ঘৰত হোৱা সৰু সৰু কথাত বহুত সংকেত লোকাই থাকে।এই সংকেতবোৰ আমি বুজি পালে জানিব পাৰিম যে আহিব লগা সময় কেনেকুৱা হ'ব। ( Assamese Fact )
জ্যোতিষ শাস্ত্ৰৰ মতে যেতিয়া দৰিদ্ৰতা অহা সম্ভাৱনা থাকে। তেতিয়া ঘৰত সৰু সৰু কথাত বহুত সংকেত পোৱা যায়।দৰিদ্ৰতা অহা আগত দেখা দিয়া সংকেতবোৰ কি কি জানো আহঁক।
১.ঘৰলৈ সমস্যা আহিব লগা থাকিলে প্ৰথমতে তাৰ সংকেত তুলসী গছত দেখা পোৱা যায়। তুলসী গছজোপা একেবাৰে শুকাই যায়।
২.নিমখিয়া খোৱা বস্তুত ক'লা পৰুৱা আহিলে । আপোনালোকৰ আহিবলগীয়া বেয়া সময়ৰ সংকেত দিয়ে।
৩. যদি আপোনালোকৰ ঘৰত থকা গছ-গছনিৰ পাত শুকাই যায়। তেতিয়া সেইসমূহ সোনকালে কাটি পেলাব লাগে।ঘৰত থকা গছ-গছনি সদায় সেউজীয়া হৈ থাকিব লাগে।ঘৰত থকা গছ-গছনি শুকাই গ'লে বুধ গ্ৰহৰ বেয়া প্ৰভাৱ পৰে। যাৰ ফলত ঋণ বা ধাৰ বাঢ়ে।
৪.ঘৰৰ ঝাৰু লক্ষ্মী দেৱীৰ সূচক বুলি কোৱা হয়। কাৰণ ঝাৰুৱে ঘৰৰ পৰা দৰিদ্ৰতা নাইকীয়া কৰে। ইয়াৰ ফলত ঘৰলৈ সুখ-সমৃদ্ধি আৰু ধন-সম্পত্তি আহে। সেই কাৰণে ঝাৰুৰ ওপৰত ভৰি দিব নালাগে। এনেকুৱা কৰিলে লক্ষ্মী দেৱীক অপমান কৰা হয়। ঘৰৰ সৰু ল'ৰা ছোৱালীয়ে যদি হঠাতে ঘৰ সাৰিবলৈ ধৰে তেতিয়া তাক ঘৰলৈ আলহী অহা সংকেত বুলি ধৰা হয়। সূৰ্য অস্ত যোৱাৰ পাছত ঘৰ সাৰিব নালাগে। এনেকুৱা কৰিলে ঘৰলৈ দৰিদ্ৰতা আহে।ঝাৰু কেতিয়াও উলোটা কৰি থ'ব নালাগে। ইয়াক অশুভ বুলি ধৰা হয়। এনেকে থ'লে ঘৰত কাজিয়া হয় আৰু ঘৰত দৰিদ্ৰতায়ে বাস কৰে।
৫. গাখীৰ যদি উতলি পৰি যায় । তেতিয়া তেনেকুৱা ঘৰত খৰচ বাঢ়ে আৰু ঘৰৰ মানুহৰ বেমাৰ হয়। কিছুমানে গাখীৰ উতলি পৰাটো শুভ বুলি কয়। কিন্তু সদায় গাখীৰ উতলি পৰাটো শুভ নহয়।
৬.যদি আপোনালোক বাহিৰৰ পৰা আহি ঘৰত সোমায়ে জেঠী দেখে ।তেতিয়া তাৰ অৰ্থ হ'ল আপোনালোকৰ বেয়া সময় সোনকালেই আহিব। এনেকুৱাত আপোনালোকে আগতেই সাৱধান হ'ব লাগে আৰু বেয়া সময়ত সাহসেৰে কাম কৰিব লাগে।সময় সদায় একেই নাথাকে।বেয়া সময়ো এদিন পাৰ হৈ যাব।( Assamese Fact )
৭. ঘৰত ইনেই জেঠী দেখাতো শুভ বুলি ধৰা হয়। কিন্তু যদি আপোনালোকে নতুন ঘৰ লৈছে আৰু তাত মৰি থকা জেঠী দেখিছে তেতিয়া ঘৰত প্ৰৱেশ কৰা আগত পূজা কৰাই ল'ব লাগে।যদি এনেকুৱা নকৰে সেই ঘৰটোত থকা মানুহৰ উন্নতি নহয়।
৮. যদি আপোনালোকৰ শৰীৰৰ যিকোনো অংগত জেঠী পৰে তেতিয়া এইটোও আহিব লগা সময়ৰ সংকেত। জেঠী যদি আপোনালোকৰ কপালত পৰে তেতিয়া এইটো সুখৰ সংকেত বা ধন লাভৰ সংকেত। আকৌ যদি মূৰত পৰে তেতিয়া সমস্যাৰ আগমন ঘটে।
৯. চকু লৰাটোও এটা সংকেত। মহিলাসকলৰ বাওঁ চকু লৰিলে সুখ বা ভাল সংকেত বুলি কোৱা হয়। বাওঁ চকুটো চাৰিওফালৰ পৰা লৰিলে , সেইটো বিয়া সংকেত বুলি কোৱা হয়।মহিলাসকলৰ সোঁ চকু লৰা মানে অশুভ বুলি ধৰা হয়। এনেকুৱা হোৱা মানে সমস্যা অহা ।
১০. পুৰুষসকলৰ বাওঁ চকু লৰিলে কষ্ট আৰু সমস্যা অহাৰ সংকেত দিয়ে।সোঁ চকু লৰা মানে শুভ বুলি ধৰা হয়। এনেকুৱা হোৱা মানে সুখ বা ভাল সংকেত আহিব বুলি ধৰা হয়।
১১. যদি কাউৰী কোনোবা স্ত্ৰীৰ মূৰত আহি বঢ়ে তেতিয়া তেওঁৰ স্বামীৰ ওপৰত সংকট অহাৰ সংকেত বুলি কোৱা হয়।
১২. হঠাতে কাৰাবাৰ ঘৰৰ ওপৰত আহি বহুত কাউৰীয়ে চিঞৰিবলৈ ধৰে তেতিয়া ঘৰখনলৈ আহিব লগীয়া ডাঙৰ সংকটক বুজায়।
১৩.ঘৰৰ কাচৰ বস্তু বা কাপ আদি বাৰে বাৰে পৰি ভাগি থাকিলেও ঘৰলৈ দৰিদ্ৰতা অহা সম্ভাৱনা থাকে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment