মহাবীৰ জৈনক এজন মানুহে সুধিলে বন্ধুত্ব আৰু মৰম বজাই ৰাখিবলৈ কি কৰিব লাগে।মহাবীৰ জৈনে ক'লে- শত্ৰুক নামাৰিবা শত্ৰুতাক মাৰা তেতিয়া পৃথিৱীত শত্ৰুৱে নাথাকিব।( Assamese Fact )
ৰাৱণক মৰা ৰামৰ উদ্দেশ্যে নাছিল ।ৰাৱণৰ স্বভাৱ শুধৰণি কৰাহে ৰামৰ উদ্দেশ্যে আছিল। মানুহে কিছুমান কথা মাক-দেউতাকক ন'কলেও বন্ধুক কয়। সেই কাৰণে বন্ধুত্ব আমাৰ জীৱনৰ এটা অংশ নিচিনা।
ছোৱালী এজনী বিয়া দিওঁতে আজিকালি মাক-দেউতাকে ল'ৰাটোৱে কিমান ইনকম কৰে ,ধনী নে, জাতি কি, মাক-দেউতাক কেনেকুৱা সেইবোৰ চাই বিয়া দিয়ে । কিন্তু এটা কথা মনত ৰাখিব মাক-দেউতাক বা ঘৰখন আৰু পইচা পাতি থাকিলে যে ল'ৰাটোও ভাল হ'ব তেনেকুৱা একো কথা নাই।
সেই কাৰণে ছোৱালী এজনী বিয়া দিওঁতে সদায় যোগ্য ল'ৰা চাব লাগে,যাৰ স্বভাৱ চৰিত্ৰ ভাল আৰু তাৰ লগৰবোৰ ভাল হ'ব লাগে যাতে সিহঁতি তাক ভাল পথ দেখোৱাই ।কাৰণ বহুত মানুহ লগৰবোৰৰ লগত থাকিয়ে কেতিয়াবা বেয়া পথে গতি কৰে ।
ল'ৰাটো লাগিলে দুখীয়াই হওঁক তাৰ যদি স্বভাৱ চৰিত্ৰ ভাল আৰু যদি তাৰ যোগ্যতা আছে সি ইনেও এদিন সফলতা অৰ্জন কৰিব। যিমান বেয়া মাক-দেউতাক হ'লেও নিজৰ ল'ৰা ছোৱালীৰ বেয়া নিবিচাৰে।দেউতাকে লাগিলে মদ, চিগাৰেট খাই তথাপিও কিন্তু ল'ৰাটোক খাবলৈ নিশিকাই আৰু খোৱাতো নিবিচাৰে।
এইবোৰ কোন শিকাই জানে লগৰ বন্ধুৱে সেই কাৰণে ভাল সংগৰ লগত থাকিব লাগে। এটা কথা মনত ৰাখিব উচতাই বেয়া ফালে ঠেলি দিয়া মানুহ বহুত পাব । সেই কাৰণে এনেকুৱা বন্ধু থকাতকে নথকাই ভাল ।
( Assamese Fact )
আইনাৰ সন্মুখত আমি যেনেকুৱা কৰোঁ তেনেকুৱাই দেখো ন? আমি যদি কান্দু তেতিয়া তাতো কন্দা দেখো হাঁহিলে হঁহা। যি নকৰোঁ কিয় তাতো সেই একেই দেখো। বন্ধুসকলো এনেকুৱাই হ'ব লাগে অৰ্থাৎ আইনাৰ দৰে।আমি কান্দিলে তাৰ মুখত হাঁহি নহয় চকু পানী বৈ অহা হ'ব লাগে। আজিকালি মানুহবোৰ এনেকুৱা যে আমি কান্দিলে হাঁহিবহে। সেই কাৰণে আইনাৰ দৰে বন্ধুৰ লগত বন্ধুত্ব কৰক।আইনা ভাগি গ'লেও মিছা নকয় বা নেদেখুৱাই। কিন্তু আমি ভাগি যাম বুলি মুখ নোখোলো।
জীৱনত এনেকুৱা বহুত ক্ষণ আহে আগতে থকা বন্ধু পাছলৈ শত্ৰু হৈ পৰে। কাজিয়াটো মাক-দেউতাক , পত্নী সকলোৰে লগত হয়। বন্ধুসকলৰ মাজতো হয় কিন্তু সেইয়া শত্ৰুতালৈ পৰিবৰ্তন হৈ পৰে। কাজিয়া কৰা পাছত সেই দিনা ৰাতি কেনেকৈ পাৰ হয়। অশান্তিৰ মাজেৰে ন, টোপনি নাহে এনেকুৱা লাগে সি বা তাই মোক এনেকে কিয় ক'লে মোৰ বন্ধু হৈও । এইবোৰ ভাবি ভাবি টোপনি আহে জানো নাহে। আকৌ ভাল হ'বলৈ মন গ'লেও আমি ভাবোঁ সি আগত ক'ব লাগিব তেতিয়াহে ভাল হ'ম কিন্তু সিও একে কথাকে ভাবে যাৰ ফলত শত্ৰুতা বাঢ়ি গৈ থাকে।
যদি কোনোবা আপোনাৰ সঁচা বন্ধু আৰু ভাল পথ প্ৰদৰ্শক তেতিয়া তাৰ লগত শত্ৰুতা হ'লেও আমি তাৰ কথা আনৰ আগত বেয়াকে নক'ব যিমান পাৰে ভালকে ক'ব লাগে। যাতে যেতিয়া তাৰ কাণত পৰে সিও ভাবে বাদ দিওঁ শত্ৰুতা আৰু বন্ধুত্বৰ হাত আগবঢ়াও। আপোনালোকে বন্ধুৰ প্ৰসংশা কৰে শত্ৰুৰ কথা বেয়াকে কয়। সেই কাৰণে শত্ৰুৰ প্ৰসংশা কৰক তেতিয়া ইনেও শত্ৰুতা নিজে নিজেই নাইকীয়া হৈ পৰিব।
জীৱনত ভাল বন্ধু লগত বন্ধুত্ব কৰিবলৈ চেষ্টা কৰক। ভাল বন্ধুৱে জীৱন ভাল কৰি তুলিব আৰু যদি বেয়া বন্ধু হয় জীৱন বৰবাদ কৰি দিব। সেই কাৰণে চাই চিতি বন্ধুত্ব কৰক। বন্ধুত্ব ইমান সহজ নহয় আৰু বন্ধুত্বৰ অবিহনেও জীৱন নহয়।
জীৱন আছে কাৰণে বন্ধুত্ব আছে আৰু বন্ধুত্ব আছে কাৰণে জীৱন আছে। বিপদৰ সময়ত ধন-সম্পত্তি সম্পৰ্কীয় মানুহ কামত নাহিলেও কিন্তু এজন সঁচা মিত্ৰ কামত আহে। ভগৱান ৰামেও ১৪ বছৰ বনবাসত আছিল । কিন্তু সেই সময়ত তেওঁক সম্পৰ্কীয় মানুহে নহয় , হনুমান,বিভীষণেহে লগ দিছিল।
কাৰণ তেওঁলোক ৰামৰ সঁচা মিত্ৰ আছিল। তেওঁলোক নোহোৱা হ'লে ভগৱান ৰামৰ কাৰণে ১৪ বছৰ বনবাসত থকাতো বহুত কঠিন হৈ পৰিল হেঁতেন।
ভগৱানেও বন্ধু বিচাৰিছিল বা ভগৱানৰো বন্ধু প্ৰয়োজন হৈছিল। কৃষ্ণৰো সুদামা দৰে বন্ধু আছিল আৰু এনেকুৱা বন্ধু পালে জীৱন সফল হৈ পৰে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment