মাংগলিক সত্য প্ৰবচন। লক্ষ্মী কেনেকৈ ঘৰলৈ আহে । মহাৰাজ পুলকসাগৰজীৰ এটি সুন্দৰ প্ৰবচন । ( Religious Studies )
এজন মহাজন আছিল। ৰাতি ১২ মান বজাত শুই আছিল আৰু তেওঁ এটা সপোন দেখিলে। তেওঁৰ সপোনত লক্ষ্মী আহিল। লক্ষ্মীয়ে কলে, "মহাজন! মই আপোনাৰ সৈতে ২৫ বছৰ ধৰি আছো। মোৰ আন কাৰোবাৰ ঘৰলৈ যাবলৈ মন যায়।" মহাজনে কলে, "লক্ষ্মী পাগল হৈছা নেকি? তোমাৰ কাৰণেই আজি মই মহাজন.. তোমাৰ কাৰণেই মোৰ আজি জয় জয়-ময় ময়.. তোমাৰ কাৰণেই মানুহে মোক ৰাম ৰাম কয়.. তোমাৰ কাৰণেই মানুহে মোক আৰ্শীবাদ দিছে, যদি তুমিয়ে এৰি গুছি যোৱা তেতিয়াহলে এইখন গাঁৱত মোক সুধিবলগীয়া কোনো নাথাকিব।" লক্ষ্মীয়ে কলে," চাওঁক,মোৰ স্বভাৱ চঞ্চল হয়। আজি আপোনাৰ কাষত আছো, কাইলৈ বেলেগ কাৰোবাৰ ওচৰলৈ গুছি যাম। মই স্থায়ী নহয়।"
কেতিয়াবা দেখিছে আপুনি সৰস্বতী আৰু লক্ষ্মী দুগৰাকী দেৱীৰ চিত্ৰ? সৰস্বতীৰ চিত্ৰত সৰস্বতী সদায় বহি থাকে। সৰস্বতীৰ কেতিয়াও থিয় হৈ থকা চিত্ৰ বনা নাই। লক্ষ্মীৰ চিত্ৰ বহি থকা বনোৱা নাই, তেওঁ থিয় হৈ থকা দেখা যায়। মই কলো এনেকুৱা চিত্ৰ কিয় বনাই? সৰস্বতীক যতেই নেদেখা বীণা লৈ আসনত বহি থাকে আৰু লক্ষ্মী থিয় হৈ থাকে, মই সুধিলো এনেকুৱা কিয়? তেতিয়া কলে এটা কথা মনত ৰাখিবা লক্ষ্মীৰ স্বভাৱ চঞ্চল, তেওঁ আহে আৰু যায়। সৰস্বতীৰ স্বভাৱ অলপ বেলেগ, তেওঁ সহজে নাহে আৰু যেতিয়া আহে এৰি কেতিয়াও নাযায়। আপুনি এইটো শুনিছে চাগে বহুত লাখপতি, কোটিপতি তৎক্ষণাত ৰাস্তাত আহি যায় কিন্তু এজন জ্ঞানী মানুহ অজ্ঞানী হোৱা কেতিয়াও শুনা নাই। এনেকুৱা কেতিয়াও হোৱা নাই। সৰস্বতী আহিলে এৰি কেতিয়াও নাযায়, বহুত কঠিনতাৰে পোৱা যায়।
মহাজনে কলে, "লক্ষ্মী তুমি যি মন তাকে কৰা কিন্তু মোক এৰি নাযাবা।"
লক্ষ্মীয়ে কলে, "মই নিশ্চয় যাব লাগিব মহাজন, বাধা নিদিব।"
মহাজনে আকৌ কলে, "লক্ষ্মী তুমি যি কম কৰিব বিচাৰা কৰি লোৱা। এজন আত্মীয় কম কৰি লোৱা, কিন্তু তুমি কম নহবা। চোৱা, মই তোমাৰ কাৰণে সকলো ত্যাগ দিলো। ঘৰ, আত্মীয় এৰি দিলো, মন্দিৰ যাব এৰি দিলো, সাধুসকলৰ প্ৰবচন অনুষ্ঠানত যাব বন্ধ কৰি দিলোঁ। কাৰ কাৰণে? কেৱল তোমাৰ কাৰণেই আৰু এতিয়া তুমিয়েই এৰি যাম কৈছা "
লক্ষ্মীয়ে কলে," মই কেতিয়া কলো আপোনাক এইবোৰ এৰিব। এইবোৰ সকলো আপুনাৰ বুদ্ধি আছিল। ইয়াত মই কবলগীয়া একো নাই। "
মহাজনে কলে,"অলপ কৃপা কৰা মোৰ ওপৰত। "
লক্ষ্মীয়ে কলে," 25 বছৰে মই আপোনাৰ লগত আছোঁ। মোৰ আপোনাৰ প্ৰতি প্ৰেম হৈছে। "
" প্ৰেম হৈছে যদি এৰি কিয় যাব লৈছা?" - মহাজন
লক্ষ্মীয়ে কলে,"মোৰ যোৱাটো জৰুৰী। কিন্তু আপুনি ইমান হাতযোৰ কৰি অনুগ্ৰহ কৰিছে, মই যোৱা আগত আপোনাক এটা বৰদান দি যাম।"
"বৰদান ! " - বৰদানৰ নাম শুনি মহাজন সুখী হৈ পৰিল।
মহাজনে কলে," অ দিয়া দিয়া। "
এবাৰ এটা শিৱ মন্দিৰত এটা চোৰ সোমাইছিল আৰু যেতিয়াই চোৰটো সোমালে তেতিয়াই ভগৱান শিৱ প্ৰকট হল। শিৱই কলে," বৰদান বিচাৰা মোৰ পৰা। " চোৰটোৱে কলে," আমাৰ নিচিনা বোৰৰ কাৰণে বৰদান? "
শিৱই কলে, "অ বিচাৰি চোৱা, কিন্তু এটা কথা মনত ৰাখিবা.. বৰদান এটাই দিম। "
চোৰটোৱে কলে, "হব হব এটাই যথেষ্ঠ। কিন্তু মোক ইয়াৰ কাৰণে অলপ সময়ৰ প্ৰয়োজন। মই মোৰ পৰিয়ালৰ সৈতে আলোচনা কৰিব লাগিব। "
শিৱই কলে," হব ঠিক আছে।"
তাৰপিছত চোৰটো লৰালৰিকৈ ঘৰলৈ গল। বাৰাণ্ডাতে বুঢ়ী মাঁক বহি আছিল, তেওঁ জন্মৰ পৰা অন্ধ আছিল।
সি মাকক বৰদানৰ কথা কলত মাকে কলে, "তোৰ নিচিনা চোৰটোক কিয় বৰদান দিব। "
" আৰে,বৰদান পাম মই সঁচাই.. চিন্তা নকৰিব ।মোক মাথোঁ এটা উপায় দিয়ক কি বৰদান বিচাৰো। " চোৰটোৱে চিঞৰি কলে।
তাৰপিছত মাকে কলে যদি সঁচাই তেওঁ প্ৰকট হৈছে আৰু সঁচাই বৰদানৰ কথা কৈছে তেতিয়াহলে তই কবি তোৰ মা জন্মৰপৰা অন্ধী, তেওঁক চকু দান কৰি দিয়ক। চোৰটোৱে কলে," আৰে বুঢ়ী, ৮০ বছৰে পৃথিৱী খন নেদেখিলি.. এতিয়া ২০ বছৰে চাই কি কৰিবি? " ভিতৰলৈ গল পত্নীক সুধিলে কি বিচাৰো? পত্নীয়ে কলে, "তোৰ মূৰ নাই নেকি.. বিয়া হোৱা আজি ইমান বছৰ হল কেঁচুৱা নাই.. এটা কেঁচুৱা বিচাৰ।"
চোৰটো শিৱৰ ওচৰলৈ গল। শিৱই কলে ক কি বৰদান লাগিব, কিন্তু এটাই দিম । সি কলে এটাই বিচাৰিম। " মই বিচাৰোঁ মোৰ মায়ে নিজৰ নাতিক সোনৰ থালত খানা খোৱা দেখে।" চোৰটোৱে শিৱক কলে । শিৱই চুৰটোৰ মান শুনি আচৰিত মানিলে ।
মহাজনক লক্ষ্মীয়ে কলে, "কি বৰদান লাগে জনাওক।"
মহাজনে এদিনৰ সময় বিচাৰিলে আৰু ঘৰলৈ গৈ ৪ গৰাকী বোৱাৰীক সুধিলে কি বিচৰা ভাল হব। ডাঙৰ গৰাকীয়ে কলে, "লক্ষ্মীক কব যোৱাৰ আগত আমেৰিকাৰ সকলো সোন আমাৰ ঘৰত ভৰাই দিবলৈ।"
তাৰপিছত আনগৰাকী বোৱাৰীয়ে কলে, "এইবোৰ সোন অনা নিয়া পিছত বিপদত পৰিম। আজিকালি চিকিৎসালয়, বিদ্যালয় আদিৰ ব্যৱসায় ভাল চলিছে। পুণেত থকা সকলো চিকিৎসালয় বিদ্যালয় আমাৰ নাম কৰি দিবলৈ কব।"
তৃতীয় গৰাকীয়ে কলে,"এইবোৰ চিকিৎসালয় বিদ্যালয় নাপাও, তাতকৈ পুণেত যিমান মাটি আছে চব আমাৰ নাম কৰি দিব কব।"
সৰু বোৱাৰীক সুধিলে কি বিচৰা যায়। সৰু বোৱাৰীয়ে কলে, "দেউতা মোক নুশুধিব, মই সৰু হয়।" তেওঁ কলে "সৰু হলে কি হব তইও এইখন ঘৰৰ এগৰাকী সদস্যা.. তোৰপৰাও মই উপায় বিচাৰিছোঁ ক।" তাই কলে, "দেউতা লক্ষ্মী যদি যাব বিচাৰিছে যাবলৈ কব আৰু যোৱাৰ আগত এটাই বৰদান দিব বিচাৰিছে যদি কব আমাৰ ঘৰখনত চাৰিওগৰাকী বোৱাৰীৰ মাজত প্ৰেম ভাব জগাই যাবলৈ। মোক একো টকা - পইচা নালাগে।"
মহাজনে কলে ঠিক আছে।
ৰাতি ১২ বজাত লক্ষ্মী আহিল। মহাজনক কলে মই যাও, কওক কি বৰদান লাগে?
মহাজনে কলে," লক্ষ্মী তুমি যাব লৈছা? "
লক্ষ্মীয়ে কলে," হয়। "
" যোৱা তেতিয়া! " মহাজনে কলে ।
লক্ষ্মীয়ে আচৰিত হৈ সুধিলে," কালি লৈকে মোৰ চৰণত পৰি অনুগ্ৰহ আৰু আজি ইমান সহজে যাবলৈ কৈছে!"
"এই মুহূৰ্তত যোৱা তুমি লক্ষ্মী, আৰু কেতিয়াও নাহিবা ঘূৰি.. কিন্তু মোক মাত্ৰ এটা বৰদান দি যোৱা তুমি যোৱাৰ পিছত মোৰ আটাই গৰাকী পো - বোৱাৰীৰ মাজত প্ৰেম ভাৱ সদায় বিৰাজমান হৈ থাকে।"
লক্ষ্মীয়ে কলে, "এবাৰ ভালকৈ ভাবি চিন্তি চাই লওঁক মহাজন।সকলো লগত লৈ যাম মই। "
মহাজনে কলে," মই ভাবিলো যোৱা তুমি আৰু চব লৈ যোৱা। মোক মাথোঁ বৰদান দি যোৱা।"
লক্ষ্মীয়ে কলে," মহাজন মই আজিৰপৰা আপোনাৰ ঘৰখন এৰি কলৈকো নাযাও। "
মহাজনে সুধিলে," কিন্তু কিয়? "
লক্ষ্মীয়ে কলে, "যিখন ঘৰত প্ৰেম থাকে সেইখন ঘৰত মহালক্ষ্মীৰ বাস থাকে। যত প্ৰেম নাই তাত নিৰ্ধনতা বেছি হয়। "
মহাজনে সুধিলে," লক্ষ্মী তুমি ক'ত থাকা? "
লক্ষ্মীয়ে কলে, " যিখন ঘৰত গুৰুৰ আদৰ কৰা হয়, গুৰুৰ প্ৰাৰ্থনা কৰা হয়, যিখন ঘৰত শব্দৰ সভ্যতা থাকে আৰু যিখন ঘৰত প্ৰেম মিলা-প্ৰীতি অটুট থাকে তাত লক্ষ্মীৰ বাস থাকে। "
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment