই ভণ্ডাৰাৰ বাবে নিমন্ত্ৰণ জনালে আৰু ইয়াক সম্পন্ন কৰিবলৈ মানুহে বহুত সহায় কৰিলে কিন্তু সেই সহায় পৰ্যাপ্ত নাছিল।  পণ্ডিত শ্ৰীধৰে ভাবি আছিল যে ইমান কম সময়ত আৰু কম সামগ্ৰীৰে ভণ্ডাৰা কিদৰে হৈ উঠিব। তেওঁ এই চিন্তাত উৰে নিশা উজাগৰে কটাইছিল। তেনেস্থলত তেওঁ মাত্ৰ দেৱী মাৰ চমৎকাৰৰ ওপৰত আশা কৰিছিল। উক্ত দিনত সকলো নিমন্ত্রিত লোক ব্ৰাহ্মণৰ সৰু ঘৰখনত আহি বহিল কিন্তু তাৰ পাছতো ঘৰটোত বহুত ঠাই বাছি আছিল। তাৰ পাছত ব্ৰাহ্মণে ভাবিলে যে এওঁলোকক কিদৰে ভোজন কৰাব পাৰিব। সেই সময়ত ব্ৰাহ্মণে এগৰাকী কন্যাক বাহিৰৰ পৰা আহি থকা দেখা পালে যাৰ নাম বৈষ্ণৱী আছিল। ব্ৰাহ্মণে যেতিয়া মাৰ ৰূপত অহা বৈষ্ণৱীক লগ পাব বিচাৰিলে তেতিয়া তেওঁ নাইকিয়া হৈ গল। যেতিয়া কিছুদিন পাছত ব্ৰাহ্মণে বৈষ্ণৱী কন্যাৰ সপোন দেখিলে তাত স্পষ্ট হল যে তেওঁ মা বৈষ্ণদেৱী আছিল। তেওঁ ব্ৰাহ্মণক সেই বিষেশ গুহাৰ বিষয়ে জনালে । তাৰ পাছত ব্ৰাহ্মণে সেই গুহাতো বিচাৰি গল আৰু তেওঁ সেই গুহাতো পালে। তেতিয়া তেওঁ ঠিৰাং কৰিলে যে গোটেই জীৱন তেওঁ মা বৈষ্ণদেৱীৰ সেৱা কৰিব। এইদৰেই ব্ৰাহ্মণ শ্ৰীধৰৰ দ্বাৰা মা বৈষ্ণদেৱীৰ মন্দিৰৰ নিৰ্মান হল। ( Religious Studies )


" মন্দিৰৰ ২তা গুহা"- 

 বৈষ্ণদেৱীৰ মন্দিৰত দুটাকৈ গুহা স্থিত আছে। যাৰ ভিতৰত এটা গুহাক আমি গৰ্ভজোনৰ নামেৰে জানো। যি ত্ৰিকোটি পৰ্বতত স্থিত আৰু তাৰ উচ্চতা প্ৰায়১২০০ ফুট হয়। এই গুহা অৰ্ধকুঁৱাৰীৰ ওচৰত আছে যত মা বৈষ্ণদেৱীয়ে ৯ মাহ কঠোৰ তপস্যা কৰিলে। এই মন্দিৰৰ আৰু এটা গুহা আছে যি ভৱনৰ ওচৰত স্থিত। ইয়াত তিনিটা পিণ্ডিয়া বাস আছে ই ক্ৰমে দেৱী সৰস্বতী, লক্ষ্মী আৰু কালিৰ আছে। কিন্তু ইয়াত বৈষ্ণদেৱীৰ কোনো পিণ্ডি নাই। ইয়াত তেওঁ অদৃশ্য ৰূপত উপস্থিত আছে তথাপিও এই স্থান বৈষ্ণদেৱী তীৰ্থস্থান বুলি কোৱা হয়। আৰু গুহাটোত পবিত্ৰ গঙ্গাজল অহৰহ বৈ থাকে। ইয়াত বহুত প্রকাৰৰ চমৎকাৰ দেখিবলৈ পোৱা যায়।  

  

" গুহাত ভৈৰৱৰ ৰহস্য"- 

 বৈষ্ণদেৱীৰ মন্দিৰত ভৈৰৱৰ শৰীৰ থোৱা হৈছে। মা বৈষ্ণদেৱীয়ে ভৈৰৱক ত্ৰিশূলেৰে মাৰিছিল যাৰ ফলত ভৈৰৱৰ মুণ্ড ত্ৰিকোট পৰ্বতত স্থিত ভৈৰব ঘাটিত গৈ পৰিছিল যাৰ বাবে তাত ভৈৰব মন্দিৰৰ নিৰ্মান হৈছিল। তেতিয়াৰে পৰা ভৈৰৱৰ শৰীৰ মা বৈষ্ণদেৱীৰ মন্দিৰত আছে। কোৱা হয় যে নিজৰ বধ হোৱাৰ পাছত ভৈৰৱে নিজৰ ভুলৰ বাবে অনুতাপ কৰিলে আৰু তেওঁ মা বৈষ্ণদেৱীক ক্ষমা ভিক্ষা কৰিলে। মা বৈষ্ণদেৱীয়ে জানিছিল যে তেওঁক আক্ৰমণ কৰাত ভৈৰৱৰ মুক্তি পোৱাটো আছিল। মায়ে ভৈৰৱক পুনৰ জন্মৰ লগতে মুক্তি প্ৰদান কৰিলে আৰু বৰদান দিলে যে "মোৰ দৰ্শন তেতিয়ালৈকে সম্পূৰ্ণ নহব যেতিয়ালৈকে ভক্তই মোৰ পাছত তোমাৰ দৰ্শন নকৰে।"  সেই মান্যতাৰ বাবে আজিও ভক্তই মা বৈষ্ণদেৱীৰ দৰ্শনৰ পাছত প্ৰায় ৩ কি ,মি খোজ কাঢ়ি ভৈৰবৰ দৰ্শনৰ বাবে যায়।


