দিনৰ এই সময়ছোৱাত ভুলতো আনৰ বিষয়ে বেয়াকৈ নকব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 12, 2022

দিনৰ এই সময়ছোৱাত ভুলতো আনৰ বিষয়ে বেয়াকৈ নকব : Religious Studies

Religious Studies


দিনৰ এই সময়ছোৱাত মা সৰস্বতীয়ে আপোনাৰ সকলো মনোকামনা পূৰ্ণ কৰে লগতে এই সময়ছোৱাত আপুনি আনক ভুলতো বেয়াকৈ কব নালাগে । ( Religious Studies )


বন্ধুসকল আপোনালোকে বহুতবাৰ এনে কোৱা নিশ্চয় শুনিছে যে সদায় শুভ কব লাগে আৰু কেতিয়াও কাৰো বিষয়ে বেয়াকৈ কব নালাগে । কোনে জানে সেই সময়ত আপোনাৰ জিভাত মা সৰস্বতীৰ বাস কৰি আছে আৰু আপোনাৰ মুখৰ পৰা ওলোৱা শব্দ সত্য হৈ যায় ‌। ইয়াৰ পিছৰ সত্যাসত্যতা কি আৰু দিনৰ ভাগত এনেকুৱা সঁচাকৈয়ে হয়নে যেতিয়া আমাৰ জিভাত মা সৰস্বতীৰ বাস হয় । আজিৰ এই লেখাত এইসমূহৰ বিষয়ে জানি লওঁক । 


মা সৰস্বতীক বিদ্যা, বুদ্ধি আৰু বিবেকৰ দেৱী বুলি কোৱা হয় । এই অন্ধকাৰময় জীৱনৰ পৰা মনুষ্যক সঠিক পথলৈ লৈ যোৱাৰ সকলো ভাৰ মা সৰস্বতীৰ ওপৰত আছে । এই দেৱীয়ে মনুষ্য সমাজক জ্ঞান সম্পদা আদি প্ৰদান কৰে । মান্যতা আছে যে ব্ৰক্ষ্মাজীয়ে সৃষ্টিৰ ৰচনা কৰাৰ পিছত মনুষ্যক ৰচনা কৰিলে তাৰ পিছত তেওঁ অনুভৱ কৰিলে যে কেৱল এইটোৱেই সৃষ্টিৰ গতি দিব পৰা নাযায় ।তাৰ পিছত ভগৱান বিষ্ণুৰ  অনুমতি লৈ তেওঁ এক চতুৰ্ভুজী স্ত্ৰীৰ ৰচনা কৰিলে যাৰ এখন হাতত বীণা আৰু এখন হাতত পুস্তক আৰু এখন হাতত মালা আছিল ।শব্দৰ মাধুৰ্য্য আৰু ৰসেৰে পৰিপূৰ্ণ হোৱাৰ বাবে তেওঁৰ নাম সৰস্বতী হল । 


বন্ধুসকল মা সৰস্বতীয়েই প্ৰথমবাৰ নিজৰ বীণা বজাই সমস্ত সৃষ্টিত নাদৰ প্ৰথম সৃষ্টি কৰিছিল । এটা মান্যতা এইটোও যে ভগৱান বিষ্ণুৰ কথনৰ অনুসৰিহে ব্ৰক্ষ্ম দেৱে মা সৰস্বতীৰ আহ্বান কৰিলে । সৰস্বতী মা প্ৰকট হোৱাত ব্ৰক্ষ্মাজীয়ে তেওঁৰ বীণাৰ জড়িয়তে সৃষ্টিত স্বৰ ভৰিবলৈ অনুৰোধ কৰিলে । মা সৰস্বতীয়ে বীণাৰ তাৰ চোৱাত  সৰ্বপ্ৰথমে স শব্দ ভাহি উঠিল । এই শব্দ সংগীতৰ ৭ টা সুৰৰ ভিতৰত প্ৰথম সুৰ । এই ধ্বনিৰ পৰাই জগতত  ধ্বনিৰ সঞ্চাৰ হবলৈ ধৰিলে । বতাহ, পানী , পশু-পক্ষী আদিয়ে বাণী লাভ কৰিলে । নদীৰ পৰা কলকলৰ ধ্বনি ভাহিবলৈ ধৰিলে ‌ । এনে হোৱাত ব্ৰক্ষ্মাজী অতি প্ৰসন্ন হল । তেওঁ সৰস্বতী দেৱীক বাণীৰ দেৱী বুলি সম্বোধন কৰি ভোগেশ্বৰী নাম দিলে ।  ( Religious Studies )


বন্ধুসকল পুৰাণত সৰস্বতী মাক কমলৰ ওপৰত বহি থকা দেখুওৱা হৈছে । বোকাত হোৱা কমলক বোকাই স্পৰ্শ কৰিব নোৱাৰে । সৰস্বতী দেৱীয়ে আমাক ইয়াৰ জৰিয়তে এই বাৰ্তা দিয়ে যে আমি যিমানেই বেয়া বাতাবৰণত নাথাকো কিয় আমি নিজকে এনেকুৱা বনাই ৰাখিব লাগে যাতে বেয়ায়ে আমাক প্ৰভাৱিত কৰিব নোৱাৰে । 


সনাতন ধৰ্মত মা সৰস্বতীক বাণীৰ দেৱী কোৱা হৈছে । আৰু কোৱা হয় যে ২৪ ঘন্টাৰ ভিতৰত এবাৰ সৰস্বতী দেৱী সকলো ব্যক্তিৰ জিভাত আহে । এই সময়ছোৱাত কোৱা যিকোনো বাক্য  বা শব্দ সত্য হয় । বেছিভাগ ঘৰৰ বৃদ্ধ ব্যক্তিসকলে ঘৰত বেয়া শব্দ বা অপশব্দ কবলৈ মানা কৰে । তেওঁলোকে বিশ্বাস কৰে যে মা সৰস্বতী যিকোনো সময়ত জিভাত বহিব পাৰে জ্ঞাতে-অজ্ঞাতে কোৱা কথাবোৰ সঁচা হৈ যাব পাৰে । বন্ধুসকল এইটো কোনো কল্পনা নহয় এইটো এক প্ৰমাণিত সত্য হয় । কাৰোবাৰ বিষয়ে বেয়াকৈও নকব আৰু লগতে নাভাবিবও । মা সৰস্বতী কেতিয়া জিভাত আহি যায় একো কব নোৱাৰি ‌ ।  


ৰাতিপুৱা ৩:১০ ৰ পৰা ৩:১৫ ৰ সময়‌ সৰ্বোত্তম হয় । এই ৫ মিনিটৰ ভিতৰত কোৱা যিকোনো শব্দ নিশ্চয় সিদ্ধি হয় । মান্যতা আছে যে যদি সৰস্বতী মাক সঁচা অন্তৰৰ পৰা পূজন কৰা হয় তেতিয়া তেওঁ নিজৰ ভক্তৰ ওপৰত নিশ্চয় প্ৰসন্ন হয় । আৰু বিদ্যা আৰু বুদ্ধিৰ প্ৰাপ্তি হয় । 


মা সৰস্বতীক কেনেদৰে প্ৰসন্ন কৰিব পাৰিব জানি লওঁক । 


সৰস্বতী পূজা কৰাৰ সময়ত প্ৰথমে সৰস্বতী মা প্ৰতিমা অথবা ফটো সন্মুখত ৰাখক । ইয়াৰ পিছত কলহ স্থাপন কৰি গণেশজী তথা নৱ গ্ৰহৰ বিধিসন্মত ভৱে পূজা কৰক ।আৰু ইয়াৰ পিছত মা সৰস্বতীৰ পূজা অৰ্চনা কৰক । পূজা কৰোতে প্ৰথমে মা সৰস্বতীক স্নান কৰাই তাৰ পিছত ফুল-মালা অৰ্পন কৰক আৰু লগতে সেন্দুৰ অথবা অন্য শৃঙ্গাৰৰ সামগ্ৰীও অৰ্পিত কৰক আৰু কোৱা হয় যে বসন্ত পঞ্চমীৰ দিনা মা সৰস্বতীৰ পূজা কৰিলে মা সৰস্বতী সোনকালেই প্ৰসন্ন হয় আৰু আপোনাৰ ওপৰত কৃপা কৰে । 



নেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


 ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ। 

No comments:

Post a Comment

Advertisement

Pages