শাস্ত্ৰত এই তিনি প্ৰকাৰৰ দানৰ মহত্বৰ বিষয়ে এনেদৰে কৈছে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 9, 2022

শাস্ত্ৰত এই তিনি প্ৰকাৰৰ দানৰ মহত্বৰ বিষয়ে এনেদৰে কৈছে : Religious Studies

Religious Studies

তিনি প্ৰকাৰৰ দানৰ সুন্দৰ মহত্ব শাস্ত্ৰত কোৱা হৈছে। প্ৰথমটো হৈছে কন্যাদান , দ্বিতীয় গৌ দান আৰু তৃতীয় ধন দান। ( Religious Studies )


যেতিয়াই আপুনি দান কৰাৰ কথা ভাবে তেতিয়া কিছুমান কথা ধ্যান ৰাখিব লাগে। যদি আপোনাৰ কন্যা সন্তান আছে, যদি আপুনি  গৌদান কৰিব বিচাৰে আৰু ধন দান কৰিব বিচাৰে তেন্তে প্ৰথমে এইকেইটা কথাৰ বিশেষ ধ্যান দিয়ক। ৰাতিপুৱা কোনো কাম কৰাৰ পাছত আমি  গৌদান কৰোঁ। ইয়াৰ এটা সুন্দৰ মহত্ব শাস্ত্ৰত উল্লেখ আছে। এই তিনি প্ৰকাৰৰ দানেই হৈছে আটাইতকৈ ডাঙৰ দান। ভাগৱতত হয়তো আপোনালোকে শুনিব পাইছে যেতিয়া ৰজা নৃগই গৌ দান কৰিলে সেই গৰু জনী পুনৰ তেওৰ ওচৰলৈ ঘূৰি আহিল। আকৌ তেওঁ বেলেগ এজন ব্ৰাহ্মণক দিলে তেওঁ তেতিয়া  এক প্ৰকাৰৰ পূৰ্বজগত জেঠী হব লগা হল।  যদি গৌ দান কৰোঁতে কিবা ভুল হৈ যায় তেন্তে তাৰ শাস্তি ব্যক্তিজনে ভুগিবই লাগিব। যদি আপুনিও গৌ দান কৰিব বিচাৰে তেন্তে প্ৰথমে পাত্ৰতা চাওক। যত গৌ মাতা সুৰক্ষিত থাকিব তাতহে দান কৰিব। আপুনি ভাৱনাত আহি গৌ দান কৰি দিব কিন্তু যদি দান কৰাৰ পাছত কোনো ব্যক্তিয়ে সেই গৰুজনীক হত্যা কৰে , গৰুজনীৰ মৃত্যু হয় তেন্তে সেই গো হত্যাৰ পাপ আপুনি ভুগিব লাগিব।


 গতিকে গৌ দান কৰাৰ আগতে এইটো কথাৰ ধ্যান ৰাখিব যে আপুনি যাক দান কৰিছে সেই ব্যক্তিজন কেনেকুৱা হয়। তেওঁ সচাই গো সেৱক হয় নে?  তেওঁ নিজৰ গৌ শালত গৰুজনীৰ ভালদৰে যত্ন লব নে সেইটোৰ ওপৰত গুৰুত্ব দিয়ক। যদি আপুনি ভাবিছে যে তেওঁ এজন ভাল সেৱক হয় তেন্তে আপুনি নিচিন্ত হৈ গৌ দান কৰিব পাৰে। গৌ দান এক বৃহৎ দান হয়। যিজন ব্যক্তিয়ে গৌ দান কৰে তেওঁৰ ওপৰত ভগৱানৰ কৃপা সদায় থাকে। যদি গৌ দান কৰা পাত্ৰ জন শুদ্ধ নহয় তেন্তে তেওঁক দান নকৰিব। 


 দ্বিতীয়টো দান হৈছে ধনদান। আপুনি যেতিয়াই ধন প্ৰদান কৰে  আপুনি দেখিলে যে এজন গৰিব লোকে ঠাণ্ডাৰ দিনত বাহিৰত কঁপি কঁপি বহি আছে তেতিয়া আপোনাৰ মনলৈ দয়া ভাব আহিল। দয়া উপজি আপুনি তেওঁক এখন কম্বল দিলে অথবা কেইটকামান দিলে। কিন্তু সেই গৰিব লোকজনে টকাৰ সদুপযোগ নকৰিলে। যদি তেওঁ ঠাণ্ডাৰ সময়ত কাপোৰ কিনি পিন্ধিলে হেতেন তেতিয়া উচিত হলহেঁতেন।  যদি তেওঁ আপুনি দিয়া ধনেৰে মদ্যপান কৰে তেন্তে সেই পাপ আপোনাৰ ওপৰত লাগিব। গতিকে দান কৰাৰ আগতে আপুনি বিচাৰ কৰক যে তেওঁ সচাই টকাৰ সদুপযোগ কৰিছে নে?


 যদি তেওঁ সদুপযোগ কৰিলে নিজৰ প্ৰয়োজনীয় বস্তু ক্রয় কৰিলে  , ভোজনৰ বাবে টকা খৰচ কৰিলে তেন্তে আপুনি ভগৱানৰ আশীৰ্বাদ পাব।  সেইবাবে ধন দান কৰাৰ আগতে এবাৰ ভাবি চাব। ( Religious Studies )


এতিয়া তৃতীয়টো দান হৈছে যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ  সেইটো হৈছে কন্যাদান। যদি আপুনি কন্যাদান কৰিবলৈ পায় , যিখন ঘৰত কন্যা সন্তান থাকে সেইখন ঘৰ কোনো স্বৰ্গতকৈ কম নহয়। নি ঘৰত ছোৱালী থাকে তাত মা লক্ষ্মীৰ কৃপা সদায় বৰ্তী থাকে। আৰু সেইজন পিতা ধন্য হয় যিয়ে কন্যাদান কৰাৰ শুভাগ্য লাভ কৰে। কিন্তু কেতিয়াবা আমি কন্যাদান কৰাৰ আগতে কিছুমান কথাত মনোযোগ নিদিওঁ। 

আজিকালি এনেকুৱা বহুত ঘটনা শুনিবলৈ পোৱা যায় যে পিতাই কন্যাদান কৰে এখন ভাল লাখপতি ঘৰত, এখন ভাল পৰিয়ালত। কিন্তু বিয়া হৈ যোৱাৰ পাছত গম পালে যে সেইখন ঘৰত কন্যা গৰাকীৰ কোনো সন্মান কৰা নহয়। পৰিয়ালৰ লোকে ছোৱালীজনীক অপমান কৰে, অত্যাচাৰ কৰে । এনেকুৱা ধনবান লোক কি কামৰ হয় ? যদি আপোনাৰ কন্যাই বিয়া হৈ গৈ সেইখন ঘৰত দিনে ৰাতিয়ে কেৱল কান্দি আছে তেন্তে আপুনিও ওৰে জীৱন কান্দিব লাগিব। গতিকে কন্যাদান কৰাৰ আগতে আপুনি ঘৰ চালে, তেওঁলোকৰ টকা পইচা চালে , তেওঁলোকৰ কিমান গাড়ী আছে, কিমান অট্টালিকা আছে এই সকলোবোৰ আপুনি চালে। কিন্তু আপুনি যে কেৱল টকা চাব লাগে সেইটো জৰুৰী নহয়। কিন্তু যাক আপুনি ওৰে জীৱনৰ বাবে নিজৰ কন্যাক গতাই দিছে সেই মানুহজন কেনেকুৱা ,তেওঁৰ স্বভাৱ কেনেকুৱা , তেওঁ আপোনাৰ ছোৱালীক সুখত ৰাখিব পাৰিব নে নাই এই সকলোবোৰ কথাত গুৰুত্ব দিয়ক। 


যেতিয়া আপুনি লৰাজন চাবলৈ যাব তেওঁ যাতে বেয়া বস্তু মুখত নিদিয়ে, ডাঙৰক সন্মান কৰে , বিনম্র স্বভাৱৰ হয় যদি এই সকলোবোৰ গুণ তেওঁৰ মাজত আছে তেন্তে তেওঁ আপোনাৰ কন্যাৰ বাবে উপযুক্ত। আপুনি তেতিয়া নিচিন্ত হৈ ছোৱালীৰ বিয়া দিয়ক। যদি এইবোৰ গুণ তেওঁৰ মাজত নাই তেন্তে আপোনাৰ কন্যাক কেতিয়াও এনে লোকৰ হাতত গতাই নিদিব। কিয়নো আপোনাৰ ছোৱালীয়ে কান্দিলে আপুনিও গোটেই জীৱন কান্দিব লাগিব। গতিকে এই তিনি প্ৰকাৰৰ দান কৰাৰ আগতে সকলো দিশ চলি জাৰি চাই লব তাৰ পাছতহে দান কৰিব।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


 ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages