মান্যবৰ বোৱাৰী চাবলৈ আপুনিয়ে যায়, কুণ্ডলী পৰীক্ষা আপুনিয়ে কৰে, সকলোৰে আগত নিজৰ লৰাৰ ছোৱালী চোৱাক লৈ কথা কয় কিন্তু বিয়া হৈ যোৱাৰ পিছত কি হয়? ( Assamese Fact )
এটা কথাই কম এই কুণ্ডলী মিলাব যাওঁতে পণ্ডিতক কব চাব যোৱা ছোৱালীজনীৰ ৰাহি-যোৰা মোৰ লগত নহয়, মোৰ মা লগত মিলিছেনে সুধিব।
এনেকুৱা কি হৈ যায় বোৱাৰী অহা পিছত! সৰুৰে পৰাই মাকক বিচাৰে সকলো ক্ষেত্ৰতে,মা জড়িত থাকে। দুখতো মা, সুখতো মা, কৰবাত যাওঁতে মা। কিন্তু বিয়া পতাৰ পিছত অলপ সময় পত্নীকো দিয়া হয় আৰু এই যি অলপ সময় সেই সময়ত মাক জনীৰ দুখ লাগে। এনেকুৱা ভাব আহেই। এইটো নহয় যে বিয়া হোৱা পিছত কেৱল ছোৱালীজনীৰেই কষ্ট হয় নতুন ঘৰখন আকোৱালি লোৱাত, লৰাজনৰো বহুত কষ্ট হয়।
সেই ছোৱালীজনী এখন নতুন ঘৰলৈ আহিছে। তাইৰ কোনো নাই সেই নতুন ঘৰখনত গিৰিয়েকৰ বাহিৰে। এটা কথা কোৱা তোমাৰটো ঘৰখনত সকলো আছে, স্বামী আছে,পো আছে, জী আছে সকলো আছে কিন্তু তাইৰ কোন আছে? তাই প্ৰথম বাৰ আহিছে, তাইতো নাজানে সকলো বোৰ.. তাইকোটো অলপ সময় দিব লাগিব ঘৰখনত মিলি যাবলৈ.. কোন কেনেকুৱা অলপ বুজি পাবলৈ। ইমানবোৰ পিছত যদি তাই নিজৰ দুখ মনৰ বেজাৰ খিনি স্বামীক নকৈ কাক কব।
তাই যদি নিজৰ মনৰ কথা খুলি কবলৈ স্বামীক সময় বিচাৰিছে তেতিয়াহলে তাত মাঁকে খং বা দুখ কৰা অনুচিত কিয়নো তাই গোটেই জীৱন এজন ব্যক্তিৰ লগতে কটাব আহিছে।
তাইৰ প্ৰতিটো খোজতে বাধা। কি কৰিছে, কলৈ গৈছে, কিয় গৈছে, কাৰ লগত গৈছে, কি খুৱাইছে, কিয় ইমান হাঁহি, কিয় অলপো হাঁহিব নাজানে, কান্দিলেও এষাৰ শুনিব পাই আদি সকলো কামতে প্ৰশ্ন উঠি পৰে।
বুজিবলৈ চেষ্টা কিয় নকৰে আপোনালোকে। তাইৰ জীৱনক লৈ আঙুলিয়াবলৈ আপুনাৰ আধিকাৰ নাই। মাকৰ কাৰণে পীড়া এইটো যে এতিয়া পুত্ৰৰ ওপৰত তাই শাসন চলাব। তেওঁৰ ভয় এইটোই যে পুত্ৰক হেৰুৱাই পেলাব।
যদি পুতেকে পত্নীৰ পক্ষ লৈ কথা কয় তেতিয়া মাকৰ মনত আঘাত পায়। যদি মাকৰ পক্ষ লৈ কয় তেতিয়া পত্নীয়ে কয় এতিয়াও মাৰ আঙলি ধৰি আগবাঢ়িব নেকি, ডাঙৰ কেতিয়া হব। ভাবক, কি স্থিতিৰ হবলগীয়া হয় লৰাজন।
আপুনি কিয় ভাৱে আপোনাৰ লৰা বোৱাৰী আহিল বুলিয়ে সলনি হল, বেলেগ হল। আৰু যদি আপোনাৰ লৰা সলনি হৈছেও তেতিয়াহলে তাৰ কাৰণ আপুনিহে, আপোনাৰ বোৱাৰী নহয়। ( Assamese Fact )
মই ভগৱান মহাবীৰক সুধিলো কাৰোবাৰ হৈতে বন্ধুত্ব আৰু প্ৰেম বজাই ৰাখিবলৈ কি কৰিব লাগিব। তেতিয়া ভগৱান মহাবীৰে কলে, "শত্ৰুক নামাৰিবা, শত্ৰুতাক মাৰা। যদি শত্ৰুতাক শেষ কৰি পেলোৱা তেতিয়া এই পৃথিৱীত শত্ৰুয়ে নাথাকিব কোনো।"
ৰাৱণক মৰাটো ৰামৰ উদ্দেশ্য নাছিল। ৰামৰ উদ্দেশ্য আছিল ৰাৱণৰ অহংকাৰ বিনাশ কৰা।
মান্যবৰ, শত্ৰুৰ প্ৰশংসা কৰিবা। বন্ধুত্ব এটি মূল্যবান সম্পৰ্ক। কিবা কথা তুমি মা-দেউতাৰ আগত কব নোৱাৰাটো আজি বন্ধুৰ আগত খুলি কব পাৰিছা।
আপুনি আপোনৰ ছোৱালীৰ বিয়া পাতিব লৈছে, লৰা চাইছে তেওঁ কি কৰে, কিমান উপাৰ্জন কৰে, ঘৰ কেঁচা নে পকা, কিমান ধনী এইবোৰ চায়। কিন্তু আপুনি তেওঁৰ মাঁকৰ আচাৰ ব্যৱহাৰ কেনেকুৱা, দেউতাক জন কেনেকুৱা আদি বোৰ নাছাই। লৰাজন নম্ৰ হব পাৰে কিন্তু তেওঁৰ পৰিয়ালৰ মানুহখিনি কেনেকুৱা তাকো এবাৰ জানি লওঁক। মনত ৰাখিব, ৰজা দশৰথ বহুত মহান আছিল কিন্তু কৈকেয়ীৰ চৰিত্ৰত দাগ আছিল। জৰুৰী নহয় যে ঘৰ মানুহ ভাল বুলি লৰাজনো ভাল বা লৰাজন ভাল বুলি পৰিয়ালটোও ভাল।
যদি লৰা চাইছে তেতিয়া তেওঁৰ বন্ধু খিনিও চাই লব। লৰা ভাল হলে তেওঁৰ সংগও ভাল হব। ইয়াৰ ওপৰত কোনেও ধ্যান নিদিয়ে কিন্তু এজন লৰা ভাল বা বেয়া সংগ দোষতো হয়। কোনো মাঁক বাপেকে সুৰাপান কৰিবলৈ নকয় নিজৰ লৰা ছোৱালীক। জানানে কোনে এই বেয়া অভ্যাসৰ প্ৰতি প্ৰভাৱিত কৰে? বন্ধুৰ প্ৰভাৱত। মান্যবৰ, মনত ৰাখিব বেয়া সংগতকৈ নিসংগতাই উত্তম।
এটোপাল বৰষুণৰ পানী এজোপা নিম গছলৈ গলে তাৰ ৰস তিতা হৈ পৰে কিন্তু এটোপাল বৰষুণৰ পানী এজোপা কলগছলৈ গলে তাৰ ৰস মিঠা হৈ পৰে। এইটো কিহৰ কাৰণে হব পালে! সংগই আপোনাক ভালো কৰিব পাৰে আৰু বেয়াও।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment