মহাভাৰত আমাৰ সন্মুখত যিদৰে দৰ্শোৱা হৈছে সচাঁকৈয়ে সীমানতেই সীমাৱদ্ধ নে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 9, 2022

মহাভাৰত আমাৰ সন্মুখত যিদৰে দৰ্শোৱা হৈছে সচাঁকৈয়ে সীমানতেই সীমাৱদ্ধ নে : Religious Studies

Religious Studies


 বন্ধুসকল, হিন্দু ধৰ্মত মহাভাৰতক পঞ্চম বেদ বুলি মানি লোৱা হয়। যি বিশ্বৰ ডাঙৰ মহাকাব্যৰ ভিতৰত এখন হয়। মহাভাৰতত দিয়া জ্ঞানৰ আজিও মান্যতা সিমানেই আছে  যিমান আগৰ সময়ত আছিল। ( Religious Studies )


কিন্তু মহাভাৰত আমাৰ সন্মুখত যিদৰে দৰ্শোৱা হৈছে ই সীমানতেই সীমাৱদ্ধ নে? নে ইয়াৰ লগত জড়িত এনে কিছুমান ৰহস্য আছে যাৰ ওপৰত আলোচনা কৰা হোৱা নাই ? আজি আমি এই লেখাটোৰ জৰিয়তে মহাভাৰতৰ লগত জড়িত এনে ১০ তা ৰহস্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম যাৰ বিষয়ে অধিকাংশ লোকেই গম নাপায়। আহকচোন এই বিষয়ে কিছু কথা আলোচনা কৰোঁ। 

  

১) মহাভাৰতৰ যুদ্ধ হোৱা বহুত বছৰ পাৰ হল  কিন্তু আজিও মানুহৰ মনত ইয়াৰ প্ৰতি জিজ্ঞাসা আছে। আজিও এনে কিছুমান ৰহস্য আছে যি সেই যুদ্ধ লৈ উজাগৰে হৈ আছে। এনেকুৱা এটা ৰহস্য ১৮ অংকতোৰ লগত জড়িত হৈ আছে আচলতে মহাভাৰতত ১৮ অংকটোৰ বিশেষ মহত্ব আছিল। মহাভাৰতৰ যুদ্ধ ১৮ দিন পৰ্যন্ত চলিছিল যত লাখৰ ওপৰত যোদ্ধাৰ মৃত্যু হৈছিল। তাৰূপৰিও কৌৰব আৰু পাণ্ডৱৰ সেনা ১৮ অক্ষহিনী সেনা আছিল যত পাণ্ডৱৰ ১১ আৰু কৌৰৱৰ ৭ অক্ষহিনী সেনা আছিল।ইমানেই নহয় ঋষি বেদব্যাসে মহাভাৰত গ্ৰন্থৰ ৰচনা কৰিলে  যত মুঠ ১৮ তা পৰ্ব আছে। তেওঁ ১৮ পুৰানো ৰচনা কৰিলে তাৰূপৰিও গীতাত ১৮ অধ্যায় আছে। মহাভাৰত শেষ হোৱাৰ পাছত কেৱল ১৮ জন যোদ্ধা জীৱিত আছিল।


 এইবোৰ জনাৰ পাছত এইটো স্পষ্ট যে মহাভাৰত আৰু ১৮ অংকটোৰ মাজত গভীৰ সম্পৰ্ক আছিল। কিন্তু এনেকুৱা কিয় আছিল আজিও ই ৰহস্য হৈয়ে আছে।


২) দ্বিতীয়টো ৰহস্য হৈছে "অশ্বত্থামা জীৱিত আছে নেকি?"

মহাভাৰত কালৰ এজন ব্যক্তি যাৰ বিষয়ে এইটো মানি লোৱা হয় যে তেওঁ আজিও জীৱিত হৈ আছে আৰু তেওঁৰ নাম হৈছে অশ্বত্থামা। তেওঁ কৌৰব আৰু পাণ্ডৱৰ গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ আছিল যিয়ে মহাভাৰতত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। কিন্তু তেওঁৰ এক ভুলৰ বাবে অভিশাপ পালে আৰু কোৱা হয় যে এই অভিশাপৰ বাবে এই পৃথিৱী শেষ নোহোৱালৈকে ঘূৰি ফুৰিছে। আচলতে তেওঁক ভগবান শ্ৰীকৃষ্ণই অমৰতাৰ অভিশাপ দিছিল কিয়নো তেওঁ ব্ৰহ্মাস্ত্ৰৰ ভুল ব্যৱহাৰ কৰিছিল। সেইবাবে শ্ৰীকৃষ্ণ তেওঁৰ ওপৰত ক্ৰোধিত হল আৰু তেওঁ অভিশাপ দিলে যে সেইবোৰ হত্যাৰ পাপ ভুগি অশ্বত্থামাই হাজাৰ বছৰলৈকে নিৰ্জন ঠাইত ঘূৰি ফুৰিব। আজিও অশ্বত্থামাক কিছুমান ঠাইত দেখা পোৱাৰ কথা কোৱা হয়  কিন্তু ইয়াৰ সত্যতাৰ কোনো প্ৰমাণ নাই।


৩) তৃতীয় ৰহস্যটো হৈছে- " বিমান আৰু পৰমাণু  অস্ত্ৰৰ ব্যৱহাৰ" 

 এনেদৰে কোৱা হয় যে মহাভাৰতত বিমান আৰু পৰমাণু শাস্ত্ৰৰ ব্যৱহাৰ কৰা হৈছিল। আচলতে মহেনজ'দাৰোৰ খনন কাৰ্যত এনে কিছুমান কংকাল পোৱা গৈছিল যত Radiation ৰ প্ৰভাৱ পোৱা গৈছিল। মানি লোৱা হয় যে পৃথিৱীৰ প্ৰথম পৰমাণু বম অৰ্থাৎ ব্ৰহ্মাস্ত্ৰ  অশ্বত্থামাই এৰিছিল।  মহাভাৰতত  সৌপ্তিক পৰ্বৰ ১৩ ৰ পৰা ১৫ অধ্যায়লৈকে  ব্ৰহ্মাস্ত্ৰৰ পৰিনামৰ বিষয়ে কোৱা হৈছে। মহাভাৰত কালত বিমান আৰু পৰমাণু বমৰ কিদৰে ব্যৱহাৰ কৰা হল আজিও ই বহুত ডাঙৰ ৰহস্য হয়।


৪) চতুৰ্থ ৰহস্যতো হৈছে- 

" কৌৰৱৰ জন্ম এক ৰহস্য" 

 আপোনালোকৰ মাজৰ বহুতো লোকে হয়তো কৰবাত পঢ়িবলৈ পাইছে যে কৌৰৱৰ এজন ভাতৃ আছিল যি গান্ধাৰীৰ দাসীৰ পুত্ৰ আছিল। অবশ্য এই জানকাৰী  সম্পূৰ্ণ নহয়। বাস্তৱত গান্ধাৰীয়ে ১০১ তা সন্তান জন্ম দিছিল ইয়াৰ মাজত ১০০  জন পুত্ৰ আছিল আৰু ১ গৰাকী কন্যা। জন্ম দিয়াৰ বহু বছৰ আগতে গান্ধাৰীয়ে ৰাজমহলত ব্যাসৰ আপ্যায়ন কৰিছিল। তেওঁৰ অতিথ্যত প্ৰসন্ন হৈ ব্যাসে গান্ধাৰীক ১০০ পুত্ৰ জন্ম দিয়াৰ বৰদান দিলে। যেতিয়া সময় আহিল তেতিয়া গান্ধাৰীয়ে প্ৰসৱ নকৰাকৈ ২ বছৰতকৈ অধিক সময় গৰ্ভৱতী হৈ আছিল।  অৱশেষত এই দীঘলীয়া সময়ৰ পাছত গান্ধাৰীয়ে এক মৃত মাংসৰ টুকুৰা জন্ম দিলে। তেওঁ ইয়াক দেখি বহুত ভয় কৰিলে আৰু ইয়াক পেলাই দিয়াৰ সিদ্ধান্ত ললে। কিন্তু তেতিয়া ব্যাসে তেওঁক বাধা দিলে আৰু সেই মাংসৰ টুকুৰাটোক ১০০ ভাগত কাটিবলৈ কলে আৰু বেলেগ বেলেগ বৰ্তনত থবলৈ কলে। তেতিয়া গান্ধাৰীয়ে এগৰাকী কন্যা সন্তান প্ৰাপ্তিৰ ইচ্ছা ব্যক্ত কৰিলে। তেতিয়া ব্যাসে তেওঁক ১০১ টুকুৰা কৰিবলৈ কলে। দুবছৰ পাছত সেই মাংসৰ টুকুৰাবোৰ মানবলৈ পৰিণত হল আৰু এইদৰেই ১০০ কৌৰব ৰাজকুমাৰ আৰু ১ গৰাকী কৌৰব ৰাজকুমাৰী জন্ম হল। সেই ৰাজকুমাৰী গৰাকীৰ নাম ৰখা হল দুখালা।  কৌৰৱৰ এই ভগ্নী গৰাকীৰ বিষয়ে বিশেষ তথ্য নাই কিন্তু তেওঁৰ বিবাহ সিন্ধুৰ ৰজা জয়দ্ৰথৰ লগত কৰোৱা হৈছিল বুলি জনা যায়। ( Religious Studies )


৫) পঞ্চমটো ৰহস্য হৈছে- "বিদেশী যোদ্ধাও নামি পৰিছিল এই যুদ্ধত" 

 বন্ধুসকল, এনেকুৱা প্ৰমাণ পোৱা যায় যে মহাভাৰতৰ যুদ্ধত কেৱল ভাৰতেই নহয় বিদেশৰ বহুতো যোদ্ধা নামি পৰিছিল।  য়মন দেশৰ সেনাই যুদ্ধত অংশগ্ৰহণ কৰাৰ কথা কোৱা হৈছে। লগতে গ্ৰীক, ৰুম, আমেৰিকাৰ দৰে দেশৰ পৰা সেনাই আহি এই যুদ্ধত জড়িত থকাৰ প্ৰসংগ পোহৰলৈ আহিছে। ইয়াৰ আধাৰতে মানি লোৱা হয় যে মহাভাৰত প্ৰথম বিশ্বযুদ্ধ আছিল। 


৬) ষষ্ঠটো ৰহস্য হৈছে- 

"মহাভাৰত কোনে লিখিছিল?"

 অধিকতম লোকে এইটো জানে যে মহাভাৰত বেদব্যাসে লিখিছিল কিন্তু ই এক আধৰুৱা সত্য হয়।আচলতে বেদব্যাস কোনো নাম নহয় বৰঞ্চ ই এক উপাধি আছিল যাক বেদৰ জ্ঞান থকসকলক দিয়া হৈছিল। সত্যতা এইটো যে মহাভাৰতৰ ৰচনা ২৮ তম বেদব্যাস কৃষ্ণদ্বীপায়নে কৰিছিল। তেওঁৰ নামটো কৃষ্ণদ্বীপায়ন এইকাৰণে ৰখা হৈছিল কিয়নো তেওঁৰ বৰণ কৃষ্ণৰ দৰে আছিল।

 

৭) সপ্তম ৰহস্য হৈছে- 

"তিনিটা চৰণত লিখা মহাভাৰত" 

 মহাভাৰত হৈছে এখন মহাকাব্য যাক লিখিবলৈ বহুত সময় লাগিছিল। আপুনি জানে নে মহাভাৰতৰ দৰে মহাকাব্যক তিনিটা চৰণত লিখা হৈছে। প্ৰথম চৰণত ৮,০০০ শ্লোক দ্বিতীয় চৰণত ২৪,০০০ শ্লোক আৰু তৃতীয় চৰণত ১,০০০০০ শ্লোক লিখা হৈছিল।


৮) অষ্টমতো ৰহস্য হৈছে- " জ্যোতিষৰ আধাৰ ৰাশিবোৰ নাছিল।" 

আপুনি জানি হয়তো আচৰিত হব যে মহাভাৰতৰ দিনত ৰাশি সমূহৰ উপস্থিতি নাছিল। তেতিয়া জ্যোতিষীৰ ২৭ তা নক্ষত্ৰৰ আধাৰ আছিল। নক্ষত্ৰত প্ৰথম স্থানত ৰোহিনী আছিল অস্বীনি নাছিল। যিদৰে সময় পাৰ হল বিভিন্ন সভ্যতাই জ্যোতিষত প্ৰয়োগ কৰিলে আৰু চন্দ্ৰমা আৰু সূৰ্যৰ আধাৰত ৰাশিৰ সৃষ্টি কৰিলে আৰু মানুহৰ ভৱিষ্যতৰ বিষয়ে কবলৈ আৰম্ভ কৰিলে। কিন্তু বেদ আৰু মহাভাৰতত এনেধৰণৰ বিদ্যাৰ কোনো উল্লেখ নাই যত গম পাব পাৰি যে গ্ৰহ , নক্ষত্ৰই ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলায়।

৯) নৱম ৰহস্যটো হৈছে- "অভিমন্যুৰ মৃত্যুৰ সত্যতা"

আপোনালোকে হয়তো জানে যে অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ হত্যা মহাভাৰতত সাত মহাৰথীৰ দ্বাৰা কৰা হৈছিল কিন্তু ই সম্পূৰ্ণ সত্য নহয়। মহাভাৰতৰ মতে অভিমন্যুই শক্তিৰে যুদ্ধ কৰাৰ সময়ত সাতৰ ভিতৰত এজন মহাৰথী যি দুৰ্যোধনৰ পুত্ৰ আছিল  তেওঁক মাৰি পঠিয়াইছিল আৰু তাৰ ওপৰত ক্ৰোধিত হৈ  দুৰ্যোধনৰ পুত্ৰই  অভিমন্যুৰ হত্যা কৰিলে।


১০) দশম ৰহস্যতো হৈছে- 

"  মহান যোদ্ধা বৰ্বৰিকৰ কাটি যোৱা মুণ্ডই যুদ্ধ দেখিছিল" 

বন্ধুসকল, আপোনালোকে এই মহান যোদ্ধাজনৰ বিষয়ে জানে নে যাৰ কাটি যোৱা মুণ্ডই সম্পূৰ্ণ মহাভাৰতৰ যুদ্ধ দেখিছিল। সেই মহান যোদ্ধা জন আন কোনো নহয় বৰঞ্চ ভীমৰ পুত্ৰ বৰ্বৰিক আছিল। তেওঁ এইটো প্ৰণ লৈছিল যে তেওঁ মৃত্যুৰ ক্ষণলৈকে মহাভাৰতত হাৰি যোৱা পক্ষৰ লগত যুঁজিব। কৌৰব আৰু পাণ্ডৱৰ সকলো সেনাক সমাপ্ত কৰিবলৈ বৰ্বৰিকৰ বাবে মাত্ৰ তিনিটা বান পৰ্যাপ্ত আছিল। কিন্তু এই কথা জানি ভগবান শ্ৰীকৃষ্ণই ব্ৰাহ্মণৰ বেশেৰে তেওঁৰ পৰা দানত তেওঁৰ শিৰতো বিচাৰিলে। তেওঁ শিৰ দান কৰাৰ পিছত শ্ৰীকৃষ্ণক প্ৰাৰ্থনা জনালে যে তেওঁ শেষলৈকে যুদ্ধ চাব বিচাৰে। তেতিয়া কৃষ্ণই তেওঁৰ এই কথা  মানি ললে। ভগৱানে সেই মুণ্ডটোক অমৃতেৰে ধুই আটাইতকৈ ওখ ঠাইত থৈ দিলে যাতে তেওঁ মহাভাৰতৰ যুদ্ধ চাব পাৰে। কিন্তু ই কেনেকৈ সম্ভৱ হল আজিলৈকে ৰহস্য হৈয়ে থাকিল। 

এইয়াই আছিল মহাভাৰতৰ লগত জড়িত ১০ ৰহস্য যাৰ বিষয়ে অধিকাংশ লোকে গম নাপায়।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


 ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages