কেতিয়াও সদায়‌ শান্ত হৈ নাথাকিব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 9, 2022

কেতিয়াও সদায়‌ শান্ত হৈ নাথাকিব : Assamese Fact

Assamese Fact


আপোনাৰ বিষয়ে যেতিয়া কোনো ব্যক্তিয়ে বেয়াকৈ কয় বা ঠাট্টা কৰে আপুনি কি কৰে সেই সময়ছোৱাত ? আপোনাৰ ব্যৱহাৰ কেনে হোৱা উচিত সেই সময়ত ? ( Assamese Fact )


মহাৰাজ পুলকসাগৰজীৰ এটি সুন্দৰ প্ৰবচন । 

যিয়ে আজিও নিজৰ ভাষা জীয়াই ৰাখিবলৈ সক্ষম হৈছে আৰু ঘৰটো ভাল ভাষা কয়। মই পক্ষ লোৱা নাই কিন্তু মই ডাঠি কব পাৰোঁ জৈন ধৰ্মৰ নিচিনা ভাল সভ্যতা কোনেও ধৰি ৰখা নাই। তাত ভাল শব্দ ব্যৱহাৰ কৰা হয়.. তাত "কাকা" ৰ সলনি "কাকাচাহাব" সম্বোধন কৰি মতা হয়। ইয়াৰোপৰি তাৰ কৃষ্টি-সংস্কৃতি প্ৰশংসনীয়। তাৰ উচ্ছ সমাজত গাড়ীচালককো ড্ৰাইভাৰৰ সলনি ড্ৰাইভাৰজী বুলি মতা হয়। আপুনি কেনেকৈ কথা কয় ঘৰত? মনত ৰাখিব সন্মান ৰাখি কথা কলে সন্তানেও শুদ্ধ পথ লব। মান্যবৰ, এজন মানুহক কি লাগে ! কেৱল দুটি মিঠা শব্দ। তোমাৰ ঘৰলৈ যদি কোনোবা আহিছে, চাঁহ ফিকা হলেও চলিব কিন্তু মানুহ ঘৰৰ মাত-কথা মিঠা হোৱটো উচিত। আপুনি যি শব্দৰ ব্যৱহাৰ কৰে তাৰপৰাই আপুনাৰ নিজৰ পৰিচয় প্ৰকাশ পায়। যি ভাষাৰ আপুনি ব্যৱহাৰ কৰে তাৰপৰাই আপুনাৰ মনোভাৱ প্ৰকাশ পায়।


মান্যবৰ, ভাবিবৰ সময় হল আপোনাৰো। যাৰ ঘৰত ভাল কথা কোৱাৰ অভ্যাস নাই কিন্তু তাক আমি যদি চেষ্টা কৰো শুধৰাব এদিন এই ভাল শব্দ বোৰেই আমাৰ অভ্যাস হৈ পৰিব। তোমাৰ এই সলনি দেখি যিয়ে আজি হাঁহিব সেই জন ব্যক্তিয়েই এদিন আদৰ্শ ব্যক্তিৰ নাম লওঁতে তোমাৰ নাম লব। কেতিয়াবা ৰাজস্থানৰ মালৱাৰ, যধপুৰ গৈ চাবা.. তাত গালিও বেলেগ ধৰণে দিয়া যায়। তাত কুকুৰক "কুকুৰ" নহয়, "কুকুৰ চা" বুলি কয়।


যেতিয়ালৈকে তুমি জ্ঞাত নহয় এজন ব্যক্তিৰ ব্যক্তিত, ব্যক্তিজনে কথা কোৱাৰ লগে লগে তুমি জ্ঞাত। নিজৰ লৰা-ছোৱালীক ভাল শিক্ষা দিয়ক, দায়িত্ব আপোনাৰ। এটা কথা মনত ৰাখিব, শ শ বিদ্যালয় বনোৱাটো বহুত সহজ কিন্তু এটা সন্তানক ভাল শিক্ষা দিয়াটো শ বিদ্যালয় বনোৱাত কৈও ওপৰত। বিদ্যালয়ৰ ওপৰতেই ভৰসা নকৰিব, তাত "গ" মানে "গাধ" বুলি শিকোৱা হয়। ( Assamese Fact )


বিদ্যালয়ৰ অ মানে অমিতা, চ মানে ছাগলী, ব মানে বল শিকাতকৈ পাঠশালাৰ অ মানে অদ্ভূত, চ মানে চালাক আৰু ব মানে বন্ধুত্ব শিকাওক। আজিকালিটো ইংৰাজীৰ ব্যৱহাৰ বেছিকৈ হবলৈ ধৰিলে। কিন্তু এটা কথা মনত ৰাখিব ইংৰাজীত ডাঙৰকো "ইউ" আৰু সৰুকো "ইউ" বুলি কোৱা হয়। আমাৰ মাতৃভাষাত ডাঙৰ-সৰু পাৰ্থক্যৰে সম্বোধন কৰা হয়।


   মান্যবৰ, কেতিয়াবা বৰ্ণমালা পঢ়িছে? আমাৰ মাতৃভাষাই অ আমাক অ ৰে অনেক আৰম্ভ কৰি জ্ঞানী কৰি শেষ কৰে কিন্তু ইংৰজীয়ে কি শিকাইছে? A ৰে Apple আৰম্ভ কৰি Z ৰে Zebra মানে জন্তু বনাই অন্ত কৰে।


ঘৰত এনেকুৱা ব্যৱহাৰ নকৰিব যাতে নিজৰ সন্তান আৰু পৰিবাৰে আপুনি বাহিৰলৈ যোৱাটো বিচাৰে। যদি আপুনি বাহিৰৰ পৰা অহা লগে লগে আপুনাৰ সন্তান উৎফুল্লিত হয় তেতিয়াহলে জানিব আপুনাৰ সদ ব্যৱহাৰৰ পৰিনাম কিমান সন্তোষজনক। ভাল জীৱন জীয়াবলৈ চেষ্টা কৰা।


     আজিকালি বাতৰিকাকত, আলোচনী এইবোৰ সন্তানে চিনি নাপাই কিয়নো আজিকালি সকলোৰে হাতে হাতে মোবাইল ফোন আহিল। দিনে-ৰাতিয়ে মোবাইলত ব্যস্ত হব ধৰিলে। ল'ৰা-ছোৱালীয়ে ফেচবুক,হোৱাটচ্এপত ব্যস্ত হব ধৰিল.. ফেচবুকত এনেকুৱাই ফেচ চাব ললে যে মাঁক বাপেকৰ ফেচ চাবলৈও সময় নোহোৱা হল। এটা কথা ভাবি চাওক ওচৰ চুবুৰীয়াক চিনি নাপায় কিন্ত তেওঁৰ মোবাইলেৰে বহুত হাজাৰ হাজাৰ দূৰৰ মানুহ চিনি পায়.. দূৰ নতুন চিনাকীৰ লগত বন্ধু্ত্ব কৰা হয়। পঞ্চম শ্ৰেণীত পঢ়ি থাকোতেই এতিয়া স্কুটি বাইকেৰে অহা যোৱা কৰে। এবাৰ মনত পেলোৱা তোমাৰ শৈশৱৰ দিনবোৰ কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা দিন আহিল। প্ৰতিদিনে চানা খাবলৈও আমি ১০ টকা নাপাইছিলো। আজিকালি লৰা ছোৱালীক কিমান সুবিধা দিয়া হৈছে তথাপিও সঠিক পথত নাই।


মই মনা কৰা নাই আপোনাৰ সন্তানক এইবোৰ নিদিবলৈ কিন্ত লগতে ভাল সংস্কাৰো দিব উচিত পথত আগবাঢ়ি যাবলৈ।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages