আপোনাৰো অহংকাৰ আছে যদি এইসমূহ জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 9, 2022

আপোনাৰো অহংকাৰ আছে যদি এইসমূহ জানি লওঁক : Assamese Fact

Assamese Fact


আপোনাৰো অহংকাৰ আছে নেকি ? অহংকাৰৰ পৰিণতি কি হব পাৰে জানেনে ? এই কাহিনীৰ জৰিয়তে অহংকাৰৰ পৰিণতিৰ বিষয়ে জানি লওঁক । ( Assamese Fact )


এখন গাঁৱত এটা ভেকুলী জপিয়াই ঘূৰি ফুৰিছিল। এনেকৈ ঘূৰি ফূৰোতে সি এটা হাতী দেখিলে, হাতীটো দেখি সি ভাবিলে ই ইমান ডাঙৰ আৰু মই ইমান সৰু । ভেকুলীটোৱে হাতীৰ নিচিনাকৈ নিজৰ দেহটো কেনেকৈ ডাঙৰ কৰিব পাৰি ভাবিলে আৰু জপিয়াই জপিয়াই গৈ থাকোতে ৰাস্তাৰ কাষত এজন মানুহে চাইকেলত পাম্প দি থকা দেখিলে। ভেকুলীটোৱে ভাবিলে যদি এইটোয়ে বতাহ ভৰাই চাইকেলৰ চকাটো ফুলাই দিব পাৰিছে তেতিয়াহলে ই মোক হাতীও বনাব পাৰিব। লগে লগে সি মানুহটোৰ ওচৰলৈ গল আৰু কলে, "মোক বতাহ দি ডাঙৰ কৰি দিয়া ।" মানুহটোয়ে কলে, "পাগল হলা নেকি?"

ভেকুলীটোৱে কলে, "আৰে পাইপ দাল মোৰ মুখত দি দিয়া.. মই ডাঙৰ হব বিচাৰো.. বেছি বকি নাথাকিবা মই যি কৈছো কৰি দিয়া।"

মানুহজনে ভাবিলে ই এনেকে নামানিব আৰু সেই ভাবি পাইপ দাল তাৰ মুখত দি দিলে। এক পাম্প মৰাৰ লগে লগেই ভেকুলীটোৰ চাৰিও ঠেং মেল খাই পৰিল। মানুহটোৱে সুধিলে হবনে বুলি তেতিয়া সি কলে নাই আৰু মাৰা পাম্প। কিয়নো ভেকুলীতোৰ মনত অহংকাৰ আছিল। দ্বিতীয় পাম্পত ভেকুলীটোৰ চকু বাহিৰ হৈ আহিল তথাপিও সি কলে আৰু ডাঙৰ হব বিচাৰো মই। যেতিয়াই তৃতীয় পাম্প দিলে ভেকুলীটো চাৰিওফালে চিটিকি পৰিল।


যিমান ধন সম্পত্তি নহওক ইচ্ছা কেতিয়াও শেষ নহয় মানুহৰ। বহুত বেছি আশা কৰা নিজৰ বাবেও হানিকাৰক। কেবল জন্তুৰে নেগুৰ নাথাকে, মানুহৰো থাকে। পাৰ্থক্য ইমানই যে জন্তুৰ নেজ দেখা পোৱা যায় কিন্ত মানুহৰ দেখা নাযায়। ব্যক্তিয়ে নিজৰ ব্যৱহাৰ কেতিয়া হেৰুৱাই?তেতিয়াই হেৰুৱাই যেতিয়া ব্যক্তি জনৰ মনত অহংকাৰ আহি পৰে।


মই এবাৰ এখন আশ্ৰমত আছিলো। শুদ্ধ বগা কাপোৰৰ পোছাক পৰিধান কৰি আছিলো। এজন মানুহে সুধিলে আপুনি সাধু নেকি? মই কলো নহয় কিন্তু কিয় সুধিলে তেতিয়া মানুহজনে কলে তেতিয়াহলে আপুনি এনেকৈ বগা কাপোৰ কিয় পৰিধান কৰি আছে। তেতিয়া মই কলো মান্যবৰ, বস্ত্ৰৰ জৰিয়তে ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ নাপায়। বস্ত্ৰ ৰঙীন হওক বা বগা হওক ই প্ৰয়োজনীয় নহয়। প্ৰয়োজনীয় এইটো যে আমাৰ মনতো কিমান ৰঙীন। তেতিয়া মই উলোটাই তেওঁক সুধিলো আপুনি সাধু নেকি?তেওঁ কলে হয়, মই কলো কিয় সাধু আপুনি। তেতিয়া তেওঁ কলে যে, "মোৰ ৩০ বছৰ হল ঘৰ সংসাৰ এৰি অহা। মই মোৰ বহুত ধন সম্পত্তি, টকা পইচা, পো বোৱাৰী, পঢ়া শুনা ত্যাগ দি সন্যাস জীৱন ললো।"

মই কলো আপুনি সাধু নহয় কিয়নো সন্যাস লোৱা হলে আপোনাৰ ত্যাগ কৰা সকলক মনত নেপেলাই। এজন প্ৰকৃতা সাধুৰ কি ত্যাগ কৰিলে একো মনত নাথাকে কিয়নো তেওঁলোকে সকলো মনৰপৰা ত্যাগ দিয়ে। আপুনি এতিয়াও অহংকাৰ পুহি ৰাখিছে যে আপুনি ধন টকা পইছা ত্যাগ দি আহিছে.. আপুনাৰ বহুত টকা পইচা আছিল।যোৰা দিয়া অহংকাৰ যিমান ডাঙৰ তাতকৈও ত্যাগ কৰা অহংকাৰ বেছি ডাঙৰ। তেওঁ ভাবে মোতকৈ ত্যাগী আৰু কোনো নাই।


অহংকাৰৰ পৰা বাচিবলৈ চেষ্টা কৰক। অহংকাৰ নিজেই আতৰি নাযায়। ধন টকা পইছা, পত্নী ঘৰ সংসাৰ এইবোৰ ত্যাগ কৰাটো ইমান কঠিন নহয় যিমান অহংকাৰ ভাৱ আতৰাটো কঠিন। আপোনাৰো অহংকাৰ আছে নেকি ? অহংকাৰৰ পৰিণতি কি হব পাৰে জানেনে ? এই কাহিনীৰ জৰিয়তে অহংকাৰৰ পৰিণতিৰ বিষয়ে জানি লওঁক । ( Assamese Fact )


 কি আছে আমাৰ ওচৰত? একোয়েতো নাই, সকলো মোহ মায়া.. যি আজি আছে কাইলৈ নাই। মন্দিৰ না তোমাৰ হয় না মোৰ হয়, মন্দিৰ কেৱল ভগৱানৰ.. মন্দিৰটো সেইসকলৰ যি ন্যায় পথত থাকি প্ৰকৃতত মহান ত্যাগী নাম পায়।


এই যি অহংকাৰ কৰিছে, এদিন মৃত্যুক সাৱটি লোৱাৰ লগে লগে তোমাৰ দেহত মাটি ঢালিব, তোমাৰ চিতাত জুই জ্বলাব আৰু চিতাত জুই কোনে লগাব? তোমাৰ নিজৰ লৰা বা ছোৱালী জনীয়ে। বেলেগৰ ঘৰৰ মানুহে নহয়। ইমান ভোল বুজাবুজিৰে জীবন নকটাব যে তুমি নহলে ঘৰ নচলিব, তুমি নহলে একো নহব। আৰে তুমি নহলেও সকলো একেই থাকিব। ঘৰ চলোৱা কৈছা যে এই ঘৰ কেতিয়াও নচলে, চলে কোন যোনে ঘৰ বনায়..ঘৰটোতো একেই থাকে একে জেগাতে।


এজন মানুহ আনিছিল মোৰ ওচৰলৈ। মোৰ আত্মীয়ই কলে, "মহাৰাজ, দুৱাৰ খোলক।" মই কলো কিয় তেতিয়া সি কলে, "মহাৰাজ খোলক চোন, চাওক বহুত ডাঙৰ মানুহ এজন আহিছে।"

মই দুৱাৰ খন খুলি দেখিলোঁ এজন ৪ ফুট ইঞ্চিৰ মানুহ, তাক কলো, "তইচোন কৈছিলি বহুত ডাঙৰ মানুহ.. এইজনচোন নহয় ডাঙৰ মানুহ।"

সি কলে, "আৰে মহাৰাজ এনেকে নহয়.. টকাৰ ডাঙৰ মানুহ। এখেতৰ ওচৰত বহুত টকা পইচা আছে।"


মনত ৰাখিবা পইছাৰে কোনো ডাঙৰ মানুহ নহয়। ডাঙৰ সেইবোৰহে যি ডাঙৰ হোৱাৰ সপোন পুহি লাহে লাহে ঘাট প্ৰতিঘাতৰ মাজেদিও এদিন জীৱনত সফল হয়গৈ। যি সৰুৰ প্ৰতি মৰম আৰু ডাঙৰৰ প্ৰতি সন্মান জনায় তেওঁহে প্ৰকৃত ডাঙৰ মানুহ। ভোকাতুৰক খাবলৈ নিদিয়াজন কেনেকৈ ডাঙৰ মানুহ বুলি কম, এগিলাচ পানী দিব নোৱাৰাজনক কেনেকৈ ডাঙৰ কম, যি কাৰো প্ৰতি মৰম চেনেহ নকৰে তেওঁ কেনেকৈ ডাঙৰ হব পাৰে, যি কাকো নিজৰ বুলি ভাবিব নোৱাৰে তেওঁ কেনেকৈ ডাঙৰ হব পাৰে। অহংকাৰ পৰিত্যাগ কৰিবলৈ চেষ্টা কৰক।



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages