ল'ৰা ছোৱালীক বহুত ধ্যান দি ডাঙৰ কৰিব লাগে। সৰু ল'ৰা ছোৱালীক বোকামাটি বা যি মাটিৰে মূৰ্তি বা বস্তু তৈয়াৰ কৰা হয় তাৰ লগত তুলনা কৰা হৈছে।
( Assamese Fact )
যদি এই মাটিক ভালকে আকাৰ দিয়া হয় তেতিয়া ই মংগল কলহ হৈ উঠিব আৰু যদি দিয়া নহয় তেতিয়া কেতিয়াবা মদৰ বাচনো হৈ পৰে। সেই কাৰণে যিমান পৰে ল'ৰা ছোৱালীক ভাল শিক্ষা দিবলৈ চেষ্টা কৰক।
এজন মানুহে এদিন এজন সাধুক কৈছিল - মোৰ নাতিটোৱে কাৰো কথা নুশুনে তাৰ বয়স এতিয়া ১৪ বছৰহে । কেতিয়াবাটো মন গ'লে ডাঙৰকো চৰিয়াই দিয়ে । তেতিয়া সাধুজনে ক'লে- সেই সময়তে তাকো উলোটাই এচৰ দি দিব আৰু ইমান জোৰে দিব যে সি দ্বিতীয় বাৰ এনেকুৱা কৰিবলৈ ভয় কৰে।
তেতিয়া ককাকে ক'লে -মই এনেকুৱা কৰিব নোৱাৰোঁ।কিয় নোৱাৰা । তেতিয়া ক'লে- সি মোৰ একমাত্ৰ নাতি। সৰুতে যদি এইবোৰ নাচাই ডাঙৰ হৈ সি নিজৰ মাক-দেউতাক,ককাক সকলোকে ঘৰৰ পৰা উলিয়াব।
মৰম কৰক কিন্তু ইমানো নহয় যে বেয়া কাম কৰিলেও একো নক'ব।
আমেৰিকা ৰাষ্ট্ৰপতি আব্ৰাহম লিংকনে নিজৰ পুতেকক যেতিয়া স্কুলত নাম লগায় দিছিল।পুতেক প্ৰথম দিনা স্কুললৈ যাওঁতে তেওঁ এখন চিঠি লিখি স্কুলৰ শিক্ষকলৈ দি পঠালে।ল'ৰাটোৱে গৈ চিঠাখন শিক্ষকক দিলে ।শিক্ষকে খুলি চাই পঢ়িলে,তাত লিখা আছিল । মাননীয় শিক্ষক মহোদয় আজি মোৰ ল'ৰাটোৰ স্কুলৰ প্ৰথম দিন। আপোনালোকৰ ওচৰত মোৰ এটাই নিবেদন যে আপোনালোকে ইয়াক ৰাষ্ট্ৰপতিৰ পুতেক বুলি ভাবি নহয় দেশৰ ভৱিষ্যত বুলি ভাবি শিক্ষা দিব।এটা সাধাৰণ ল'ৰাৰ দৰে ইয়াক আপোনালোকে শাসন কৰিব।ইয়াক আচৰণ কেনেকৈ কৰিব লাগে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে এইবোৰৰো শিক্ষা দিব । ধন সম্পত্তি সকলোৱে ইনকম কৰে। ( Assamese Fact )
মানুহে ল'ৰা ছোৱালী নহ'লে ভাবে ল'ৰা ছোৱালী লাগে কিন্তু সেই ল'ৰা ছোৱালীয়ে যদি বেয়া পথে গতি কৰে তেতিয়া এনেকুৱা লাগে কিয় ভগৱানক ল'ৰা ছোৱালী বিচাৰিছিলো। কিছুমান ল'ৰা ছোৱালীয়ে মাক-দেউতাকক বুঢ়া হ'লে বেলেগ এটা ৰুমত ৰাখি খোৱা বোৱা কৰিব দিয়ে ।কাৰণ তেওঁলোকৰ লগৰবোৰ আহিলে তেওঁলোকে লাজ পায়।
নিজৰ ঘৰৰ পৰাই মাক-দেউতাকক উলিয়াই দিয়ে আৰু কয় এই ঘৰটো মোৰ।যি ল'ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ কৰে ।আগতে যি ল'ৰা ছোৱালীয়ে মাক-দেউতাক নহ'লে নাথাকে ।সি পাছত সেই মাক-দেউতাককে ঘৰৰ পৰা বাহিৰলৈ উলাই যাবলৈ কয়। বৃদ্ধ মাক-দেউতাকক বোজা বুলি ভাৱে। কাৰ বাবে মাক-দেউতাকে ঘৰ আৰু সা-সম্পত্তি গোটাই নিজৰ ল'ৰা ছোৱালীৰ বাবে আৰু পাছত কিছুমান ল'ৰা ছোৱালীয়ে তেওঁলোকেই লগ নিদিয়ে।
সেই কাৰণে নিজৰ ল'ৰা ছোৱালীক সদায় সৰুৰে পৰা ভাল শিক্ষা দিবলৈ চেষ্টা কৰক। ডাঙৰক কেনেকে ব্যৱহাৰ কৰিব লাগে,সৰুক কেনেকে কৰিব লাগে সিহঁতক শিকাওঁক। তেতিয়াহে ডাঙৰ হৈ শুদ্ধ পথে গতি কৰিব। জীৱনটো দ্বিতীয় বাৰ নাপায় । সেই কাৰণে এই জন্মতে যিমান পাৰে ভাল কাম কৰিবলৈ চেষ্টা কৰক।
ঠিক সেইদৰে ল'ৰা ছোৱালীকো সৰুৰে পৰা ভাল শিক্ষা দিয়ক । সৰু হৈ আছে বা এটাই ল'ৰা ভাবি তাক বেছি মৰম কৰি মূৰৰ ওপৰত নুতুলিব । নহ'লে পাছত ভাবিও লাভ নহ'ব। সেই কাৰণে মাক-দেউতাকে শিশুক সৰুৰে পৰাই গঢ় দিবলৈ চেষ্টা কৰিব লাগে কি ভাল কি বেয়া শিকাব লাগে ।ভুল কৰিলেও ভালকৈ বুজাব লাগে এইটো ভাবিব নালাগে যে একমাত্ৰ ল'ৰা বা ছোৱালী ভুল কৰিবয়ে। নহ'লে এই সৰু সৰু ভুলবোৰে পাছত গৈ ডাঙৰ ভুল হৈ পৰে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment