ভগৱান ৰাম যাক বছৰ বছৰ ধৰি তপস্যা কৰা পাছতো ঋষি মুনিসকলে নাপায়। সেই ভগৱানে নিজেই গৈ শ্ৰবৰীক দৰ্শন দিয়ে আৰু অকল দৰ্শনেই নহয় তেওঁৰ আধা খাই থোৱা ফলো খাইছিল।( Religious Studies)
ঋষি মুণিয়ে শ্ৰবৰীক কৈছিল ভগৱান ৰাম এদিন তোমাৰ ঘৰলৈ আহিবয়ে। সেইকাৰণে শ্ৰবৰীয়ে ১০ হাজাৰ বছৰ অপেক্ষা কৰিলে। তেওঁক সকলোৱে পাগল বুলি কৈছিল।শ্ৰবৰীক অপেক্ষা কৰিবলৈ কৈ গুৰুদেৱে সমাধি ল'লে।
ৰামৰ নাম লৈ বিলিন হৈ পৰিল ।গুৰুৰ পৰা লয় জ্ঞান। মহামুনি অৰ্থাৎ শ্ৰবৰীৰ গুৰুদেৱ যেতিয়া মৃত্যুৰ অন্তিম ক্ষণত আছিল। তেতিয়া তেওঁ গুৰুক সুধিলে- হেই, গুৰুদেৱ মই মোৰ ৰামক ক'ত পাম। তেতিয়া গুৰুদেৱে ক'লে- পৃথিৱীৰ মানুহে ৰামক বিচাৰে কিন্তু তুমি ইমান ভাগ্যশালী যে তোমাৰ ঘৰলৈ ৰাম নিজেই আহিব। তেওঁ গুৰুৰ কথাত বহুত বিশ্বাস কৰিছিল।
তাৰ পিছৰে পৰা তেওঁ সদায় ৰাস্তাত ফুল পাৰি থৈছিল। মিঠা মিঠা ফল ,বগৰী নিজেই অলপ খাই চাই থৈছিল। কাৰণ ৰাম আহিলে খোৱাবলৈ থৈছিল।সময় পাৰ হৈ গৈ থাকিল আৰু শ্ৰবৰীও বুঢ়ী হৈ আহিল।যিমানে বয়স বাঢ়ি গৈ থাকিল।সিমানে ৰামৰ প্ৰতি প্ৰেম ভক্তি বাঢ়ি গৈ থাকিল।
শ্ৰবৰী আগৰ জন্মত বহুত ডাঙৰ ৰজা এজনৰ ৰাণী আছিল। এবাৰ তেওঁলোক কুম্ভৰ মেলা চাবলৈ গৈছিল। তেতিয়াও তেওঁ ৰামক সিমানেই ভাল পাইছিল। তেওঁ ৰজাক ক'লে- মই বাহিৰলৈ গৈ মহাত্মা সকলৰ লগত ভজন গাম। তেতিয়া ৰজায়ে ক'লে- এজনী মহাৰাণী হৈ এনেকে সৰু মানুহৰ লগত উঠা বহা কৰাতোঁ শুভা নাপায়।এই কথাটো শুনি মহাৰাণীৰ দুখ লাগিল আৰু তেওঁ গংগা নদীলৈ গৈ নিজৰ প্ৰাণ ত্যাগ কৰিলে।
( Religious Studies)
তেওঁ মৰা আগত ভগৱান ৰামক ক'লে- হেই, ভগৱান এই জন্মত আপুনি মোক ধুনীয়া দেখা কৰি জন্ম দিছে। আগৰ জন্মলৈ লাগিলে কুৰূপ কৰি জন্ম দিব।এই জন্মত আপুনি মোক উচ্চ পৰিয়ালত জন্ম দিছে।আগৰ জন্মলৈ লাগিলে ভিক্ষাৰী কৰি জন্ম দিব। কিন্তু মোৰ আকৌ জন্ম যেতিয়া ন'হক মোক এইটো সুভাগ্য দিব যে মই আপোনাৰ নাম জপ কৰিব পাৰোঁ ।মোৰ ওপৰত একো বন্ধন নাথাকে।
তেওঁৱে পিছৰ জন্মত শ্ৰৱৰী হৈ জন্ম ল'লে। যিয়ে ৰামৰ বাবে অপেক্ষা কৰি থাকে। তুলসী দাসে কৈছে ভগৱান ৰামতকৈ ডাঙৰ তেওঁৰ নাম আৰু এই কামটোৱে শ্ৰৱৰীয়ে কৰি আছিল। প্ৰভু শ্ৰীৰামে যেতিয়া লক্ষ্মণৰ লগত সীতাক বিচাৰি ফুৰিছিল। তেতিয়া তেওঁৰ কাণত এই শব্দটো পৰিল আৰু তেওঁ লক্ষ্মণক ক'লে- শুনা লক্ষ্মণ মোৰ এজনী ভক্ত আছে যিয়ে বহু বছৰৰ পৰা মোৰ অপেক্ষা কৰি আছে আৰু মইয়ো তেওঁক লগ পাবলৈ ব্যাকুল হৈ পৰিছোঁ। ব'লা তেওঁৰ ঘৰলৈ যাওঁ।
প্ৰভু শ্ৰীৰাম আৰু লক্ষ্মণ তেওঁৰ ঘৰলৈ আহিলে। যেতিয়া তেওঁ ৰামক দেখিলে তেওঁ সুখতে কান্দিবলৈ ধৰিলে আৰু কান্দি কান্দি ক'লে- মোৰ ৰাম আপুনি আহিলে।চকু পানীৰে ভৰা চকুৰে শ্ৰৱৰীয়ে ৰাম আৰু লক্ষ্মণক চাই আছিল।হাত জোৰ কৰি দৌৰি আহি তেওঁ ভগৱান ৰামৰ ভৰিত ধৰিলে আৰু ক'লে- মোৰ ৰাম মই দুটা জন্মৰ পৰাই আপোনালৈ বাট চাই আছিলোঁ। মানুহে মোক পাগল বুলি কয়। মোৰ গুৰুদেৱে মোক কৈছিল আপুনি আৰু লক্ষ্মণ এদিন মোৰ ঘৰলৈ আহিব ।
এবাৰ এজন সাধুৱে কৈছিল ঈশ্বৰক আমাৰ প্ৰয়োজন নাই ।আমাকহে ঈশ্বৰৰ প্ৰয়োজন। আমাৰ অবিহনেও ঈশ্বৰ সম্পূৰ্ণ। কিন্তু আমিহে ঈশ্বৰৰ অবিহনে অসম্পূৰ্ণ।আমি মানু্হ হৈ জন্ম লওঁ। কিন্তু শেষত তেওঁৰ ওচৰলৈকে যাব লাগে। সেই কাৰণে আমি জীৱনত সেই সকলোবোৰ কাৰ্য কৰিব লাগে যিবোৰ ভগৱানে ভাল পায়।
ভগৱানে অকল এইটোৱে ভাল পায় যে আমি ভাল হৃদয়ৰ হ'ব লাগে, দয়ালু হ'ব লাগে আৰু সদায় ভাল পথত গতি কৰিব লাগে। যিমান কঠিন পৰিস্থিতিটো ভগৱানৰ নাম ল'ব লাগে। যিয়ে ভগৱানৰ কথা মনত ৰাখে সি কেতিয়াও জীৱনত বেয়া কাম বা আনৰ বেয়া কৰিব নোৱাৰে। বেয়া কৰা দূৰৰে কথা বেয়া হোৱাতোও ভাবিব নোৱাৰে। তেওঁৰ মন সদায় চফা আৰু শান্ত হৈ থাকে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Religious Studies)
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
No comments:
Post a Comment