মৃত্যুৰ ১৩ দিনলৈকে আত্মাটোৰ লগত কি হয় জানি লওঁক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 10, 2022

মৃত্যুৰ ১৩ দিনলৈকে আত্মাটোৰ লগত কি হয় জানি লওঁক : Religious Studies

Religious Studies


বন্ধুসকল আমি সকলোৱে জানো যে পৃথিৱীত যিয়ে জন্ম লৈছে এদিন নহয় এদিন নিজৰ নশ্বৰ শৰীৰটো এৰি যাবই লাগিব।  ( Religious Studies )


এই সৃষ্টিত আটাইতকৈ ডাঙৰ সত্যতো হৈছে আমাৰ মৃত্যু যাক কোনেও ইচ্ছা কৰি বাধা দিব নোৱাৰে।  যেতিয়া হিন্দু ধৰ্মত কোনো মানুহৰ মৃত্যু হয় তেতিয়া তেওঁৰ নিয়ম অনুসাৰে শ্ৰাদ্ধ পতা হয় ( সকলোৰে নিয়ম অনুসাৰে কিছুমানে ১৩ দিনত কিছুমানে  নিজৰ নিয়মৰ মতে শ্ৰাদ্ধ পাতে) ।  আপোনালোকে কেতিয়াবা ভাবিছে নে শ্ৰাদ্ধৰ পাছত মৃতকৰ আত্মাটো কলৈ যায় আৰু তাৰ পাছত আত্মাৰ লগত কি কি হয়?  যদি এই বিষয়ে জানিব বিচাৰে তেন্তে আজিৰ এই লিখাটো ভালদৰে পঢ়ি চাওক। গৰুড় পুৰাণত উল্লেখ আছে যে মৃত্যুৰ পাছত আত্মাটো ১৩ দিনলৈকে সেই ঠাইত থাকে যত তেওঁ শৰীৰ ত্যাগ কৰিছিল।


মৃত্যুৰ ১৩ দিনলৈকে আত্মাটোৰ লগত কি হয় জানে নে?  গড়ূৰ পুৰাণৰ মতে  শৰীৰত উপস্থিত থকা ওৰ্যা যাক আমি আত্মা বুলি কওঁ ই কেতিয়াও নষ্ট নহয়। ই কেৱল ৰূপান্তৰিত হয় অৰ্থাৎ এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰত ধাৰণ কৰে। এই আত্মাৰূপী ওৰ্যা শৰীৰৰ পৰা  ওলাই তেতিয়া ই কুঁৱলীৰ দৰে হয় আৰু ইয়াৰ আকাৰ আগত থকা শৰীৰটোৰ দৰেই হয়। মৃত্যুৰ কিছু সময়লৈকে এই আত্মাই বহুত অজিব অনুভৱেৰে পাৰ হবলগা হয় যি আত্মাৰ বাবে দুখজনক আৰু কষ্টদায়ক হয়।  মৃত্যুৰ পাছত আত্মা শৰীৰৰ পৰা ওলাই কিছুসময়লৈকে অচেতন অৱস্থাত থাকে। তাৰ পাছত আত্মাৰ এনে অনুভৱ হয় যেন তেওঁ কঠিন পৰিশ্ৰমেৰে ভাগৰি পৰা এজন মনুষ্যই গভীৰ নিদ্ৰাত কৰে। কিন্তু কিছুসময়ৰ ভিতৰতে ই অচেতনৰ পৰা সচেতন হৈ পৰে আৰু উঠি থিয় হৈ যায়। তাৰ পাছত আত্মাটোৱে নিজৰ সম্বন্ধীয় লোকসকলক মাত লগাই কিন্তু তেওঁৰ শব্দ , মাত কোনেও শুনি নাপায়। ইয়াৰ ফলত আত্মাটো চটফটাবলৈ ধৰে আৰু চিন্তিত হৈ সকলোকে কিবা কব খোজে কিন্তু কোনেও শুনি নাপায় কিয়নো ই অভৌতিক ধ্বনি হয়। মানুহে কেৱল ভৌতিক বস্তুবোৰহে অনুভৱ কৰিব পাৰে। বহুত বছৰ শৰীৰত থকাৰ বাবে যি সাংসাৰীক মায়াৰ আৱৰণ আত্মাটোৰ ওপৰত পৰে তাৰ বাবে আত্মা দুখী হৈ নিজৰ মৃত শৰীৰটো আৰু সম্বন্ধীয় লোকসকলক দেখি তেওঁলোকৰ লগত কথা পাতিব বিচাৰে কিন্তু তেওঁৰ প্ৰয়াস বিফল হয়। আত্মাটোৱে পুনৰ নিজৰ শৰীৰটোত প্ৰৱেশ কৰাৰ চেষ্টা কৰে কিন্তু যমৰ দূতে তেওঁক শৰীৰত প্ৰৱেশ কৰিব নিদিয়ে। ( Religious Studies )


 লাহে লাহে ব্যক্তিজনৰ আত্মাটোৱে এইটো স্বীকাৰ কৰি লয় যে এতিয়া এই পৃথিৱীৰ পৰা যোৱাৰ সময় আহি পৰিছে আৰু সেইবাবে মোহ মায়াৰ বন্ধন কমজুৰ হব ধৰে আৰু তেওঁ এই সংসাৰৰ পৰা বিদায় লবলৈ সাজু হয়। বন্ধুসকল, গড়ূৰ পুৰাণত এইটোও উল্লেখিত আছে যে মৃত্যুৰ পাছত আত্মাতোক যমৰ দূতে কেৱল ২৪ ঘণ্টাৰ বাবেহে লৈ যায়। এই ২৪ ঘণ্টাত আত্মাটোক তেওঁ কিমান পাপ আৰু কিমান পূণ্য কৰিলে সেই বিষয়ে দেখুৱা হয়। তাৰ পাছত আত্মাটোক পুনৰ সেইখন ঘৰত এৰি দিয়া হয় যত তেওঁ শৰীৰটো ত্যাগ কৰিছিল। ১৩ দিনলৈকে আত্মাটো তাতেই থাকে আৰু ১৩ দিনৰ পাছত পুনৰ যম দূতে আহি লৈ যায়।এই সময়ছোৱাত মৃতকৰ পৰিয়ালৰ লোকে নিয়মিত ৰূপত পিণ্ড দান কৰে । গড়ূৰ পুৰাণৰ মতে মৃত্যুৰ পাছত যি ১০ দিনলৈকে পিণ্ড দান কৰা হয় তাৰ পৰা মৃত আত্মাৰ বিভিন্ন অংগৰ তৈয়াৰ হয়। ১১ আৰু ১২ দিনৰ পিণ্ড দানৰ পাছত শৰীৰত মাংসপেশী আৰু ছালৰ সৃষ্টি হয়। তাৰ পাছত ১৩ দিনত যেতিয়া মৃতকৰ নামত পিণ্ড দান কৰা হয় তাৰ পৰাই তেওঁ যমলোকলৈ যাত্ৰা কৰে। পিণ্ড দানৰ ফলত আত্মাটোয়ে বল পায় আৰু তেওঁ নিজৰ ভৰিত থিয় হৈ মৃত্যুলোকৰ পৰা যমলোকলৈ যাত্ৰা কৰে। এই যাত্ৰা কাল ১ বছৰৰ হয়। এনে কিছুমান মান্যতা আছে যে ১৩ দিনত যি পৰিয়ালৰ লোকে পিণ্ড দান কৰে সেইয়া ১ বছৰলৈকে মৃত আত্মাটোয়ে ভোজনৰ ৰূপত লাভ কৰে ।


লগতে এইটোও মানি লোৱা হয় যে ১৩ দিনত অন্তত ১৩ জন ব্ৰাহ্মণক ভোজন কৰালে  আত্মাই প্ৰেতযোনিৰ পৰা মুকটি লাভ কৰে।  যি মৃতকৰ আত্মাৰ নামেৰে পিণ্ড দান কৰা নহয় তেওঁক ১৩ দিনত যম দূতে যমলুকলৈ টানি চুচৰাই লৈ যায়। এনে স্থলত  আত্মাটোয়ে বহুত কষ্টৰ সন্মুখীন হবলগা হয় সেইবাবে মৃতকৰ আত্মাৰ শান্তিৰ বাবে ১৩ দিনৰ পিণ্ড দান অতি জৰুৰী বুলি মনা হয়। যেতিয়াই কোনো মানুহৰ মৃত্যু হয় আৰু আত্মাই শৰীৰ ত্যাগ কৰি যাত্ৰা আৰম্ভ কৰে তাত তেওঁ তিনি প্ৰকাৰৰ মাৰ্গ পায়। 

"অৰচি মাৰ্গ, ধুম মাৰ্গ আৰু উৎপত্তি বিনাশ মাৰ্গ।"  অৰচি মাৰ্গ দেবলোক আৰু ব্ৰহ্মলোকৰ যাত্ৰাৰ বাবে হয়। ধুম মাৰ্গ পিত্তলোকৰ যাত্ৰাৰ বাবে আৰু উৎপত্তি বিনাশ মাৰ্গ নৰকৰ যাত্ৰাৰ বাবে। অৱশ্যে যিকোনো মাৰ্গৰ মাজেৰে যাত্ৰা কৰা আত্মাই তাত ভিন্ন লোকত থকাৰ পাছত পুনৰ পৃথিৱীলৈ আহিব লগা হয়। গৰুড়ৰ পুৰাণৰ উপৰিও  যৰ্জুবেদত কোৱা হৈছে যে শৰীৰ ত্যাগ কৰাৰ পাছত যিসকলে তপ ধ্যান কৰিছে তেওঁলোক ব্ৰহ্মলোকলৈ গুচি যায়। কিছু সৎকৰ্ম কৰা লোক স্বৰ্গলৈ যায় অৰ্থাৎ তেওঁলোক ধ্ৰুৱ হৈ যায়। আৰু ৰাক্ষসৰ দৰে কৰ্ম কৰা মানুহ  প্ৰেত যোনিত অনন্ত কাললৈ  ঘূৰি ফুৰে আৰু কিছুমানে পুনৰ পৃথিৱীত জন্ম গ্ৰহণ কৰে। জন্ম লোৱা সকলো যে কেৱল মনুষ্য ৰপতেই জন্ম লব তেনে নহয় ইয়াৰ পূৰ্বে এই সকলো পিত্তলোকত আছিল।


আমি আজি এই লেখাটোৰ জৰিয়তে মৃতকৰ শ্ৰাদ্ধৰ বিষয়ে জনাৰ লগতে এইটো ও গম পালোঁ যে ১৩ দিনলৈকে আত্মাটোৰ লগত কি কি ঘটনা ঘটে।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


 ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

2 comments:

  1. আত্মা অবিনশ্বৰ অৰ্থাৎ বিজ্ঞানৰ মতে ই এক শক্তি,শক্তি ক্ষয় নাযায়,ৰূপান্তৰ হে হয়,গতিকে এক শক্তিৰ পৰা অন্য ৰূপত সেই শক্তিয়েই স্থান লয়।এই ব্যাখ্যাটো অন্ধ বিশ্বাস ৰঞ্জিত,এইবোৰ ভুল ধাৰণা শিক্ষিত সমাজত প্ৰচাৰ নকৰি বৈজ্ঞানিক চিন্তা ধাৰাৰে লিখিলে সমাজ উন্নত আৰু উপকৃত হব। মই বুজি নাপালো--(১)আত্মা কুঁৱলীৰ দৰে হয়,কোনোবাই দেখা পাইছেনে?নে অন্ধ বিশ্বাস।(২)অভৌতিক ধ্বনি কি,বুজাই দিব নে?(৩)যমদূত কি,কোন তেওঁ,কাল্পনিক ধাৰণা নে?(৪)জীৱ জন্তু--সাপ,বেঙ ,শিয়াল, বাঘ,বান্দৰ আদি সমষ্ট জীৱই কৰা পাপ,মৃত্যু কাজিয়া আদি বিষয়ৰ ওপৰত কি কব,অন্ধ বিশ্বাস ৰঞ্জিত নকৰিব আজিৰ সমাজক বিভ্ৰান্ত নকৰিব

    ReplyDelete
  2. মুঠতে হিন্দু সকলে ব্ৰাহ্মণ সকলক খুওৱাব আৰু দান কৰিব লাগে আৰু মুছলমান সকলে মৌলবী আৰু আন আন ধৰ্মৰ মানুহে নিজৰ ধৰ্মীয় পণ্ডিত সকলক দান আৰু খুওৱাব লাগে। তেতিয়াহে সৃষ্টিকৰ্তা সন্তুষ্ট হয়। নহ'লে বিপদ।

    ReplyDelete

Advertisement

Pages