"মহাভাৰতৰ যুদ্ধৰ পূৰ্বে মা বৈষ্ণদেৱীৰ পূজা"- 

 মহাভাৰত যিয়ে পাণ্ডৱ আৰু কুৰুক্ষেত্ৰৰ বিৱৰণ দিয়ে , যত বৈষ্ণদেৱীৰ পূজাৰ উল্লেখ আছে। কোৱা হয় যে কুৰুক্ষেত্ৰ যুদ্ধৰ পূৰ্বে  কৃষ্ণৰ উপদেশ মৰ্মে দেৱীৰ পূজা কৰা হৈছিল। তেওঁৰ ভক্তিত প্ৰসন্ন হৈ দেৱীমা বৈষ্ণদেৱী ৰূপে তেওঁলোকৰ সন্মুখত প্ৰকট হল। যেতিয়া দেৱী প্ৰকট হল তেতিয়া অৰ্জুনে এক স্তুতিৰে তেওঁৰ পূজা কৰিলে। পাণ্ডৱে সৰ্বপ্ৰথমে কূল কন্দলি আৰু ভৱনত দেৱী মাৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাত মন্দিৰৰ নিৰ্মান কৰিলে। 

" গুৰু গোবিন্দ সিঙ দ্বাৰা কৰা মা বৈষ্ণদেৱীৰ দৌৰা" - 

গুৰু গোবিন্দ সিঙে মা বৈষ্ণদেৱীৰ দৰবাৰৰ দৌৰা কৰিছিল। যেতিয়া তেওঁ সম্পূৰ্ন মণ্ডলৰ যাত্ৰা কৰিছিল এইয়া মাৰ মন্দিৰলৈ যোৱা কোনো ব্যক্তিৰ প্ৰথম অভিলেখ আছিল। লগতে এইটোও মানি লোৱা হয় যে স্বামী বিবেকানন্দৰ দৰে বহুত প্ৰমোক্ষ সাধু সন্তই  মন্দিৰৰ দৌৰা কৰিছে।


"ৰাজস্থানৰ বৈষ্ণদেৱী"- 

 অৰ্বদা দেৱীক ৰাজস্থানৰ বৈষ্ণদেৱী বুলি কোৱা হয়। ৰাজস্থানৰ কাত্যায়নীৰ একমাত্ৰ পাহাৰীয়া অঞ্চল মাউন্ট আবূত মাৰ ভব্য মন্দিৰ ভাগ আছে। 

 

"বৈষ্ণদেৱী মন্দিৰৰ ৰাস্তা"- 

কোৱা হয় যে  দেবীমাৰ দৰ্শনৰ বাবে যি ৰাস্তা ব্যৱহাৰ কৰা হয় সেইটো আচলতে প্ৰাকৃতিক ৰাস্তা নহয়। বৰঞ্চ ইয়ালৈ অহা শ্ৰদ্ধালো লোকৰ বাঢ়ি অহা সংখ্যা দেখি  ১৯৭৭ চনত এই ৰাস্তা নিৰ্মান কৰোৱা হৈছিল। তেতিয়াৰে পৰা আজিলৈকে এই ৰাস্তাৰে দেবীমাৰ ভক্তই তেওঁৰ দৰ্শনৰ বাবে যায়। 

 

" বৈষ্ণদেৱী মাক দিয়া দক্ষিণা"- 

প্ৰতিমাহতে বৈষ্ণদেৱীৰ মন্দিৰত মানুহৰ ভিৰ পৰিলক্ষিত হয়। বৰষুণৰ দিন, গৰমৰ দিন, ঠাণ্ডাৰ দিন এই সকলোতে ভক্তৰ ভিৰ দেখা যায়। কিন্তু নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে মন্দিৰত ভক্তৰ ভিৰ ১০ গুণ বাঢ়ি যায়। দেবীমাৰ দৰ্শনৰ বাবে ভক্ত বহুদুৰৰ পৰা আহে। ভক্তৰ দ্বাৰা প্ৰসাদ আদিৰ দান কৰা হয়। প্ৰতি বছৰে এই মন্দিৰত ভক্তসকলে দিয়া দান পাত্ৰত বহুতো টকা জমা হয়। এই মন্দিৰ ৫ নম্বৰ আটাইতকৈ ধনী মন্দিৰ হয় যত প্ৰায় প্ৰতিবছৰে ৫০০ কোটি টকাৰ দান বৰঙণি পোৱা যায় ভক্তৰ দ্বাৰা।

এতিয়া আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে যে এই মন্দিৰ ভাগৰ কেৱল দেশতেই নহয় সমগ্ৰ বিশ্বতেই কিমান মহত্ব আছে।


নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


 ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages